জিলা আইন সেৱা প্ৰাধিকাৰীৰ বিষয়ে কিছু কথা

লেখক- নাজিয়া চুলতানা

আমাৰ কৰ্ম জীৱনৰ ছয়টা বছৰ সুকলমে অতিবাহিত কৰি অহা অতিকৈ আপোন আৰু শ্ৰদ্ধাৰ পূৰ্বৰ কৰ্মস্থলী “দৰং জিলা আইন সেৱা প্ৰাধিকাৰীৰ” বিষয়ে লিখিম বুলি ভাবি থাকোঁতেই ইতিমধ্যে তিনিটা বছৰ অতিক্ৰম কৰিলে৷

এই কাৰ্য্যালয়টিৰ নাম শুনিলে বহুতেই ভাবে যে এয়া কোনো ব্যক্তিগত খণ্ডৰ কাৰ্য্যালয়৷ মোক আগতে বহুতেই সুধিছেঁও! ভাৰত চৰকাৰে ১৯৮৭ চনতে আইন সেৱা প্ৰাধীকৰণ আইন, ১৯৮৭ প্ৰণয়ন কৰে৷ ভাৰতীয় সংবিধানৰ চতুৰ্থ খণ্ডত “নিৰ্দেশনাত্মক নীতি”ৰ অধীনত অনুচ্ছেদ ৩৯(ক) ত আৰ্থিক তথা সামাজিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলক বিনামূলীয়া আইনীসেৱা প্ৰদানৰ ব্যৱস্থাৰ কথা কোৱা হৈছে৷ সেইসূত্ৰে ১৯৯৫ চনত ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী আইন ১৯৮৭ (National Legal Services Authorities Act, 1987)ৰ অধীনত নতুন দিল্লীত “ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী”ৰ কাৰ্যালয় প্ৰতিষ্ঠা কৰে৷ তাৰ পাছতে পৰ্য্যায় ক্ৰমে সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজ্যত আৰু ৰাজ্যিক কাৰ্য্যালয়ৰ অধীনত জিলা আৰু মহকুমা পৰ্য্যায়ত আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্য্যালয়সমূহ মূল আদালত চৌহদতে শাখা হিচাপে প্ৰতিষ্ঠা কৰা হয়৷

বৰ্তমান দৰং জিলা কোষাগাৰৰ কাৰ্য্যালয়ৰ সমীপত অৱস্থিত দৰং জিলা আইন সেৱা প্ৰাধিকাৰীৰ বৰ্তমান কাৰ্যালয়টো ২০১৫ চনৰ ডিচেম্বৰ মাহত উদ্বোধন কৰা হয়৷ ইয়াৰ পূৰ্বে দৰংৰ সন্মানীয় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদতে এটা শাখা হিচাপে কাৰ্য্যালয়টো চলি আছিল৷ 

“Access to Justice for All” অৰ্থাৎ “ন্যায় সকলোৰে বাবে” এই অপ্তবাক্যশাৰী মূলমন্ত্ৰ (Motto) হিচাপে সৰোগত কৰি সমাজৰ দুৰ্বল শ্ৰেণী আৰু চৰকাৰৰ বিভিন্ন অনুষ্ঠানৰ মাজত সাঁকোৰ দৰে কাম কৰি অহা এই কাৰ্য্যালয়টোৱে “দৰং জিলাৰ বিকল্প বিবাদ নিষ্পত্তি কেন্দ্ৰ” হিচাপেও কাম কৰি আহিছে৷

আইন সেৱা প্ৰাধিকাৰীৰ মূল উদ্দেশ্য হৈছে সমাজৰ আৰ্থিকভাৱে দুৰ্বল অথবা সামাজিকভাৱে পিছপৰা ব্যক্তিসকলক বিনামূলীয়া  আইন সেৱা প্ৰদান কৰা৷ 

ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ সেয়েহে সমাজৰ প্ৰতি গৰাকী ব্যক্তিৰ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ লগতে কল্যাণ সাধন এই অনুষ্ঠানৰ লক্ষ্য৷

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী আইন,১৯৮৭

অধীনত সামাজিকভাৱে দুৰ্বল শ্ৰেণী হিচাপে বিবেচিত হোৱা ব্যক্তিসকল হ’ল- আৰ্থিকভাৱে দুৰ্বল, মহিলা, জেষ্ঠ নাগৰিক, কোনো অপৰাধৰ ভোক্তভোগী ব্যক্তি, কাৰাবন্দী(বিচৰাধীন), বিশেষভাৱে সক্ষম, মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু অনুসুচিত জাতি অথবা জনজাতিৰ লোকসকল৷ এই শ্ৰেণীৰ অন্তৰ্গত ব্যক্তিৰ কোনোবাই যদি আদালতত মোকৰ্দমা কৰিব লগা হয় বা অপৰাধত জড়িত হোৱা বাবে জামিন আবেদন বা আত্মপক্ষ সমৰ্থনৰ বাবে মোকৰ্দমা কৰিব লগা হয় তেনেহ’লে জিলা আইন সেৱা প্ৰাধিকাৰীৰ জৰিয়তে বিনামূলীয়াকৈ কৰিব পাৰিব৷

 আনহাতে অসম চৰকাৰৰ  “Assam Victim Compensation Scheme, 2012” ৰ অধীনত অপৰাধজনিত গোচৰৰ ভোক্তভোগী যেনে এচিড আক্ৰমণ, ধৰ্ষণ, যৌন অতিশাৰ্য্যৰ বলি হোৱা ব্যক্তিয়ে ক্ষতিপূৰণ লাভ কৰাৰ ব্যৱস্থা আছে৷ আনহাতে অপৰাধজনিত ঘটনাত মৃত ব্যক্তিৰ নিকট আত্মীয় (Legal Heir)যেনে অভিভাৱক, পত্নী, স্বামী বা সন্তানে এই আঁচনিৰ অধীনত ক্ষতিপূৰণ লাভ কৰে৷

এই কাৰ্য্যালয়ত সন্মানীয় মনোনীত অধিবক্তা(Lawyer)ৰ এখন পেনেল থাকে৷ এই পেনেলৰ জৰিয়তে ফৌজাদাৰী(Criminal) আৰু দেৱানী(Civil), দুয়োধৰণৰ গোচৰ চলাবৰ বাবে বিনামূলীয়া অধিবক্তাৰ ব্যৱস্থা কৰা হয়৷ 

আনহাতে, অন্য এখন আঁচনি “Scheme for Para Legal Volunteers” ৰ অধীনত এই কাৰ্য্যালয়ত অৰ্ধআইনী স্বেচ্ছাসেৱক(PLV) নিযুক্ত কৰা হয়৷ এই স্বেচ্ছাসেৱক সকলে সমাজৰ বিভিন্ন শ্ৰেণীৰ বিপদত পৰা লোকসকল আৰু জিলাৰ কাৰ্য্যালয়ৰ মাজত সমন্বয়ক হিচাপে ভূমিকা পালন কৰে৷ তেওঁলোকক জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্য্যালয়ৰ লগতে জিলা কাৰাগাৰ, জিলাখনৰ বিভিন্ন আৰক্ষী চকী, আউট পোষ্ট অথবা “আইনী সেৱা কেন্দ্ৰ” (Legal Aid Clinic Centre)ত নিযুক্ত কৰা হয়৷ “আইনী সেৱা কেন্দ্ৰ” বোৰ হৈছে জিলা পৰ্য্যায়ৰ কাৰ্য্যালয়ে জিলাখনৰ চুকে কোণে সকলো নাগৰিকৰ বাবে যাতে আইনী সেৱা উপলবদ্ধ কৰিব পাৰি তাৰ বাবে স্থাপন কৰা কিছুমান কেন্দ্ৰ৷ পেনেল ল’য়াৰ সকলে মাজে মাজে সেই কেন্দ্ৰ সমূহো দৰ্শন কৰিব লাগে৷

বিকল্প বিবাদ নিষ্পত্তি কেন্দ্ৰ (Alternative Dispute Resolution Centre)ৰ বিষয়ে ইয়াত যোগদান কৰাৰ পূৰ্বে শুনা মনত নপৰে৷ আমি সকলোৱে জানিবলগীয়া কথাটো হৈছে ই আইনী ব্যৱস্থাৰে এটা অংশ৷ ১৯৮৭ চনত ৰাষ্ট্ৰীয় আইন সেৱা অধিনিয়ম বলৱৎ হোৱাৰ পৰা দেশৰ বিভিন্ন অঞ্চলত “লোক আদালত” অনুষ্ঠিত কৰি অহা হৈছে৷ লোক আদালত হ’ল এনেকুৱা এটা মাধ্যম য’ত আদালতৰ বিচৰাধীন অথবা প্ৰাক্ মোকৰ্দমা পৰ্য্যায়ত থকা  গোচৰসমূহ আলোচনাৰ মাধ্যমেৰে নিষ্পত্তি কৰা হয়৷ ফলত গোচৰীয়া আৰু পদকীয়া দুয়োপক্ষৰে বহুমূলীয়া সময় আৰু ধন ৰাহি হোৱাৰ লগতে আদালতৰ বিচৰাধীন গোচৰৰ সংখ্যা কমি যায়৷ এই লোক আদালতত সাধাৰণতে নিষ্পত্তি যোগ্য ফৌজাদাৰী গোচৰ, সৰু সুৰা অপৰাধ, বেংকৰ ঋণ পৰিশোধ, বিদ্যুৎ বিভাগৰ বিল, টেলিফোনৰ বিল, যান বাহনৰ নিয়ম ভংগৰ বাবে চালান, এন আই এক্ট(NI Act), ভুৱা চেক,যান বাহনৰ দুৰ্ঘটনা(MACT) জনিত গোচৰসমূহ নিষ্পত্তি কৰা হয়৷ গোচৰ নিষ্পত্তিৰ সময়ত দুয়োপক্ষৰ লগতে মহামান্য আদালতৰ ন্যায়াধীশৰ লগতে  মীমাংসাকাৰী হিচাপে আইনবিদ (Conciliator) উপস্থিত থাকে৷ লোক আদালতসমূহ বিভিন্ন পৰ্য্যায়ত আৰু বিভিন্ন ধৰণে বিভিন্ন স্থানত অনুষ্ঠিত কৰা হয় যেনে ৰাষ্ট্ৰীয় লোক আদালত, ৰাজ্যিক লোক আদালত, মোবাইল অৰ্থাৎ ভ্ৰাম্যমাণ লোক আদালত, অন্যান্য লোক আদালত ইত্যাদি৷

আনহাতে দৰং জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্য্যালয়টিয়ে দৰং জিলাৰ “বিকল্প বিবাদ নিষ্পত্তি কেন্দ্ৰ”(Alternative Dispute Resolution Centre) বা  “জিলা মধ্যস্থতাকাৰী কেন্দ্ৰ” (District Mediation Centre) হিচাপেও কাম কৰে৷ এগৰাকী মধ্যস্থতাকাৰী আইনবিদ(Mediator)ৰ জৰিয়তে বিবাদৰ লগত জড়িত দুয়োপক্ষৰ লগত আলোচনাৰ মাধ্যমত মীমাংসাযোগ্য গোচৰসমূহ নিষ্পত্তি কৰা হয়৷ এই ক্ষেত্ৰত জিলা আইন সেৱা প্ৰাধিকাৰীৰ সন্মানীয় সচিব গৰাকীয়ে “সমন্বয়ক” (Coordinator) হিচাপে ভূমিকা পালন কৰে৷

বিকল্প বিবাদ নিষ্পত্তি কেন্দ্ৰৰ আন এটা অংশ হৈছে “স্থায়ী লোক আদালত” (Permanent Lok Adalat); য’ত জিলা পৰ্য্যায়ৰ আইন সেৱা প্ৰাধিকাৰীৰ সন্মানীয় অধ্যক্ষ তথা জিলা খনৰ জিলা ও সত্ৰ ন্যায়াধীশ গৰাকীয়ে অধ্যক্ষ হিচাপে ভূমিকা পালন কৰে৷ ইয়াতো আইনবিদ অথবা বিজ্ঞ ব্যক্তি দুগৰাকী (যাক “Public Utility Person” আখ্যা দিয়া হয়)ৰ সহায়ত চৰকাৰী বিভাগীয়(জল সম্পদ, বিদ্যুৎ, টেলিফোন, জলসিঞ্চন, পানীযোগান, লোক নিৰ্মাণ ইত্যাদি) গোচৰ সমূহ মধ্যস্থতাৰ জৰিয়তে নিষ্পত্তি কৰা হয়৷

ইয়াৰ উপৰি দৰং জিলা আইন সেৱা প্ৰাধিকাৰীয়ে নাগৰিকৰ মৌলিক অধিকাৰ, মানৱ অধিকাৰ, বিভিন্ন অপৰাধৰ বিৰুদ্ধে আইনী সজাগতাৰ লগতে চৰকাৰী বিভিন্ন কল্যাণমূলক আঁচনি সমূহৰ বিষয়ে সজাগতাৰ বাবে প্ৰতিমাহে জিলাখনৰ চুকে কোণে সজাগতা সভা অনুষ্ঠিত কৰে৷ লগতে ৰাজ্যিক পৰ্য্যায়ৰ কাৰ্য্যালয়ৰ সহযোগত সময়ে সময়ে “মেগা  কেম্প” অনুষ্ঠিত কৰে৷ য’ত হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰি থিতাতে আইনী সেৱা আৰু চৰকাৰী আচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয়৷

জিলা আইন সেৱা প্ৰাধিকাৰীৰ বিষয়ে নাগৰিকসকল আজি পৰ্য্যন্ত বিশেষ সজাগ নহয় যদিও এই কাৰ্য্যালয়টিৰ নাগৰিকৰ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰৎ ভূমিকা অপৰিসীম৷ এই কাৰ্য্যালয়ৰ সকলো কাম সুচাৰুৰূপে যাতে চলি থাকে তাৰ বাবে ইয়াৰ অৰ্ধআইনী স্বেচ্ছাসেৱক(Para Legal Volunteer-PLV) আৰু পেনেল ল’য়াৰ সকলক সময়ে সময়ে প্ৰশিক্ষণ দিয়া হয়৷

এই কাৰ্য্যালয়টিয়ে জিলাখনৰ প্ৰাকৃতিক দুৰ্য্যোগত ক্ষতিগ্ৰস্ত, আশ্ৰয়হীন, মানসিকভাৱে বিকাৰগ্ৰস্ত বা বিশেষভাৱে সক্ষম লোকৰ চিকিৎসা আৰু পুনৰ সংস্থাপন আৰু অধিকাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে৷ এক কথাত ক’ব পৰা যায়, য’ত আপোনাৰ ওচৰত কোনো নাই, আপুনি সামাজিকভাৱে অসহায়, অবহেলিত অনুভৱ কৰিছে, তাতেই আপোনাৰ সহায়ৰ বাবে জিলা আইন সেৱা প্ৰাধিকাৰী আপোনাৰ কাষত থিয় হ’ব৷ খুব কম কৰ্মচাৰী আৰু আন্ত:গাঁথনিৰে চলি থকা কাৰ্যালয়টিৰ সমুখত যথেষ্ট প্ৰত্যাবানো আছে যি অনাগত সময়ত বিভাগীয় পৃষ্ঠপোষকতাত মষীমূৰ  হ’ব বুলি ভবাৰ থল নিশ্চয় আছে৷ যোৱা ২০২২ চনৰ মে’ মাহত মোৰ শিক্ষা বিভাগত নিযুক্তিৰ বাবে দৰং জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্তব্যৰ পৰা অব্যাহতি লও৷  “ন্যায় সকলোৰে বাবে” এই মহান উদ্দেশ্যৰে স্থাপিত অনুষ্ঠানটিয়ে যাতে অনাগত সময়ত আৰু বেছি শক্তিশালী ৰূপত, প্ৰকৃতাৰ্থত সমাজৰ দুৰ্বল সকলৰ অধিকাৰ ৰক্ষাৰ বাবে সমাজ যন্ত্ৰৰ মেৰুদণ্ড হিচাপে থিয় দিব পাৰে তাৰেই কামনা কৰিছোঁ৷

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments