আচামী (আছামী)
লেখক- প্ৰণবেন্দ্ৰ শৰ্মা
হোৱাটচএপ গোট এটাত কটনৰ সহপাঠী এজনৰ লেখা এটা পঢ়ি ৭২চনৰ ঘটনা এটা মনত পৰিল। সম্ভৱতঃ জুন জুলাইমাহৰ হ’ব।
মহাবিদ্যালয়ৰ গ্ৰীষ্মকালীন বন্ধৰ সময়ত পাঠ্যক্ৰমৰ অন্তৰ্গত বাধ্যতামূলক প্ৰশিক্ষণৰ বাবে এমাহ হাওৰাৰ GKWৰ কাৰখানাত প্ৰশিক্ষণ লৈছিলোঁ। কলিকতাত সহপাঠী কেইজনমান আছিল বাবে মধ্য কলিকতাতে সাময়িকভাৱে থাকি বাছেৰে অহা-যোৱা কৰিছিলোঁ। মোৰ বন্ধু এজনৰ ঘৰৰ পৰা বিবেকানন্দ পথত অৱস্থিত চাকৰিজীৱীসকলৰ বাবে থকা তিনিমহলীয়া YMCAটোত এমাহৰ বাবে কোঠা এটা ভাড়ালৈ ল’লোঁ। আচলতে মই নিয়মীয়া চাকৰিজীৱী নহয়, সেয়ে মই কোঠাটো পোৱাৰ বাবে যোগ্য নাছিলোঁ। কিন্তু মোৰ বন্ধুৰ ককায়েক নে সম্বন্ধীয় ককায়েকে তেওঁৰ চিনাকি কৰ্মকৰ্তাৰ যোগেৰে ব্যৱস্থা কৰি দিছিল। তাত থকা সকলো মানুহ বয়সত মোতকৈ অতি কমেও তিনিদশকৰ বঙালী ভদ্ৰলোক। প্ৰায়ভাগেই ধূতি পাঞ্জাবী পিন্ধা ভদ্ৰলোক। আবাসস্থানৰ সন্মুখত প্ৰকাণ্ড ওখ প্ৰবেশদ্বাৰ। নিশা দহবজাত তলা মাৰি বন্ধ কৰি দিয়ে। মোৰ বাবে কঠোৰ নিয়ম, নিশা নবজাত আহি ঘৰ সোমাব লাগিব। নৈশাহাৰত প্ৰায়ে খোৱা মেজত কেইজনমান আৱাসীৰ লগত দেখাদেখি হয়। তাৰ বাহিৰে দিনটোত মোৰ কাৰো লগতে দেখাদেখি নহয় কিয়নো কাৰখানা পুৱা সাত বজাত পাব লাগে বাবে মই ৰাতিপুৱা ছয় বজাৰ আগতেই ওলাই যাওঁ। প্ৰৱেশদ্বাৰৰ বাহিৰত পথৰ আনটো ফালে আঠঅনা দি তিনিখন পুৰি-তৰকাৰীৰ সৈতে চাহ একাপ খাই বাছত উঠি প্ৰথমে হাওৰা ষ্টেচন আৰু তাতে বাছ সলনি কৰি GKW। আবেলি ঘূৰি আহি কেতিয়াবা চিনেমা, কেতিয়াবা থিয়েটাৰ। ওচৰতে শ্ৰী, প্ৰাচী, উত্তৰা আদি নাট্যমন্দিৰ। দেওবাৰে পুৱা বন্ধুবৰ্গৰ লগত আড্ডা, কেতিয়াবা মাণিকতলা, শ্যামবাজাৰ আদি ঘূৰি ফুৰোঁ। সেই সময়ত স্বপনকুমাৰৰ ডিটেকটিভ দীপক চেটাৰ্জীৰ চৌষষ্ঠি পৃষ্ঠাৰ কাহিনীৰ ভক্ত, সেয়ে কিতাপত পঢ়া গলিবোৰ পিটপিটাই ফুৰোঁ। খিদিৰপুৰ/মেটিয়াবুৰুজত এদিন ভূমুকি মাৰি আৰু যোৱা নহ’ল। গ’লে হয়তো আজি লিখিবলৈ নাথাকিলোঁহেঁতেন। বন্ধুবৰ্গৰ পৰা সেই দুঃসাহসিক কাৰ্য্যৰ বাবে ঠিকচে গালি খাইছিলোঁ। সোনাগাছিও বোলে ওচৰতেই আছিল পিছে সেই বিষয়ে তেতিয়া বিশেষ জ্ঞান নথকা বাবে তালৈ গৈ চোৱাৰ অভিজ্ঞতা নহ’ল। হয়তো তেতিয়া তথাকথিত ভাল ল’ৰা আছিলোঁ বা সোনাগাছিত নিশাহে পদুম ফুলে আৰু মোৰ ওপৰত নিশাৰ কাৰ্ফিউ জাৰি কৰা আছিল বাবে সোনাগাছিৰ লগত ৰাহিযোৰা নাহিল।
নিশাৰ কাৰ্ফিউৰ কথা কওঁতেই মনত পৰিল ঘটনাটোৰ কথা। নহ’লে স্মৃতিয়ে বিপথে পৰিচালিত কৰি লেখাটো দীঘলীয়া কৰিলেহেঁতেন। এদিনাখনৰ কথা। কাৰখানাৰ পৰা ঘূৰি আহি থিয়েটাৰ চাবলৈ গৈছোঁ। কোনটো নাট্যমন্দিৰ বা থিয়েটাৰখনৰ নাম এতিয়া মনত নাই, পাঁচ দশকৰো আগৰ কথা। সেইসময়ত কলিকতাত ব্লেকআউট সাধাৰণ ঘটনা। সেইদিনা নাট চলি থাকোঁতেই অঘটন ঘটিল। ফলস্বৰূপে আবাসস্থান আহি পোৱালৈ প্ৰবেশদ্বাৰত তলা। তেতিয়া এতিয়াৰ দৰে গা গধুৰ নাছিল। হনুমানৰ দৰে বন্ধ প্ৰবেশদ্বাৰ হেলাৰঙে অতিক্ৰম কৰি ভিতৰৰ ঘাঁহনিত ভৰি দিয়াৰ লগে লগেই সন্মুখত যমদূতৰ দৰে মেচৰ ৰান্ধনীজন। গুৰু গম্ভীৰ মাতেৰে মোক জনালে যে মই আহি পোৱাৰ লগে লগেই মোক ঘোষবাবুৰ ওচৰলৈ লৈ যাবলৈ নিৰ্দেশ জাৰি কৰা আছে। সেইমতে আচামীক লৈ গৈ ঘোষবাবুৰ মহামান্য আদালতৰ আগত মোক হাজিৰ কৰোৱা হ’ল। আদালতৰ এজলাচখন হ’ল আমাৰ খোৱা মেজখন। ন্যায়াধীশৰ চকীত মহামান্য ঘোষবাবু। তেখেতৰ দুয়োফালে ভব্যগব্য চুৰীয়াৰ ফেৰমৰা ভদ্ৰলোক কেইজনমান। আচামীৰ (বঙালীসকলে অসমীয়াক তেতিয়া আচামী বুলিয়েই কৈছিল, এতিয়াও কয় হয়তো) পক্ষৰ উকীল কোনো নাই। ন্যায়মূৰ্তি নিজেই গোচৰীয়া, বিচাৰক আৰু দণ্ডাধীশ। যি দুই এবাৰ তেখেতৰ লগত দেখা সাক্ষাৎ হোৱাৰ সুযোগ সুবিধা হৈছিল তেখেতক সদায় ধূতি পাঞ্জাবী পিন্ধি থকাই দেখিছিলোঁ কিন্তু সেইদিনা হয়তো গৰমৰ বাবেই বা নিশা শুবলৈ সাজু হোৱাৰ বাবেই, তেখেতৰ পৰিধানত ফটুৱা এটাহে আছিল। ওখপাখ মানুহজন, গহীন-গম্ভীৰ, মাতটো দৈৱবাণী সদৃশ।
বিচাৰ আৰম্ভ হ’ল। প্ৰথম প্ৰশ্ন মই আবাসৰ নিয়মাৱলী উলঙ্ঘন কৰাৰ কাৰণ কি আৰু মোৰ সমৰ্থনত মোৰ বক্তব্য কি? মোৰ উত্তৰ শুনাৰ পাছত দ্বিতীয় প্ৰশ্ন যে অসমত যে ভাষা আন্দোলন চলি আছে সেই বিষয়ে মই অৱগত হয় নে নহয়। এই সকলো সৱাল-জৱাব বাংলাতেই চলি আছিল। ক’বলৈ পাহৰিছোঁ, মোৰ কথিত বাংলা তেতিয়া প্ৰায় সলসলীয়া। মই ভয়ে ভয়ে উত্তৰ দিলোঁ যে জানো। লগে লগে তৃতীয় প্ৰশ্ন, কোনোবাই যদি মোক আচামী বুলি মাৰে তেতিয়া দায়িত্ব কাৰ হ’ব? এইটো প্ৰশ্ন শুনি মোৰ হাঁহি উঠিল। মই বোলো ঘোষদা (ন্যায়মূৰ্তিক মই সেই বুলিয়েই সম্বোধন কৰিছিলোঁ), আপোনালোকৰ বাহিৰে আন কোনেনো এই বিশাল কলিকতাখনত মই আচামী নে বাঙালী জানিব কেনেকৈ? গতিকে কিবা এটা হ’লে দোষটো আপোনালোকৰ গাতেই পৰিব কিয়নো কলিকতাত কোনো অসমীয়া মানুহ মই চিনি নাপাওঁ অসমীয়াত কথা ক’বলৈ। আৰু মই বঙালী ক’লে আপোনালোক কোনোবাই মই বঙালী নহয় বুলি ক’ব পাৰিব নেকি? তেওঁ অলপ সময় কথাটো ভাবি মোক সুধিলে যে মোৰ খোৱা-বোৱা হ’ল নে নাই। মই বোলো সময় ক’ত পালোঁ। লগে লগে ৰান্ধনীক মোৰ খোৱা দিবলৈ কৈ দণ্ড জাৰি কৰিলে যে পিছদিনাৰ পৰা মোৰ নিশা ঘূৰি অহাৰ সময় আধাঘণ্টা কৰ্তন কৰা হ’ল। নিশা ন বজাৰ লগে লগে মই আহি মোৰ কোঠাত সোমাব লাগিব। মাহটো শেষ হোৱালৈ মই সেই অনুশাসন আখৰে আখৰে পালন কৰিবলৈ বাধ্য হ’লোঁ।
পাছত জুৰিৰ এজনে মোক কৈছিল যে সেইদিনা মই ঘূৰি নহালৈকে ঘোষদাৰ হেনো চিন্তাত তত নাছিল। অচিনাকি ল’ৰা এজনৰ কিবা অঘটন ঘটাৰ আশংকা আৰু তাৰ দায়িত্বৰ চিন্তা কৰি নিজৰ টোপনি ক্ষতি কৰি বহি থকা মানুহজনক সেইবাৰ কলিকতা এৰাৰ পাছত আৰু লগ পোৱাৰ সুযোগ নঘটিল। সঁচা কথা ক’বলৈ হ’লে সেই এটা মাহ ভাষা আন্দোলনৰ বিষয়ে চিন্তা কৰিবলৈ মোৰ কোনো সময়েই নাছিল। জীৱনত প্ৰথমবাৰৰ বাবে অকলশৰে কলিকতা মহানগৰীত কুৰি বছৰীয়া ডেকা ল’ৰা এটাৰ কৰিবলৈ আৰু ভাবিবলৈ আন আন অনেক বিষয় আছিল।
