অপসাৰী সৃষ্টিশীলতা, অভিসাৰী সৃষ্টিশীলতা আৰু ভূপেন হাজৰিকা

লেখক- - ডাঃ ভগৱান দেৱ মিশ্ৰ

  সৃষ্টিশীলতাৰ পৰিসৰ আমাৰ বুদ্ধিমত্তা আৰু বোধশক্তিতকৈ অলপ হ’লেও বেছি। পৰিবেশ আৰু পৰিস্থিতিয়ে সৃষ্টিশীলতা নিৰ্মাণ প্ৰক্ৰিয়াত বিশেষ ভূমিকা পালন কৰে। কিন্তু একেটা পৰিবেশ পৰিস্থিতিত থকা সকলো মানুহৰ বুদ্ধিমত্তা, বোধশক্তি আৰু সৃষ্টিশীলতা সমান মাত্ৰাৰ হোৱা দেখা নাযায়। আচলতে আমাৰ মগজুৰ উচ্চতৰ অংশ‌ই (Higher Brain) সৃষ্টিশীলতা নিৰ্মাণত মুখ‍্য ভূমিকা পালন কৰে। আমাৰ মগজুৰ প্ৰিফ্ৰন্টেল কৰ্টেক্স, লিম্বিক চিষ্টেম, পেৰাইটেল আৰু অ’ক্সিপিটেল লোব, হিপ্পোকেম্মাচ আদি অংশসমূহৰ সন্তুলিত সংহতিয়ে সৃষ্টিশীলতা নিৰ্মাণ কৰে। বিভিন্ন হ’ৰ্মন, এনজাইম আৰু জিনগত কাৰকবোৰে সৃষ্টিশীলতাৰ জৈৱ-ৰসায়ন তৈয়াৰ কৰে। সৃষ্টিশীলতাৰ কিছুমান জিনগত বৈশিষ্ট্য উত্তৰাধিকাৰী সূত্ৰেও সংবহিত হয়। বিভিন্ন জিনৰ বিন‍্যাস আৰু সংযুক্তিৰ ( Permutation and Combination) ফলত বংশ পৰম্পৰাত নথকা বৈশিষ্ট কিছুমানো সৃষ্টি হয়। জিনে সৃষ্টিশীলতাৰ বাবে প্ৰয়োজনীয় জৈৱিক ভিত্তি আৰু পৰিবেশে বিষয়গত ভিত্তি তৈয়াৰ কৰে, অৰ্থাৎ জিনগত আৰু পৰিবেশগত কাৰকসমূহৰ সমন্বিত ক্ৰিয়াই সৃষ্টিশীলতাৰ বিকাশ ঘটায়।

   সৃষ্টিশীলতাৰ বিভিন্ন প্ৰকাৰ আছে যদিও মূলতঃ ই দুই প্ৰকাৰৰ—

(১) অপসাৰী( Divergent)

(২) অভিসাৰী( Convergent)

অপসাৰী সৃষ্টিশীলতা: -অপসাৰী সৃষ্টিশীলতা এটা বিন্দুত আৰম্ভ হয়। বিভিন্ন উপকৰণ সন্নিবিষ্ট কৰি প্ৰতিভাশালী মানুহে তাক সম্প্ৰসাৰিত কৰি গৈ গৈ এক বিশাল সৃষ্টি সাধন কৰে। 

অভিসাৰী সৃষ্টিশীলতা:- অভিসাৰী সৃষ্টিশীলতা আৰম্ভ হয় এক বিক্ষিপ্ত ক্ষেত্ৰত। নিজস্ব সৃষ্টিশৈলীৰ বিভিন্ন উপাদানৰ সুসংহতিৰ সহায়ত প্ৰতিভাশালী ব‍্যক্তিয়ে তাক এটা কেন্দ্ৰত বা বিন্দুত সজাই লয়।

  যি ব‍্যক্তিৰ প্ৰতিভাত অপসাৰী আৰু অভিসাৰী সৃষ্টিশীলতা একেলগে বৰ্তমান হয় সেই ব‍্যক্তি অতিপ্ৰতিভাশালী হৈ পৰে। ভূপেন হাজৰিকা এক অতিপ্ৰতিভাশালী ব‍্যক্তিত্ব। সেয়েহে তেখেতৰ সৃষ্টিয়ে বিন্দুৰ পৰা সিন্ধুলৈ যাব পাৰে আৰু সিন্ধুৰ পৰা বিন্দুলৈ উভতি আহিব পাৰে। অতিপ্ৰতিভাশালী ব‍্যক্তিসকল বহুমুখী প্ৰতিভাসম্পন্নও হয়। ভূপেন হাজৰিকা এক বহুমুখী প্ৰতিভাশালী ব‍্যক্তিত্ব। কবিতা, গীত, সংগীত, আবৃত্তি, চিনেমা, কথাশিল্প আদি সকলো ক্ষেত্ৰতেই তেখেতৰ আছিল অবাধ বিচৰণ। 

   ভূপেন হাজৰিকাৰ বহু গীতত অভিসাৰী আৰু অপসাৰী সৃষ্টিপ্ৰতিভাৰ দৃষ্টান্ত আছে। সেইবোৰ আলোচনালৈ আনিবলৈ হ’লে এই নিবন্ধৰ পৰিসৰ বৰ বিশাল হ’ব। আমি মাত্ৰ দুটা গীতৰহে কথাহে আলোচনালৈ আনিছোঁ।

   ‘এন্ধাৰ কাতিৰ নিশাতে’ গীতটোত ভূপেন হাজৰিকাৰ অভিসাৰী সৃষ্টিশীলতাৰ এক পৰীক্ষা কৰিব পৰা যায়। এখন নৈৰ পাৰৰ এটা ভগা পঁজা, এন্ধাৰ কাতিৰ নিশা। জ্বৰত অসুস্থ পোনাকণে মাক পানেইৰ কামীহাড় সাবটি ভোকত ফেঁকুৰি ফেঁকুৰি কৈছে—-

‘আই, ভোক লাগিছে, আই ভাত দে

 আই পিয়াহ লাগিছে, আই গাখীৰ দে

 আই ডিঙি মোৰ শুকায়ে যায়, 

আই এন্ধাৰ দেখিছোঁ আই।’

কাতি মাহত পানেইৰ কঙাল ঘৰখনত পোনাকণক দিবলৈ একোৱেই নাই। ঔষধ নাই, গাখীৰ নাই, ফল নাই, মূল নাই। ৰাতিটো পুৱালেই ন চাউলৰ চিৰা বাটি ভৰাই খুৱাম বুলি পোনাটিক আশ্বাস দিছে, পোনাটিও আশ্বস্ত হৈছে। এফালে উদং ঘৰ, নাই ভাত, নাই গাখীৰ—আনফালে নিচুকনি গীত আৰু আশ্বাস।

” আমাৰে ম‌ইনা শুব এ’

 সোণালী ধাননি দাব এ’

 ন চাউলৰে চিৰা ভাজি দিমে

 বাটি ভৰি ভৰি খাব”

নিচুকনি গীতক প্ৰতিবাদী গানলৈ ৰূপান্তৰিত কৰাৰ দৃষ্টান্ত বিশ্ব সংগীতৰ ইতিহাসত হয়তো খুবেই কম আছে। কি যে গা-মূৰ শিয়ঁৰি উঠা দাৰিদ্ৰৰ হৃদয় বিদাৰক চিত্ৰকল্প আৰু চকুপানী নিগৰোৱা সুৰ! যুদ্ধতকৈও কুৎসিত এই দাৰিদ্ৰ। ৰাতিটো পুৱালেই কিবা এটা কৰিম বুলি ভূপেন হাজৰিকা নামৰ সাতাইশ বছৰীয়া ডেকাটিয়েও উচপিচাই আছে। গানৰ বিষয়বস্তুৰ অৱৰোহণ চলিছে। মাজনিশা কুকুৰৰ ভুকভুকনিত উচপ খাই উঠি পানেয়ে পোনাটিৰ চেঁচা জঠৰ দেহটো সাবটি পোনাটিক মৰিশালিৰ চিতাজুইত টোপনি যাবলৈ কৈছে—-

“পিঠা পিঠা কৰিছিলি অ’ বুকুৰ সোণ

  নিয়নিও নিদিলোঁ মোৰ পঁজাৰ জোন

  ত‌ই মৰিশালিৰ চিতাজুইত আলফুলে টোপনি যা।”

লগে লগে বিষয়বস্তুৰ তীব্র আৰোহণ আৰম্ভ হ’ল। ভূপেন হাজৰিকাৰ কলমে গৰজি উঠি পানেইৰ চকুত ৰঙা ফিৰিঙতি আঁকি দিলে, শ শ হেজাৰ হেজাৰ পানেইক সমবেত কৰি পৃথিৱীৰ কঁপনি তুলিলে, সূৰুযেও আকাশত ন সমাজৰ ছবি ৰঙাকৈ আঁকিলে। ভূপেন হাজৰিকাই আৰু এধাপ আগুৱাই গৈ পানেইৰ মুখেৰে ক’লে—-

  “বাছা উভতি যিদিনা আহিবি

  ন ন জীৱনৰ মূৰতি দেখিবি

  বৰ বৰ মানুহৰ ভঁৰালৰ পৰা মই

  কাঢ়ি আনি ফল দিম

  দৰৱ-জাতি দিম

  গাখীৰ গুড় দিম

  পঢ়াশালী পাতি দিম

  ওঁঠত হাঁহি দিম

  পুতলানো কত দিম

   ন ন ৰহণে সজা”

ইয়াতেই ক্ষান্ত নাথাকিল ভূপেন হাজৰিকাৰ কলম, আৰু এধাপ আৰোহণ কৰিলে। ভূপেন হাজৰিকাই দাৰিদ্ৰ মোচনৰ মূল কথালৈ ঘূৰি আহিল। সিন্ধুৰ পৰা বিন্দুলৈ আহিল।

 ‘ভোকত শুকাব মন্ত্ৰী-ৰজা

  আৰু যত আছে চোৰ মহাৰজা

  ধান ভৰা গাঁৱৰে ৰাংঢালী আকাশত

  তেতিয়াই উৰুৱাম তোৰেই জীৱনৰ ধ্বজা’

আৰম্ভ কৰিছে এন্ধাৰ কাতিৰ নিশাৰ এটা নৈপৰীয়া ভগা পঁজাৰে। তাৰ পাছত আহিল পানেই আৰু পোনাকণ, আহিল নাঙঠ দাৰিদ্ৰ, আহিল নিচুকনি গীতৰ সান্ত্বনা আৰু মিছা আশ্বাস। সৃষ্টি গাঢ় হৈ আহিল। আহিল পানেইৰ বিদ্ৰোহী সত্তা, আহিল শ শ পানেইৰ পৃথিৱী কঁপাই তোলা পণ আৰু ৰণ। ৰণ আৰু পণ গাঢ়তৰ কৰি আনি সূৰুযৰ হতুৱাই আকাশত ন-সমাজৰ ছবি ৰঙাকৈ অঁকোৱালে। সৃষ্টিক এটা বিন্দুত উপস্থিত কৰি পোনাকণৰ জীৱনৰ ধ্বজা উৰুৱাই মন্ত্ৰী-ৰজাৰ পতনৰ ভৱিষ্যত ঘোষণা কৰিলে।

‘তোমাৰ উশাহ কঁহুৱা কোমল’ গীতটোত ভূপেন হাজৰিকাৰ অপসাৰী সৃষ্টিশীলতাক বিচাৰি চাওঁহক। ভূপেন হাজৰিকা তেতিয়া সাতচল্লিশ বছৰীয়া, আদহীয়া বুলিও ক’ব পাৰি। ৰসে কিন্তু চপচপীয়া। আত্মাৰাম আহিছিল অসমলৈ ভূপেন হাজৰিকাক বিচাৰি। আত্মাৰামে চিলং‌ পিকলৈ যাবলৈ ইচ্ছা কৰিলে। ভূপেন হাজৰিকাৰ লগত গৈ চিলঙৰ হোটেলত উঠিল। পিছদিনা ৰাতিপুৱা চিলং পিকলৈ ৰাওনা হ’ল। পাহাৰৰ এঢলীয়াত দুয়োজন গাতে গা লগাই বহিল। শৰত কাল। নিয়ৰ সৰা সময়, শেৱালি ফুলা সময়, কঁহুৱা ফুলা সময়, আকাশত কঁহুৱা ডাৱৰ ওপঙা সময়। নাতিদূৰত এপাল ভেড়া আৰু এজন ভেড়াৰখীয়া কিশোৰ। কিশোৰজনে মুখেৰে কিবা এটা সুৰ তুলিছে—-তে তে তে তে তে তে। সেই সুৰত কোনো কথা নাই, নাই কোনো স্থায়ী বা অন্তৰা। সুৰটো ভূপেন হাজৰিকাৰ কাণেৰে সোমাই মগজু হৈ হৃদয়ত সোমাল। হোটেললৈ উভতি গৈ লাবানৰ পৰা হাৰম’নিয়ম এটা আনি সুৰটোক গীতত বান্ধি পেলালে। স্থায়ী আহিল, অন্তৰা আহিল। এটা হৃদয়স্পৰ্শী গানৰ সৃষ্টি হ’ল।

তোমাৰ উশাহ কঁহুৱা-কোমল

শেৱালি-কোমল হাঁহি

হাঁহিয়ে হৃদয় হৰিলে শুনাই

এটি কিবা মিঠা বাঁহী।

শাৰদীয় চেনেহীৰে

কঁকাল ইমান লাহী।

অন্তৰাত কথাখিনি বহল হৈ আহিল। এহাল প্ৰেমিক-প্ৰেমিকাৰ আৱিৰ্ভাৱ হ’ল। এটি সৰু বালিমাহীয়ে বালিত নাচি সিহঁত হালক জোকালে।

হঠাৎ আজি গালোঁ মই মৰমসনা গীত

তাকে শুনি চেনেহীৰে উখল-মাখল চিত

বালিত নাচে আমাক জোকাই

এটি সৰু বালিমাহী।

দুষ্ট নিয়ৰবোৰে অকল সৰা পাততেই ৰুণুক-জুনুককৈ সৰি পৰি ক্ষান্ত হৈ নাথাকি শেৱালিৰ বিছনাত শুই পৰা প্ৰেমিক-প্ৰেমিকা হালৰ গালে মুখেও মৰম সানি দি ধেমালিখন কৰিছে। হঠাৎ এহাল হাঁহে ওপৰৰ পৰা নামি আহি প্ৰেমিক-প্ৰেমিকাহালক আদৰণি জনাইছে। কি যে এক হিয়া শাঁত পৰা চিত্ৰকল্প!

ৰুণুক-জুনুক সৰা পাতত নিয়ৰ সৰি পৰে

গালে মুখে নিয়ৰ সানি ধেমালিখন কৰে।

শেৱালিৰে বিচনাতে আমি দুয়ো শুলোঁ।

শুই শুই মেঘৰ আঁৰৰ শৰালি গণিলোঁ।

এহাল হাঁহে আদৰিলে হঠাৎ নামি আহি।

এজন ভেড়া ৰখীয়াৰ মুখৰ এটা তে তে তে তে সুৰৰ বিন্দুৰ পৰা এটা বিশাল গানৰ সিন্ধুলৈ উত্তৰণ। এয়াই ভূপেন হাজৰিকাৰ অপসাৰী সৃষ্টিশীলতা। দুয়োটা গানতে ভূপেন হাজৰিকাৰ শব্দচয়ন, যথাস্থানত শব্দ প্ৰতিষ্ঠাপন, চিত্ৰকল্প আৰু সুৰৰ আৰোহণ-অৱৰোহণ, কণ্ঠৰ কলন অনন্য আৰু অতুলনীয়। সেয়েহে কৈছোঁ—ভূপেন হাজৰিকা এক অতিপ্ৰতিভাশালী ব‍্যক্তিত্ব।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments