নেমু টেঙাৰে জিকাৰ পকৰী জোল বৰ্ণালী –পবিত্ৰ শৰ্মা

উপকৰণ-
জিকা তিনিটা
কেঁচা মটৰৰ চিৰা কেইটামান
নেমু এফাল
নিমখ সোৱাদ মতে
হালধি সামান্য
পকা জলকীয়া এটা
ক’লা সৰিয়হ আধা চামুচ
ধনিয়া পাত এমুঠি
মিঠাতেল দুচামুচ
ৰিফাইন (পকৰিৰ বাবে)
বেচন (পকৰিৰ বাবে)
পিয়াজ দুটা,
বেচন আধাকাপ
বেকিং পাউদাৰ এটিকুট
নিমখ সোৱাদ অনুসৰি
হালধি অকণমান
কেঁচা জলকীয়া দুই তিনিটা
জিৰা গুৰি আধাচামুচ

প্ৰস্তুত প্ৰণালীঃ বেচনখিনিত মিহিকৈ পিঁয়াজ কুটি, সকলোখিনি দি পানীৰে এটা ঘোল তৈয়াৰ কৰি ল’লোঁ, পকৰিৰ জোখত ৰিফাইন গৰম কৰি এটা এটাকৈ পকৰি ভাজিলোঁ৷ জিকাৰ বাকলি গুচাই ধুই পিহনাৰে পিহি লৈছোঁ৷ মটৰৰ গুটি গুচাই ল’লোঁ৷
কেৰাহীত তেল গৰম কৰি সৰিয়হ ফুটাই পকা জলকীয়াটো দি ভাজিলৈ পিহি লোৱা জিকা আৰু মটৰখিনি দি ভালকৈ ভাজি ললোঁ৷ নিমখ, হালধি দি আকৌ ভাজি লৈ একাপ পানী দি উতলিবলৈ দিলোঁ৷
এটা বাতিত নেমুৰস উলিয়াই লৈ তাতে ঢালি দি উতলি অলপ ঘন হোৱাত পকৰিকেইটা উতলত দি লৰাই ভালকৈ উতলিব দি নমাই ৰাখি ওপৰত ধনিয়া পাত কুটি পৰিৱেশন কৰিলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!