গৰ্ভধাৰণৰ ইটো সিটো (ডা° ভূপেন শইকীয়া)

‘বিবাহ’ যেতিয়াৰ পৰা এক সামাজিক অনুষ্ঠান বুলি গণ্য হ’ল, তেতিয়াৰ পৰা গৰ্ভধাৰণ প্ৰক্ৰিয়াৰ  সামাজিক গুৰুত্ব বৃদ্ধি পাব ধৰিলে৷গৰ্ভধাৰণ বংশানুক্ৰমে চলাই যোৱাত সহায়ক হয় আৰু এই প্ৰক্ৰিয়াই মানৱ প্ৰজাতিৰ সংখ্যা বৃদ্ধি কৰে৷ মানুহ নামৰ প্ৰাণী বিধে ইতৰ জন্তুৰ পৰা পৃথকে শৃঙ্খলাৱদ্ধ যৌন-জীৱন আৰম্ভ কৰিবলৈ শিকিলে৷ ইয়াৰ ব্যতিক্ৰমে দুৰাচাৰ বা ব্যভিচাৰ আখ্যা পায়৷ কিছুমান সামাজিক মান্যতাৰ সৃষ্টি  হ’ল যাক নৈতিকতা আখ্যা দিয়া হ’ল৷ অৱশ্যে ভৌতিকতাৰ কবলত আজিৰ যন্ত্ৰ যুগত নৈতিকতাৰ লক্ষ্মণ ৰেখা দিনক দিনে শিথিল হৈ অহাটো সমাজ ব্যৱস্থাক ঘূণে ধৰাৰ পৰ্য্যায়ৰ৷

প্ৰশ্ন হয় বিবাহৰ উপযুক্ত বয়স কি হোৱা উচিত ? আজিকালি আমাৰ দেশত আইনগতভাৱে বাল বিবাহ নিষিদ্ধ৷ চৰকাৰীভাবে পুৰুষৰ ২১বছৰ আৰু মহিলাৰ ১৮বছৰ বয়স বিবাহৰ বাবে যোগ্য বুলি গণ্য কৰা হয়৷ কিন্তু বৰ্তমান শিক্ষিত সমাজত এই বয়সৰ সীমা উৰ্দ্ধগামী হোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ কাৰণ হ’ল শিক্ষাগত অৰ্হতা আৰ্জন আৰু কৰ্মসংস্থাপন বিচাৰোঁতে লগা অধিক সময়৷ তথাপিও  মহিলাৰ ক্ষেত্ৰত বিবাহৰ বয়স ৩০বছৰ চেৰাই বাঞ্ছনীয় বাঞ্চনীয়৷৩৫বছৰৰ ওপৰলৈ ক্ৰমে নাৰীৰ গৰ্ভধাৰণৰ ক্ষমতা লাহে লাহে কমিবলৈ ধৰে৷ ইয়াৰ বিপৰীতে কম বয়সতে বিবাহ হোৱাটো পুৰুষ মহিলা উভয়ৰে বাবে হানিকাৰক৷

 বিবাহ সম্পন্ন হোৱাৰ পিছত দেখা যায় প্ৰতি ৬যোৰা দম্পতীৰ ভিতৰত ৫যোৰাই বিবাহৰ ৬মাহৰ পৰা এবছৰৰ ভিতৰত গৰ্ভধাৰণ কৰে৷ কিন্তু ব্যতিক্ৰম এই এহাল দম্পত্তীক চিকিৎসা পৰামৰ্শৰ প্ৰয়োজন হয়৷ থুলমুলকৈ  গৰ্ভধাৰণ নোহোৱাৰ অন্তৰালত যি কোনো এজন বা দুয়োজনৰে কিবা শাৰীৰিক বিসংগতি থাকিব পাৰে৷ পুৰুষৰ হব পৰা বিজুতিসমূহ হ’ল – বীৰ্য্যত মুঠ শুক্ৰাণু আৰু তাৰে সক্ৰিয় শুক্ৰাণু সংখ্যা কম হোৱা৷ স্বাভাৱিকতে এবাৰত আঢ়ৈ মিলিলিটাৰ অৰ্থাৎ চাহ চামুচৰ আধা পৰিমাণৰ বীৰ্য্যৰস নিৰ্গত হয়৷ তাৰ কম পৰিমাণে প্ৰবাহ নলীৰ বা প্ৰষ্টেটৰ বিসংগতি বুজায়৷  প্ৰতি মিলিলিটাৰ বীৰ্য্যৰসত ৪০ৰ পৰা ৩০০নিযুত  শুক্ৰাণু থাকে৷ তাৰে অন্তত: ৫০শতাংশ শুক্ৰাণু  স্বাভাবিকভাবে সক্ৰিয় হব লাগিব আৰু নূন্যতম ৩০ শতাংশৰ আকৃতি অস্বাভাবিক হব নালাগিব৷বীৰ্য্যৰসত নিৰ্দিষ্ট পৰিমাণত জীৱিত  আৰু সক্ৰিয়  শুক্ৰাণু নাথাকিলে স্বাভাৱিক মৈথুন ক্ৰিয়াৰে গৰ্ভধাৰণ অসম্ভৱ৷ অসমত এটা সময়ত ধুবুৰীৰ ন্যায়াধীশ  উপেন ৰাজখোৱাই নিজৰ তিনি যুৱতী কন্যাক হত্যা কৰি মাটিত পুতি থোৱাৰ অন্তৰালত  এই পিতৃত্বৰ  অক্ষমতাৰ বিষয়ে অৱগত হোৱাটোৱেই আছিল ঘাই কাৰণ৷

পুৰুষৰ অক্ষমতাৰ আন আন কাৰণসমূহ পুং জননাংগৰ অসুখ অৰ্কাইটিচ, ইপিডিডাইমাইটিচ,  লিংগৰ শিথিলতা,  যৌনব্যাধি,  মামচ,ডায়েবেটিজ, মেদবহুলতা আদি হব পাৰে ৷  মহিলাৰ গৰ্ভধাৰণৰ অক্ষমতাৰ কাৰণসমূহ হ’ল- ফেল’পিয়ানটিউব বন্ধ হোৱা,  অভেৰিৰ  ৰোগৰ ফলত ডিম্বাণুৰ উৎপত্তি নোহোৱা,  জৰায়ুৰ  ৰোগ এণ্ডমেট্ৰিয়চিচ, ফাইব্ৰয়েড, যৌনব্যাধি,মামচ, ডায়েবেটিজ,  মেদবহুলতা, মৃগীৰোগ,থাইৰয়ডৰ বিকাৰ আদিও হব পাৰে ৷

এগৰাকী মহিলাই গড়ে ৩০দিনৰ ব্যৱধানত এবাৰ ৰজস্বলা হয়৷ মাহেকীয়া হোৱাৰ ১৪দিনত যেই কোনো এটা অভেৰিৰ পৰা এটি ডিম্বাণু ওলায়৷ সেই ডিম্বাণু আয়ুস মাত্ৰ এদিন৷ ২৪ঘন্টাৰ ভিতৰত ডিম্বাণু যদি  শুক্ৰাণুৰ সৈতে মিলন নহয় তেনেহলে সেইটো মাহত গৰ্ভধাৰণ নহয়৷ চিকিৎসা শাস্ত্ৰত এটি উক্তি আছে – Menstruration is the funeral of the unfertilized ovum !

আনহাতে পুৰুষৰ -শুক্ৰাণুৰ কাহিনীও কম ৰোচক নহয়৷ যোনিমুখৰ তৰল পদাৰ্থই বীৰ্য্যৰসৰ প্ৰতি বৈৰীভাৱ দেখুৱাৰ বিপৰীতে জৰায়ুৰ মুখৰ ৰসে বীৰ্য্যৰসক আদৰণি জনায়৷ ফলত জীৱিত শুক্ৰাণুৰ মাজত দৌৰ আৰম্ভ হয়৷ তাৰে এটা  ভাগ্যৱান শুক্ৰাণুৱে স্ত্ৰীৰ ডিম্বৰ লগত  ফেলোপিয়ান টিউবৰ ভিতৰত  মিলিত হৈ গৰ্ভাৱস্থাৰ সৃষ্টি কৰে৷ শুক্ৰাণুৰ আয়ুস ৩ৰ পৰা ৬দিন -এই জীৱনকালৰ  ভিতৰতে স্ত্ৰীৰ ডিম্বাণু  সৈতে মিলিত হব পাৰিলেহে গৰ্ভসঞ্চাৰ হব৷ ইয়াৰ পিছত জৰায়ুত সেই সন্মিলিত ডিম্বাণু বা ভ্ৰুণ ২৬৬দিনলৈ  লালিত পালিত হয় আৰু সময়ত সন্তানৰূপে প্ৰসৱ লয়৷

প্ৰশ্ন হব পাৰে  গৰ্ভধাৰণৰ বাবে কোনটো সময় সৰ্বোত্তম ? যাৰ মাহেকীয়া নিয়মীয়া ব্যৱধানত হয়, তেনে মহিলাৰ দুটা মাহেকীয়াৰ ঠিক মাজৰ ৬টা দিনত সংগম কৰিলে গৰ্ভধাৰণৰ প্ৰচুৰ সম্ভাৱনা থাকে৷ সামান্য সচেতন হলেই স্ত্ৰীয়ে ডিম্বাণু প্ৰস্ফুটিত হোৱাৰ (যাক -ovulation বোলে) সময় সঠিককৈ অৱগত হব পাৰিব৷ সেই নিৰ্দিষ্ট  দিনটোত মহিলাগৰাকীৰ দেহৰ উত্তাপ সামান্য বৃদ্ধি পায়৷ যোনিৰ মুখত কণীৰ নিচিনা বীজলুৱা পদাৰ্থ জমা হয়৷কিছু পৰিমাণে মহিলাগৰাকীৰ যৌন ক্ষুধা সেই দিনটোত বাঢ়ে৷

আনহাতে স্বামীয়ে অন্তত: দুদিন বীৰ্য্যস্খলন নোহোৱাকৈ থাকি উচিত সময়ত সম্ভোগ কৰিলে গৰ্ভধাৰণৰ সম্ভাৱনা বাঢ়িব৷ যৌনমিলনৰ আগতে মধুৰ বাৰ্তালাপ, পৰস্পৰৰ দেহক স্পৰ্শ কৰা, চুম্বন,আলিংগন আদি প্ৰাক যৌনকালীন ক্ৰিয়া সম্ভোগৰ পূৰ্বে একান্তই আৱশ্যক যাতে সেই পূৰ্ণাংগ মিলনৰ পৰিতৃপ্তি উভয়ে লাভ কৰিবলৈ  সক্ষম হয়৷ দুটি সৰু লাগতিয়াল কথা ১- মিলনৰ সময়ত স্ত্ৰীগৰাকী তলত থকাটো বাঞ্ছনীয় আৰু পুৰুষ ওপৰত থকাটো বাঞ্চনীয়৷২- সম্ভোগ সম্পন্ন হোৱাৰ পিছত ১৫ৰ পৰা কুৰি মিনিট সময় স্ত্ৰী গৰাকীয়ে ওপৰলৈ মুখ কৰি শুই থকা উচিত৷ বাথৰুমলৈ সেই সময়ৰ পিছতহে যাব৷ এই দুয়োটা কথাৰ উদ্দেশ্য হ’ল পুৰুষৰ বীৰ্যৰসক অধিক সময় ধৰি ৰাখি জৰায়ুলৈ প্ৰবেশৰ সুবিধা কৰি দিয়া৷

বহুতো নৱবিবাহিত পুৰুষৰ মনত ভ্ৰান্ত ধাৰণা থাকে নিজৰ লিংগৰ আকাৰলৈ৷ বহুতে বিজ্ঞাপনত ভোল গৈ  বেজ কবিৰাজৰ আশ্ৰয়  লৈ ধনৰ অপব্যয় কৰাৰ লগতে অযথা  অশেষ মনোযাতনাত ভোগে৷ গৰ্ভধাৰণ  বা স্ত্ৰীৰ যৌনসন্তুষ্টি  লিংগৰ আকাৰৰ ওপৰত নিৰ্ভৰশীল  নহয়৷ সফল সম্ভোগ নিৰ্ভৰ কৰে পুৰুষৰ লিংগ ততালিকে শিথিল নপৰাৰ ওপৰত৷

নিয়মীয়াকৈ চলি থকা মাহেকীয়া বন্ধ হলেই প্ৰসাৱ পৰীক্ষা কৰি দম্পত্তীহালে গৰ্ভধাৰণ হোৱাটো নিশ্চিত হব পাৰে৷ৰাতিপুৱাৰ প্ৰসাৱত হৰম’নৰ পৰিমাণ বেচি থাকে গতিকে পুৱাৰ প্ৰসাৱ পৰীক্ষা কৰাটো বেচি ভাল৷বজাৰত আজিকালি সুলভ মূল্যত গৰ্ভধাৰণ পৰীক্ষা কৰা পেকেট উপলব্ধ৷গতিকে তাৰ বাবে চিকিৎসালয়লৈ নগলেও চলে৷কেনেবাকৈ কাৰ্ডৰ পৰীক্ষা ঋনাত্মক হলে দুদিন ৰৈ আকৌ পৰীক্ষা কৰিব লাগে৷ তেতিয়াও গৰ্ভধাৰণ নোহোৱা বুজালে মাহেকীয়া বন্ধ হোৱাৰ আন কাৰণ হব পাৰে৷ চিকিৎসকৰ পৰামৰ্শ এনে ক্ষেত্ৰত আৱশ্যক৷

সকলো নৱ বিবাহিত দম্পত্তীলৈ এটি জৰুৰী পৰামৰ্শ :

বহু নব বিবাহিত দম্পত্তীয়ে গৰ্ভধাৰণক ‘বিপদ’ বা ‘সোনকালে অহা আহুকাল’ বুলি ভাবি গৰ্ভপাতৰ বাবে  চিকিৎসকৰ কাষ চাপে৷ কিছুমানে এনেদৰে  গৰ্ভপাত বাৰম্বাৰ কৰোৱায়৷ কিন্তু নিষ্ঠাবান, ৰোগীৰ হিত চিন্তা কৰা চিকিৎসকে প্ৰথম গৰ্ভধাৰণক সদায় বাহাল ৰাখিবলৈয়ে পৰামৰ্শ দিয়ে৷ কাৰণ কোনেও কব নোৱাৰে যেতিয়া তেওঁলোকে সন্তান  বিচাৰিব তেতিয়া গৰ্ভধাৰণ কৰাৰ সুযোগ নানা কাৰণত (যেনে সংক্ৰমনৰ ফলত ফেলোপিয়ান টিউব ব্লক হোৱা, স্ত্ৰী বা স্বামী কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা) প্ৰকৃতিয়ে নিদিবও পাৰে৷বহু চিকিৎসকৰ এই বিষয়ৰ প্ৰত্যক্ষ অভিজ্ঞতা আছে বুলি জনা যায়৷

এতিয়া গৰ্ভাৱস্থা কিদৰে বাহাল ৰাখিব ?

গৰ্ভধাৰণ নিশ্চিত হোৱাৰ পিছত চিকিৎসকৰ কাষ চাপিলে তেওঁ প্ৰসাৱৰ নিয়মীয়া পৰীক্ষাৰ উপৰিও তেজৰ হিমগ্লবিন, তেজৰ গ্ৰুপ,আৰ এইচ ফেক্টৰ, চুগাৰ,কেলচিয়াম,যৌনব্যাধি আদি পৰীক্ষা কৰিব দিব৷ টিটেনাচৰ দুটি টিকা দুমাহৰ ব্যৱধানত লব লাগে৷ শৰীৰৰ ওজন, ৰক্তচাপ আদিৰ ৰেকৰ্ড নিয়মীয়াকৈ ৰাখি যাব৷ গোটেই গৰ্ভাৱস্থাত শৰীৰৰ ওজন ৮ৰ পৰা ১২কিলোগ্ৰাম লৈকে বঢ়াটো স্বাভাৱিক৷ চিকিৎসকে প্ৰয়োজন অনুসৰি সম্ভাব্য মাতৃগৰাকীক আইৰণ, ফলিক এচিড,কেলচিয়াম আৰু কেতিয়াবা আন ভিটামিন খাব দিয়ে৷ প্ৰয়োজন অনুসৰি আলট্ৰাচাউণ্ড কৰি গৰ্ভস্থ সন্তানৰ বিকাশ আৰু অৱস্থান, জন্মগত ত্ৰুতি যদি আছে, হৃদগতি, প্লেচেন্টাৰ  অৱ্স্থান, এমনিয়টিক  ফ্লুইডৰ পৰিমাণ, জন্মৰ সম্ভাব্য তিথি আদি নিৰ্ণয় কৰিব পাৰে৷ আমেৰিকাৰ প্ৰসূতি চিকিৎসকসকলে মত পোষণ কৰে যে অত্যাৱশ্যকীয় কাৰণ নহলে গোটেই গৰ্ভকালত ৩ৰ পৰা ৫বাৰহে আলট্ৰাচাউণ্ড কৰিব লাগে৷ আলট্ৰাচাউণ্ড তৰংগৰো পৰা সুক্ষ্ম অপকাৰীতা  গৰ্ভস্থ সন্তানৰ হব পাৰে বুলিয়েই এই সতৰ্কতাৰ কথা কোৱা হৈছে৷ তৰংগৰ ওপৰিও আলট্ৰাচাউণ্ডৰ উত্তাপে যাতে ভ্ৰুণক সামান্য  হলেও কষ্ট নিদিয়ে  তাৰো চিন্তা কৰা হৈছে৷ ভাৰতবৰ্ষত আলট্ৰাচাউণ্ড যোগে ভ্ৰণৰ লিংগ নিৰ্ণয় অবৈধ – কিয়নো এটা সময়ত দেশত কন্যা ভ্ৰুণৰ গৰ্ভপাতৰ জোৱাৰ উঠিছিল৷

সন্তান জন্মৰ সম্ভাব্য তিথিৰ গণনা কেনেকৈ কৰে ? সাধাৰণতে শেষ মাহেকীয়াৰ পৰা ২৮০দিন নাইবা আজিকালি  আলট্ৰাচাউণ্ডমতে  চিকিৎসকে ঘোষণা কৰা দিনেই হ’ল –EDD৷ যুগধৰ্ম সলনি হোৱাত  মানুহৰ লগতে চিকিৎসকৰো যেন সময়ৰহে নাটনি হব ধৰিছে৷ আমাৰ দেশত ঘাইকৈ নগৰাঞ্চলত স্বাভাবিক  প্ৰসৱলৈ কোনেও এটা দিনো প্ৰতীক্ষা কৰিব নোখোজা দিন এটা আহিবলৈ ধৰিছে৷

গৰ্ভাৱস্থাত কিছুমান সৰু সুৰা উপসৰ্গই দেখা দিব পাৰে৷ সেইবিলাকৰ নিজে নিজে উপশম নঘটিলে  চিকিৎসকৰ সৈতে যোগাযোগ কৰক৷ ৰক্তস্ৰাৱ, হাত-ভৰি ফুলা, গা কমৰৰ বিষ, শৌচকচা, এচিডিটি  আদি৷ ধাই বা বাইৰ হতুৱাই  কেতিয়াও পেট  পিঠিৰ  মালিশ নকৰাব- হিতে বিপৰীত হব পাৰে৷ গৰ্ভৱস্থাত হৰম’নৰ প্ৰভাৱত চুলি সৰাৰ বাবে চিন্তিত হব নালাগে৷ সন্তান প্ৰসৱৰ পিছত পুনৰ  চুলি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব৷সাধাৰণ অসুখতো নিজে নিজৰ চিকিৎসা কৰি বিপদ চপাই নলব৷প্ৰসাৱৰ ই-কলাই  সংক্ৰমন নহবলৈ শৰীৰৰ ওপৰিও যোনিমুখ পৰিস্কাৰ ৰাখিব৷

এটা কথা সকলোৱে জনাটো আৱশ্যক -পকা অমিতা গাখীৰ বা মৌ ৰ লগত খালে গৰ্ভৱতী মহিলাৰ বাবে পুষ্টিকৰ খাদ্য৷ কিন্তু কেঁচা অমিতা  কেতিয়াও গৰ্ভৱতী মহিলাই খাব নালাগে৷ কেঁচা অমিতাৰ লেটেক্সে প্ৰষ্টাগ্লেণ্ডিনৰ মাধ্যমেৰে জৰায়ুৰ সংকোচ ঘটাই গৰ্ভপাত ঘটাব পাৰে৷ আনহাতে গৰ্ভকাল সম্পূৰ্ণ হোৱা মহিলাক কেঁচা অমিতা খোৱাই স্বাভাবিক প্ৰসৱো কৰাৰ পাৰি৷ আকৌ গৰ্ভাৱস্থাত আন এবিধ সুস্বাদু  ফল  অনাৰচ বা মাটিকঠাল খোৱাৰ লোভ সম্বৰণ কৰিব লাগিব৷ অনাৰচত থকা  ব্ৰমেলেইন নামৰ প্ৰটিন হজম কৰাত সহায়ক এনজাইমে  জৰায়ু আৰু জৰায়ুৰ মুখত প্ৰভাৱ পেলাই  গৰ্ভপাত  কৰাব পাৰে৷গৰ্ভৱতী মহিলাৰ বাবে  আঙুৰো ক্ষতিকাৰক হব পাৰে৷ টেঙা আঙুৰে  এচিডিটি আৰু ডায়েৰিয়া কৰিব পাৰে৷আঙুৰত থকা ৰেচভেৰাট্ৰল নামৰ অন্যথাই উপকাৰী এন্টি অস্কিডেন্ট,এন্টি-এজিং  তত্বই গৰ্ভস্থ  শিশুৰ পেনক্ৰিয়াজৰ অপকাৰ সাধিব পাৰে৷

ভাৰতবৰ্ষত অতি প্ৰাচীন কালৰ পৰা চলি অহা ‘পঞ্চামৃত’ৰ পৰম্পৰাই  নবাগতা সম্ভাব্য মাতৃক খাদ্য আৰু পৰিপুষ্টিৰ সম্যক জ্ঞান বিতৰণ কৰাটোকেই সূচায়৷ গৰ্ভৱতী মাতৃক দৈনিক ২০০০পৰা ২৫০০কেলৰিৰ প্ৰয়োজন হয়৷ বেচি ফাইবাৰযুক্ত  খাদ্য খোৱাটো  উপকাৰী৷ পানী দৈনিক ৮ৰ পৰা ১০গিলাচ  খাব লাগে৷ গাখীৰৰ দৰে দৈ ও গৰ্ভৱতী মহিলাৰ বাবে এবিধ লাগতিয়াল খাদ্য৷ দৈ হ’ল  ইমিউনিটি বৰ্ধক, কেলচিয়াম, প্ৰটিন আৰু প্ৰবায়’টিকৰ উৎস৷আন কিছুমান লাগতিয়াল খাদ্য হ’ল- সেউজীয়া শাক পাচলি,কবি, বিন, ব্ৰুকলি, ৰাজমাহ, কল, আপেল, আভাকাডো৷ শাক পাচলিৰ ফলিক এচিডে  গৰ্ভস্থ সন্তানৰ মস্তিষ্ক আৰু স্নায়ুতন্ত্ৰৰ বিকাশ ঘটায়৷ সময়তকৈ  আগতীয়াকৈ প্ৰসৱ বেদনা অহা ৰোধ কৰে৷

গৰ্ভাৱস্থাত নকৰিবলগীয়া :- গধূৰ বস্তু ডঙা, বেচিকৈ চিৰিত বগোৱা, হাই হিল পিন্ধা, টান কাপোৰ পিন্ধা, জাংক ফুড খোৱা, বেচি জ্বলা মছলা খোৱা আদি৷ পিছল ঠাইত খোজ নিদিব, বেচি ভিৰৰ ঠাই পৰিহাৰ কৰি চলিব, পোহনীয়া জীৱ জন্তু কোলাত লৈ আদৰ নকৰিব৷বাহী খাদ্য, আধা সিজা মাংস, কেঁচা কণী, বেচি মাৰ্কাৰী থকা মাছ (যেনে টুনা) কেতিয়াও নাখাব৷এক্সৰে বিকিৰণ, ধুম্ৰপাণৰ ধোঁৱাৰ পৰা আঁতৰত থাকিব৷পেটত হেঁচা দি নুশুব৷ যি কোনো তীব্ৰ ঘ্ৰাণ ওলোৱা পদাৰ্থৰ পৰা নিলগতে থাকিব৷ লিডযুক্ত কচমেটিকচ পৰিহাৰ কৰিব৷

বহুতবোৰ চেম্পুত থকা চ’ডিয়াম লৰিয়েল চালফেট নামৰ ৰাসায়নিক দ্ৰব্য কেতিয়াবা এলাৰ্জিৰ কাৰক হব পাৰে৷সেয়ে গৰ্ভকালত প্ৰাকৃতিক প্ৰসাধন নিৰ্বাচন কৰাই শ্ৰেয়৷

কোনো কাৰণতে শৰীৰ শুষ্ক হবলৈ নিদিব৷ নাৰিকলৰ পানী, নেমু-কমলাৰ চৰবত বা ৰসাল খাদ্যৰে নিজকে  পৰিতৃপ্ত কৰি ৰাখিব৷ নিমখ কমাই খাব বিশেষকৈ ভৰি ফুলিলে৷ জোখতকৈ বেচি গৰম বা ঠাণ্ডা পানীৰে স্নান নকৰিব৷ বেচি কাঢ়া কফি নাখাব৷ কফিৰ কেফেইনে সময়পূৰ্বক (Premature labour) প্ৰসৱ বেদনা আনি দিব পাৰে৷ধুম্ৰপাণ আৰু মদ্যপান সম্পূৰ্ণ বৰ্জনীয়৷

গৰ্ভাৱস্থাত  অৱশ্যেই কৰনীয়:- নিয়মীয়া খোজ কঢ়া,লঘু ব্যায়াম, নিতৌ পুৱাৰ মুকলি বতাহ লোৱা,সহজে সহজ হোৱা পুষ্টিকৰ খাদ্য লোৱা, গাখীৰ আৰু আন প্ৰটীন নিতৌ গ্ৰহণ কৰিব৷পৰিস্কাৰ ঢিলা বস্ত্ৰ পৰিধান কৰিব৷মনত সজ চিন্তা আনিব৷ ভাল কিতাপ পত্ৰ আদি পঢ়িব৷মনলৈ কোনো আশংকা, দু:চিন্তা নানিব৷ গৰ্ভৱতী মাতৃৰ প্ৰয়োজন দৈনিক কমেও ৮ঘন্টাৰ নিদ্ৰাৰ৷ অতিৰিক্ত শ্ৰমো নকৰিব-  এলাহুৱাহৈ বিচনাত বাগৰিও নাথাকিব৷

গৰ্ভৱস্থাত সম্ভোগ উচিত নে অনুচিত বহুতৰ মনত প্ৰশ্ন হয়৷ ইয়াৰ উত্তৰ তেনেই সহজ -প্ৰকৃতিয়ে নাৰীক গৰ্ভকালত ভ্ৰুণৰ সুৰক্ষাৰ হেতু জৰায়ু আৰু এমনিয়টিক  ফ্লুইডৰ তৰপ দিছে৷ গতিকে সাধাৰণ সহবাসত মাতৃ আৰু গৰ্ভস্থ সন্তানৰ  একো অপকাৰ নহয়৷ মাত্ৰ সম্ভোগৰ  আসন কষ্টপ্ৰদ যাতে নহয় তালৈ লক্ষ্য ৰাখিব লাগে৷আকৌ সন্তান প্ৰসৱৰ ৪ৰ পৰা ৬সপ্তাহৰ পিছত মহিলাগৰাকী নিয়মীয়া সংগমৰ বাবে শাৰীৰিকভাবে সক্ষম হয়৷

প্ৰসৱৰ পিছত মাতৃগৰাকীয়ে নিজৰ স্তনৰ দুগ্ধ সন্তানক অৱশ্যেই পান কৰাব লাগে৷ ইয়াৰ দ্বাৰা শিশুৱে মাতৃৰ পৰা ৰোগ নিৰোধক তত্ব আহৰণ কৰে৷ তদুপৰি স্তনদুগ্ধ খুৱাই থকা মহিলাগৰাকী ততালিকে পুনৰ সন্তানসম্ভৱা নহয়৷

পাঠকৰ জ্ঞাতাৰ্থে জনাওঁ যে স্বাভাৱিক পদ্ধতিৰ গৰ্ভধাৰণৰ ওপৰিও কৃত্ৰিম গৰ্ভধাৰণ পদ্ধতিৰেও এহাল সন্তানহীনা দম্পত্তীক সন্তানৰ  সুখ উপলব্ধি কৰিবলৈ দিব পাৰি৷

মোখনিত ইমানেই কম পতি পত্নী উভয়েই প্ৰকৃতিৰ বা নেদেখাজনৰ এই অমূল্য বৰদানক প্ৰাণ ভৰি উপভোগ কৰক৷ সকলো সম্ভাব্য পিতৃ-মাতৃলৈ অনেক শুভকামনাৰে আজিলৈ ইমানতে সামৰিলোঁ৷

ডা০ ভূপেন শইকীয়া

৩০মে ২০১৫

 ডোহা,কাটাৰৰ পৰা

One thought on “গৰ্ভধাৰণৰ ইটো সিটো (ডা° ভূপেন শইকীয়া)

  • January 11, 2021 at 6:27 am
    Permalink

    ভাল লাগিল পঢ়ি ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!