দ্বিতীয়খন ঢকুৱাখনাৰ বিষয়ে আপুনি জানেনে?? (- ৰাতুল বেজবৰুৱা)
জীয়াই থকাৰ তাগিদাত কলকাতাত থকা আজি ভালে কেইবছৰেই হ’ল। চহৰখন ভাল, মানুহখিনিও ভাল। ইয়াত ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ মন্ত্ৰী আমোলা, উদ্যোগপতিলৈকে সকলোৰে জীৱনৰ মূল্য আছে। সঠিক মূল্যায়ন কৰি জীৱনটোক সৰ্বাংগীন সুন্দৰভাৱে উপভোগ কৰাৰ কিটিপসমূহ এই মানুহখিনিয়ে ভালদৰে জানে। আমি শিকিব লগা বহুত আছে। চহৰখনত দিনটোৰ বেছিভাগ সময় হিন্দী, মাজে মাজে ইংৰাজী আৰু ভঙা ভঙা বাংলাৰ মাজেৰেই পাৰ হয়। যদিও ভাষাকেইটা শুৱলা, সমগ্ৰ বিশ্বব্যাপি ব্যৱহৃত তথাপি এই ভাষাৰে কথা পাতিলে যেন কথাবোৰ সম্পূৰ্ণ নহয়। জিভাখনে মাতৃভাষাটোক বিচাৰি প্ৰতি মুহূৰ্ততে লকলকাই ফুৰে। জননীৰ চিৰ চেনেহী ভাষাটিৰে কথা পাতিব নোৱাৰাৰ দুখে মনটোত কুটকুটাই থাকে। সেয়ে চহৰখনৰ ৰাষ্টাই ঘাটে ঘূৰি ফুৰোঁতে ক’ৰবাত অসমীয়াত কথা পতা শুনিলে আগদেৱা দি হ’লেও চিনাকি হওঁ; মনৰ হেঁপাহেৰে দুআষাৰ কথা পাতোঁ।
সিদিনাখনৰ কথা। আবেলি সময়ত গৰিয়াহাটৰ ফুটপাথেৰে গৈ থাকোঁতে হঠাৎ অসমীয়াত কথা পতা শুনিলোঁ। উভতি চাই দেখোঁ এহাল চল্লিছ উৰ্দ্ধৰ দম্পতি। আগবাঢ়ি গৈ চিনাকি হ’লোঁ। মানুহহাল গুৱাহাটীৰ বুলি ক’লে, ইয়ালৈ অহা বেছি দিন হোৱা নাই। প্ৰত্যুত্তৰত মোৰ ঘৰৰ বিষয়ে সুধিলে। মই ঢকুৱাখনাৰ বুলি কোৱাত মোক আচৰিত কৰি এটা সাংঘাতিক অভিব্যক্তিৰে মানুহজনে ক’লে, “অহ, তুমি ঢকুৱাখনাৰ হে”। তাৰ পাছত আৰু অলপ কথা পাতি তেখেতলোকৰ পৰা বিদায় ল’লো।
মানুহজনে “অহ, তুমি ঢকুৱাখনাৰ হে” বুলি কৈ কি বুজাব বিচাৰিছিল মই ভালদৰেই বুজি পালোঁ। তেখেতক দুখ নিদিওঁ। তেখেতে তেনেকৈ ভবাৰ স্থল আছে। কিয়নো ল’ৰালিতে ওখোৰা-মোখোৰা, মাজে মাজে পুখুৰী সদৃশ গাত থকা যিটো পথেৰে আমি গামোছাৰে এটা গাৰু বন্ধা, ক’কাৰ চাইকেলখনৰ ধামত বহি ঢকুৱাখনা নগৰলৈ গৈছিলোঁ সেই পথটো এতিয়াও আগৰদৰে ভগা-ছিগা অৱস্থাতে আছে। আজিৰ তাৰিখতো আমাৰ গাঁৱৰ মাজেৰে জিলাৰ সদৰ লখিমপুৰলৈ যাবলৈ চৰকাৰী দূৰৰ কথা এখন ব্যক্তিগত বাছও নচলে। বৈদ্যুতিক সংযোগৰ নামত খুঁটা আৰু তাঁৰবোৰ থকাটো হয় কিন্তু বিদ্যুতে মাজে মাজেহে ভূমুকিয়ায়। মোবাইল ফোনৰ ব্যৱহাৰকাৰীৰ সংখ্যা ঢেৰ, মাত্ৰ নেটৱৰ্ক বিচাৰি গছত উঠিবলৈহে বাকী। চিকিৎসা সেৱা তথৈবচ; ৰোগীৰ সংখ্যা গণি শেষ কৰিব নোৱাৰা কিন্তু যথোপযুক্ত চিকিৎসক আৰু ৰোগীৰ জোখাৰে হস্পিতেল নাই। বাঁহ-বেতৰ ক্ষুদ্ৰ কুটিৰ শিল্পৰ বাহিৰে ডাঙৰ উদ্যোগ বুলিবলৈ একোৱে নাই। এতিয়াও এনে কিছুমান গাঁও আছে য’ত এখন গাড়ী আহিলে ৰঙা পৰা গাল-মুখৰ অৰ্ধউলংগ কণ কণ শিশুৱে “গাড়ী আহিছে” বুলি চিঞৰি পাছে পাছে দৌৰে। ধনেৰে ধনী মানুহ বুলিবলৈ হ’লে কেইজনমান ঠিকাদাৰ আৰু ক’লেজৰ অধ্যাপকৰ বাহিৰে যিখন ঘৰৰ পতি-পত্নী দুয়োজনেই শিক্ষক, সেইখন ঘৰেই আটাইতকৈ ধনী। বছৰি বানে জুলোকা জুলোকে পানী খুওৱাৰ কথাখিনি নকওঁ; সেইখিনি সকলোৰে জ্ঞাত।
হয়, আপোনালোকৰ মনত দোলা দি থকা, সীমাহীন পৰিশ্ৰমেৰে, খাটি খোৱা এখিনি মানুহে পদে পদে সংগ্ৰাম কৰি, দুখ কষ্টৰে দুৰ্বিসহ জীৱন কটোৱা, দৰিদ্ৰতাই কোঙা কৰা ঢকুৱাখনাখন এইখনেই।
কিন্তু আৰু এখন ঢকুৱাখনা আছে। এইখন সবল সমৃদ্ধিশীল য’ত নাই অভিজাত্যৰ অহংকাৰ, যান্ত্ৰিকতাৰ কোৰ্হাল; আছে সৃজনীশীলতাৰ পৰম তৃপ্তি আৰু সৃষ্টিৰ সুতীব্ৰ বাসনা। ইয়াত নিষ্পাপ শিশুৰ হাঁহিৰ খলকনিয়ে শব্দহীন আকাশখন পোহৰাই তোলে। এইখন ঢকুৱাখনাৰ মাদকতাই সুকীয়া। ইয়াৰ চাৰিকড়ীয়াৰ পাৰৰ আমেজসনা হিমশীতল বতাহচাটিয়ে আপোনাৰ অন্তৰ আত্মাক প্ৰশান্তি দিব। “পাপৰিৰ কবি” গনেশ গগৈৰ কবিতাৰে মুখৰিত হয় ইয়াৰ বতাহ, জীপাল হয় প্ৰতিটো সন্ধ্যা। দোভাগ নিশা ঘুনা সুঁতিৰ পৰা কুঁৱলিৰ আভৰণ ফালি অহা কোনোবা অচিন গৰখীয়াৰ বাঁহীৰ আকুল সুৰে অথবা বিৰহাচলা পথাৰৰ পৰা বুকু ভেদি অহা মিচিং ডেকাৰ ঐনিতমে আপোনাৰ মন প্ৰাণ শাঁত পেলাব। ইয়ালৈ ব’হাগত আহিবচোন, বাসুদেৱ থানৰ গোঁসাইৰ আশীৰ্বাদলৈ ম’হঘুলি চাপৰিত সকলোৱে একত্ৰিত হৈ ফাট বিহু কৰিম।
এইখন ঢকুৱাখনালৈ আহিলে থেকেৰাগুৰি অথবা দাঙধৰালৈ নোযোৱাকৈ নাথাকিব। তাত কাংকানহঁতৰ চাং ঘৰত আথেবেথে কেঁচা জলকীয়া ভাঙি দি পুৰা গৰৈ মাছেৰে দিয়া এচুঙা মিঠা আপঙৰ ৰাগীয়ে আপোনাক মতলীয়া কৰিব। সোৱণশিৰিৰ চাপৰিৰ ম’হৰ খুঁটিৰ এঠা দৈৰে হাতীখুজীয়া বাতিত খোৱা কোমল চাউলৰ জলপানমুঠিৰ সোৱাদ মৃত্যু পৰ্য্যন্ত আপোনাৰ জিভাত লাগি থাকিব। ঢোলপেটা কেঁকুৰী কৃষিজীৱি ৰাইজৰ সোণালী শইচৰ সোণতলী। ইয়াৰ মাছে-মঙহে উভৈনদী, শস্যশ্যামলা বহুতো গাঁৱত নিমখকণৰ বাহিৰে কিনিব লগা একো নহয়। তাৰ হাঁহিমুখীয়া আইতাজনীৰ শোঁতোৰা-শোঁতোৰ পৰা কোমল হাতখনেৰে জুতিৰে ঔটেঙা দি ৰন্ধা আঁৰি মাছৰ জোল, আলু পিতিকা, খাৰৰ আঞ্জা আৰু কলদিল-পাৰৰ মাংসৰ সৈতে জহা চাউলৰ ভাত মুঠিয়ে আপোনাক স্বৰ্গ সুখ দিব। বেলি লহিওৱাৰ পৰত আপুনি যদি টেকেলিফুটাৰে ফেৰিৰে দিচাঙলৈ যায়, তেন্তে ব্ৰক্ষ্মপুত্ৰৰ বুকুত বেলিটিৰ সোণালী আভাৰ সৈতে ধেমালি কৰা শিহুবোৰৰ জলকেলিয়ে আপোনাক পৰম শান্তি দিব। তদুপৰি বান্তৌ গাঁৱৰ শিপিনীয়ে তাঁতশালত বোৱা পাট-মূগাৰ ভমকাফুলীয়া কাপোৰযোৰ নাইবা দক্ষিণ চাপৰিৰ ৰংমিলিয়ে বুটা বছা মিচিং সাজযোৰে আপোনাক মোহাচ্ছন্ন কৰি ৰাখিব।
এইখন বৰ্ণিল ঢকুৱাখনাতে ভিন্ন জনগোষ্ঠীৰ সমন্বিতে এটা জাতিৰ পুৰ্ণাবয়ব সৃষ্টি হয়। ইয়াত সাম্প্ৰদায়িক, গোষ্ঠীগত তথা জাতিগত সংঘৰ্ষ নাই। যুগ যুগ ধৰি ইয়াৰ মিচিং-মিপাক, কোঁছ-কলিতা, আহোম-চুতীয়া, কছাৰী আদি ভিন ভিন গোষ্ঠী, জাতি-জনজাতিসমূহে সহিষ্ণুতা আৰু সম্প্ৰীতিৰ সংমিশ্ৰণ ঘটাই এখন নিৰপেক্ষ সমাজৰ উন্মেষ ঘটাইছে। ইয়ালৈ আহিলে আপুনি লভিব অকৃত্ৰিম মৰম আৰু অনাবিল আনন্দৰ সঁফুৰা। সময় উলিয়াব পাৰিলেই এই ঢকুৱাখনালৈ ঢপলিয়াই দৌৰ মাৰোঁ। ইয়াৰ মায়া-মোহে মোক আচ্ছন্ন কৰি ৰাখিছে, কাৰণ “জননী জন্মভূমি স্বৰ্গদাপী গৰিয়সী”।

