আৱশ্যকীয় ঔষধ, জেনেৰিক ঔষধ আৰু গুণগত মানদণ্ড

লেখক- দেৱজিত শৰ্মা

content

বিশ্ব স্বাস্থ্যখণ্ডৰ ২০২৩ চনত প্ৰকাশিত শেহতীয়া তালিকা মতে আমাক প্ৰয়োজনীয় ঔষধ ৫৯১ বিধ। আমাৰ দেশত শেহতীয়াভাৱে প্ৰকাশ পোৱা অত্যাৱশ্যকীয় ঔষধৰ সংখ্যা ৩৮৪ বিধ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে আৱশ্যকীয় ঔষধ হ’ল যি প্ৰমাণিত ভাৱে সুৰক্ষিত, কাৰ্য্যক্ষম আৰু এক বিশেষ ঠাইৰ সকলো মানুহৰ স্বাস্থ্যৰ বাবে গুৰুত্ত্বপূৰ্ণ। ২০১৭ চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ আৱশ্যকীয় ৪৩৩ বিধ ঔষধৰ ভিতৰত ৩৩ বিধ দুটা বা অত্যধিক ঔষধৰ নিৰ্দিষ্ট পৰিমাণত সংযুক্ত ঔষধ। আমাৰ দেশৰ শেহতীয়া তালিকা মতে আমাৰ ৩৮৪ বিধ আৱশ্যকীয় ঔষধৰ ভিতৰত ২২ বিধ নিৰ্দিষ্ট পৰিমাণত সংযুক্ত ঔষধ। 

এতিয়া আঁহো সংযুক্ত ঔষধ কি, আৰু সকলো সংযুক্ত ঔষধ যুক্তিপূৰ্ণ বা বিজ্ঞানসন্মত নে? 

নিৰ্দিষ্ট পৰিমাণত সংযুক্ত ঔষধৰ এটা লাভ হ’ল এজন ৰোগীয়ে যদি দুটা বা বেছি ঔষধ সেৱন কৰিব লগা হয়, তেনে দুয়োটা ঔষধ একেলগ কৰা থাকিলে ৰোগীজনৰ সুবিধা হয়। কিন্তু একেলগে দুটা বা ততোধিক ঔষধ সংযুক্ত থাকিলে তাৰ প্ৰধান আসোঁৱাহ হল দুয়োটা ঔষধ একেলগ কৰা থাকিলে পাৰ্শ্বক্ৰিয়া বেছি হ’ব, বা ৰোগীক দুয়োটা ঔষধৰ প্ৰয়োজন নহ’লে, এটা ঔষধ অযথা সেৱন কৰিব লাগিব, বা দুয়োটা ঔষধ বিশেষ ৰোগীজনক বিভিন্ন পৰিমাণত লাগিলেও ৰোগীক নিৰ্দিষ্ট সংযুক্ত পৰিমাণতে খাব লাগিব, বা এটা ঔষধ যদি দিনটোত দুবাৰ আৰু এটা এবাৰ খাব লগা ঔষধ হয়, আপুনি এটা ঔষধ অপ্ৰয়োজনীয়ভাৱে বেছি বা কমকৈ খাব লাগিব। সেয়ে বিধানমতে দুটা ঔষধ তেহে সংযুক্ত ৰুপত থাকিব লাগে, যদি দুয়োটা ঔষধৰ শৰীৰত ক্ৰিয়া কৰাৰ কৌশল বেলেগ (শৰীৰত দুয়োটা ঔষধে একেধৰণৰ ৰাসায়নিক ক্ৰিয়া কৰিলে, দুটা ঔষধ একেলগে দিলেও অকল এটাতকৈ বেছি কাম নকৰিব), দুয়োটা ঔষধ শৰীৰত একে সমান পৰিমাণ সময় থাকিব লাগিব ( মানে এটা দিনটোত এবাৰ খাব লগা হ’লে দ্বিতীয়টোও এবাৰ খাব লগা হ’ব লাগিব) আৰু তৃতীয়তে সংযুক্ত ঔষধৰ গোটেই কেইটা মিলি শৰীৰত বেচি পাৰ্শক্ৰিয়া কৰিব নোৱাৰিব)। 

দুৰ্ভাগ্যজনকভাৱে এনে নিৰ্দিষ্ট পৰিমাণত সংযুক্ত ঔষধ ভাৰতীয় বজাৰত অৱাধে পোৱা যায়। এটা ৰাসায়নিক দ্ৰব্যৰ বিপৰীতে আমাৰ বজাৰত এনে নিৰ্দিষ্ট পৰিমাণত সংযুক্ত ঔষধৰ পয়োভৰ সহজে চকুত পৰে। ২০২৪ চনৰ আগষ্টত জাৰি কৰা নিৰ্দেশমতে ভাৰত চৰকাৰে ১৫৬ বিধ নিৰ্দিষ্ট পৰিমাণত সংযুক্ত ঔষধ অযুক্তিকৰ ঘোষণা কৰি কয় যে এই ঔষধবোৰ মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। প্ৰধানকৈ বিষ, জ্বৰ, কাহ, পানীলগা ঔষধ আৰু বহু মাল্টিভিটামিন আৰু অযুক্তিকৰভাৱে সংযুক্ত ঔষধ এণ্টিবায়টিক এই ১৫৬ বিধ ঔষধৰ তালিকাত আছে। এতিয়া কথা হ’ল এই ১৫৬ বিধ ঔষধৰ তালিকা মুকলিকৈ প্ৰকাশ কৰাৰ পাছতো এই ঔষধ সমূহ বজাৰৰ পৰা সমূলি নোহোৱা হ’লনে? কোনো কোম্পানীয়ে কিছু সৰু গৱেষণাৰ দ্বাৰা এই ঔষধসমূহৰ প্ৰয়োজনীয়তা প্ৰমাণ কৰি তাৰ বাবে প্ৰয়োজনীয় লাইচেন্স পুনৰ ল’লেও আচল কথা হ’ল এই ঔষধবোৰ ৰোগীৰ বাবে আৱশ্যকীয় নহয। ইয়াৰ আগতেও ভাৰত চৰকাৰে এনেকুৱা নিৰ্দেশমতে এনে বহু ঔষধ অপ্ৰয়োজনীয় আৰু শৰীৰৰ বাবে ক্ষতিকাৰক বুলি ঘোষণা কৰিছে। কিন্তু আমাৰ ঔষধ কোম্পানীবোৰে কেইদিনমান নিতাল মাৰি তেনে ঔষধৰ সামান্য সলনি কৰি পুনৰ বজাৰত মেলি দিয়ে। প্ৰকৃততে আমাৰ ঔষধ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াটো যিমান কঠোৰ হ’ব লাগিছিল, সিমান নহয়। 

এতিয়া আঁহো জেনেৰিক ঔষধলৈ। জেনেৰিক ঔষধনো আচলতে কি? 

জেনেৰিক ঔষধ আৰু একে ঔষধৰে মাৰ্কা-মৰা বা নাম থকা ( branded) ঔষধৰ গুণাগুণ, কাৰ্যকাৰিতা আৰু পাৰ্শ্বক্ৰিয়াৰ কোনো প্ৰাথৰ্ক্য নেথাকে। কোনো এটা ঔষধ কোম্পানীয়ে এটা ঔষধ গৱেষণা কৰি উলিয়াৰ পাছত এক নিৰ্দিষ্ট সময়লৈ পেটেণ্ট অধিকাৰ বা কৃতিস্বত্ব পায়। এই কৃতিস্বত্বৰ সময় উকলি যোৱাৰ পাছত তেওঁলোকে নিজে বা বাকী যিকোনো কোম্পানীয়ে সেই ঔষধ বজাৰত উলিয়াব পাৰে। তাকে জেনেৰিক ঔষধ কোৱা হয়। জেনেৰিক ঔষধৰ যিহেতু গৱেষণাৰ প্ৰয়োজন নহয়, পুনৰ জন্তু আৰু মানুহক পৰীক্ষা কৰাৰ প্ৰয়োজন নহয়, এই ঔষধ ব্ৰেণ্ডেড ঔষধতকৈ কম দামৰ হয়। স্বাভাৱিকতে আমাৰ দেশত যিহেতু বেছিভাগ মানুহে নিজৰ পকেটৰ পইচা খৰচ কৰি চিকিৎসা কৰে, গতিকে ভাৰতীয় চৰকাৰে মানুহক জেনেৰিক ঔষধ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে। আচলতে আমাৰ দেশত শতকৰা এক ভাগতকৈয়ো কম ঔষধহে ভাৰতীয় কোম্পানীয়ে গৱেষণা কৰি উলিওৱা, গতিকে সংজ্ঞা অনুসৰি আমাৰ দেশৰ সকলো ঔষধেই জেনেৰিক। (অৱশ্যে দুই তিনিটা ঔষধ মিলাই সংযুক্ত কৰি বজাৰত মেলি দিয়া বোৰক ধৰিলে আমাৰ দিশত অৰিজিনেল ঔষধ বহুত থাকিব।) সেয়ে আমাৰ দেশত আচলতে প্ৰশ্ন জেনেৰিক বনাম পেটেণ্ট নহয়, ব্ৰেণ্ডেড জেনেৰিক বনাম সাধাৰণ জেনেৰিকহে হ’ব লাগে। এতিয়া প্ৰশ্ন আহে জেনেৰিক ঔষধৰ গুণগত মানদণ্ডৰ ওপৰত। অপ্ৰিয় সত্য আমাৰ দেশত ঔষধৰ গুনাগত মানদণ্ডৰ বাবে কঠোৰভাৱে পৰীক্ষা কৰা নহয়। আমাৰ দেশত ফাৰ্মাছীবোৰত ফাৰ্মাচিষ্টে নহয় কিছুমান অপ্ৰশিক্ষিত চেলচমেনহে থাকে। অথচ চৰকাৰে তেওঁলোকক চিকিৎসকৰ ব্ৰেণ্ডেড নিদান পত্ৰৰ বিপৰীতে জেনেৰিক ঔষধ দিবলৈ অধিকাৰ দিছে। চৰকাৰৰ প্ৰকাশিত তথ্য মতেই আমাৰ দেশত ১৫ ৰ পৰা ২০ শতাংশ সৰু আৰু মধ্যমীয়া কোম্পানীৰ ব্ৰেণ্ডেড ঔষধ নিম্ন মানদণ্ডৰ। য’ত ব্ৰেণ্ডেড ঔষধৰে ২০% পৰ্য্যন্ত নিম্ন মানদণ্ডৰ তাত জেনেৰিক ঔষধৰ মানদণ্ড অৱশ্যেই প্ৰশ্নবোধক। আমাৰ দেশত জেনেৰিক ঔষধ বজাৰত উলিয়াই দিয়াৰ আগতে তাৰ বায় -এভেইলেবিলিটী বা ঔষধটোত ৰাসায়নিক দ্ৰব্যৰ পৰিমাণ পৰীক্ষা কৰা বাধ্যতামূলক নহয়। কাঠফুলাৰ দৰে দেশৰ য’তে ত’তে স্থাপিত ঔষধ কোম্পানীবোৰৰ গুনাগত মানদণ্ড পৰীক্ষা কৰাও সহজ নহয়। 

এতিয়া আঁহো শেহতীয়াকৈ দিয়া এখন চৰকাৰী জাননীলৈ। অসম চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰিছে, অসমৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে হস্পিটেলত উপলব্ধ ঔষধ বাদ দি অন্য ঔষধ লিখিলে শাস্তিৰ সন্মুখীন হব। অৱশ্যেই ভাল সিদ্ধান্ত, যদি..। অৱশ্যে এই যদিটো বৰ দীঘলীয়া। আগতেই উল্লেখ কৰিছোঁ আমাৰ দেশত শেহতীয়াভাৱে প্ৰকাশ পোৱা আৱশ্যকীয় ঔষধৰ সংখ্যা ৩৮৪ বিধ। মনত ৰাখিব ইয়াত কেৱল আৱশ্যকীয় ঔষধৰ কথাহে কোৱা হৈছে। ইয়াৰ উপৰিও বহুত প্ৰয়োজনীয় ঔষধ আছে। ইয়াত বহুত নতুন জেনেৰেছন এণ্টিবায়টিক বা বায়লজিকেল ঔষধ বা নতুন কৰ্কট ৰোগৰ ঔষধ উল্লেখ কৰা নাই। সাধাৰণ চাবচেণ্টাৰ বা প্ৰাথমিক চিকিৎসালয় বা আনকি জিলা চিভিল হস্পিটেলত এই আধুনিক ঔষধসমূহ নেথাকিলেও মেডিকেল কলেজসমূহত থাকিব লাগিব। গতিকে চাবচেণ্টাৰ বা প্ৰাথমিক চিকিৎসা কেন্দ্ৰসমূহত এই ৩৮৪ বিধ আৰু মেডিকেল কলেজ বা জিলা সদৰৰ চিভিল হস্পিটেলসমূহত এই ৩৮৪ বিধৰ লগতে নতুন ঔষধসমূহৰ ৰোগীৰ সংখ্যা অনুপাতে উপলব্ধনে? যদি সময়ত নেথাকে তেন্তে তৎক্ষণাত উপলব্ধ কৰিবৰ ব্যৱস্থা আছেনে? সেইদৰে সকলো চৰকাৰী হস্পিটেলত সকলো লেবৰেটৰীৰ পৰীক্ষা কৰাৰ সুবিধা আছেনে? যিহেতু ভাৰতবৰ্ষত এতিয়াও অধিকাংশ মানুহে নিজৰ পকেটৰ ধনেৰে ৰোগৰ চিকিৎসা কৰে, সকলো ঔষধ চৰকাৰী হস্পিটেলত উপলব্ধ হোৱাটো বা চিকিৎসকে কেৱল তেনে ঔষধ লিখাটো সময়ৰ আহব্বান, কিন্তু কিমান কাৰ্য্যকৰী। আমি জনাত এই ৩৮৪ বিধৰ সকলো বাদেই কেতিয়াবা চৰকাৰী চিকিৎসালয়ত অত্যাৱশ্যকীয় ঔষধসমূহো নেথাকে। এটা সৰু উদাহৰণ কুকুৰে কামুৰিলে দিবলৈ ৰেবিজৰ ভেকচিন প্ৰায় হস্পিটেলত (প্ৰায় কিন্তু সদাই তাকো নহয়) উপলব্ধ হয় যদিও অতি প্ৰয়োজনীয় ৰেবিজ ইমিউন’গ্লবিন বা মনক্লনেল এণ্টিবডী প্ৰায় বেছিভাগ চৰকাৰী হস্পিটেলত নেথাকে। কুকুৰে কামুৰি তেজ উলিয়াই দিলে এই ইমিউন’গ্লবিনৰ অভাৱত ৰেবিজ হ’ব পাৰে। তেনেক্ষেত্ৰত চৰকাৰী চিকিৎসকে কি কৰিব? ভাৰতত এতিয়াও ৭৫% ৰোগীৰ চিকিৎসা ব্যক্তিগত খণ্ডত হয়। চৰকাৰী হস্পিটেলত সকলো সুবিধা উপলব্ধ হ’লে এই পৰিসংখ্যা নিশ্চয় সলনি হ’ব। 



Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments