শীতৰ কুঁৱলী (উৰ্বশী বৰুৱা)
‘তুমিয়ে ময়ে থিয়েটাৰ চাই ঘুৰি আহোতে / কথা পাতোতে মুখেৰে ধোঁৱা ওলোৱা শীতৰ কুঁৱলী…’
কবি উৰ্বশী বৰুৱাৰ অনুভৱত কুঁৱলীয়ে প্ৰেমিক-প্ৰেমিকাৰ হেঁপাহৰ মিলনৰ ৰূপ পৰিগ্ৰহ কৰিছে—
শীতৰ কুঁৱলী
উৰ্বশী বৰুৱা
শীতৰ কুঁৱলী
একেবাৰে ঘোপ মৰা
এয়া নহয় শৰতৰ কুঁৱলী।
মিঠা মিঠা সোৱাদেৰে, আমেজেৰে, চঞ্চলতাৰে
নহয় এয়া
ভৰ যৌৱনা ধৰিত্ৰীৰ লাজ ঢাকিবলৈ প্রয়াস কৰা শৰতৰ কুঁৱলী।
মিছা প্রয়াস।
যৌৱনতো ঢাকিব নোৱাৰি !
সেই শৰতৰ কুঁৱলীয়ে মনত পেলায় তোমালৈ ।
তোমাৰো যে মিঠা মিঠা সোৱাদ ।
চঞ্চল সান্নিধ্য ।
তোমালৈ মনত পৰোতেই সকীয়াই দিছোঁ মই
এয়া শীতৰহে কুঁৱলী।
তুমিয়ে ময়ে থিয়েটাৰ চাই ঘুৰি আহোতে
কথা পাতোতে মুখেৰে ধোঁৱা ওলোৱা শীতৰ কুঁৱলী
শীতৰ কুঁৱলীয়েহে কাণে কাণে কৈ গ’ল মোক ।
এয়া হেনো শীত শৰতৰ মিলন কুঁৱলী
মিঠা মিঠা
তোমাৰে মোৰে দৰে।
এয়া শীত শৰতৰ মিলন কুঁৱলী।