পাহাৰ (-পল্লৱ কুমাৰ নাথ)

 
অচঞ্চল সমদল এটিৰ শান্ত সংগীত
স্থিতপ্ৰজ্ঞ যুঁজাৰুৰ সমবেত বাহুবল

ৰ’দ, বতাহ আৰু বৰষুণত
নিৰ্ভীকতাৰ মৌন পৰিচয়

পাহাৰৰ বুকুত গজে
সেউজীয়াৰ অমল প্ৰভাত
পাহেৰে মূৰ তুলি চাব পাৰে
নীলাৰ নিটোল সন্ধ্যা

পাহাৰৰ ওঁঠত থাকে ডাৱৰৰ চুমাৰ দাঁগ
পাহাৰে সাবটি লয় শিপাৰ দেহ
সেয়ে পাহাৰে গাব জানে গছৰ গান
পাহাৰে দিব পাৰে গছৰ প্ৰাণ
pahar_pallab kumar nath
আমি ভুল কৰোঁ পাহাৰৰ দেহত শিলৰ প্ৰাচীৰ
আচলতে, মাটিৰ উশাহ সৰ্বত্ৰ বিয়পা
সেয়েহে পাহাৰে জানে
অৰণ্যৰ বুকুৰ কথা

বহুতেই পাহাৰ হ’ব নোৱাৰাৰ বাবেই
সেউজীয়াবোৰ তেওঁৰ দূৰৈৰ বাৰ্তা
নীলাবোৰ দিগন্তৰ সংজ্ঞা

যি পাহাৰ হ’ব জানে
তেওঁ হাওলি নপৰে দুখৰ প্ৰবল ধুমুহাত
সুখ বিচাৰি যাব নালাগে সামুদ্ৰিক যাত্ৰাত

তেওঁৰ বুকুত থাকে নদীৰ নিটোল লম্ভাৱনা
তেওঁৰ দেহত থাকে প্ৰাপ্তিৰ অন্যতম প্ৰচুৰতা
সেয়ে আমি শিল হোৱাৰ সপোন নেদেখি
পাহাৰৰ সপোন আঁকিবলৈ চেষ্টা কৰা উচিত

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!