গুজৰাটৰ স্মৃতি

লেখক- প্ৰবীৰ টুমুং

গুজৰাটৰ উদ্যোগিক প্ৰতিষ্ঠানসমূহত সাধাৰণতে ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা পালন কৰা নহয়। কিন্তু আমাৰ কৰ্মস্থলীত অসম আৰু পশ্চিমবংগৰ বহু লোক কৰ্মৰত আছিল। তদুপৰি, আমাৰ এজন বাঙালী সম্প্ৰদায়ৰ উচ্চপদস্থ বিষয়াৰ নেতৃত্বত প্ৰতি বছৰে যথেষ্ট উলহ-মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছিল।

এবাৰ মোৰ লগত পূজালৈ যোৱা এজন গুজৰাটী সহকৰ্মীয়ে বিশ্বকৰ্মাৰ মূৰ্তিটো দেখি বৰ আচৰিত হৈ মোক সুধিলে—“এইটো কেনেকুৱা বিশ্বকৰ্মা?” তেওঁ এই মূৰ্তিটো বিশ্বকৰ্মাৰ বুলি মানি ল’বলৈ যেন একপ্ৰকাৰ অমান্তিয়েই হ’ল। কাৰণ গুজৰাটত ‘বিশ্বকৰ্মা’ বুলি ক’লে তেওঁলোকৰ মনলৈ আহে বগা দাড়ি-মোচেৰে পৰিপক্ব, পৌঢ় অৱয়ৱৰ এজন দেৱতা। আমাৰ পূজাত দেখা ক’লা মোচ, মিহি মুখমণ্ডল আৰু হাতীৰ পিঠিত বহি থকা যুৱক বিশ্বকৰ্মাজন তেওঁলোকৰ পৰিচিত বিশ্বকৰ্মাৰ সৈতে একেবাৰেই নিমিলে!

বিশ্বকৰ্মা পূজা অহাৰ লগে লগে কেৱল সহকৰ্মীসকলেই নহয়, আমাৰ সৈতে বিভিন্ন ক্ষেত্ৰত জড়িত লোকসকলৰ লগতে কাষৰ গাঁওসমূহৰ মানুহেও আগ্ৰহেৰে অপেক্ষা কৰি থাকিছিল পূজাৰ লগত সংগতি ৰাখি আমাৰ ডঙুৱা নিবাসৰ আগচোতালত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানটোৰ বাবে।

এই অনুষ্ঠানৰ বাবে আমি বৰোদাৰ পৰা অৰ্কেষ্ট্ৰা পাৰ্টি আমন্ত্ৰণ কৰি আনিছিলোঁ। বাদ্যযন্ত্ৰীসকলৰ সৈতে দুই-তিনিজন গায়ক-গায়িকা আৰু চাৰি-পাঁচজনী নৃত্য-পটীয়সী যুৱতীয়ে অনুষ্ঠানটো জীপাল কৰি তুলিছিল। সেই সময়ৰ জনপ্ৰিয় হিন্দী চলচ্চিত্ৰৰ গীত—‘মুন্নী বদনাম হুই’, ‘শীলা কি জৱানী’ আদি গীতৰ তালে তালে তেওঁলোকৰ উদ্দাম নৃত্যই সমগ্ৰ পৰিৱেশটো ৰঙীন কৰি তুলিছিল। পূজাৰ গাম্ভীৰ্যৰ মাজতো সন্ধিয়াৰ সেই অনুষ্ঠানটো হৈ পৰিছিল সকলোৰে বাবে এক বিশেষ আনন্দৰ সময়।

গুজৰাটত থাকি আন এটা কথা ভালদৰে অনুভৱ কৰিছিলোঁ—ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত একে সংস্কৃতিৰ বহু মিল থকাৰ লগতে কিছুমান কথা-বতৰা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আৰু বিশ্বাসৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্যও আছে।

যেনে, গুজৰাটী নৱবৰ্ষ আমাৰ দৰে পহিলা বহাগৰ পৰা আৰম্ভ নহয়; দীপাৱলীৰ পৰাহে গুজৰাটী নৱবৰ্ষৰ আৰম্ভণি হয়। সেয়েহে গুজৰাটী সহকৰ্মীসকলে দীপাৱলীৰ সময়ত আমাক ‘নৱবৰ্ষৰ শুভেচ্ছা’ জনালে প্ৰথমতে মোৰ অলপ আচহুৱা লাগিছিল।

আন এটা আমোদজনক কথা হ’ল—গুজৰাটীসকলে নিজৰ জীয়ৰীৰ সন্তানকো ‘ভাগিন’ বুলি সম্বোধন কৰে। তদুপৰি, গুজৰাটী সমাজত এনে এক বিবাহৰ প্ৰথাও আছে, য’ত দুজন ব্যক্তিয়ে পৰস্পৰৰ ভগ্নীক বিয়া কৰায়। ইয়াক ‘আমনে-চামনে’ বিবাহ বুলি কোৱা হয়। আমাৰ সমাজৰ পৰিপ্ৰেক্ষিতত এইটোও যথেষ্ট আচৰিত লগা কথা আছিল।

এবাৰ মোৰ এজন সহকৰ্মীয়ে মোক ক’লে যে আগদিনা তেওঁলোকৰ চ’চাইটিত থকা এটা বাঙালী পৰিয়ালৰ ঘৰত কিবা এটা মাংগলিক অনুষ্ঠান আছিল। সন্ধিয়া সেই পৰিয়ালৰ মহিলাসকলে এনে ধৰণে চিঞৰ-বাখৰ কৰিছিল যে চ’চাইটিৰ প্ৰায় সকলো মানুহেই সেই শব্দ শুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল।

তেওঁৰ কথাখিনি শুনি মই প্ৰথমতে একো বুজি নাপালোঁ। তেওঁ কৈছিল—“মহিলাবোৰে যেন জংঘলী মানুহৰ দৰে চিঞৰি আছিল!”

তেতিয়া মই বুজিলোঁ যে তেওঁলোকে আমাৰ ‘উৰুলি’ৰ কথাই কৈছে। মাংগলিক অনুষ্ঠানত মহিলাসকলে দিয়া উৰুলিধ্বনিৰ সৈতে গুজৰাটী সহকৰ্মীজন একেবাৰেই পৰিচিত নাছিল। সেয়েহে তেওঁৰ বাবে সেই পৰিচিত মংগলধ্বনিটোৱেই হৈ পৰিছিল এক অদ্ভুত আৰু ৰহস্যময় শব্দ!

আচলতে সংস্কৃতিৰ সৌন্দৰ্যই ইয়াতেই—এখন ঠাইত যিটো অতি স্বাভাৱিক, আন এখন ঠাইত সেয়াই হৈ পৰিব পাৰে এক বিস্ময়ৰ বিষয়। গুজৰাটত কটোৱা সেই দিনবোৰত এনে সৰু-সৰু সাংস্কৃতিক পাৰ্থক্যবোৰেই মোৰ জীৱনৰ বহু মধুৰ স্মৃতিৰ জন্ম দিছিল। সেই স্মৃতিবোৰ আজিও মনত পৰিলে অজানিতে হাঁহি বিৰিঙি উঠে।

content

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments