–
টাই-আহোম দৰ্শনত ফুৰালুং বিশ্বাস আৰু মে-ডাম-মে-ফি
লেখক- শুভলক্ষ্মী বুঢ়াগোহাঁই

টাই আহোমসকল মূলতঃ উপৰিপুৰুষৰ উপাসক। তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ মূল আধাৰ হ’ল পূৰ্বপুৰুষ, আত্মা আৰু প্ৰকৃতিৰ শক্তি। এই দৃষ্টিভংগীৰ সৈতে প্ৰাৰম্ভিক তাওবাদ (Early Taoism)ৰ সামঞ্জস্য দেখা যায়। তাওবাদত থকাৰ দৰেই টাই-আহোমসকলেও কোনো মানৱৰূপী অথবা সাকাৰ ঈশ্বৰত বিশ্বাস নাৰাখে; বৰঞ্চ ‘ফুৰালুং’ দৰ্শন অনুসৰি তেওঁলোকে নিৰাকাৰ ‘ফুৰা’কহে এক অদৃশ্য, সৰ্বব্যাপী আৰু চিৰন্তন শক্তি হিচাপে স্বীকাৰ কৰে।
ভাৰতীয় ধৰ্মীয় পৰম্পৰাত ধৰ্মগুৰুসকলক প্ৰায়ে ঈশ্বৰৰ অৱতাৰ হিচাপে গ্ৰহণ কৰা দেখা যায়, কিন্তু টাই সংস্কৃতিত কোনো জন্মজাতকক তেনে স্থান দিয়া নহয়। ইয়াত শ্ৰদ্ধা আৰু উপাসনাৰ একমাত্ৰ যোগ্য সত্তা হ’ল উপৰিপুৰুষ । ফুৰালুং পন্থাই কয় যে এই মহাশূন্যৰ অদৃশ্য শক্তিয়েই হ’ল ফুৰা আৰু সেই শক্তিৰ সৈতে একীভূত হোৱা পূৰ্বপুৰুষসকলৰ আশীৰ্বাদেই হ’ল মানুহৰ শক্তিৰ মূল উৎস। আহোমসকলৰ অন্যান্য ধৰ্মীয় পৰম্পৰা বা ‘বান-ফি’ অনুষ্ঠানসমূহৰ বিপৰীতে, ফুৰালুং ৰীতিত কোনো ধৰণৰ বলি-বিধান বা ৰক্তপাত কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ। এই পন্থাত নিৰাকাৰ আৰু পৰম শক্তিক উপাসনা কৰিবলৈ বলিৰ পৰিৱৰ্তে বগা ফুল, চাউল আদি পৱিত্ৰ উপচাৰসমূহ ব্যৱহাৰ কৰা হয়।
টাই-আহোম দৰ্শনত উপৰিপুৰুষক মূলতঃ দুটা ভাগত ভাগ কৰা হয় । প্ৰথমটো হ’ল ‘ডাম-ফি’। যিসকল পিতৃ-মাতৃয়ে আমাক জন্ম দি সৃষ্টিৰ ধাৰা বোৱাই থৈ গ’ল তেওঁলোকেই হ’ল ‘ডাম-ফি’ ৷ আনটো ভাগ হ’ল সৌৰজগত আৰু ইয়াৰ অধীনস্থ সকলো প্ৰাকৃতিক শক্তি । টাইসকলে বিশ্বাস কৰে যে সৌৰজগতৰ সৃষ্টিৰ পাছতহে জীৱজগতৰ সৃষ্টি সম্ভৱ হৈছিল, গতিকে এই প্ৰাকৃতিক শক্তিবোৰেই (যেনে সূৰ্য্য, বায়ু, আকাশ) আমাৰ প্ৰথম উপৰিপুৰুষ। এই শক্তিবোৰক পূজা কৰাৰ অৰ্থই হ’ল নিজৰ শিপা বা আদি উৎপত্তিস্থলক সন্মান জনোৱা। এই দৃষ্টিৰে চালে, টাই ধৰ্মত ঈশ্বৰ কোনো বাহ্যিক সত্তা নহয়, বৰঞ্চ আমাৰ জন্মদাতা পিতৃ-মাতৃ আৰু এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাকৃতিক শক্তিবোৰেই হ’ল উপাসনাৰ মূল কেন্দ্ৰ। ইয়েই হ’ল প্ৰাৰম্ভিক তাওবাদৰো সাৰমৰ্ম যি প্ৰকৃতিৰ নিয়মৰ সৈতে একাত্ম হোৱাৰ কথা কয়। তাওবাদত ‘তাও’কেই সকলোৰে আদি উৎস (Ancestor of all things) বুলি কোৱা হয়। ‘তাও’ শব্দৰ আক্ষৰিক অৰ্থ হৈছে পথ বা মাৰ্গ। ই এক অনন্ত প্ৰবাহ, যি গোটেই পৃথিৱীখনকে এক নিৰ্দিষ্ট নিয়মৰ মাজেৰে চলাই ৰাখে। তাওবাদৰ ধৰ্মপুথি ‘তাও টে চিং’ (Tao Te Ching)ত কোৱা হৈছে যে ‘তাও’ হ’ল সকলোৰে মাতৃ আৰু আদি পুৰুষ। ইয়াৰ পৰাই পোহৰ-আন্ধাৰ, আকাশ-পৃথিৱী আৰু জীৱজগতৰ সৃষ্টি হৈছে।
টাই-আহোমৰ দৰ্শনত পিতৃপুৰুষ সকলৰ বিশেষ স্থান আছে। সেয়েহে উপৰিপুৰুষক সন্মান জনাই ‘ডাম-ফি’ পূজা পতা হয় ৷ ‘ডাম’ মানে মৃতক ৷ এই ডামসকলক তেওঁলোকে তিনিটা স্তৰত ‘মে’ অৰ্থাৎ উপাসনা কৰে —
১. গৃহডাম — চতুৰ্থ পুৰুষলৈকে ৷ যি সকল পিতৃপুৰুষ ঘৰৰ ভিতৰতে উপাসনাৰ যোগ্য, তেওঁলোকক এই ভাগত ৰখা হয় ৷
২. ছাঙ-ডাম — পঞ্চম পুৰুষৰ পৰা ত্ৰয়োদশ পুৰুষলৈকে (ন-পুৰুষ) ৷ যি সকল পিতৃ পুৰুষক ঘৰৰ বাহিৰৰ এটা নিৰ্দিষ্ট স্থানত পূজা কৰা হয়, তেওঁলোকক এই ভাগত ৰখা হয় ৷
৩. ছাও-ফি-ডাম — চতুৰ্দশ পুৰুষৰ পৰা তাৰ উৰ্দ্ধৰ সকলো আদি পুৰুষলৈকে সকলোকে এই ভাগত পূজা কৰা হয় ৷ এই পিতৃ পুৰুষৰ লগতে আকাশ (মুঙ-ফি), লেংদন (স্বৰ্গৰ দেৱতা), খাওখাম (পানীৰ দেৱতা), লাংকুৰি (আদি-পূৰ্বপুৰুষ তথা শক্তিৰ দেৱতা), আই লেংদিন (ধৰিত্ৰী বা ভূমি দেৱী), জান-চাইহুং (দেৱতাসকলৰ গুৰু আৰু প্ৰাকৃতিক শক্তিৰ নিয়ন্ত্ৰক), চিতলাম-চাম (সাতবিধ প্ৰাকৃতিক শক্তিৰ অধিকাৰী ৰক্ষক), মুট-কুম-টাই-কুম (পোহৰ আৰু তাপৰ উৎস সূৰ্য্য আৰু চন্দ্ৰ), জাছিংফা (জ্ঞানৰ দেৱী) আৰু প্ৰকৃতিৰ অলৌকিক শক্তি ‘ৰা-খীন’ (স্থলভাগৰ ৰক্ষক), ‘বা-খীন’ (জলভাগৰ ৰক্ষক)ৰো পূজা কৰা হয় ৷ এয়াই টাই আহোম সকলৰ ‘মে-ডাম-মে-ফি’ ৰ উপাসনা ৷ এই সকলৰ বাহিৰে আন কোনো দেৱ-দেৱীৰ উপাসনা তেওঁলোকে নকৰে ৷
চমুকৈ কওঁ — গৃহডামত জীৱিতজনৰ মৃত পিতৃ- মাতৃৰ পৰা আজোককাকলৈকে মুঠ চাৰিটা পুৰুষক সাঙুৰি লোৱা হয় ৷ দুই ন (ন-খোৱা আৰু ন-ভূঁই ৰোৱা), তিনি বিহু, বিয়া-সবাহ আদিত গৃহডামক তৰ্পণ কৰা হয় ৷ আনহাতে পঞ্চমৰ পৰা ত্ৰয়োদশ পুৰুষলৈকে এই ন-পুৰুষক ছাঙ-ডাম বোলা হয় ৷ প্ৰতি বাৰ বা ততোধিক বছৰত এবাৰকৈ এই ন-পুৰুষক তৰ্পণ দিয়াৰ নিয়ম ৷
টাইসকলে পুনৰ্জন্মত বিশ্বাস নাৰাখে ৷ তেওঁলোকৰ মতে, মৃত্যুৰ পাছত আত্মা নিৰাকাৰ পৰম শক্তি বা ‘ফুৰা’ৰ সৈতে বিলীন হয় আৰু আকাশৰ সাতটা স্তৰ (মুঙ-ফি)ৰ কোনো এখনত থাকি তাৰে পৰাই উত্তৰ-পুৰুষক আশীৰ্বাদ কৰি থাকে ৷ এই বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই টাই ধৰ্মত উপৰিপুৰুষৰ উপাসনা বা ‘মে-ডাম-মে-ফি’ক সৰ্বোচ্চ স্থান দিয়া হয় ৷ টাই আহোমৰ পুৰণি পুথি ‘লিল্লাই পেইন কাকা’ত আকাশৰ সাতটা স্তৰৰ বৰ্ণনা আছে, যাক তেওঁলোকে ‘থাও-চেন-ফ্ৰা’ (Thao-Sen-Phra) বুলি কয়। তেওঁলোকৰ বিশ্বাস মতে, আত্মা এই স্তৰসমূহৰ মাজেৰেই গৈ একো একোজন ‘ফি’ (দেৱতা)ত পৰিণত হয় ৷
টাই ভাষাত ‘মে’ মানে তৰ্পণ, ‘ডাম’ মানে মৃতক আৰু ‘ফি’ মানে হ’ল দেউ বা দেৱতা ৷ অৰ্থাৎ ‘মে-ডাম-মে-ফি’ মানে হ’ল উপৰিপুৰুষ আৰু দেউসকলক দিয়া তৰ্পণ ৷ এই তৰ্পণৰ জৰিয়তে তেওঁলোকে পূৰ্বপুৰুষৰৰ সতে এক অশৰীৰি যোগসূত্ৰ স্থাপন কৰি নিজৰ লগতে বৃহত্তৰ সমাজৰ মঙ্গল কামনা কৰি তেওঁলোকৰ আশীষ বিচাৰে ৷
আহোম ৰাজত্ব কালত এই পূজা এক মৰ্যাদাপূৰ্ণ ৰাজকীয় উৎসৱ হিচাপে পৰিগণিত হৈছিল ৷ উদযাপনৰ বাবে পবিত্ৰ মাঘ মাহক বাছনি কৰা হৈছিল। সমগ্ৰ পূজাৰ সুচাৰু পৰিচালনাৰ দায়িত্বত আছিল চিৰিং ফুকন ৷ এই চিৰিং ফুকনেই আছিল ধৰ্মীয় বিভাগৰ মুৰব্বী ৷ আহোম ধৰ্মৰ পুথি-পাঁজিৰ ৰক্ষণাবেক্ষণ আৰু পূজাৰ সঠিক পদ্ধতি নিৰূপণ কৰাটো তেওঁৰ দায়িত্ব আছিল ৷ তেওঁৰ তত্ত্বাৱধান আৰু শাস্ত্ৰীয় পৰামৰ্শ মতেই মহন, দেওধাই আৰু বাইলুং পুৰোহিতসকলে পৰম্পৰাগত নীতি-নিয়মেৰে এই পূজা অনুষ্ঠিত কৰিছিল ৷ এই পূজাই ৰাজ্যখনক সকলো বিপদ-বিঘিনিৰ পৰা ৰক্ষা কৰিব বুলি বিশ্বাস কৰা হৈছিল ৷
এই পূজাৰ বাবে আকাশলৈ জোঙাকৈ আঠকোণীয়া এটা ‘হ-ফি’ অৰ্থাৎ দেওঘৰ সজা হয় ৷ (টাই জোৰ্তিবিজ্ঞানৰ মতে বিশ্ব-ব্ৰহ্মাণ্ডৰ আকাৰ আঠকোণীয়া ৷ এই আঠকোণীয়া আৰ্হিটো তাওবাদৰ ‘Bagua’ – আঠটা ত্ৰিভুজ আকৃতিৰ প্ৰতীকৰ সৈতে প্ৰায় একেই, যিয়ে বিশ্বব্ৰহ্মাণ্ডৰ আঠটা দিশৰ ভাৰসাম্য ৰক্ষাক বুজায়) ৷ সেয়ে এই বেদীত আঠটা কোণ থাকে ৷ প্ৰতিটো কোণতে একোটাকৈ কল পুলি পুতি তাত বেদী স্থাপন কৰা হয় ৷ প্ৰতিটো বেদী একোজনকৈ ‘ফি’ অৰ্থাৎ দেউলৈ উৎসৰ্গা কৰে ৷ সেই দেউ (লেংদন, খাওখাম, লাংকুৰি, জান-চাইহুং, চিতলাম-চাম, মুট-কুম-টাই-কুম, জাছিংফা আৰু আই লেংদিন) ক ধ্যান কৰি আঠখন ‘মাইহাং’ (বাঁহেৰে সজাই লোৱা বিশেষ পাত্ৰ) পতা হয় ৷ প্ৰতিখন মাইহাংত থাকে কেঁচা চাউল, কুকুৰাৰ মাংস, কণী, লুকলাও (পবিত্ৰ পানীয়), থুৰিয়া তামোল-পাণ, আদা, মিঠাতেল, নিমখ, কল, গাখীৰ, গুড়, দৈ, তংলতি পাত, চিংকৰা ফুল ইত্যাদি বহুবোৰ সামগ্ৰীৰ নৈবদ্য ৷ এই সামগ্ৰীবোৰেৰে অৰ্চনা কৰি পুৰুহিতে টাই মন্ত্ৰ পাঠ কৰি দেৱতাসকলক আমন্ত্ৰণ জনায় আৰু পূজাৰ সেৱা গ্ৰহণ কৰি সকলোকে আৰ্শীবাদ দিবলৈ প্ৰাৰ্থনা কৰে ৷ পাছত পুৰুহিতে তংলতি পাতেৰে পূজাৰ মন্ত্ৰপূতঃ পানী সমবেত ভক্তালুৰ গালৈ ছটিয়াই সকলোকে পূজাৰ আৰ্শীবাদ বিলাই দিয়ে ৷ ইয়াৰ পাছত সামূহিক ভোজ-ভাতৰ আয়োজন হয় ৷
অসমত ‘মে-ডাম-মে-ফি’ৰ প্ৰচলন চাওলুং চ্যুকাফাৰ আগমনৰ লগতেই আৰম্ভ হৈছিল ৷ অন্যান্য বহুবোৰ বিষয়াৰ লগতে চ্যুকাফাই লগত লৈ আহিছিল এজন বুৰঞ্জী লেখক ৷ যাত্ৰা পথত তেওঁৰ হাতত আছিল ‘খেক-লাই’ নামেৰে এখন পূজা বিধিৰ গ্ৰন্থ ৷ তাতেই লিখা আছিল ‘মে-ডাম-মে-ফি’ উদযাপনৰো সম্পূৰ্ণ বিধি ৷ সেই বিধি অনুসৰিয়েই চ্যুকাফাই তিনিবাৰকৈ এই পূজাৰ আয়োজন কৰিছিল ৷ প্ৰথমবাৰ ম্যানমাৰ (তেতিয়াৰ ব্ৰহ্মদেশ)ৰ ইৰাৱতী নদী পাৰ হোৱাৰ ঠিক পাছতেই ৷ সফলতাৰ প্ৰথম খোজৰ উদযাপন আছিল সেয়া ৷ সেয়ে ডাম সকলৰ আৰ্শীবাদ বিচাৰিছিল তেওঁ ৷
এইদৰে আগুৱাই আহি থাকোতে এদিন ‘দৈ-কাও-ৰং’ (পাটকাই) পাৰ হৈ এখন সোনোৱালী দেশত ভৰি দিলে তেওঁ ৷ সেই দেশৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সম্ভাৱনাত ভোল গৈ ৰৈ গ’ল চ্যুকাফা ৷ অজানিতে মুখৰ পৰা ওলাই আহিল প্ৰশংসাৰ এষাৰী ঐতিহাসিক বাণী – ‘মুং-ডুন-চুন-খাম’ — সোনালী শস্যৰ দেশ! সপোন দেখিলে চ্যুকাফাই — সেই সোনালী শস্যৰ দেশত হাতত হেংদাং লৈ ঠিয় হৈ আছে তেওঁ ৷ সূৰুযৰ পোহৰত জিলমিলাই উঠিছে হেংদাংৰ চোকা ধাৰ ৷ গৰ্ভৱতী এই দেশ ৷ প্ৰচুৰ সম্ভাৱনাৰ স্থলী ৷ এইবাৰ এই দেশৰ শাসনৰ বাঘজৰী হাতত লৈ এখন বৰ অসম গঢ়াৰ সপোন দেখিলে তেওঁ ৷ আৰু এই উদ্দেশ্যেৰেই নামৰূপৰ বুঢ়ী দিহিংৰ পাৰত দ্বিতীয় বাৰলৈ আয়োজন কৰিলে ‘মে-ডাম-মে-ফি’ৰ পাৰম্পৰিক পূজা ৷ ঠিক তেনেকৈয়ে চৰাইদেউত ৰাজধানী পাতি আনুষ্ঠানিক শাসনৰ পাতনি মেলাৰ আগে আগে তৃতীয় বাৰলৈ এই পূজা পাতি ডাম সকলৰ আৰ্শীবাদ বিচাৰিলে চ্যুকাফাই ৷ চ্যুকাফাৰ সেই সপোন আৰু উপৰিপুৰুষৰ আশীৰ্বাদৰ বলতেই গঢ়ি উঠিল অসমৰ ছশ বছৰীয়া এক গৌৰৱোজ্জ্বল বুৰঞ্জী ৷
এইদৰেই প্ৰতিজন স্বৰ্গদেৱেই সময়ে সময়ে ‘মে-ডাম-মে-ফি’ ৰ আয়োজন কৰি ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি আহিছিল ৷ কিন্তু হিন্দু ধৰ্মক প্ৰাধান্য দি স্বৰ্গদেউ জয়ধ্বজ সিংহ (চ্যু-তাম-লা)ই এই পূজা নাপাতি এৰি দিছিল ৷ ফলত মিৰজুমলাৰ হাতত বৰ বেয়াকৈ পৰাস্ত হৈ সৰ্বস্বান্ত হৈছিল তেওঁ ৷ এই কথা অতি দুখ মনেৰে তেওঁ মন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াক এদিন জনাইছিল ৷ তেওঁলোকৰ কথোপকথনৰ আংশিক উদ্ধৃতি আগবঢ়াইছো —
স্বৰ্গদেউ —”বুঢ়াগোহাঁইদেউ, দেৱতা সকলে মোৰ লগ এৰিলে ৷”
বুঢ়াগোহাঁই — “স্বৰ্গদেউ, দুখ নকৰিব ৷ জয় আৰু পৰাজয় একেটা টকাৰে ইফাল সিফাল ৷ যেতিয়া দেৱতাসকল আমাৰ প্ৰতি সদয় হ’ব, তেতিয়া স্বৰ্গদেৱে নিজ পৰাক্ৰমেৰে বিদেশী শত্ৰুক পৰাভূত কৰিব পাৰিব ৷”
এই কথাৰে আতন বুঢ়াগোহাঁই ডাঙৰীয়াই যেন ‘মে-ডাম-মে-ফি’ পতাৰ কথাকে পৰোক্ষভাৱে স্বৰ্গদেউক ইংগিত দিছিল ৷
স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত তেওঁৰ ভাতৃ চক্ৰধ্বজ সিংহই (চ্যু-পং-মুঙ) শাসনভাৰ লৈয়েই ‘মে-ডাম-মে-ফি’ৰ আয়োজন কৰিবলৈ ঠিৰাং কৰি মন্ত্ৰী পৰিষদৰ পৰামৰ্শ বিচাৰিলে আৰু তেওঁলোকৰ পৰামৰ্শ মতেই অতি শীঘ্ৰেই উলহ-মালহেৰে চৰাইদেউত এই পূজাৰ আয়োজন চলিল ৷ ইয়াৰ পাছতেই শৰাইঘাটৰ যুদ্ধত মোগলক ধাৰাশায়ী কৰি গুৱাহাটী পুনৰ উদ্ধাৰ কৰিলে ৷ মোগল মানাহ নদীৰ সিপাৰলৈকে পিছুৱাই গ’ল ৷ বিশ্বাসৰ জয় হ’ল ৷ ডাম সকলৰ আৰ্শীবাদতে দেশলৈ শান্তি ঘূৰি আহিল ৷ এই বিশ্বাসকে সৰোগত কৰি আহোমৰ শেষৰজন স্বৰ্গদেউৰ দিনলৈকে ৰজাঘৰীয়া ‘মে-ডাম-মে-ফি’ উদযাপনৰ পৰম্পৰা চলি থাকিল ৷
১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসমৰ শাসনভাৰ বৃটিছৰ হাতলৈ গ’ল আৰু তাৰ লগে লগেই এই পূজাৰ প্ৰসাৰো স্তিমিত হৈ পৰিল ৷ পৰৱৰ্তী সময়ত দেশ স্বাধীন হোৱাৰ পাছতো বহু বছৰলৈকে ই পাহৰণিৰ গহ্বৰতে সোমাই থাকিল ৷ সত্তৰ দশকৰ পৰা লাহে লাহে এক জাগৰণ আহিল ৷ অসমৰ খিলঞ্জীয়া সংস্কৃতি ৰক্ষাৰ বাবে সমাজৰ সচেতন বৌদ্ধিক মহলৰ মাজত গুণা-গথা চলিল ৷ আৰু তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টা আৰু গুণা-গথাৰ ফলস্বৰূপেই এই মহান পৰম্পৰাটোৰ পুনৰুদ্ধাৰ সম্ভৱ হ’ল ৷ বৰ্তমান অসমত ৩১ জানুৱাৰীৰ দিনা বৰ উলহ-মালহেৰে ‘মে-ডাম-মে-ফি’ উদযাপন কৰা হয় ৷ এই পৱিত্ৰ দিনটোৰ ঐতিহাসিক আৰু ধৰ্মীয় মৰ্যাদাক স্বীকাৰ কৰি অসম চৰকাৰে ইয়াক ৰাজ্যিক বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে ৷
আধুনিক চীনত যিদৰে পৰম্পৰাগত তাওবাদী দৰ্শনসমূহ পুনৰ উদ্ধাৰ কৰা হৈছে, ঠিক তেনেকৈয়ে অসমতো ‘মে-ডাম-মে-ফি’ৰ জৰিয়তে এক সাংস্কৃতিক চেতনাৰ উন্মেষ ঘটিছে ৷ ইয়েই প্ৰমাণ কৰে যে এটা জাতিৰ অস্তিত্ব তাৰ পূৰ্বপুৰুষৰ শিপা আৰু প্ৰকৃতিৰ মাজতেই লুকাই থাকে ৷
সমগ্ৰ দেশ জুৰি বৰ্তমান ‘মে-ডাম-মে-ফি’ ৰ উদযাপন হয় যদিও আহোম স্বৰ্গদেউসকলৰ প্ৰথমখন ৰাজধানী আৰু মৈডামস্থলী চৰাইদেউত এই পূজাই অন্য এক মাত্ৰা লাভ কৰে ৷ পূজাৰ মন্ত্ৰোচ্চাৰণ আৰু উলহ-মালহত মৃত ডাম সকল যেন সাৰ পাই উঠে আৰু আকাশৰ জখলাইদি নামি আহি সকলোকে সুখ আৰু সমৃদ্ধিৰ আৰ্শীবাদ দিয়ে ৷ বৰ্তমান ইয়াৰ পৰিসৰ কেৱল এটি মাঙ্গলিক অনুষ্ঠানতে সীমাবদ্ধ নাথাকি এক বিৰাট সামাজিক অনুষ্ঠানলৈ ই উন্নীত হৈছে ৷ সমাজৰ সকলো শ্ৰেণী আৰু সম্প্ৰদায়ৰ লোক আহি এই অনুষ্ঠানত যোগদান কৰেহি ৷ এই সমাগমে জাতীয় চেতনাৰ উন্মেষ ঘটাওঁক ৷ সকলো একেডাল সমন্বয়ৰ এনাজৰীৰে বান্ধ খাই ‘বৰ অসম’ গঢ়ক ৷ উপৰিপুৰুষক সুঁৱৰি আজিৰ এই লেখাৰ জৰিয়তে তাকেই কামনা কৰিলো ৷ ধন্যবাদ ৷
সহায়ক গ্ৰন্থঃ
১. টাই আহোমৰ উপৰিপুৰুষ আৰু সৃষ্টতত্ব দৰ্শনঃ ফুৰালুং — জ্ঞানানন্দ ফুকন
২. আহোম যুগৰ ইতিহাসৰ সোনালী সঁফুৰা — পুতুল বৰুৱা দিহিঙ্গীয়া
৩. উকিপিডিয়া আৰু বহুবোৰ প্ৰবন্ধ
