পেডোফিলিয়া কি জানেনে?
লেখক- পুষ্পাঞ্জলি শিৱমশৰ্মা
এপষ্টাইন ফাইলৰ লগত ই কিদৰে জড়িত?
এপষ্টাইন ফাইল মূলতঃ #ভাৰ্জিনিয়া_জুফ্ৰে (Virginia Giuffre) নামৰ এগৰাকী মহিলাই এপষ্টাইনৰ সহযোগী #ঘিছলেন_মেক্সৱেলৰ (Ghislaine Maxwell) বিৰুদ্ধে ২০১৫ চনত তৰা এটা মানহানিৰ গোচৰৰ অংশ৷
পেডোফিলিয়া যেন এক ভয়াবহ,বিভৎস দুঃস্বপ্নৰ অন্য নাম৷ ই শৈশৱক টাৰ্গেট কৰি লৈছিল৷ এয়া খোল খোৱাৰ বাবে আজি গোটেই বিশ্বতে বহু বিশ্ববিখ্যাত মানুহৰ বিভৎস মুখা খোল খাই পৰিছে? কিছুমান অবিশ্বাস্য আৰু ৰহস্যময় দুৰ্ঘটনাৰ কুঁৱলীবোৰ আঁতৰিছে ৷
কি হ’য় এয়া?
কিয় হাহাঁকাৰ চৌদিশে আজি?
পেডোফিলিয়া আৰু দুঃস্বপ্নৰ শৈশৱ,সজাগতা আৰু কৰণীয়ঃ
বৰ্তমান শিশুনিৰ্যাতন আৰু নিগ্ৰহৰ ঘটনা যেন তেনেই সাধাৰণ হৈ পৰিছে আৰু এক ভয়াবহ দিশলৈ গতি কৰিছে৷ তেনেক্ষেত্ৰত কৰবাত আমাৰ অলক্ষিতে আমাৰ আপোন শিশুটি বিভিন্ন আতিশয্যৰ বলি হৈ আছে নেকি— এয়া আজিৰ সময়ত এক ভয়ংকৰ প্ৰশ্ন ৷
আমাৰ সমুখতে কৰবাত নিজৰে আপোন কাৰোবাৰ হাতত শিশুটি যৌন আতিশয্যৰ হাতোৰাত বন্দী হৈ থকা নাইতো! কথাবোৰ এনেকৈয়ো ভাবি চোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে, কাৰণ যিধৰণে এতিয়া মানৱতাৰ দ্ৰুত স্খলন হ’ব আৰম্ভ হৈ গৈছে এয়া সঁচাকৈয়ে এক চিন্তাৰ কাৰণ হৈ পৰিছে ৷
তেনেকুৱা কিছুমান দূৰ্ভাগ্যজনক আৰু ভয়ানক কাণ্ড এক নিৰ্ভৰযোগ্য গৱেষণাৰ তথ্য অনুসৰি পোহৰলৈ আহিছে যে প্রতি ১৫৫ মিনিটত ১৬বছৰ বয়সতকৈ কম বয়সৰ এটিকৈ শিশু ভাৰতবৰ্ষৰ কোনোবা নহয় কোনোবা প্ৰান্তত কাৰোবাৰ হাতত যৌন উৎপীড়নৰ চিকাৰ হৈ আছে ৷ প্ৰতি ১৩ ঘণ্টাত ১০বছৰ বয়সৰ কম শিশুক যৌন নিৰ্যাতন চলোৱা হৈছে ৷
প্ৰতি দুজন শিশুৰ মাজত এজনকৈ শিশু যৌন লালসাৰ বলি হৈ আছে এইখন দেশতে আৰু আচৰিত হ’বলগীয়া কথাটো হৈছে ইয়াৰ প্ৰায় ৫৬% হৈছে ল’ৰা।
এই হিচাপে চালে দেখা যায় যে প্ৰতি ছেকেণ্ডত দেশৰ বিভিন্ন ঠাইত যৌন আতিশয্যৰ চিকাৰ হৈ আছে আমাৰ শিশুসকল ৷যথেষ্ট উদ্বেগজনক কথাটো হৈছে এই আতিশয্য নিজৰেই আপোন চিনাকি আৰু আশেপাশে থকা মানুহৰ দ্বাৰাই সংঘটিত হয় ৷ অপ্ৰিয় এক সত্য যে প্ৰায়বোৰ শিশু নিগ্ৰহৰ ঘটনাৰ ক্ষেত্ৰত ৯০% লোকে চিনাকিৰ ভিতৰতে হ’য় ৷ গতিকে একেষাৰে ক’ব পাৰি, আমাৰ শিশুসকল যেন কৰবাত এতিয়া আপোনজনৰ মাজতে তথা এক চিনাকি পৰিবেশতো নিৰাপদ নহয় ৷
শিশুৰ যৌন আতিশয্য,যৌন উৎপীড়ন আদিৰ ক্ষেত্ৰত জড়িত আৰু ব্যৱহাৰ হোৱা এক ভয়ংকৰ ৰোগ বা ধাৰণাৰ ভিতৰত মনোবৈজ্ঞানিক সকলে সঘনাই এটি নামৰ ব্যৱহাৰ কৰাটো পৰিলক্ষিত হৈছে ৷ সেয়া হৈছে “পেডোফিলিয়া’’৷
‘পেডোফিলিয়া’ হৈছে এটি মানসিক ৰোগ৷ এই ৰোগত আক্রান্ত ব্যক্তি , যাক ‘পেডোফিল’ বোলা হয়৷ তেনে ব্যক্তি প্ৰধানতঃ শিশুৰ প্রতিহে যৌনাসক্তি অনুভৱ কৰে৷ সকলোতকৈ ডাঙৰ কথাটো হ’ল, এই বিকৃত মস্তিষ্কৰ মানুহক চিনাক্ত কৰাটো অতি কঠিন৷ উদ্বেগজনক কথাটো হৈছে বিশ্বৰ ‘পেডোফিল’ ৰোগীৰ সংখ্যা কিন্ত একেবাৰে কমো নহয় আৰু ই ক্ৰমাৎ বৃদ্ধি হৈ এক ভয়াবহ পৰ্যায়লৈ গৈ আছে ৷
পেডোফিলিয়া এনে এক মানসিক ৰোগ, যাৰ লক্ষণ হৈছে শিশুৰ প্রতি যৌন আকর্ষণ আৰু সিহঁতৰ লগত যৌন সুখ অনুভব কৰা তথা “প্রিপিউবাৰচেণ্ট” বা ১৩ বছৰৰ কম বয়সৰ লোকৰ সৈতে “চেক্সুৱেল ফেণ্ট্যাছি”পোষণ কৰা।
এইটো অৱশ্যে ধর্ষণৰ সৈতে একে বা সমপৰ্য্যায়ৰ বুলি পৰিগণিত কৰিব নোৱাৰি৷ ধর্ষণ হৈছে এক পৰিকল্পিত অপৰাধ। আনহাতে পেডোফিলিয়াৰ ক্ষেত্ৰত ক’ব পাৰি যে ই কেৱল এটি মানসিক ৰোগ। কিন্ত আইনৰ দৃষ্টিত পেডোফিলিয়াকো এক শাস্তিযোগ্য অপৰাধ বুলি চিহ্নিত কৰা হৈছে।
গৱেষণাৰ তথ্য অনুসৰি, এজন পেডোফিলিক মানুহে যদি ৪০টি শিশুক নিগ্রহ কৰে আৰু তাৰ মাজত ১০% বা ৪ জন যদি পেডোফিলিক হৈ যায় তেতিয়া সিহঁতৰ মাজত ৩০ বছৰৰ ব্যবধানত ১৬ জন পেডোফিলিক তৈয়াৰ হ’ব পাৰে।
পেডোফিলিয়াৰো চিকিৎসা আছে যদিও খুব কম পেডোফিলিক লোকেহে নিজে কাউন্সিলিং কৰিবলৈ যায় বা এই ৰোগটোৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে যত্ন কৰে ৷
মানসিক চাপ আৰু অস্থিৰতাৰ বাবে পেডোফিলিক ৰোগীয়ে আৰু অপৰাধ কৰিব আগবাঢ়ে। সঠিক যত্ন,সময়মতে ঔষধৰ গ্ৰহণ আৰু ‘বিহেভিয়াৰাল থেৰাপি’ৰ মাধ্যমত পেডোফিলিয়া ৰোগ নিৰ্মূল কৰিব পৰা যায়। সজাগতা আৰু সঠিক কাউন্সিলিঙৰ জৰিয়তে ইয়াক ৰোধ কৰিব পাৰি ৷
মনত ৰখাটো দৰকাৰী যে,“শিশুৰ যৌন নিগ্ৰহকাৰীসকলক সিহঁতৰ ব্যৱহাৰৰ দ্বাৰা সংজ্ঞা নিৰ্ধাৰিত কৰা হয় আৰু পেদোফেলিকবোৰক সিহঁতৰ ইচ্ছা হেঁপাহৰ দ্বাৰাহে সংজ্ঞা নিৰ্ধাৰণ কৰা হয়।’’ (Blanchard)
পেদোফিলিয়াক প্ৰায়১৯শতিকাত নামাকৰণ কৰা হৈছিল। ১৯৮০ ৰ পিছত এই ক্ষেত্ৰত বিশদ চিন্তাচৰ্চা আৰু গৱেষণা কৰা হয়। গৱেষণা তথ্য অনুসৰি ই মস্তিষ্কৰ কিছুমান বেলেগ বেলেগ অসমানতাৰ লগত জড়িত আৰু অন্যান্য ব্যক্তিত্বৰ বিকাৰ আৰু মনোবৈজ্ঞানিক বিকৃতিৰ লগতো সংযোগ হৈ থাকে।
ফৰেনছিক মনোবিজ্ঞান আৰু আইনৰ সন্দৰ্ভত ব্যৱহাৰ অনুসৰি পেদোফিলিয়াৰ বৰ্গীকৰণৰ বাবে “টাইপ’লজী”ৰ বিবিধতাৰ ভিতৰত প্ৰধানকৈ চাৰিটা প্ৰকাৰৰ উল্লেখ আছে৷ সেইকেইটা হৈছে—
১/পাৰ্চনেলিটি ইমেচাৰ অফেণ্ডাৰ : ইয়াত আক্ৰান্ত ব্যক্তিৰ নিজৰ সমান উপযুক্ত বয়সৰ ব্যক্তিৰ লগত সন্তোষজনক সম্পৰ্ক বনোৱাত অক্ষম হয় ৷ যাৰবাবে এইসকলে কম বয়সীয়া আৰু বিশেষকৈ শিশুৰ লগত সম্বন্ধ বনায় আৰু নিজৰ হাবিয়াস পূৰণ কৰাৰ যত্ন কৰে৷
২/ ৰিগ্ৰেচড্ অফেণ্ডাৰ : এই শ্ৰেণীৰ পেদোফিলিয়াত সেইসকল ব্যক্তি বা অপৰাধী অন্তৰ্ভুক্ত, যি সকলে কিশোৰকালত অন্য দহজনৰ দৰে সামান্য অৱস্থাতে থাকে,কিন্ত প্ৰাপ্তবয়স্ক কালত ভৰি দিয়াৰ পিছত নিজৰ সমবয়সৰ লোকৰ লগত সাধাৰণতে কৰা যৌনসম্বন্ধ ৰক্ষা কৰিব অসমৰ্থ হয় আৰু নিজকে যোগ্য বুলি নাভাবি হীনমন্যতাত ভোগে৷ তাৰপিছত কিন্ত লাহে লাহে এই যৌন প্ৰয়োজন পূৰণ কৰিবৰ বাবে সৰু সৰু ল’ৰা-ছোৱালীক লক্ষ্য কৰিব আৰম্ভ কৰে ৷
৩/ কণ্ডিশ্যনড্ অফেণ্ডাৰ : সেইসকল ব্যক্তি যিয়ে কৈশোৰ অৱস্থাৰ পৰাই সৰু-ল’ৰাছোৱালীক যৌন আতিশয্য চলাই আৰু প্ৰাপ্তবয়স্ক হোৱাৰ পিছতো এইটো অভ্যাসলৈ পৰিৱৰ্তন হোৱা বাবে তাক এৰিব নোৱাৰে ৷ বাৰে বাৰে এই দুষ্কৰ্ম কৰি এক অনামী পুলক অনুভৱ কৰে এই শ্ৰেণীৰ পেডোফিলিকগ্ৰস্তই।
৪/ চাইক’পেথটিক অফেণ্ডাৰ : যাৰ স্বভাৱতে এক অপৰাধপ্ৰবণতা নিহিত থাকে আৰু তেনে লোক সমাজত হোৱা বিভিন্ন অসামাজিক অপৰাধবোৰত জড়িত থাকে ৷ নিজৰ যৌনবাসনা পূৰণ কৰিবলৈ ইহতে যিকোনো পৰ্যায়লৈ যাব পাৰে আৰু বিশেষকৈ শিশুসকলকে লক্ষ্য কৰি লয় ।
শিশুৰ যৌনউৎপীড়ন সম্পৰ্কত বেছিভাগ অপৰাধী নিজৰেই চিনা-পৰিচয়ৰ মাজত আৰু আশে পাশে থাকে । সেইবাবে ইয়াৰ চিনাক্তকৰণ যথেষ্ট কষ্টকৰ হয় ৷ এইক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে শিক্ষকসকল আৰু অভিভাৱকসকলে শিশুক প্ৰধানতঃ “ভাল স্পৰ্শ”আৰু “বেয়া স্পৰ্শ” বিষয়ে ধাৰণা প্ৰদান কৰা৷ ডাচ মানৱাধিকাৰ সংস্থাই জনাইছে যে, সিহঁতৰ এটি পৰীক্ষামূলক সামাজিক যোগাযোগ চাইট ‘ভার্চুয়েল’-ৰ মাধ্যমত বিশ্বত কমেও ১,০০০ ‘পেডোফিল’-আক্ৰান্তক চিনাক্ত কৰিছে৷ পেডোফাইল ( শিশুকামী) সকলে শিশুৰ লগত জোৰ কৰি যৌনতা পূৰণ কৰিব চল চাই থাকে আৰু তাক চৰিতাৰ্থ কৰিবলৈ যিকোনো পৰ্যায় অতিক্ৰম কৰে,ইয়ে সমাজত বিভিন্ন অপৰাধৰো জন্ম দিয়ে ৷
শিশুৰ যৌন উৎপীড়ন তথা শিশুৰ লগত সংঘটিত এনেকুৱা অমানৱীয় কৰ্ম কাণ্ডই মানৱ সভ্যতাক লজ্জানত কৰি আহি আছে। শিশু পৰ্নগ্ৰাফীও ইয়াৰ লগত পৰোক্ষভাৱে জড়িত এক অন্যতম ভয়াবহ দিশ ৷
২০১২-২০১৩ চনত অষ্ট্ৰেলীয়াৰ এটি আন্তর্জাতিক চাইল্ড পৰ্ণোগ্ৰফি তদন্তৰ দলে ২৫ ৰ পৰা ৭২ বছৰ বয়সীয়া ৩৮৪ জন অপৰাধীক আটক কৰে যিসকলৰ মাজত ডাক্তৰ, নাৰ্চ আনকি ধৰ্ম যাজকো আছিল। চাৰে তিন লাখ স্থিৰচিত্র আৰু ৯০০০ ভিডিঅ’ চিত্র জব্দ কৰা হয় এই তদন্তৰ অন্তত। আশ্চৰ্যজনক যে ভাৰততো এজন লেফটেন্যাণ্ট কর্নেল পদবীৰ আর্মি অফিচাৰো চাইল্ড পৰ্ণোগ্রাফিত জড়িত থকাৰ সন্দেহত ধৃত হয়।
উদাহৰণ আছে যে শিশু পৰ্ণোগ্রাফিৰ দ্রুত বিস্তাৰে জাপানৰ দৰে দেশ এখনকো এক অস্থিৰ পৰিস্থিতিলৈ লৈ গৈছিল ৷ ২০১০ চনত জাপানত শিশু পৰ্ণোগ্রাফিৰ হাৰ আছিল ৪০ শতাংশ। ইইউ-এৰ জৰীপ মতে, ২০০৮ চনত ১০০০ বাণিজ্যিক আৰু ৫০০ অবাণিজ্যিক শিশুপৰ্ণ চাইট চিহ্নিত কৰা হয়। উচ্চপ্রযুক্তিৰ সহায়ত বিকাৰগ্রস্ত যৌনবৈচিত্র্যৰ সমাহাৰাৰে পূৰ্ণ হৈ আছে এই পর্ণচাইটবিলাক। ।ভাৰততো শিশুপৰ্ণ বা চাইল্ড পর্ণোগ্রাফিৰ এতিয়া এক শক্তিশালী চিণ্ডিকেটৰ নেটৱর্ক হৈ প্রসাৰিত হৈছে। চিন্তাকৰ বিষয় এয়া ৷
আন্তর্জাতিক তথ্য অনুসৰি পিডোফাইল, পর্ণোগ্রাফি, চাইল্ড পর্ণোগ্রাফি, পর্ণোগ্রাফি আইন সম্পৰ্কত বহুতো কেছষ্টাডি, পৰিসংখ্যা, মন্তব্য ইত্যাদি প্ৰকাশ পাইছে ।
উল্লেখ কৰিব পাৰি যে চুবুৰীয়া বাংলাদেশত কিন্ত পিডোফাইল সংক্রান্তীয় একাডেমিক গবেষণাই সিমান এটা ব্যাপকতা লাভ কৰা নাই। তাৰ এক জাতীয় দৈনিক বাতৰি কাকতত প্ৰকাশিত তথ্য অনুসৰি ২০১১ চনৰ এক প্রতিবেদনত উল্লেখ কৰিছিল, বাংলাদেশত ৬.৬ শতাংশ ল’ৰা শিশু আৰু ১৫.৩ শতাংশ ছোৱালী শিশু যৌন নিপীড়নৰ চিকাৰ হয় নিজৰেই বন্ধু, শিক্ষক, আত্মীয়, পৰিচিতজনৰদ্বাৰা । আশংকাৰ বিষয় হৈছে, অধিকাংশ ঘটনা থানা-পুলিচৰ কাষলৈ নাযায় আৰু নথিভুক্তও নহয় ৷এই ছবিয়ে দেশখনলৈ এক অশনি সংকেট কঢ়িয়াই আনিছে ৷
গবেষকৰ মতে , ক্রমবর্ধমান হাৰত শিশুক যৌন লালসাৰ চিকাৰ বনোৱাৰ আঁৰত কিন্ত সমাজত প্ৰচলিত কুসংস্কাৰ আৰু অন্ধবিশ্বাসো সমানেই দায়ী। উদাহৰণস্বৰূপে বহু মানুহে এটা কুসংস্কাৰত বিশ্বাস কৰে যে শিশু বা কুমাৰী ছোৱালীৰ লগত যৌন সংগম কৰিলে বিভিন্ন যৌন ৰোগ নিৰাময় হয় ৷ হিন্দী বোলছবি “লক্ষ্মী” নামৰ এখন চিনেমাত এই প্ৰসংগত এটা ঘটনা স্পষ্টকৈ দেখুৱাই দিয়া হৈছিল যে কিদৰে এজন এইডচ আক্ৰান্ত চহকী বৃদ্ধই কুমাৰী ছোৱালীৰ লগত যৌন সংগম কৰিলে এই বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি ভাবি চল-চক্ৰান্তৰে এগৰাকী কুমাৰী দূৰ্ভগীয়া ছোৱালীৰ সতীত্ব হৰণ কৰে ৷ সিমানেই নহয় পিছত তাইক বেশ্যালয়তো বিক্ৰী কৰি দিয়ে ৷ পৰৱৰ্তী “লক্ষ্মী” নামৰ সেই ছোৱালীজনীৰ সোনোৱালী শৈশৱৰ যাত্ৰা কিদৰে অন্ধকাৰৰ মাজেৰে অতিক্ৰম কৰি বেশ্যালয়ৰ মাজেৰে পাৰহৈ অৱশেষত উদ্ধাৰ হয় তাৰে বৰ্ণনা কৰা হৈছে ৷
গতিকে বোলছবিত দেখুওৱা এইধৰণৰ অন্ধবিশ্বাসবোৰ নিশ্চয় সমাজত এতিয়াও প্ৰচলিত আছে ৷ যাৰ নিষ্ঠুৰ হাতোৰাত আজিও বন্দী সেই চিনেমাৰ নায়িকা “লক্ষ্মী”ৰ দৰে অন্যান্য বহুতো শিশু ।
কেইগৰাকীমান সমাজকর্মীৰ ভাষ্যত জানিব পৰা গৈছে যে— ভাৰতত এতিয়াও অনেকে এই কুসংস্কাৰক যে বিশ্বাস কৰে৷ তেওঁলোকৰ মাজৰ এগৰাকী হৈছে, নিউ লাইট স্বেচ্ছাসেৱী সংগঠনৰ প্রধান কৰ্মী উর্মী বসু। তেওঁ প্ৰধানকৈ যৌনকৰ্মী আৰু তেখতসকলৰ জীৱনযাত্ৰাৰ ওপৰত কাম কৰি আছিল আৰু তেখেতসকলক উদ্ধাৰ আৰু নবজীৱনৰ বাবে কাম কৰি আছিল ৷ তেওঁ কৈছিল— “আমাৰ যৌন কর্মী আৰু তেখেতসকলৰ সন্তানৰ মাজতেই আমি সৰহ সময় কটাও। আমাৰ লগত যিসকল আছিল, তাৰ বেছিসকলৰে বয়স ৬০, ৬৫ বা ৭০। তেখতসকলৰ মতে বহুতে এটা কথা মন কৰিছে যে কুমাৰী নাৰী বা শিশুৰ লগত যৌন সংগম কৰিলে তেখেকসকলৰ শৰীৰত থকা যৌনৰোগ নিৰাময় হয়। এয়া কোনো গল্প-গাথা নহয়- ই এটা বাস্তব। ভাৰতৰ বহু প্রদেশত এই ধাৰণা এতিয়াও প্রচলিত আছে।” প্ৰখ্যাত সমাজকর্মী পাৰমিতা ব্যানার্জীয়েও এইড্চ আক্রান্তসকলৰ লগত কাম কৰি এই একেই অভিজ্ঞতাৰ সম্মুখীন হৈছে বুলি উল্লেখ কৰিছিল ।
অকল ভাৰততে নহয়, বিশ্বৰ নানা দেশতো এই ধৰণৰ ভণ্ডামি কিছুমান ভণ্ডই প্ৰচাৰ কৰি বিয়পাই দিছে যে ‘ভার্জিন ক্লেনসিং’ৰ দ্বাৰা নানা যৌন ৰোগ নিৰাময় হয় । গৱেষণাৰ তথ্য মতে আফ্রিকা, ইউৰোপ, আমেৰিকা আৰু এছিয়াৰ বিভিন্ন দেশৰ অনেক মানুহে এই কুসংস্কাৰক এতিয়াও বিশ্বাস কৰে৷ ইউনিভার্সিটি অফ চাউথ আফ্রিকাৰ এটি সমীক্ষাত দেখা গৈছে যে ১৮% শ্রমিক শ্ৰেণীত এক বিশ্বাস আছে যে কুমাৰীৰ লগত যৌন সংগম কৰিলেএইচ আই ভি এইডচৰ দৰে মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব পাৰি ৷
দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় বেছিসংখ্যকেই শিশু। তেওঁলোকৰ শৈশৱ-কৈশোৰকালৰ নির্মলতা তথা পবিত্ৰতা ৰক্ষা কৰাটো পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰধান দায়িত্ব। অলপমান আনুষ্ঠানিক নীতি, আইন আদিৰে শিশুসকলৰ সুৰক্ষাৰ কিছু ব্যৱস্থা কৰা আছে যদিও বাস্তৱত যিমানখিনি মনযোগ এই বিষয়ত প্ৰদান কৰিব লাগে সিমানখিনি দিয়া হোৱা নাই৷ ৰাষ্ট্রীয় অবহেলা আৰু অজ্ঞতাও এই ক্ষেত্ৰত নথকা নহয়।গতিকে এই দিশত গভীৰ সজাগতাৰ নিতান্তই প্ৰয়োজন ৷
অহিংসা প্রতিৰোধৰ জাতীয় কর্মপৰিকল্পনা ২০১৩-২০২৫ অনুসৰি শাৰীৰিক নির্যাতনৰ বলি হোৱা তথা স্বাস্থ্য, নিৰাপত্তা আৰু শৰীৰৰ কোনো অঙ্গ ক্ষতিগ্রস্ত হ’লে তাক চিহ্নিত কৰাৰ ওপৰত পদক্ষেপ লোৱা হৈছে। তদুপৰি এই তালিকাত পর্ণোগ্রাফি প্রদর্শন, স্থিৰ অথবা ভিডিঅ’ চিত্র ইত্যাদিৰ পৰা হ’ব পৰা অপৰাধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দিহা কৰা হৈছে ৷
এই আইনসমূহ হৈছে_
– পর্ণোগ্রাফি নিয়ন্ত্রণ আইন, ২০১২
– তথ্য ও যোগাযোগ প্রযুক্তি আইন, ২০০৬
—তথ্য ও প্রযুক্তি (সংশোধিত) আইন ২০১৩ আদি৷
বিজ্ঞান-প্রযুক্তিৰ অগ্রগামী যাত্রাত অপৰাধীয়েও আধুনিক পদ্ধতিৰে অপৰাধ সংঘটিত কৰাৰ সুযোগ পায়। তাৰ ভিতৰত “টৰ নেটৱৰ্ক”ৰ কথা উল্লেখ কৰিব পাৰি ।
“টৰ নেটওয়ৰ্কৰ(Tor network)” আওতাত চাইল্ড পৰ্ণোগ্ৰফি ৱেবচাইটবিলাক পৰিচালিত হয়। সেয়েহে চৰকাৰে ইয়াতকৈ বেছি উন্নত প্রযুক্তি ব্যৱহাৰ কৰিব লাগিব। পর্ণোগ্রাফিৰ দৰে কেঞ্চাৰ সদৃহ এই বেমাৰে সমাজক আৰু বেছি অসুস্থ কৰাৰ পূর্বেই পর্ণোগ্রাফিৰ অবাধ প্ৰচলনক নিয়ন্ত্রণ কৰি উন্নত দেশবোৰত গৃহিত কৰা বৈশ্বিক ব্যবস্থাৰ মডেলক অনুসৰণ কৰি তাক বাধা দিয়া উচিত চৰকাৰে৷ এই ক্ষেত্ৰত তলত দিয়াৰ দৰে কিছুমান পদক্ষেপ ল’ব পাৰে—
(১) চাইবাৰ ফৰেনছিক লেবৰটৰী গঠন কৰিব লাগে। সন্দেহজনক ‘আইপি বা চাৰ্ভাৰ একটিভিটি’ পর্যবেক্ষণ কৰিলে তাতকৈ উন্নত ‘চিষ্টেম বা চফ্টৱেৰ” ব্যৱহাৰ কৰাটো দৰকাৰ ৷ এই ধৰণৰ লেবেটৰীত চাইবাৰ অপৰাধৰ ‘ট্রেণ্ড এনালাইছিছ” কৰাটো সহজ হয় ৷
(২) শিশু পর্ণোগ্রাফি সম্বলিত চাইটবোৰক ব্লক কৰিবৰ বাবে আইএচ পি (Internet Service Provider) কঠোৰ নির্দেশ প্রদান কৰাটো প্ৰয়োজন ৷
(৩)চৰকাৰী বেচৰকাৰী পর্যায়ত শিশু পর্ণোগ্রাফি, পেডোফেলিয়াৰ বিষয়ে গৱেষণা আৰু পৰিসংখ্যাৰ প্রস্তুতকৰণৰ দ্বাৰা ইয়াৰ সমাধানৰ দিশত পদক্ষেপ ল’ব লাগে।
(৪) শিশু পর্ণোগ্রাফি ৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে বিশেষ দল গঠন আৰু এই ধৰণৰ দলত প্ৰধানকৈ শিক্ষক আৰু মনোচিকিৎসকক অন্তর্ভুক্তিকৰণৰ ব্যৱস্থা কৰিব লাগে ।
(৬) গুগল চাৰ্চ বক্সত যি শব্দ লিখিলে শিশু পর্ণোগ্রাফিৰ লিংক, ভিডিঅ’ বা অবৈধ কোনো ৱেবচাইট পোৱা যায় এই ধৰণৰ ১৫০ ভাষাৰ এক লাখ চাৰ্চ শব্দক লুপ্ত কৰাৰ কথা গুগলে জানিবলৈ দিয়ে আৰু ই এক সুখবৰ । ইয়াৰদ্বাৰা শিশু পর্ণোগ্রাফি বিক্রেতাৰ ব্যবসায় প্ৰায় ৩০ শতাংশ পৰ্যন্ত কমি যাব বুলি আশা কৰা হৈছে। ।
(৭) চাইবাৰ জগতখন এক সীমানাহীন পাৰাপাৰ নোহোৱা বিশ্বসদৃশ। চাইবাৰ অপৰাধ, পর্ণোগ্রাফি চক্র প্রযুক্তি আৰু ইণ্টাৰনেটত ইয়াৰ পৰিচালনা, বিস্তাৰ, প্রভাৱ, ক্ষতি পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰা হব পাৰে। এই দিশত চৰকাৰৰ লক্ষনীয় মূল কথাটো হ’ব— ‘ক্ৰচ-বর্ডাৰ চাইবাৰ ল’ (Cross Border Cyber Laws) গঠন কৰি তাক কাৰ্যকৰী কৰাটো।
(৮) সামাজিক, মানসিক সুস্থ বিকাশৰ লগতে একাংশৰ মাজত অপৰাধপ্রবণতা থাকিব। ‘কিন্ত চাইবাৰ এথিক্স’ৰ সচেতনতাই ইয়াক কিছু পৰিমাণে হ্ৰাস কৰিব বুলি ক’ব পাৰি।
(৯) ইউনিচিএফ (জাপান)- ৰ ‘নো’ (No) ক্যাম্পেইনে আমাৰ মাজতো সচেতনতাৰ বোধ উৎপন্ন কৰিছে । তেওঁলোকৰ লগত একে সুৰতে সুৰ মিলাই শ্লোগান তুলি, শিশু পর্ণোগ্রাফিক ‘না’ কোৱাৰ সময় আহি পৰিছে। [Say ‘No’ to Child Pornography]।
এতিয়া যদি পেডোফিলিয়াৰ কথা উল্লেখ কৰা হয় ,পেডোফিলিয়াৰ ক্ষেত্ৰত এনেকুৱা নহয় যে সমস্ত পেডোফিলিক মানুহেই শিশুক নিগ্রহ কৰে বা অতিমাত্ৰা যৌন আতিশয্য চলায়। কোনোজনৰ ক্ষেত্রত শিশুটিক কোলাত লৈ তাৰ বিভিন্ন অংগস্পৰ্শতেই তাৰ যৌন তৃপ্তি ঘটিব পাৰে। আশ্চৰ্যজনকভাৱে সাধাৰণতে পেডফিলিক পুৰুষ হয়, কিন্ত কিছু অংশ মহিলা পেডোফিলিকো আছে। পেডোফিলিক আক্ৰান্তই মাত্ৰ এবাৰেই দুষ্কৰ্ম কৰি ক্ষান্ত নাথাকে ইহঁতে বাৰে বাৰে অপৰাধ কৰি গৈ থাকিব পাৰে ।
এক পৰিসংখ্যা অনুসৰি এজন পেডোফিলিকে গোটেই জীবনত গড়ে ৪৮টি শিশুৰ লগত জোৰজবৰদস্তি কৰি যৌন সম্পর্ক স্থাপন কৰে বা কৰাৰ প্ৰবণতা ৰাখে!
ইহঁতৰ মাজত অনেকেই শিক্ষকতা বা শিশুসুৰক্ষা সংক্রান্ত প্রতিষ্ঠানৰ লগতো জড়িত থাকে যাতে বেছি সংখ্যক শিশুৰ সংস্পর্শত থাকিব পাৰে। আটাইতকৈ বেছি চিন্তাৰ বিষয় যে এইচাম ব্যক্তি খুউব জনপ্রিয় হয় শিশুসকলৰ মাজত। আমি অনুমানো কৰিব নোৱাৰিম যে ইঁহতে কিদৰে আমাৰ আৰু আমাৰ শিশুৰ ভৱিষ্যতৰ লগত বিশ্বাসঘাটকতা কৰি থাকে।
অৱশ্যে এটি মতবাদো আছে, “পিডোফাইল লোক মাত্ৰেই এজন শিশুনিপীড়ক, কিন্ত শিশুনিপীড়ক মাত্রেই পিডোফাইল নহবও পাৰে।” আইনৰ কার্যক্রমে তেনে অপৰাধীৰ মানসিক অবস্থা চিকিৎসক কর্তৃপক্ষক জনাই তাক পৰীক্ষা নিৰীক্ষণত প্ৰমাণিত হলে শুধৰাবলৈ সুযোগ দিয়া উচিত ৷ আইনৰ ক্ষেত্ৰতো পৰিৱর্তন কৰাৰ দৰকাৰ কাৰণ এজন শিশুৱে সাধাৰণতে তেখেতৰ লগত হোৱা নিগ্রহৰ প্রতিবাদ কৰিব নোৱাৰে বা নোখোজে বিভিন্ন কাৰণত। ভয়, লাজ,শংকা তদুপৰি অভিভাৱকৰ উদাসীনতাই এনে আক্ৰান্ত শিশুক এক অকলশৰীয়াবোধত ভোগায় ৷ গতিকে নিজৰ শিশুটিৰ প্ৰতিটো কথা বা আচৰণ সুক্ষ্মভাৱে নিৰীক্ষণ কৰাটো দৰকাৰ৷
