অভাৱ

লেখক- ডাঃ সুৰজিত গিৰি

”ছাৰ। পেছেণ্টো চাগে নাবাচিব। বৰ ভাল দেখা নাই।” 

তিনিচুকীয়াৰ জিলা চিকিৎসালয়ৰ চিকিৎসক ডাঃ হানিফ চৌধুৰীৰ ফোনে মোক অত্যন্ত চিন্তিত কৰিছিল। 

২১ বছৰীয়া শ্ৰী মান মনীষ মাঝী। ২০২৪ বৰ্ষত আমাৰ ডিমৌ গ্ৰাম্য হাস্পতালত বিষাক্ত পিট ভাইপাৰ সাপৰ দংশনত চাৰি দিন ভৰ্তি হৈ চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ গৈছিল। সৰ্প দংশনৰ আছুতীয়া কক্ষত ভৰ্তি কৰি মনীষক চিকিৎসা কৰা হৈছিল। সৰ্প দংশনৰ আছুতীয়া কক্ষত অসমৰ বিষাক্ত সাপবোৰৰ চিত্ৰ ডাঙৰকৈ প’ষ্টাৰ আকাৰত দেৱালত আঁৰি থোৱা আছে। তিনিদিন সেইবোৰ প্ৰত্যক্ষ কৰি মনীষে বিষাক্ত সাপবোৰ চিনি পোৱা হৈছিল। সৰ্প দংশনৰ পাছত কি কৰিব লাগে, কি কৰিব নালাগে সেইবোৰো সি জানে। 

২৩ তাৰিখে মানে যোৱা মঙলবাৰে মনীষক অতি বিষাক্ত শখা সাপ এডালে ঘৰৰ চোতালতে ৰাতি প্ৰায় ৬‌ মান বজাত বাওঁ ভৰিত দংশন কৰে। অজানিতে তেওঁ সাপডালক আন্ধাৰত গচকি দিছিল হয়তো। ডিচেম্বৰ মাহৰ ৰাতিৰ ঠাণ্ডা সহ্য কৰিব নোৱাৰি সাপডালে মনীষহঁতৰ ঘৰৰ ভিতৰত সোমাই উম লব বিচাৰিছিল চাগে। মনীষে তৎক্ষণাৎ হাতত থকা ম’বাইল ফোনেৰে সাপডালৰ ফ’টো এটা মাৰি থৈ দিয়ে। 

ৰাতি প্ৰায় ৭‌ মান বজাত মনীষ জিলা চিকিৎসালয়খনত ভৰ্তি হয়। ডাক্তৰে পৰীক্ষা-নিৰীক্ষা কৰি পৰ্যৱেক্ষণত ৰাখে। এই সাপে দংশন কৰি বিহ ঢালিলে প্ৰথম অৱস্থাত একো লক্ষণ নাথাকে। দংশন অংশত দাঁতৰ চিহ্ন নাথাকে, কোনো বিষ নাথাকে নতুবা ফুলিও নাযায়, কিন্তু তিনি ঘণ্টা মানৰ পাছত বিহৰ লক্ষণবোৰ দেখা দিয়ে। কিন্তু ৰাতি ৯ মান বজাত দংশন অংশত বিষ হোৱাৰ লগতে বিষটো উজাই ভৰিৰ পৰা ওপৰলৈ উঠিব আৰম্ভ কৰে। তেতিয়াই মনীষে আতংকিত হৈ মোক ফোন কৰে। 

”ছাৰ। মোক আকৌ সাপে খুঁটিছে। এইবাৰ বেন্দেড ক্ৰেইট সাপ।” 

”তুমি কেনেকৈ চিনি পালা?” মই আচৰিত হৈ মনীষক প্ৰশ্ন কৰোঁ। 

”আপোনাৰ হাস্পতালতে শিকিছিলোঁ। সাপডালৰ ফ’টোও মাৰি থৈ দিছোঁ। আপোনালৈ পথাই দিছোঁ।” অত্যন্ত প্ৰত্যয়ৰে মনীষে উত্তৰ দিয়ে। 

”ঠিক আছে। তুমি চিন্তা কৰিব নালাগে। মোৰ চিনাকি ডাক্তৰজনক তোমাক এণ্টীভেনম বেজী দিব কৈ দিম। বেজীকেইটা লৈ তুমি অসম চিকিৎসা মহাবিদ্যালয়ত ২৪‌ ঘণ্টালৈকে ভৰ্তি হৈ থাকিবা। সকলো ভাল হৈ যাব।” 

অলপ দেৰিৰ পাছত মনীষে মোক সাপডালৰ ফ’টোও পথাই দিয়ে। হয় মনীষে সাপডাল ভালদৰে চিনি পাইছিল। প্ৰাপ্তবয়স্ক এডাল বিষাক্ত শখা সাপেই‌ আছিল। মোৰ চিনাকি আৰু সৰ্প দংশনৰ চিকিৎসাত আমিয়েই প্ৰশিক্ষণ দিয়া ডাঃ হানিফ চৌধুৰীক দিহা পৰামৰ্শ দি মনীষক সকলো ভাল হৈ যাব বুলি আশ্বাস দি মই ৰাতি ১০ মান বজাত নিদ্ৰাদেৱীৰ কোলাত শুই পৰোঁ। যদিও ইতিমধ্যে দেৰি হৈ গৈছে, তথাপি মনীষ সম্পূৰ্ণ সুস্থ হৈ যাব বুলি ধৰি লৈছিলোঁ। সেই সময়ত ডাঃ হানিফৰ কৰ্তব্য নাছিল। কিন্তু ৰোগীৰ স্বাৰ্থত তেওঁ তৎক্ষণাৎ হাস্পতালত উপস্থিত হয়। 

কিন্তু ৰাতি ১১: ৩০ মান বজাত ডাক্তৰ হানিফে ফোন কৰে—

“ছাৰ। পেছেণ্টো চাগে নাবাচিব। বৰ ভাল দেখা নাই। অৱস্থা বেয়া। সাপৰ বিহে ল’ৰাটোক চানি ধৰিছে। উশাহ টানিব পৰা নাই। নাবাচিব চাগে।” 

: ৰʼবা। চিন্তা নকৰিবা। এণ্টীভেনম আৰু আনুষংগিক বেজীবোৰ দিলা নহয়। এতিয়া আমাৰ গ্ৰাম্য ভেণ্টিলেটৰ ‘আম্বো বেগৰ’ সহায় লোৱা। মই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৰ ডাঃ ৰাজু টায়ুঙক খবৰ পথাই দিম। এম্বুলেঞ্চত গৈ থাকোঁতে আত্মীয়ক মনীষৰ মুখত মাস্ক লগাই আম্বো বেগেৰে(গ্ৰাম্য ভেণ্টিলেটৰ)অক্সিজেন হাওঁফাওঁলৈ ঠেলি দিব ক’বা। 

আজিৰ তাৰিখত আমাৰ অসমত বিভিন্ন বিভাগৰ ডাক্তৰৰ অভাৱ। কেন্দ্ৰীয় চৰকাৰৰ তথ্যমতে ভাৰতবৰ্ষত প্ৰতি ৮১৩জন ৰাইজৰ বাবে মাত্ৰ এজন ডাক্তৰ উপলব্ধ। জিলা চিকিৎসালয়খনত ICU আৰু ভেণ্টিলেটৰ আছে যদিও তাক চলোৱা ডাক্তৰৰ অভাৱ। ডাক্তৰ এজন মানৱ সম্পদ। লাগ বুলিলেই চৰকাৰে তেওঁলোকক থাউকতে প্ৰস্তুত কৰিব উলিয়াব নোৱাৰে। চৰকাৰক নিশ্চয় কিছু বছৰ লাগিব। কেনেবাকৈ ভেণ্টিলেটৰৰ (কৃত্ৰিম শ্বাস-প্ৰশ্বাস দিয়া যন্ত্ৰ) প্ৰয়োজন হ’লে সৰ্প দংশনৰ ৰোগীবোৰ এই কিছু বছৰবোৰত মৰিয়েই থাকিব নেকি? কিবা এটাতো আমি কৰিবই লাগিব! 

এনে হাস্পতালবোৰত য’ত সা-সুবিধা সীমিত বা ICU নাই বা ভেণ্টিলেটৰ আদি নাই, তেনে ক্ষেত্ৰত আমাৰ সকলো গ্ৰাম্য হাস্পতালবোৰত উপলব্ধ আম্বো বেগডালক আমি ‘গ্ৰাম্য ভেণ্টিলেটৰ’ হিচাপে নামকৰণ কৰিছোঁ। যেতিয়ালৈকে আমাৰ অসম আৰু ভাৰতবৰ্ষৰ হাস্পতালবোৰত স্বাস্থ্যকৰ্মীৰ অভাৱ দূৰ নহয়, তেতিয়ালৈকে অসমত ‘গ্ৰাম্য ভেণ্টিলেটৰ’ দিয়েই কাম চলাব লাগিব। আমি একেলগে মিলি-জুলি এঘড়ী যুঁজি চাম। কোৱা বাহুল্য যে আমাৰ সহজ-সৰল ৰাইজে এনে ৰোগীক ICU থকা হাস্পতাললৈ এম্বুলেঞ্চত স্থানান্তৰিত কৰা অৱস্থাত এই গ্ৰাম্য ভেণ্টিলেটৰ প্ৰয়োগ কৰি ২০২৫ বৰ্ষত অসমত ১২জন ৰোগীৰ নিৰ্ঘাত মৃত্যু বাধা দিছে। সেইবাবেই চাগে কোৱা হয় অভাৱেই আৱিষ্কাৰৰ মূল। আমাৰ ডিমৌ গ্ৰাম্য হাস্পতালত ICU, পৰ্যাপ্ত স্বাস্থ্যকৰ্মীৰ অভাৱেই যেন এই গ্ৰাম্য ভেণ্টিলেটৰ আৱিষ্কাৰৰ মূল। 

মনীষ এক ঘণ্টাত হাস্পতালত উপস্থিত হৈছিল। অতি বিষাক্ত সাপডালৰ ফ’টোও ম’বাইলত বন্দী কৰি লৈ আনিছিল। আমি স্বাস্থ্যকৰ্মীসকলৰ বিভিন্ন প্ৰশিক্ষণ শিৱিৰবোৰত ভুক্তভোগীয়ে শখা সাপ বা শঙ্খচূড় সাপৰ ফ’টো যদি লৈ আহে, সময় নষ্ট নকৰি তৎক্ষণাৎ এণ্টীভেনম বেজী প্ৰয়োগ কৰিব কওঁ। 

ৰোগীক সু-চিকিৎসা কৰিবলৈ দংশন কৰা সাপৰ ফ’টো আমাক কেতিয়াও নালাগে। সাপৰ ফ’টো চাই আমি চিকিৎসা নকৰোঁ। কিন্তু বেন্দেড ক্ৰেইট বা শঙ্খচূড় সাপে দংশন কৰিছে বুলি ৰাইজে সাপৰ ফ’টোটো লৈ আহে আৰু ভুক্তভোগীয়ে নিশ্চিতভাৱে ক’ব পাৰে, তেনেহ’লে আমি ৰোগীৰ বিষাক্ত সাপৰ বিহৰ লক্ষণ অহালৈ বাট চাই নাথাকোঁ। 

যিকোনো সৰ্প দংশনৰ ৰোগী আমি ২৪ ঘণ্টাৰ বাবে পৰ্যৱেক্ষণত ৰাখোঁ আৰু পৰ্যৱেক্ষণ কালত ৰোগীৰ প্ৰাৰম্ভিক লক্ষণবোৰতহে আমি এণ্টীভেনম বেজী প্ৰয়োগ কৰোঁ। সেয়াই আমাৰ নিয়ম। কিন্তু বেন্দেড ক্ৰেইট আৰু শংখচূড় সাপৰ ক্ষেত্ৰত সেয়া নাখাটে। মনীষে সাপৰ ফ’টো লৈ আহিছিল। স্বাস্থ্যকৰ্মীসকলক ফ’টো দেখাইছিলোঁও। কিন্তু তথাপি আমি তৎক্ষণাৎ এণ্টীভেনম বেজীকেইটা প্ৰয়োগ নকৰিলোঁ। মনীষৰ ঘটনাটোৱে আমাক অত্যন্ত ব্যথিত কৰিছিল। অৰ্থাৎ এতিয়াও আমাৰ কৰণীয় বহু বাকী আছে। যেনেদৰে আমাৰ সজাগতাবোৰ অসমৰ প্ৰত্যেক সাধাৰণ ৰাইজৰ ওচৰত পোৱাগৈ নাই, ঠিক তেনেদৰে আমাৰ সকলো স্বাস্থ্যকৰ্মীক আমাৰ প্ৰট’কলবোৰেও চুব সক্ষম হোৱা নাই। এয়া আমাৰেই দোষ। তথাপি আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। 

কথাবোৰ ব্যাপকভাবে আমি চৰকাৰৰ সহযোগত প্ৰচাৰ কৰিছোঁ, যদিও সেয়া যেন পৰ্যাপ্ত হোৱা নাই। আমাৰ সদিচ্ছাৰ অভাৱ নে অহং মনোভাৱ নে বেলেগ কিবা? সেয়া আমি বুজি নাপাওঁ। এইটো ঠিক যে সদায় আমি সফল হ’ম সেয়াও মিছা কথা। জন্ম-মৃত্যু আমাৰ হাতত নাথাকে। ৰোগীৰ মৃত্যুও হ’ব পাৰে। কিন্তু এইটো ঠিক যে এঘড়ী যুঁজ নিদিয়াৰ দুখ কেতিয়াও নাথাকিব। 

কেইদিনমান আগতে অনুৰূপ ঘটনা এটা সংঘটিত হৈছিল বিশ্বনাথ চাৰিআলিৰ জিলা চিকিৎসালয়ত। একে সাপৰ দংশন। ৰোগী‌য়ে কৰ্মৰত স্বাস্থ্যকৰ্মীক বেন্দেড ক্ৰেইট সাপৰ দংশন বুলি কোৱাৰ পাছতো আমি বিশেষ গুৰুত্ব নিদিলোঁ। শেষত একেবাৰে মুমূৰ্ষু পৰ্যায়ত ডাঃ ৰিপুন চেতিয়াৰ সদিচ্ছাৰ এখোজ আৰু তত্ত্বাৱধানত গ্ৰাম্য ভেণ্টিলেটৰৰ সহায়ত ৰোগীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰি সুস্থ কৰা হৈছিল। 

টোপনি যাব চেষ্টা কৰিছিলোঁ যদিও টোপনি অহা নাছিল। এনেবোৰ বিভিন্ন কথাই সম্ভৱ টোপনি আহিব দিয়া নাছিল। আজি মনীষ মৃত্যুৰ দুৱাৰ দলিত। কৰ’বাত যেন আমাৰ সদিচ্ছাৰ এখোজৰ অভাৱ আছিল। 

ৰাতিপুৱা ৬ বজাত সাৰ পায়েই মনীষলৈ প্ৰথম মনত পৰিছিল। কি বা হ’ল! কোনেও ফোন নকৰিলে দেখোন। ৰাস্তাতে মৃত্যু হ’ল নেকি? আদি বিভিন্ন চিন্তাই মনটো ভাৰাক্ৰান্ত কৰিছিল। 

বৰ ভয়ে ভয়ে মনীষলৈ ফোন লগালোঁ। ৰিং হ’ল, কিন্তু উত্তৰ নাহিল। আকৌ এবাৰ লগালোঁ, নাই কোনো উত্তৰ নাপালোঁ। বেয়া চিন্তাবোৰে ৰাতিপুৱাতে আৱৰি ধৰিলে। আমি তাক বচাব পাৰিলোঁহেঁতেন, কিন্তু আমি অলপ দেৰিকৈ যুদ্ধত নামিলোঁ। সেয়াই মনীষৰ বাবে কাল হ’ল নেকি? অলস মনেৰে বাৰাণ্ডাৰ চকীখনত বহি পৰিলোঁ। ৰাতিপুৱাতে পৰাজয়ৰ গ্লানিয়ে আমাক দগ্ধ কৰিছিল। 

কিছু সময়ৰ পাছত মোৰ ফোনটো বাজি উঠে—

”ছাৰ মই এতিয়া ঠিকেই আছোঁ। কেনেকৈ ডিব্ৰুগড় পালোঁ মই গম নাপাওঁ। ডিব্ৰুগড় আহি পোৱাৰ পাছতেই মোৰ জ্ঞান ঘূৰি আহিছিল। এতিয়া ঠিকেই আছোঁ।” 

সঁচাকৈ অভাৱেই আৱিষ্কাৰৰ মূল। আজি মনীষ সুস্থ হোৱাৰ মূলতে হল গ্ৰাম্য ভেণ্টিলেটৰ (আম্বো বেগ) আৰু ডাঃ হানিফৰ সদিচ্ছাৰ এখোজ। 

আগন্তুক দিনত আমাৰ সকলো স্বাস্থ্যকৰ্মী সৰ্প দংশনৰ চিকিৎসাত এখোজ আগবাঢ়ি আহক তাৰেই কামনা কৰিলোঁ। 

আমি আশাবাদী। 



শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments