ইচ্ছা
লেখক- দীপাঞ্জলি বৰা
ইচ্ছাবোৰ কিয় এনে হয়
পূৰণ নহয় বুলি জানিও
পূৰণ হোৱাৰ আশাত বন্দী হয়
যেনেকৈ বন্দী হৈ থাকে
আদহীয়া শৰীৰত
এটি কিশোৰী মন !
কিয় এনে হয় …
যাৰ ওচৰলৈ যাবলৈ তোমাৰ ইচ্ছা
তাৰ বাহিৰে যে সকলোলৈকে যোৱা
যি কাম আচলতে কৰিবৰ মন
সেয়া তুমি দূৰলৈ ঠেলি
বেছিভাগে ভালপোৱাটোকে কৰা
যদিও তুমি হতাশ হোৱা !
হৃদয়ত আঁচোৰ লাগিলেও
তেজ বিৰিঙিলেও
কোনো কথা নাই…
নিগনি দৌৰত
ভাগ ল’বই যে লাগিব
কিয় ইমান ভয় ?
আনে কি ক’ব সেই ভাবি !
সুখী হোৱাৰ ভাওঁ দি
ইচ্ছা বোৰক অৱহেলা কৰি
এৰাই চলা, নহয় নে ?
ইচ্ছাবোৰো বৰ নিলাজ
তথাপিও পৰি ৰয়
মনৰ কোনোবা এচুকত ।
ইচ্ছাবোৰে মাজে মাজে
ধৰফৰাই ,উকমুকাই
আগন্তুক মৃত্যু ভয়ত …
কৃষ্ণগহ্বৰৰ পৰা যেন
ওলাই আহিব খোজে
জীৱন বিচাৰি !
একাঁজলি পোহৰ বিচাৰি !!
……….
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
