মুখা শিল্পৰ আঁত ধৰি—ভাৰতৰ প্ৰাগৈতিহাসিক গুহাৰ পৰা মাজুলীলৈ

লেখক- শুভলক্ষ্মী বুঢ়াগোহাঁই

 

বিষয়বস্তুৰ গভীৰতালৈ যোৱাৰ আগতে আহকচোন আমি জানি লওঁ মুখানো কি? মুখা হ’ল মানুহে মুখত পৰিধান কৰা এবিধ মুখাকৃতিৰ ঢাকনি। শতিকা জুৰি বিভিন্ন সময়ত আৰু বিভিন্ন সংস্কৃতিত মানুহে নিজৰ পৰা নিজকে এক ভিন্ন পৰিচয়েৰে দাঙি ধৰিবলৈ মুখাৰ ব্যৱহাৰ কৰি আহিছে। কেতিয়াবা একোটা কাহিনী বৰ্ণনা কৰিবলৈ, দেৱ-দেৱীক আৱাহন কৰিবলৈ, সুৰক্ষা, উদযাপন অথবা ব্যক্তি সীমাৰ উৰ্দ্ধত থকা কোনো এক গভীৰ অৰ্থ প্ৰকাশ কৰিবলৈও মানুহে মুখাৰ ব্যৱহাৰ কৰে। মুখাই এফালে যদি কাৰোবাক ঢাকি ধৰে, আনফালে আকৌ আন কাৰোবাক উন্মোচন কৰি অথবা ৰূপান্তৰ ঘটাই একোটা চৰিত্ৰ তথা কাহিনীক এক নতুন মাত্ৰা দিয়ে। মানবীয় অভিব্যক্তিৰ প্ৰাকৃতিক সীমা অতিক্ৰম কৰি কোনো কথা বা কাহিনী বৰ্ণনা কৰিবলৈ এই মুখায়েই মুখ্য মাধ্যম হৈ প্ৰতিজন দৰ্শকৰ সতে এক যোগসূত্ৰ স্থাপন কৰে। 

মুখা গঢ়াও এক শিল্প। এই শিল্প ভাৰতৰ এক প্ৰাচীন পৰম্পৰা। ধৰ্মীয় আচাৰ-অনুষ্ঠান, পূজা-পাৰ্বন আৰু প্ৰাথমিক নাট্যকলাত ব্যৱহৃত বিভিন্ন মুখাৰ নিদৰ্শনেই প্ৰমাণ কৰে ইয়াৰ পুৰণি ইতিহাস আৰু প্ৰচলনৰ সন্ধালনি ধাৰাক। ইয়াৰ উপৰিও গৃহ দেৱতা অথবা অপশক্তি বিনাশকৰ প্ৰতীক ৰূপে, কৃষি চক্ৰ উদযাপন তথা সামাজিক আচাৰ-অনুষ্ঠানতো মুখাৰ ব্যৱহাৰ হৈ আহিছে। উদাহৰণ স্বৰূপে ধাননিত চৰাই খেদিবলৈ বাঁহ আৰু খেৰেৰে সজোৱা টেকেলি মুখৰ পুতলাটো, ঘৰৰ শাকনি বাৰীত মুখ নালাগিবলৈ লগোৱা আঁক-বাঁক টেকেলিটো, অপশক্তি নাশিবৰ বাবে ঘৰৰ সমুখত লগোৱা বাস্তুদেৱৰ মুখৰ আৰ্হিখন অথবা শিশুৱে খেলা দৰা-কইনাৰ পুতলাবোৰো জানো এই মুখা শিল্পৰে আদিম আৰু অপৰিপক্ব ৰূপ নহয়? 

মধ্য ভাৰতৰ ভীমবেটকা (Bhimbetka) নামৰ ঠাইত উদ্ধাৰ হোৱা প্ৰস্তৰ যুগৰ এটা গুহাত খ্ৰীঃপূঃ ১৫০০০ বছৰৰো আগৰ জন্তুৰ মুখা পিন্ধা মানুহৰ কিছুমান নক্সা পোৱা গৈছে। তদুপৰি ভাৰতৰ বিভিন্ন প্ৰান্তত এনে কিছুমান সাংস্কৃতিক পৰম্পৰা আছে, য’ত অতীজৰে পৰা মুখাৰ ব্যৱহাৰ বহুলভাৱে হৈ আহিছে। যেনে—ৰামায়ণ-মহাভাৰতৰ কাহিনী বৰ্ণোৱা পশ্চিম বংগ, উৰিষ্যা আৰু ঝাৰখণ্ডৰ ‘চাও নৃত্য’ (Chhau dance) ৰ বিৰাটাকায় মুখা, তেলেংগানাৰ ‘চেৰিয়াল’ (Cheriyal) মুখা, কেৰেলাৰ কথাকলি নৃত্যৰ বিশেষ মুখা আৰু অংগসজ্জা; মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু ছট্টিছগড়ৰ লাউৰ খোলাৰে বনোৱা জনজাতীয় মুখা আদি। 

অসমতো বহু আগৰে পৰা মুখাৰ প্ৰচলন হৈ আহিছে। শ্ৰীমন্ত শংকৰদেৱে পদ্ধতিগতভাৱে মুখা শিল্পৰ প্ৰচলন কৰি অসমীয়া সত্ৰীয়া সংস্কৃতিলৈ এক নতুন জাগৰণ অনাৰ বহু আগৰে পৰাই অসমত আৰু বিশেষকৈ নামনি অসমৰ বঙাইগাঁৱত ‘কুঁহিলা’ শিল্পৰ প্ৰচলন আছিল। কুঁহিলা (Kuhila) এবিধ পানীত হোৱা জোপোহা কোমল উদ্ভিদ। ইয়াৰ গা-গছ আৰু মজ্জাৰ পৰা মালাকাৰসকলে পুতলা নাচ আৰু ধৰ্মীয় আৰু পাৰম্পৰিক উৎসৱৰ বাবে প্ৰয়োজন হোৱা মুখাসমূহ তাহানিৰে পৰা পুৰুষানুক্ৰমে তৈয়াৰ কৰি আহিছে। আনহাতে গোৱালপাৰাৰ ফালে, বিশেষকৈ ৰাভাসকলে ‘ওজাপালি’ নৃত্যৰ দৰে পৰিৱেশন কৰা ‘ভাৰী গীত’তো কাঠৰ মুখা ব্যৱহাৰ কৰি আহিছে। ই এক ধৰ্মীয় অনুষ্ঠান। 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ খনিকৰ বুলি কোৱা হয়। অংকীয়া নাট আৰু ভাওঁনাত মুখাৰ ব্যৱহাৰ আৰু প্ৰচলন কৰি তেখেতে অসমৰ সত্ৰীয়া সংস্কৃতিত এক নতুন ধাৰাৰ সূচনা কৰে। অৱশ্যে শংকৰদেৱ এই শিল্পৰ উদ্ভাৱক নাছিল। আছিল ৰূপান্তৰৰ অগ্ৰদূতহে। অতীজৰে পৰা চলি অহা সৰল আৰু প্ৰাথমিক মুখা সমূহক তেখেতে সুসংযত, পদ্ধতিগত আৰু পৰিশীলিত ৰূপত এক উচ্চ স্তৰলৈ তুলি নি প্ৰাথমিক এই শিল্পক এক নতুন পৰিচয়হে দিছিল। 

১৫০০ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। ধৰ্মৰ বাণী বিয়পাবলৈ তেখেতে নৃত্য, গীত, নাট আৰু ভাওনাক মাধ্যম হিচাপে ব্যৱহাৰ কৰে। ভাওনাৰ বিশেষ চৰিত্ৰসমূহক আৰু মূৰ্তমান কৰি তুলিবৰ উদ্দেশ্যে তেখেতে মুখাৰ সহায় লয়। নিজ হাতেৰেই ভাৱৰীয়া আৰু ঐশ্বৰিক চৰিত্ৰৰ বাহনবোৰৰ মুখা তৈয়াৰ কৰি গুৰুজনাই সেইবোৰ ভাওনাত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। নিজেই হাতে-কামে লাগি পুৰণিক ন-ৰূপ দি ধৰ্মীয় বাৰ্তাক এইদৰেই জনসাধাৰণৰ মাজলৈ লৈ আহি গুৰুজনাই এক নতুন আদৰ্শ দাঙি ধৰে। এই কথা শ্ৰীৰামচৰণ ঠাকুৰৰ ‘চৰিত পুথি’তো উল্লেখ আছে। ঠিক তেনেদৰে ৰাসলীলাতো মুখাৰ বহুল প্ৰচলন হৈ আহিছে। 

বৰদোৱাত থাকোঁতেই ১৪৬৮ খ্ৰীঃত তেখেতৰ ‘চিহ্নযাত্ৰা’ নাটৰ জৰিয়তে অসমত প্ৰথমবাৰলৈ আনুষ্ঠানিকভাৱে মুখাৰ ব্যৱহাৰ হয়। ‘চিহ্নযাত্ৰা’ গুৰুজনাৰ প্ৰথমখন নাট। ইয়াত কোনো সংলাপ নাছিল। নৃত্য, গীত, বাদ্য আৰু গতিশীল চিহ্নৰ জৰিয়তে কাহিনীভাগ আগবঢ়াৰ বাবে ইয়াৰ নাম হ’ল ‘চিহ্নযাত্ৰা’। বৈকুণ্ঠ লোকত ভগৱান বিষ্ণুৰ স্থিতিক এই নাটকত উপস্থাপন কৰা হৈছিল। নাটত ব্যৱহাৰ হোৱা চৰিত্ৰসমূহ ক্ৰমে ব্ৰহ্মা, গৰুড় আৰু মহাদেৱৰ বাবে তাত মুখাৰ ব্যৱহাৰ হৈছিল। সেয়াই আৰম্ভণি। 

সময় আগবঢ়াৰ লগে লগে নৱ বৈষ্ণৱ ধৰ্মই প্ৰসাৰ লাভ কৰিবলৈ আৰম্ভ কৰে। অসমৰ বিভিন্ন স্থানত সত্ৰসমূহ স্থাপন হয়। আৰু ইয়াৰ লগে লগে সেই সত্ৰসমূহত, বিশেষকৈ মাজুলীত সত্ৰীয়া সংস্কৃতিৰ সমানে সমানে পৰিকল্পিত আৰু পৰিশীলিত ৰূপত মুখা শিল্পইও ঠন ধৰি উঠে। বৰ্তমান মাজুলীৰ চামগুৰি সত্ৰ এই মুখা শিল্পৰ বাবে জগত বিখ্যাত। মুখা শিল্পক বিচাৰি অহা দেশী-বিদেশী পৰ্যটকৰ বাবে চামগুৰি সত্ৰ এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। আমাৰ বাবে ই এক সুখবৰ। 

আহকচোন, আজি আমি এই মুখা শিল্পৰ বিষয়ে কিছু কথা জানো—

এখন মুখা তৈয়াৰ কৰাটোও এটা ডাঙৰ শিল্প। তাৰ বাবে মুখা শিল্পীসকলে নিজকে উৎসৰ্গিত কৰিব লাগে। মুখা এখন তৈয়াৰ কৰিবলৈ বহুবোৰ কেঁচা সামগ্ৰীৰ প্ৰয়োজন হয়। যেনে— বাঁহ, বেত, কপাহী কাপোৰ, গৰুৰ গোবৰ, কুমাৰ মাটি, কুঁহিলা, মৰাপাট, কলগছৰ আঁহ আদি। প্ৰাকৃতিক ৰঙৰ বাবে হেঙুল (ৰঙা), হাইতাল (হালধীয়া), ধবল মাটি (বগা), নীল (নীলা), মিঠাতেল দিয়া মাটিৰ চাকিৰ ছাঁই (ক’লা), গছৰ গুটি, বাকলি, পাত (সেউজীয়া) আৰু আঠাৰ বাবে বেলৰ আঠা, তেতেলী বা গমৰ আঠা আদিয়েই প্ৰধান। 

মুখা এখন তৈয়াৰ কৰোঁতে প্ৰথমে জাতি বাঁহৰ মিহিকৈ চুঁচি লোৱা কাঠি বা তমালেৰে সঁজাটো গঢ়ি লোৱা হয়। তাৰ পিছত কপাহী কাপোৰত বোকা মাটি সানি তাক সঁজাটোত লিপিট খোৱাই শুকাবলৈ দিয়া হয়। শুকালে তিনিভাগ গোবৰত এভাগ কুমাৰ মাটি ভালকৈ খচি মিহলাই সজাটোৰ ওপৰত চৰিত্ৰ অনুযায়ী চেহেৰা দি পুনৰ ৰ’দত শুকাবলৈ দিয়া হয়। আকৌ এবাৰ তাৰ ওপৰত বোকা মাটি সনা কপাহী কাপোৰ মেৰিয়াই মুখাখন মিহি কৰি ৰ’দত শুকোওৱা হয়। সম্পূৰ্ণকৈ শুকালে মুখাৰ ওপৰত বগা চক মাটি সানি তাক বগা কৰি লোৱা হয়। তেনে কৰিলে ৰঙবোৰ উজ্জ্বলকৈ ফুটি উঠে। শেষত ৰং-তুলিকাৰে মুখাখন সজাই জীৱন্ত ৰূপ দি তাক ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়। চুলিৰ বাবে মৰাপাট বা কলগছৰ আঁহ ব্যৱহাৰ কৰি তাত প্ৰয়োজন অনুসৰি ক’লা বা বগা ৰঙ সানি দিয়া হয়। এনেকৈয়ে এখন মুখা তৈয়াৰ হয়। 

মুখাৰ বহুবোৰ ভাগ আছে। চাৰিত্ৰিক মুখাক মুখ্যত দুটা ভাগত ভগোৱা হয়। যেনে—

১) লৌকিক মুখা— পাৰ্থিৱ চৰিত্ৰ, যেনে– ৰজা, অসুৰ, জন্তু আদিক চৰিত্ৰায়িত কৰিবলৈ এই মুখাৰ ব্যৱহাৰ হয়। 

২) অলৌকিক মুখা— দেৱতা, দানৱ, ঐশ্বৰিক শক্তি থকা পৌৰাণিক চৰিত্ৰ, যেনে—গৰুড়, নৰসিংহ, কালীয় আদিক বুজাবলৈ ব্যৱহাৰ কৰা মুখাক অলৌকিক মুখা বোলে। 

আনহাতে, আকাৰ আৰু গঠনৰ আধাৰত মুখাক পুনৰ আন তিনিটা ভাগত ভগোৱা হৈছে। যেনে—

১) বৰ মুখা বা ছোঁ মুখা

২) লোটোকৰী মুখা বা চুটি ছোঁ মুখা (লোটোকাই) আৰু

৩) মুখ মুখা। 

১) বৰ মুখা— অতিজাগতিক, ভয় লগা বিশেষ চৰিত্ৰ সমূহ যেনে— ৰাৱণ, নৰসিংহ, জটায়ু, গৰুড় আদিক চৰিত্ৰায়িত কৰিবৰ বাবে এই বিধ মুখাৰ ব্যৱহাৰ হয়। এই বিধ মুখাৰ দুটা ভাগ ক্ৰমে– শিৰ ভাগ আৰু গা ভাগক পৃথকে পৃথকে নিৰ্মাণ কৰি উলিওৱা হয়। মুখায়ে সৰ্বশৰীৰ ঢাকি ৰাখে। পৰিৱেশনৰ সময়ত দুয়োভাগ একেলগে পিন্ধি চৰিত্ৰত অভিনয় কৰা হয়। প্ৰয়োজন সাপেক্ষে পাখি, নেজ, বাহু, দাঁত আদিও যোৰা লগাই তাক সঞ্চালন কৰিব পৰা কৰি লোৱা হয়। এইবিধ মুখা যথেষ্ট গধুৰ হোৱাৰ উপৰিও কমেও ৮-১২ ফুট ওখ হয়। সেয়েহে এইবিধ মুখাক বৰ মুখা বোলে। 

২) লোটোকৰী বা লোটোকাই মুখা— এইবিধ মুখাও বৰ মুখাৰ দৰেই দুটা ভাগত তৈয়াৰ কৰা হয় যদিও মুখাই গোটেই শৰীৰটো ঢাকি নাৰাখে। মূৰৰ পৰা বুকু বা কঁকাললৈকেহে ইয়াক গঢ়ি উলিওৱা হয়। শিৰভাগ মূৰত লিপিত খাই লাগি ধৰে। ফলত থুতৰিৰ সঞ্চালনৰ লগে লগে মুখাখনেও কথা ক’ব পৰা হয়। এইদৰেই সবাক মুখাৰ সৃষ্টি হয়। পুতনা, তাৰকা, বকাসুৰ আদিৰ বাবে এনে মুখাৰ প্ৰয়োজন হয়। 

৩) মুখ মুখা— এই মুখাই কেৱল মুখ মণ্ডলহে আৱৰি ৰাখে। মুখাৰ সতে মিলাই সাজ-সজ্জা পৰিধান কৰা হয়। মানৱ অথবা সৰু জীৱ-জন্তু আদিক বুজাবলৈ এনে মুখাৰ ব্যৱহাৰ হয়। যেনে – মাৰিচ, সুপৰ্ণশা, সুবাহু আদি। এইবিধ মুখা যথেষ্ট পাতল আৰু আটাইতকৈ বেছি ব্যৱহৃত মুখা। 

একোখনকৈ মুখা তৈয়াৰ কৰোঁতে যথেষ্ট কষ্ট আৰু সময়ৰ প্ৰয়োজন হয়। এখন মুখ মুখা তৈয়াৰ কৰোঁতেই তিনি-চাৰি দিন সময় লাগে। আনহাতে লোটোকৰী মুখাত ১৫-২০ দিনৰ বিপৰীতে একোখন বৰ মুখাত দুমাহ পৰ্যন্ত সময় লাগি যাব পাৰে। লগতে যথেষ্ট অধ্যৱসায়ৰো প্ৰয়োজন হয়। 

পৰম্পৰাগতভাৱে ৰাস আৰু ভাওনাৰ কিছু চৰিত্ৰৰ বাবেহে মুখা ব্যৱহাৰ হয় যদিও কোনো কোনো কাহিনীত কেৱল মুখাৰেই গোটেই ভাওনাখন কৰি পেলোৱা হয়। ইয়াকে মুখা ভাওনা বোলে। সুন্দৰ মুখাৰ লগতে অংগ সঞ্চালনৰ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰদৰ্শন কৰা এই ভাওনা সমূহে বৰ্তমান বিশ্ব দৰবাৰতো বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। 

অসমৰ পাৰম্পৰিক এই মুখা শিল্পকলাক বৰ্তমান মাজুলীৰ চামগুৰি সত্ৰই এক নতুন মাত্ৰা দিছে। চামগুৰি সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ স্বৰ্গীয় কোষকান্ত দেৱগোস্বামীয়ে তেখেতৰ একক প্ৰচেষ্টাৰে বিভিন্ন প্ৰদৰ্শনী আৰু সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰি মাজুলীৰ মুখা শিল্পক বিশ্ব দৰবাৰলৈ উলিয়াই আনে। তেখেতৰ এই অনবদ্য প্ৰচেষ্টাক শলাগি ২০০৩ চনৰ ‘সংগীত-নাটক অকাডেমী বটা’ তেখেতলৈ আগবঢ়োৱা হয়। ২০২০ চনৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অসমৰ মুখাশিল্পক প্ৰদৰ্শন কৰা হৈছিল। সেই বছৰ অসমে স্বপ্ৰতিভাৰে দেশৰ অন্যান্য প্ৰতিযোগী ৰাজ্যসমূহক চেৰ পেলাই নিজ ৰাজ্যলৈ শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়। সেই বছৰেই সত্ৰাধিকাৰ কোষকান্ত দেৱগোস্বামীকো মুখাশিল্পৰ সংৰক্ষণ আৰু সম্প্ৰচাৰত তেখেতে আগবঢ়োৱা অৱদানৰ বাবে মৰণোত্তৰভাৱে ‘Republic Day Tableau Award’ আগবঢ়োৱা হয়। তেখেতৰ মৃত্যুৰ পিছত (২০০৪) তেখেতৰে সুযোগ্য পুত্ৰ ড° হেমচন্দ্ৰ গোস্বামীয়ে সত্ৰাধিকাৰৰ গুৰু দায়িত্ব মূৰ পাতি লয়। পিতৃৰ আদৰ্শকে অনুসৰণ কৰি তেখেতেও অসমৰ এই অমূল্য শিল্পকলাক সণ্ঢালনিকৈ আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। নৱপ্ৰজন্ময়ো এই শিল্পক মৰমেৰে আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে। 

বৰ্তমান এই মুখাৰ ব্যৱহাৰ কেৱল ভাওনা তথা ধৰ্মীয় কাৰ্য্যতে সীমাৱদ্ধ নাথাকি উৎসৱ-পাৰ্বন, সভা-সমিতি, গৃহসজ্জা আনকি উপহাৰ আদিতো ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰিছে। ই এক শুভ লক্ষণ। ইয়াৰ জৰিয়তে মুখাৰ জনপ্ৰিয়তা বাঢ়ি অহাৰ লগতে মুখাশিল্পীসকলৰ বাবেও উপাৰ্জনৰ বাট মুকলি হৈছে। তেওঁলোকৰ আৰ্থিক সচ্ছলতা বাঢ়িছে। দেশে-বিদেশেও এই শিল্পক নতুনকৈ চিনিবলৈ আৰম্ভ কৰিছে। 

লণ্ডনৰ ‘বৃটিছ মিউজিয়াম’তো অসমৰ পৰম্পৰাগত মুখাশিল্পক সংৰক্ষণ আৰু প্ৰদৰ্শন কৰি অহা হৈছে। ইয়াৰ উপৰিও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু সাংস্কৃতিক প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয়, বিমান বন্দৰ আদিতো এই মুখা সমূহ সংৰক্ষিত হৈ আছে। চামগুৰি সত্ৰৰ লগতে মাজুলীৰ অন্যান্য সত্ৰসমূহেও বহু আগৰে পৰাই মুখাশিল্পৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আহিছে। 

মাজুলীৰ মুখাশিল্পই ইতিমধ্যে ভাৰত চৰকাৰৰপৰা সন্মানীয় GI Tag ও লাভ কৰিছে। মুখাশিল্পৰ এই অনন্য সাংস্কৃতিক আৰু কলাত্মক ঐতিহ্যক সন্মান জনাই ২০২৪ চনৰ ৪ মাৰ্চ তাৰিখে ইয়াক এই স্বীকৃতি প্ৰদান কৰা হয়। এই স্বীকৃতিয়ে মুখাশিল্পৰ সংৰক্ষণক মান্যতা দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়োজনীয়তাত এক ন্যায্যিক মোহৰ মাৰে। 

মুখাশিল্প আমাৰ গৌৰৱ; আমাৰ পৰিচয়। আহক, আমি সকলোৱে এই শিল্পক জীয়াই ৰখাত সহায়ৰ হাত আগবঢ়াও। কিন্তু কেনেকৈ? …… আমি সকলোৱে নিজ নিজ ঘৰত একোটাকৈ মুখা সজাব নোৱাৰোনে? মই চেষ্টা কৰিছোঁ। আপুনি কি ভাৱে? 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments