বিশ্বকাপ প্ৰযুক্তি—ৰেফ কেমৰপৰা এআই বিশ্লেষকলৈ
লেখক- পংকজ কুমাৰ নেওগ
পুৰুষৰ ফুটবল বিশ্বকাপে বিভিন্ন আৰু নতুন ফুটবল প্ৰযুক্তি প্ৰদৰ্শনৰ এটা অনন্য বৈশ্বিক সুবিধা প্ৰদান কৰিছে। এইবোৰৰ ভিতৰত আছে ‘বুট’ আৰু ‘বল’ৰ পৰা আৰম্ভ কৰি খেল পৰিচালনাৰ নিৰ্ভুলতা আৰু দৰ্শকসকলৰ সংযোগ বৃদ্ধিৰ উদ্দেশ্যে ব্যৱস্থা কৰা ডিজিটেল ব্যৱস্থা। এই প্ৰযুক্তিসমূহ খেললৈ অনাৰ প্ৰক্ৰিয়া প্ৰায়েই বিভিন্ন বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানত আৰম্ভ হয়। ‘স্প’ৰ্টছ ইঞ্জিনিয়াৰিং’ (Sports Engineering) নামৰ আলোচনীখনত এনে কিছুমান গৱেষণাপত্ৰ প্ৰকাশিত হয় যিসমূহ সংশ্লিষ্ট খেলৰ বিশ্বব্যাপী নিয়ন্ত্ৰক সংস্থা ‘ফিফা’(FIFA)ই সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰে। স্প’ৰ্টছ ইঞ্জিনিয়াৰিঙৰ দ্বাৰা এতিয়ালৈকে পৰিচালিত গৱেষণাৰ দুটা সংকলনত যিবোৰ প্ৰধানৰূপে বিবেচিত হৈছে তাৰ মাজত আছে খেলুৱৈসকলৰ স্বয়ংক্ৰিয় অনুসৰণ (ট্ৰেকিং) আৰু স্বয়ংক্ৰিয়ভাৱে বিভিন্ন ঘটনা চিনাক্তকৰণ। গৱেষণাৰ আৰু এটা দিশ হ’ল ষ্টেডিয়ামৰ পৰিৱেশত খেলুৱৈসকলৰ পৰিধানযোগ্য ছেঞ্চৰবোৰ কিমান কাৰ্যকাৰী হ’ব পাৰে তাৰেই পৰীক্ষা।
খেলুৱৈসকলৰ গতি-বিধি অনুসৰণ কৰি পোৱা তথ্যৰে ভাৰ্চুৱেল অৱতাৰ সৃষ্টি কৰা সম্ভৱ। ফিফা ফুটবলৰ ভাৰ্চুৱেল অৱতাৰ হৈছে উন্নত এ, আই আৰু শৰীৰ-স্কেনিং প্ৰযুক্তি ব্যৱহাৰ কৰি সৃষ্টি কৰা খেলুৱৈৰ জীৱন্ত থ্ৰী-ডি ডিজিটেল মডেল। এই অৱতাৰসমূহে এজন খেলুৱৈৰ বাস্তৱ জীৱনৰ সঠিক মাপ আৰু শাৰীৰিক গঠনৰ প্ৰতিলিপি কৰে যাৰ ফলত ট্ৰেকিং ব্যৱস্থা আৰু ভিডিঅ’ সহায়ক ৰেফাৰী (VAR)সকলে খেলুৱৈৰ গতিবিধি অতি নিখুঁতভাৱে বিশ্লেষণ কৰিব পাৰে। খেলুৱৈ আৰু অনুৰাগী উভয় দিশৰ পৰা বিশ্বৰ আটাইতকৈ জনপ্ৰিয় এই খেলবিধৰ দৰ্শকৰ সংখ্যা অধিক বঢ়াবলৈ এই প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰচেষ্টা চলোৱা হৈছে। ফিফাৰ কৌশলগত লক্ষ্যমাত্ৰাৰ (২০২৩-২৭) তৃতীয় লক্ষ্যটো হ’ল ই-ফুটবলসহ বিভিন্ন উপায়েৰে অনুৰাগীসকলক সংযোগ কৰা আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে ডিজিটেল প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিনিয়োগ কৰা।
উত্তৰ আমেৰিকাত বৰ্তমানে চলি থকা বিশ্বকাপত কি কি নতুনত্ব বা উদ্ভাৱনে স্থান লাভ কৰিছে আৰু ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহত কেনেধৰণৰ নতুন উদ্ভাৱন প্ৰৱৰ্তিত হ’ব পাৰে তাৰে এটা সংক্ষিপ্ত বিৱৰণ এই লেখাটোত আলোচনা কৰা হৈছে। সম্ভৱতঃ এই বিশ্বকাপত আটাইতকৈ চৰ্চিত প্ৰযুক্তিগত উদ্ভাৱন হ’ল ৰেফাৰীসকলৰ দ্বাৰা সঘনাই ‘বডী কেমেৰা’ৰ ব্যৱহাৰ। ‘গ’ল’ আৰু অইন সিদ্ধান্তসমূহ লোৱাৰ সময়ত ৰেফাৰীসকলে কি প্ৰত্যক্ষ কৰিছিল সেই গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰৰ এটা আকৰ্ষণীয় আৰু নতুন দৃষ্টিভঙ্গী দৰ্শকসকলৰ সন্মুখত তুলি ধৰাৰ বাবে এই অতিৰিক্ত অন্তৰ্ভুক্তি বহুলভাৱে প্ৰশংসিত হৈছে। কিন্তু ‘ভিউৱিং এঙ্গল’ বা দৃষ্টিভঙ্গীৰ ক্ষেত্ৰত এই বিপ্লৱ ইয়াতেই স্তব্ধ হোৱা নাই। মেটচ্ সম্প্ৰচাৰৰ ক্ষেত্ৰত এতিয়া এটা ক্ৰমবৰ্ধমান সাধাৰণ বিষয় হ’ল ‘ত্ৰিমাত্ৰিক (3D) পুনৰ্নিৰ্মাণ’—উদাহৰণস্বৰূপে—ভিএআৰ বা ভিডিঅ’ সহায়ক ৰেফাৰী পৰ্যালোচনাৰ পাছত ‘অফচাইড’ সংক্ৰান্তিয় সূক্ষ্ম সিদ্ধান্তসমূহৰ ব্যাখ্যা। ইয়াত অপ্টিকেল ট্ৰেকিং ছিষ্টেমৰ দ্বাৰা লাভ কৰা খেলুৱৈসকলৰ অৱস্থান আৰু গতি-বিধি সংক্ৰান্তিয় তথ্য ব্যৱহাৰ কৰি খেলৰ দৃশ্য নতুন দৃষ্টিকোণৰ পৰা পুনৰ্নিৰ্মাণ কৰা হয়; ইয়াৰ ফলত দৰ্শকসকলে খেলৰ ঘটনাসমূহ সম্পূৰ্ণ নতুনকৈ, যেনে গ’ল ৰক্ষকৰ দৃষ্টিকোণৰ পৰা দেখাৰ সুযোগ লাভ কৰে।
বলৰ সম্পূৰ্ণ অংশ গ’ল-লাইন অতিক্ৰম কৰিছে নে নাই সেই কথা নিশ্চিত কৰিবলৈ ২০১৪ চনত পুৰুষৰ বিশ্বকাপত প্ৰথমবাৰৰ বাবে ‘গ’ল-লাইন প্ৰযুক্তি’ ব্যৱহাৰ কৰা হৈছিল। গ’ল-লাইন প্ৰযুক্তি হৈছে এনে এক বৈদ্যুতিক ব্যৱস্থা যিয়ে বল এটাই গ’ল লাইন সম্পূৰ্ণৰূপে অতিক্ৰম কৰিছে নে নাই নিমিষতে নিৰ্ণয় কৰে। ইয়াত হাই-স্পীড কেমেৰা বা মেগনেটিক ছেঞ্চৰ ব্যৱহাৰ কৰি ৰেফাৰীসকলক নিৰ্দিষ্ট ‘গ’ল বা ন’-গ’ল’ সিদ্ধান্ত লোৱাত সহায় কৰা হয়। ৰেফাৰীয়ে ঘড়ীত এক চেকেণ্ডৰ ভিতৰতে এনে সংকেত লাভ কৰে। ২০২৬ চনৰ বিশ্বকাপত আৰু এঢাপ আগুৱাই প্ৰথমবাৰৰ বাবে ‘আউট-অফ-বাউণ্ডছ’ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ দ্বাৰা বলটোৱে খেলপথাৰৰ সীমা অতিক্ৰম কৰিছে নে নাই সেই কথা নিৰ্ণয় কৰা হয় (থ্ৰ’-ইন বা কৰ্নাৰৰ ক্ষেত্ৰত)। ‘আউট অফ বাউণ্ডছ’ প্ৰযুক্তিয়ে এনে কিছুমান স্বয়ংক্ৰিয় ব্যৱস্থাক বুজায় যি কৃত্ৰিম বুদ্ধিমত্তা, অপ্টিকেল ট্ৰেকিং আৰু এমবেডেড ছেঞ্চৰৰ সহায়ত কাম কৰে।
দৰ্শকসকলে হয়তো ইতিমধ্যে লক্ষ্য কৰিছে যে দলৰ কৰ্মকৰ্তাসকলে খেলুৱৈৰ পৰিৱৰ্তনৰ বিষয়টো বুজাবলৈ হাতে লিখা কাগজৰ নোটৰ পৰিৱৰ্তে ডিজিটেল ছাবষ্টিটিউটিউছন টেবলেট ব্যৱহাৰ কৰিছে। ইয়াৰ ফলত মেটচ্ পৰিচালকসকলৰ বাবে খেলুৱৈ পৰিৱৰ্তনৰ বিষয়টো অনুমোদন কৰা আৰু সম্প্ৰচাৰকসকলৰ কাষলৈ দ্ৰুতভাৱে বাৰ্তা পঠিওৱা সহজ হয়; তদুপৰি বৰষুণত কাগজ তিতি নষ্ট হোৱাৰ দৰে বতৰৰ পৰিস্থিতিৰ সমস্যাৰ পৰাও ই মুক্ত হৈ থাকে। ফিফাই প্ৰতিশ্ৰুতি দিছে যে এই বিশ্বকাপত তেওঁলোকৰ ‘এ, আই প্ৰ’ (AI Pro) ছিষ্টেমৰ মাধ্যমেৰে ৪৮টা দলেই মেটচৰ পূৰ্বৰ আৰু মেটচৰ পিছৰ বিশ্লেষণৰ সমান সুবিধা লাভ কৰিব। দ্ৰুত কৌশলগত অন্তৰ্দৃষ্টি, কৰ্মক্ষমতা বিশ্লেষণ আৰু কৌশলগত পৰামৰ্শ প্ৰদানৰ লক্ষ্যেৰে এই ছিষ্টেমত এনে কিছুমান ‘এ, আই এজেণ্ট’ ব্যৱহাৰ কৰা হয় যিবোৰে সুবিন্যস্ত মেটচ্-সংক্ৰান্তিয় তথ্য বিশ্লেষণ কৰিব পাৰে। গৱেষকসকলে বিশেষ কেমেৰা প্ৰযুক্তিৰ পৰিৱৰ্তে সম্প্ৰচাৰিত ভিডিঅ’ ফুটেজ ব্যৱহাৰ কৰি কেনেকৈ খেলুৱৈসকলৰ গতি-বিধি অনুসৰণ কৰিব পাৰি আৰু স্বয়ংক্ৰিয়ভাৱে বিভিন্ন ঘটনা চিনাক্ত কৰা যায় সেই বিষয়েও গৱেষণা কৰিছে। খেলৰ শীৰ্ষস্থানীয় লীগসমূহৰ বাহিৰে আনবোৰৰ বাবেও এই ক্ষমতাসমূহে খেলবিধৰ বিকাশ প্ৰক্ৰিয়াক সৰ্বজনীন বা গণতান্ত্ৰিক কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।
প্ৰতিখন বিশ্বকাপত একোটা নতুন বলৰ প্ৰৱৰ্তন দেখা যায়। সম্প্ৰতি চলি থকা বিশ্বকাপৰ বাবে নিৰ্মিত ‘এডিডাছ ট্ৰায়োণ্ডা’ (Adidas Trionda) বলটোৰ বাবে চাৰিটা অনন্য আকৃতিৰ পেনেল ব্যৱহাৰ কৰা হৈছে যিটো বিশ্বকাপৰ ইতিহাসত বল বনাবলৈ ব্যৱহাৰ কৰা পেনেলবোৰৰ সৰ্বনিম্ন সংখ্যা। এইখিনিতে প্ৰশ্ন হয় ফুটবল এটাৰ পেনেল মানে আমি কি বুজোঁ? ফুটবলবোৰ মূলতঃ ‘পেনেল’ নামৰ কিছুমান পৃথক বাহিৰা খণ্ড বা অংশেৰে তৈয়াৰ কৰা হয়। পৰম্পৰাগতভাৱে এটা আদৰ্শ ফুটবলত ৩২টা পেনেল (২০টা ষড়ভুজ আৰু ১২টা পঞ্চভুজ) ব্যৱহৃত হ’লেও আধুনিক ডিজাইনসমূহত ৬টাৰ পৰা ১৪টালৈ ভিন্ন আকৃতিৰ পেনেল দেখা যায়। ২০২২ চনৰ বিশ্বকাপত ব্যৱহৃত ‘আল ৰিহলা’ (Al Rihla) বলটোত ২০টা পেনেল ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ তুলনাত এইবছৰৰ বিশ্বকাপত পেনেলৰ সংখ্যা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে।
পলিয়ুৰেথেনেৰে তৈয়াৰী এই পেনেলবোৰত খাঁজ আৰু সৰু সৰু উচ্চপৃষ্ঠৰ ছবি আছে। এই ছবিসমূহত ঈগল, মেপল পাত আৰু তৰাৰ প্ৰতীক ফুটাই তোলা হৈছে আৰু এইসমূহে আয়োজক তিনিখন দেশক প্ৰতিনিধিত্ব কৰিছে। বলৰ জোৰা বা ছিমৰ (seams) লগতে এই ছবিবোৰৰ উদ্দেশ্য হ’ল বলটোক এটা বায়ুগতিশীল বৈশিষ্ট্য (aerodynamics) প্ৰদান কৰা যাৰ ফলত ই বতাহত সুনিশ্চিত আৰু স্থিৰ গতিপথ বজায় ৰাখিব পাৰে। ইয়াৰ আগৰ সংস্কৰণটোৰ দৰেই ‘ট্ৰায়োণ্ডা’(Trionda)তো এটা অভ্যন্তৰীণ ছেঞ্চৰ আছে আৰু ই বলৰ গতি-বিধি জুখিবলৈ প্ৰতি চেকেণ্ডত ৫০০বাৰ ডাটাৰ নমুনা সংগ্ৰহ কৰিব পাৰে। এই তথ্য তাৎক্ষণিকভাৱে মেটচ্ পৰিচালকসলৰ ওচৰলৈ প্ৰেৰণ কৰি তেওঁলোকক সিদ্ধান্ত গ্ৰহণত সহায় কৰা হয়। ফিফাৰ ফুটবল পৰীক্ষাৰ নিৰ্দেশিকাত অভ্যন্তৰীণ ছেঞ্চৰযুক্ত বলৰ ভাৰসাম্য পৰীক্ষাৰ বিষয়টোও অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উদ্দেশ্য হ’ল অভ্যন্তৰীণ ছেঞ্চৰৰ বাবে বলটো গুৰিওৱাৰ সময়ত বা বতাহত থাকোঁতে যাতে ই কোনো অপ্ৰত্যাশিত আচৰণ নকৰে সেই কথা নিশ্চিত কৰা।
এই বিশ্বকাপত কোনো কোনো ষ্টেডিয়ামত ব্যৱহৃত অস্থায়ী ঘাঁহৰ পিটচৰ বিষয়ে কিছু খেলুৱৈয়ে অভিযোগ কৰিছে যে এই ঘাঁহনিবোৰ প্ৰকৃততে ‘কৃত্ৰিম পৃষ্ঠৰ দৰে’ (artificial surface)। খেলুৱৈসকলৰ প্ৰদৰ্শন আৰু আঘাতৰ আশঙ্কাৰ ওপৰত খেল পথাৰৰ প্ৰভাৱক লৈ প্ৰচুৰ গৱেষণা হৈছে। মহিলা খেলুৱৈসকলৰ ক্ষেত্ৰত বিষয়টো গুৰুত্বপূৰ্ণ হ’ব পাৰে কাৰণ তেওঁলোকৰ আঁঠুত আঘাত পোৱাৰ প্ৰৱণতা বেছি। ফুটবল টাৰ্ফ পৰীক্ষাৰ শেহতীয়া নিৰ্দেশিকাত এটা ‘ক্ৰিটিকেল ফল হাইট টেষ্ট’ (পতনৰ ক্ষেত্ৰত আঘাতৰ তীব্ৰতা পৰিমাপক পৰীক্ষা) অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উদ্দেশ্য হ’ল খেল পথাৰৰ উপৰিভাগ যথেষ্ট কোমল আৰু নমনীয়ভাৱে ৰখা যাতে অন্ততঃ ০.৬ মিটাৰ উচ্চতাৰ পৰা পতিত হ’লেও খেলুৱৈসকলে মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ আশঙ্কা ন্যূনতম।
ফুটবল বুটৰ অহৰহ পৰিৱৰ্তন আৰু উন্নয়নৰ ক্ষেত্ৰত একাডেমিক গৱেষণাৰ ভূমিকা আছে। উদাহৰণস্বৰূপে, গৱেষণাত দেখা গৈছে যে বুটৰ ওপৰৰ অংশত পেডিং থাকিলে শ্বট লোৱাৰ নিৰ্ভুলতা হ্ৰাস পাব পাৰে। বৰ্তমান কিছু খেলুৱৈক থ্ৰি-ডি (3D) প্ৰিণ্টেড বুট ব্যৱহাৰ কৰা দেখা যায়। এই বুটসমূহত ‘মেটামেটেৰিয়েল’—অৰ্থাৎ কৃত্ৰিমভাৱে তৈয়াৰী এনে একধৰণ উপাদান ব্যৱহাৰ কৰা হয় যি ভৰিৰ সৈতে বুটৰ যথাযথ ফিট আৰু আৰামদায়ক অনুভূতি নিশ্চিত কৰে। ফুটবল বুটত মেটামেটেৰিয়েলৰ প্ৰধান ব্যৱহাৰসমূহ হ’ল – (১) যান্ত্ৰিক কুছনিং – সাধাৰণ ফ’মৰ পৰিৱৰ্তে ব্ৰেণ্ডসমূহে মিড-ছ’লত থ্ৰীডি-প্ৰিণ্টেড লেটিচ আৰু হানিকম্ব মেটামেটেৰিয়েল ষ্ট্ৰাকচাৰ (সততে অক্সিটিক মেটেৰিয়েল বুলি কোৱা হয়) ব্যৱহাৰ কৰে। সঙ্কুচিত হ’লে এই গঠনবোৰে দৌৰা আৰু জঁপিয়াই পৰাৰ সময়ত সৃষ্ট আঘাতজনিত বল শোষণ আৰু পুনৰ বিতৰণ কৰে যাতে শৰীৰৰ গাঁঠিবোৰত কম চাপ পৰে। (২) অভিযোজিত দৃঢ়তা (Adaptive Stiffness): কিছুমান মেটামেটেৰিয়েলৰ গঠন এনেকৈ নিৰ্মাণ কৰা হৈছে যি স্বাভাৱিক চলা-ফিৰাৰ সময়ত নমনীয় হৈ থাকে কিন্তু তীব্ৰ আঘাতৰ সন্মুখীন হ’লে নিমিষতে কঠিন হৈ পৰে। ইয়াৰ ফলত খোজকঢ়াৰ সময়ত কোমল, আৰামদায়ক অনুভূতি পোৱা যায় অথচ শক্তিৰে বল আঘাত কৰাৰ মুহূৰ্তত এটা দৃঢ় ভিত্তি প্ৰদান কৰে। (৩) শক্তি পুনৰুদ্ধাৰ: উন্নত জ্যামিতিক জালিয়ে (যেনে-ইলাষ্টিক কাইৰেল মেটামেটেৰিয়েল) পদক্ষেপৰ প্ৰথম পৰ্যায়ত গতিশক্তি সঞ্চয় কৰিব পাৰে আৰু ভৰি ঠেলি আগবঢ়াৰ সময়ত এই শক্তি এৰি দিব পাৰে যাৰ ফলত সামগ্ৰিক গতিবেগ (Propulsion) বৃদ্ধি পায়। (৪) বল নিয়ন্ত্ৰণ আৰু সুৰক্ষা: জোতাৰ ওপৰৰ অংশ বিশেষ ধৰণৰ জাপেৰে (টিপিইউ-ফ’ম কম্পজিট মেটামেটেৰিয়েল) তৈয়াৰ কৰা হৈছে। এইসমূহৰ গঠনশৈলী এনেধৰণৰ যাতে বলৰ আঘাতৰ তীব্ৰতা কমাব পাৰি আৰু কঠিন মোকাবিলা বা দুৰ্ঘটনাবশতঃ ভৰিৰ ওপৰত ভৰি পৰাৰ দৰে পৰিস্থিতিত ভৰিক সুৰক্ষা প্ৰদান কৰিব পাৰে।
যদিও এই বিশ্বকাপত কেইযোৰমান এনে বুট চকুত পৰিব পাৰে, আশা কৰা যায় যে প্ৰযুক্তিৰ অদম্য অগ্ৰগতিৰ ফলত আৰু চাৰি বছৰৰ পাছত মৰক্কো, পৰ্তুগাল আৰু স্পেইনত এই ধৰণৰ ডিজাইন এটা সাধাৰণ দৃশ্য হৈ উঠিব। এইবোৰৰ সৈতে বৰ্তমান গৱেষণাৰত অৱস্থাত থকা অনেক নতুন উদ্ভাৱনো নিশ্চয় দেখা যাব।
