কিমান দিন হ'ল
লেখক-দীপাঞ্জলি বৰা
কিমান দিন হ’ল
তুমি তোমাৰ সতে মুখামুখি নোহোৱা?
বতাহবোৰ ধোঁৱা হ’ল
স্মৃতিৰ এক উদগ্ৰ কেঁকুৰিত !
হৃদয়ত গোপন কোলাহল
উশাহত জুই
নিশাহত হুমুনিয়াহ
ছাইবোৰ বুকুৰ মাজত !
বিবস্ত্ৰ হয় মানবতা
ব্যস্ত দিন এটা
জ্বলি উঠিল ক্ষোভত
আপোনজনক হেৰুৱাই ।
নিতাল মাৰি শুই থাকে
দুচকুত এটি প্ৰভাতী পুৱা
যাক জগাবলৈ
যেন অহৰহ প্ৰচেষ্টা!!
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
