ক্ৰেছৰ কাহিনীৰে

লেখক- দেবজিৎ শৰ্মা

শিশু আৰু মাতৃ অধিকাৰৰ বিষয়ে আমাৰ পয়া-লগা সজাগতাঃ

আজি মোৰ ওচৰলৈ গুৱাহাটীৰে এহাল দম্পতী, এটা নৱজাতক শিশু লৈ আহিল। যদিও পাহাৰৰ ওপৰত, ঘৰ গুৱাহাটীতে। গতিকে চিকিৎসা ব্যৱস্থা বা শিক্ষাৰ সুবিধাৰপৰা যথেষ্ট দূৰত নহয়। দম্পতীহাল অশিক্ষিত বা আৰ্থিকভাৱে বৰ দুৰ্বলো নহয়।

শিশুটিৰ বাবে দম্পতীহালক অভিনন্দন জনাই সুধিলোঁ “শিশুটি ক’ত জন্ম হ’ল?”

“ঘৰতে।” উত্তৰ আহিল।

“ঘৰতে?” মই অলপ আচৰিত হোৱা দেখুৱাই প্ৰশ্নবোধক চিনৰে সুধিলোঁ।

“হয়, স্বাভাৱিক ভাৱেই হৈ গ’ল।”

মই ক’লোঁ, “কিন্তু নিয়ম অনুসৰি আপুনি চিকিৎসালয়তহে প্ৰসৱ কৰোৱা ভাল। যিকোনো মুহূৰ্ততে মাতৃ বা শিশুৰ যিকোনো সমস্যা হ’ব পাৰে।”

“সমস্যা একো নাছিলে। থকা হ’লে, লৈ গ’লোঁহেঁতেন হস্পিটেল।”

মনতে ভাবিলোঁ ‘এওঁক কোনে বুজাব, মাতৃ বা শিশুৰ কিবা সমস্যা হ’লে হাতত সময় নেথাকে, এক মুহূৰ্ততে অঘটন ঘটিব পাৰে।’

কিন্তু সেই সময়ত এইবোৰ কৈ একো লাভ নাই বুলি জানি, একো নক’লোঁ। সঠিক সময় আহিলে বুজাই ক’ম বুলি ৰৈ গ’লোঁ।

এইবাৰ সুধিলোঁ, “শিশুটিক মাকৰ গাখীৰেই দিছে নিশ্চয়।”

“নাই, বাহিৰৰ গাখীৰ দিছোঁ।” এটা বহুজাতিক কোম্পানীৰ গাখীৰৰ ব্ৰেণ্ডৰ নাম ক’লে।

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল, কাৰণ তেওঁলোক জনজাতীয় মানুহ আছিল। জনজাতীয় মানুহে প্ৰসৱ প্ৰক্ৰিয়া ঘৰত হ’লেও, সাধাৰণতে স্তনপানেই কৰায়।

মই প্ৰশ্ন কৰিলোঁ “কিয়?”

উত্তৰে মোক আৰু আচৰিত কৰি তুলিলে, মানুহ গৰাকী গুৱাহাটীৰ এখন অভিজাত বিদ্যালয়ত কাম কৰে। কি কাম কৰে অৱশ্যে নুসুধিলোঁ। বিদ্যালয়খনৰপৰা ছুটী মঞ্জুৰ কৰা নাই। দৰ্খাস্ত দি থৈছে, হয়তো ছুটী মঞ্জুৰ হ’ব, কিন্তু হোৱা নাই।

এই শুনি মই আৰু বিচুৰ্তি হ’লোঁ। শিশুটিৰ জন্ম হোৱা মাথোঁ দহ দিন হৈছে। মাকজনীয়ে স্তনপান কৰাব পৰা নাই, কাৰণ মাক কামত যাব লগা হৈছে, তাকো আনুষ্টানিক কাম। এনেই ব্যক্তিগত সহায়কাৰীও নহয়, এক অভিজাত বিদ্যালয়ত কাম কৰে।

১৯৬১ চনৰ মাতৃ সুবিধা আইন (Maternal Benefit Act), যাক ২০১৭ চনত পুনৰ সংশোধন কৰা হয়, অনুসৰি এগৰাকী মাতৃৰ প্ৰথম দুটি সন্তানৰ বাবে ২৬ সপ্তাহ মেটাৰ্ণেল লিভ বাধ্যতামূলক। তাৰ বাবে অৱশ্যে তেওঁ বিগত বছৰত কমেও ৮০ দিন অনুষ্ঠানটোত কাম কৰিব লাগিব। এই আইনৰ দ্বাৰা এগৰাকী মাতৃক চাকৰিৰ সুৰক্ষাও প্ৰদান কৰিছে। এগৰাকী মাতৃক এই ছুটীৰ সময়ত বৰ্খাস্ত কৰিব নোৱাৰিব আৰু অনুষ্ঠানটোত ৫০ গৰাকীতকৈ বেছি কৰ্মচাৰী থাকিলে শিশু ৰাখিবৰ বাবে ক্ৰেছৰ সুবিধাও থাকিব লাগিব। এতিয়া এই মাতৃগৰাকীয়ে কিয়, ছুটী নেপালে, সুধিছিলোঁ যদিও ভালদৰে নক’লে। ঘৰত জন্ম হোৱা বাবে জন্ম পঞ্জীয়ন নকৰা বাবে নে বিদ্যালয়খনৰ অৱহেলাত বুজি নেপালোঁ।

মেটাৰ্ণেল লিভ, দুই এটা ব্যতিক্ৰম বাদ দি বেছিভাগ অনুষ্ঠানে প্ৰদান কৰে যদিও ক্ৰেছৰ সুবিধা খুব কম কাৰ্যালয়তহে থাকে। স্তনপ্ৰাণ শিশুৰ অধিকাৰ আৰু তাৰ বাবে এগৰাকী মাতৃক এখন সমাজে সকলো ধৰণৰ সুবিধা কৰি দিব লাগিব।

আমাৰ দেশত নৱজাত শিশু আৰু মাতৃৰ মৃত্যু হাৰ উন্নত দেশবোৰতকৈ বহুত বেছি আৰু আমাৰ ৰাজ্যত এই হাৰ ভাৰতৰ আন বহুত ৰাজ্যতকৈ বেছি।

বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ কমাবলৈ সকলো মাতৃৰ আনুষ্ঠানিক প্ৰসৱ কাৰ্য্য হোৱাটো বাঞ্ছনীয়। সকলো প্ৰসৱ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰসৱক্ৰিয়াত পাৰ্গত মানুহৰ উপস্থিতিত হ’ব লাগিব, সকলো গৰ্ভৱতী মাতৃৰ কমেও আঠবাৰ গৰ্ভাস্থ অৱস্থাত শৰীৰ পৰীক্ষা হ’ব লাগিব, সকলো শিশুৰে জন্মৰ সময়ত শিশু স্বাস্থ্যত প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তি থাকিব লাগিব আৰু শিশুৰ জন্মৰ ৪৮ ঘণ্টাৰ ভিতৰত শিশু আৰু মাতৃৰ স্বাস্থ্যৰ পুনৰ পৰীক্ষা হ’ব লাগিব, আৰু কমেও ৮০% মানুহে অতি বেছি দুঘণ্টা সময়ৰ পৰিভ্ৰমণৰ ভিতৰত প্ৰসূতি চিকিৎসাৰ সুবিধা পাব লাগিব।

এই সকলো কৰিবলৈ আমাক অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ প্ৰয়োজন নাই। এইবাবে আমাৰ দেশত যথেষ্ট মহিলাক ধাত্ৰীবিদ্যাৰ প্ৰশিক্ষণ, নৱজাত শিশুৰ স্বাস্থ্যৰ সম্পৰ্কে যথেষ্ট সংখ্যক লোকক প্ৰশিক্ষণ দিয়া প্ৰয়োজনীয়।

ঘৰত প্ৰসূতি মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ খবৰ ল’বলৈ আমাৰ দেশত যথেষ্ট আশা কৰ্মী আছে। তেওঁলোকক সজাগতাৰ বাবে যথেষ্ট প্ৰশিক্ষণো দিয়া হয়, আৰু কামৰ বাবত মাননীয়ো দিয়া হয়। কিন্ত ওপৰৰ উদাহৰণটোৰপৰা আমি দেখিলোঁ যে গুৱাহাটীৰ দৰে দেশৰ মহানগৰীতো এই ব্যৱস্থা আৰু উন্নত কৰাৰ স্থল আছে। ওপৰত উল্লেখ কৰা শিশুটিক জন্মৰ সময়ত দিব লগা টিকাও দিয়া হোৱা নাছিল, স্তনপানৰ বাবে কোনেও বুজোৱা নাছিল, জন্মৰ সময়ত ভিটামিন কে ইনজেকচনো দিয়া হোৱা নাছিল (এই ইনজেকচন নিদিলে শিশুৰ ভয়ানকভাৱে ৰক্তক্ষৰন হোৱাৰ সম্ভাৱনা থাকে।)

আমাৰ দেশত মাতৃ আৰু শিশুৰ সুবিধাৰ বাবে সামাজিক সুবিধা বহুত কম। প্ৰায় সকলো খণ্ড বা অনুষ্ঠানে আইন অনুসৰি মেটাৰ্ণেল লিভ প্ৰদান কৰে যদিও সেই একে আইনমতে ক্ৰেছৰ সুবিধা কিমানে কৰে? কিমান ব্যক্তিগত বা চৰকাৰী খণ্ডত ক্ৰেছৰ সুবিধা আছে?

তথ্য অনুসৰি আমাৰ দেশত চৰকাৰী খণ্ডত ক্ৰেছৰ পৰিমাণ দিনে দিনে কমহে হৈ আহিছে। ২০১৭ চনত আমাৰ দেশত চৰকাৰী খণ্ডত ১৮০০০ ক্ৰেছৰ বিপৰীতে ২০২৪ চনৰ জুন মাহত মাত্ৰ ২১৬৩টা ক্ৰেছ কাৰ্যক্ষম হৈ আছিল। ২০১৮ চনৰ এক সমীক্ষা মতে ৭৫% আনুষ্ঠানিক নিযোক্তাই কৰ্মচাৰীক ক্ৰেছৰ সুবিধা কৰি নিদিয়ে আৰু ক্ৰেছৰ ব্যৱস্থা নামত থাকিলেও উপযুক্ত সুবিধা নেথাকে। বহু মাতৃয়ে এই অসুবিধাৰ বাবে চাকৰি এৰিব লগা হয় বা অত্যন্ত জৰুৰী বাবে চাকৰি কৰি থাকিব লগা হ’লে শিশুৰ স্বাস্থ্যৰ প্ৰতি আওকান কৰিব লগা হয়।

মাতৃ আৰু শিশুৰ স্বাস্থ্য আৰু সুবিধাৰ বিষয়ে আমাৰ সমাজৰ সজাগতাৰ দুখলগা অৱস্থাৰ এইটো এটা উদাহৰণহে। শিশুৰ স্তনপান কৰিবৰ বাবে সামাজিক স্থানত সকলোতে সুবিধা থকাটো বাধ্যতামূলক। কিন্তু কিমান সামাজিক স্থানত এই সুবিধা আছে? য’ত আছে, তাতো নাম মাত্ৰহে। সিদিনা কামাখ্যা মন্দিৰ প্ৰাংগণত দেখিলোঁ এখন ফলকত এটা কোঠালীৰ সন্মুখত লিখা আছে ‘শিশুক খুউৱা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে’। প্ৰথমে দেখি ভাল লাগিল। কিন্তু ভালদৰে লক্ষ্য কৰি দেখিলোঁ কোঠাটোত কোনো আঁৰবেৰ নাই, মাত্ৰ স্বচ্ছ কাঁচৰ বেৰ। তাতে আকৌ একেটা কোঠাতে বিশেষভাৱে সক্ষ্যম লোকো বহাৰ ব্যৱস্থা। এই লোকসকলৰ পঞ্চাশ শতাংশ হয়তো পুৰুষ হ’ব বা ল’ৰা হব। তেওঁলোকৰ লগত একেটা কোঠাতে বহি মাকসকলে শান্তিত স্তনপান কৰাব পাৰিবনে?

মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ কমাবৰ বাবে আমাৰ দেশত এতিয়া থকা সুবিধা উন্নত কৰাৰ যথেষ্ট স্থল আছে যদিও বৰ্তমান থকা সুবিধাই যথেষ্ট হ’ব, যদিহে আমাৰ সদৃচ্ছা আৰু সজাগতা থাকে। গুৱাহাটীৰ পৰিয়ালটো এটা উদাহৰণহে। গুৱাহাটীত সকলো সুবিধা থকা সত্ত্বেও তেওঁলোক বঞ্চিত হ’ল, আমি তেওঁলোকক সজাগ কৰিব নোৱাৰা বাবে, ঘৰে ঘৰে স্বাস্থ্য কৰ্মী গৈ সঠিক খবৰ নোলোৱা বাবে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments