আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছো (১৬)-(প্ৰাঞ্জল কলিতা)
প্ৰাঞ্জল কলিতা
—————
সময় হেনো সোঁৱৰণীৰ এখিলা পাত আৰু এদিন দুদিন কৰি নভৱাকৈ সময়ৰ বোকোছাত উঠি প্ৰায় ছয় বছৰ পাৰ কৰিলো এই মিজো পাহাৰত | মোৰ জীৱনৰ ভৰ যৌৱনৰ এই সময়খিনিত বহু ঘটনাই ঘটি গ’ল; তাৰে কিছু মনত থাকি গ’ল আৰু বহু কথাই পাহৰি পেলালো | যোৱা ছয় বছৰৰ মোৰ স্মৃতিৰ ডায়েৰিৰ পাত লুটিয়াই কেইটামান সৰু সৰু ঘ্টনা আপোনালোকৰ বাবে লিখিবলৈ লৈছো |
১) গুৱাহাটী-আইজল ৰাস্তা: পৃথিৱীৰ অষ্টম আচৰিত বস্তুটো কি বুলি সুধিলে, মই এক মিনিটো নভৱাকৈ উত্তৰ দিব পাৰিম সেয়া হল- গুৱাহাটী-আইজল ৰাস্তা | ৰাস্তা বুলিবলৈতো একো নাই | কিলোমিটাৰত দূৰত্ব হিচাপ কৰিলে হয়তো গুৱাহাটীৰ পৰা তিনিচুকীয়া হব কিন্তু সময়ৰ জোখাৰে হিচাপ কৰিলে কাৰো হাতত নিশ্চিত তথ্য নাই | কোনোবাই যদি কয় ২২ ঘন্টা, কোনোবাই কব ২৮ ঘন্টা, কোনোবাই আকৌ দিনৰ হিচাপত কব দুদিনত গৈ পাব | দুখনেই বাছ, কেপিটেল ট্ৰেভেলছ আৰু নেটৱৰ্ক ট্ৰেভেলছৰ | বাছ দুখনৰ গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ হোৱাৰ পিছত কেতিয়া আইজল আহি পাব কোনেওঁ নাজানে | ৰাতি যদি আপুনি খিৰিকি খুলি বাহিৰলৈ চাই, তেতিয়া আপুনি প্ৰথমতে চক খাই উঠিব | গাড়ীখনচোন ৰাস্তাৰ পৰা আঁতৰি পথাৰেৰে গৈ আছে, কিন্তু অলপ পিছত গম পাই যাব সেইটো আছলতে শিল থকা চহোৱা পথাৰৰ দৰে ৰাষ্ট্ৰীয় ঘাইপথ | গাড়ী চলি আছে, কেতিয়াবা যদি দীঘল ট্ৰাকৰ জামত ১৮ ঘন্টা পলম, কেতিয়াবা আকৌ ভূমিস্খলন হৈ ৰাস্তা বন্ধ হৈ গাড়ীৰ ভিতৰতে এদিন-এৰাতি পাৰ কৰাৰ অভিজ্ঞতা পাহৰিব পাৰি জানো ! গাড়ী গৈ আছে আৰু গৈ আছে, অলপ সমান ৰাস্তা পালে দেখিব কেতিয়াবা কাষেৰে হয়তো বাইচাইকেল আৰোহী পাৰ হৈ গৈছে; বাইচাইকেলৰ টিলিঙাৰ শব্দ শুনি গাড়ীৰ ড্ৰাইভাৰে চাইকেলখনক অ’ভাৰটেক কৰি পাৰ হৈ যাবলৈ দিছে | কাৰণ এই ৰাস্তাত গাড়ীৰ গতি হয়তো পোন্ধৰৰ পৰা বিছৰ কি:মি: প্ৰতি ঘন্টাত। ৰাস্তাৰ অৱস্থা দেখিলে আমাৰ গাঁৱৰ ২৫-৩০ বছৰ আগৰ ছবি মনলৈ আহে | গাড়ী দুখনৰ বৰ্ণনা নিদিওঁ বাৰু, বলিউদৰ চিনেমা ’জাৰ্নি মুম্বাই টু গোৱা’ ৰ গাড়ীখনলৈ মনত পৰি যায় | মিজোৰামৰ অকোৱা-পকোৱা ৰাস্তাত সোমোৱাৰ পিছত ৰাস্তাৰ এক অন্য ৰুপ | কৰবাত যদি এখন গাড়ীক চাইড দিবলৈ আপোনাৰ গাড়ীখন পিছুৱাই যাব লগা হৈছে কেতিয়াবা আকৌ চাইৰাঙ পোৱাৰ আগেয়ে যাত্ৰীয়ে শিল পাৰি গাড়ী পাৰ কৰিব লগা পৰিস্থিতি হৈছে | ড্ৰাইভাৰে গাড়ী কেতিয়াবা যদি মদ খাবলৈ ৰখাইছে কেতিয়াবা আকৌ যাত্ৰীয়ে চিগাৰেট হুপিবৰ বাবে ৰখাইছে; মুঠৰ ওপৰত এক বিচিত্ৰ অভিজ্ঞতা ! গুৱাহাটী-আইজল ৰাস্তাৰে এবাৰ বাছত অহাৰ পিছত আপুনি টোপনি মাৰিলেও কেবাদিনলৈকে বিচনাতে নাচি থকা যেন লাগে | ৰেল আৰু বিমানৰ কথা লিখিলেতো এখন মহাভাৰত হব |
২) অসমীয়া মাত শুনি : আইজললৈ অহাৰ প্ৰায় ছয়মাহ মান পিছলৈ মোৰ বিশ্বাস হোৱা নাছিল যে আইজলত অসমীয়া মানুহ আছে | অসমীয়া মানে মই শিলচৰ-কৰিমগঞ্জৰ মানুহখিনিক বাদ দি কৈছো | মো-মো, ইঙে-টিঙে শুনি শুনি আমনি লাগি গৈছে; অসমীয়াত কথা পাতিবলৈ লগ এজন নাই, অ’ফিছত ইংৰাজী আৰু হোষ্টেলত মিজো – কিযে ঠাইত আহি পৰিলো ! ৰাস্তা-ছিটিবাছ সকলতে অসমীয়া মানুহ বিচাৰি ফুৰিছো, নাই এজনো পাবলৈ নাই | এদিনাখন ৰাতিপুৱাৰ কথা- মই টেনিছ কোৰ্ট বাছ ষ্ট’পেজত বাছ ৰখি আছো, এনেতে প্ৰায় পঞ্চাছোৰ্ধৰ মানুহ এজনে আহি মোক সুধিলে “হেৰা তুমি অসমীয়া নেকিহে?’’ কব নোৱাৰোঁ কেনেকৈ গম পালে মই অসমীয়া বুলি; মন অলপ সময়ৰ বাবে হলেও ভাল লাগি গ’ল | মানুহজনৰ নাম দীপক কুমাৰ বৰকাকতি; মায়ে মোক আইজললৈ আহিবৰ সময়ত কৈছিল- ‘মিজোৰামত এজন দীপক বৰকাকতি নামৰ মানুহ আছে, যাৰ লিখনি মই প্ৰান্তিকত পঢ়িছো, কিবা ইউনিভাৰ্ছিটি নে কলেজত চাকৰি কৰে, হয়তো তই লগ পাই যাব পাৰ।’ | ভৱা নাছিলো মায়ে কোৱা সেইজন লেখক আৰু মই বাছ ষ্ট’পেজত লগ পোৱা মানুহজন এজনেই হব | ফোন নাম্বাৰ বিনিময় হল আৰু সিদিনাই আবেলি ২০০৯ চনৰ বিহুৰ মিটিঙ থকাৰ কথা কলে | মইতো এইবোৰ ভালেই পাওঁ, বিহুৰ মিটিঙত উপস্থিত হলো। একেবাৰে হোষ্টেলত প্ৰথম প্ৰৱেশ কৰাৰ দিনাখন যেনেদৰে মোৰ পৰিছয় দিছিলো, ঠিক একে ষ্টাইলতে মোৰ পৰিচয় দিলো | সেয়াই আৰম্ভণি, তাৰ পিছত আৰু কিমানযে অসমীয়া মানুহ লগ পালো, কিমানৰ ঘৰত আলহী হৈ খালো-থাকিলো, হিচাপ দিব নোৱাৰিম | ঘৰৰ পৰা দূৰত থাকি অসমীয়া মানুহখিনিকে আপোন যেন লগা হৈ পৰিল | সুখ-দুখৰ কথা পাতিবলৈ এখন সমাজ পালো আৰু আইজলত চাকৰি কৰি থকাৰ এক প্ৰেৰণা হ’ল |
৩) এটা হোষ্টেলৰ কথা: ‘কোৱালিটি হোষ্টেল’, ঠিকনা- খাটলা, আইজল | ৱাৰ্ডেন গৰাকী মই যাম বুলি ৰৈয়ে আছিল | ৱাৰ্ডেনৰ মাতটো যিমান ধুনীয়া আছিল, তাতকৈ ধুনীয়া আছিল প্ৰায় ২৭-২৮ বছৰীয়া অবিবাহিতা মিজোৰাম বি, এড, মহাবিদ্যালয়ৰ প্ৰৱক্তা ভানলালৰুৱাতি, মোৰ নতুন ঠিকনাৰ অভিভাৱক | প্ৰায় আধাঘন্টা মান কথা-বতৰা পিছত মোক নিয়মাৱলী লিখা থকা এখন বেনাৰলৈ আঙুলিয়ালে | প্ৰথম নিয়মটো দেখিয়ে মোৰ চকু কপালত উঠিল | লিখা আছিল “No Boarders can fall in Love, once it is found will be expelled” | মই ঠিক বুজিব নোৱাৰিলো, নিয়মটো সম্পৰ্কে ৱাৰ্ডেনকো নুশুধিলো | পিছতহে গম পালো সেইটো হোষ্টেলত প্ৰায় ৩৫ গৰাকী আৱাসী আছে তাৰে প্ৰায় ১৬ গৰাকী ছোৱালী | আৱাসী সকলোৰ মাজতহে প্ৰেম নিষিদ্ধ, কিন্তু ইংৰাজীত লিখা বাক্যটোৰ পৰা সামগ্ৰিক ভাৱে প্ৰেম নিষিদ্ধ বুলি বুজিছিলো | লৰা-ছোৱালী একেটা হোষ্টেলত থকা এয়া প্ৰথম দেখিছো, আচহুৱা যেন লাগিছিলে যদিও মনে মনে বেয়া পোৱা নাছিলো | আৱাসীবোৰৰ ভিতৰত ময়েই একমাত্ৰ কৰ্মৰত, বাকী আটাইবোৰ ছাত্ৰ বা ছাত্ৰী, তেওঁলোক পঞ্চম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ মহলাত অধ্যয়নৰত আছিল | প্ৰথম দুদিনমান অখজা অখজা লাগিছিল যদিও সকলোবোৰ আৱাসীয়ে মোক আঁকোৱালি ললে আৰু এটা নতুন পৰিয়ালৰ সদস্য হৈ পৰিলো | হোষ্টেল কোঠালিবোৰ আচলতে প্লাইউডৰ বেৰেৰে ভাগ ভাগ কৰা একো একোটা সৰু কেবিনৰ দৰে আছিল | এটা ডাঙৰ হ’লঘৰ, তাতেই প্ৰায় ৭-৮ ফুট মান ওখ প্লাইউডৰ বেৰ, দুৱাৰ বুলিবলৈ মাত্ৰ এখন পৰ্দা | লৰাবোৰৰ কোঠাত ছোৱালীৰ প্ৰৱেশৰ অনুমতি আছিল যদিওঁ ছোৱালীবোৰৰ কোঠাত লৰাৰ প্ৰৱেশ নিষেধ আছিল | সন্ধিয়া ৬ মান বজাত সামূহিক প্ৰাৰ্থনা হয় আৰু তাৰ পিছত সকলোৱে নিশাৰ ভাত-পানী খাই কোনোবাই পঢ়িবলৈ যায়, কোনোবাই টি,ভি, চাই আৰু কোনোবাই গীটাৰ বজায় | ৰাতি ৯:৩০ মান বজাত চাহ আৰু বিস্কুট দিয়ে | ময়ো অভ্যস্ত হৈ পৰিলো | প্ৰত্যেক শনিবাৰে ৰাতিপুৱা নুবই, আঙাই আৰু জনুনিয়ে মোৰ ৰুম ছাফা কৰি দিয়ে আৰু মই সিহঁতক দুটা দুটা চকলেট দিব লাগে | আবেলি কেতিয়াবা কেৰম খেলো, কেতিয়াবা দুপৰ নিশালৈ আদ্দা মাৰো | মই, আইনৰ ছাত্ৰী আৰিনি, সমাজ বিজ্ঞানৰ ভালা আৰু আতেই যেতিয়া আড্ডা মাৰোঁ, একো বাদ নপৰে আমাৰ আড্ডাত মিজোৰামৰ সমাজব্যৱ্স্থাৰ পৰা আৰম্ভ কৰি বিশ্ব দৰ্শনলৈ, ইংলিছ প্ৰিমিয়াৰ লীগৰ পৰা আৰম্ভ কৰি জোডিন-স্কোৱেৰৰ ‘কল গাৰ্ল’ ৰ কথালৈ | নাৰীবাদী আৰিনিৰ যুক্তিত আমি প্ৰায়ে হাৰ মানো; মিজোৰামৰ নাৰীৰ স্বাধীনতাৰ ওপৰত আৰিনিৰ বক্তব্য অকাট্য | ইংলিছ প্ৰিমিয়াৰ লীগৰ সময়্ত আটায়ে একেলগে খেল চাই টি.ভি. ৰুমতে সকলোৱে শুই পৰে, কেতিয়াবা ৱাৰ্ডেনো আমাৰ মাজতে শুই পৰে | দেওবাৰবোৰত বেছিখিনিয়ে গীৰ্জালৈ যায়, আঙাই আৰু নুবই মোৰ ওচৰলৈ হোমৱৰ্ক বোৰ লৈ আহে | মুঠৰ ওপৰত এক নতুন অভিজ্ঞতা |
৪) শিঙৰা আৰু একাপ গৰম চাহৰ কথা : আপোনালোক বহুতেই চাগে এইষাৰ জনপ্ৰিয় হিন্দী ডাইলগ শুনিছে ‘জৱ তক চামোচা মে ৰেহেগা আলু- তব তক বিহাৰ মে ৰেহেগা লালু’ | শিঙৰাৰ ভিতৰত আলু আৰু মটৰৰ বাহিৰে বেলেগ একো খোৱা সেইদিনা খনৰ আগলৈকে মোৰ মনত নাছিল | আলু অবিহনে শিঙৰা আমাৰ কল্পনাৰ অতীতেই নহয় শিঙৰাৰ ‘ৰেচিপিৰ’ ইতিহাসতো চাগে ই নজিৰবিহীন ঘটনা, সেইকাৰণেই হয়তো বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱে সদম্ভে নিজৰ অস্তিত্ব জাহিৰ কৰিছিল তেনেদৰে | সিদিনাখন আমাৰ অ’ফিছত কিবা কাৰ্য্যসূচী আছিল; দুপৰীয়াৰ কাৰ্য্যসূচীৰ মাজতে চাহ আৰু শিঙৰা দিলে | মই চাহৰ কাপত চুমুক দি শিঙৰাটোত এটা কামোৰ মাৰিছিলো মাত্ৰ, মোৰ সহকৰ্মী এঞ্জেলাই থাপ মাৰি মোৰ পৰা শিঙৰাটো কাঢ়ি লৈ গ’ল | মই হতবাক হৈ ৰলো | শিঙৰাটোৰ ভিতৰত আলু আৰু মটৰ নাছিল, আলুৰ পৰিৱৰ্ত্তে আছিলে গো-মাংস | শিঙৰা ‘ননভেজ’ হব পাৰে বুলি চাগে বহুতেই সপোনতো বিশ্বাস নকৰিব আৰু নকৰিবলগীয়া কথাও | সেয়াই আৰম্ভণি, তাৰ পিছত আইজলত শিঙৰা খাবলৈ হলে এশবাৰ ভাৱো | আমোদজনক ভাৱে ঘটনাক্ৰমে তাৰ কিছুদিন পাছতে বিহাৰত লালুপ্ৰসাদ যাদৱৰ সাম্ৰাজ্যবাদৰ সামৰণি পৰিছিল |
৫)’ডু-এম’ মানে কি: মিজো শব্দ ‘ডু-এম’ৰ অৰ্থ কি? কেতিয়াবা হেনো ‘লাগিব নেকি’, ‘খাবা নেকি’, ‘কিনিব নেকি’ আৰু বাকী কেইটা অৰ্থ নাজানো | আইজলত মই তেতিয়া নতুন | জোডিন-স্কোৱেৰ বাছ ষ্ট’পেজত বাছৰ বাবে ৰৈ আছো | আইজলৰ আকাশত তেতিয়া এন্ধাৰ ভালদৰে নমাই নাই | বাছ অহাৰ মতি-গতি দেখা নাই | ষ্ট’পেজত ৰৈ থকা যাত্ৰীৰ সংখ্যাও কমি আহিছে | কিছু যাত্ৰীয়ে টেক্সিত গুচি গ’ল | মইয়ো বাছৰ আশা বাদ দি টেক্সিত যোৱাটোকে ঠিক কৰি টেক্সিৰ বাবে ৰ’লো | এখন টেক্সি আহিল, সন্মুখৰ আসনত ইতিমধ্যে এগৰাকী যাত্ৰী আছে | মোক দেখা পাই টেক্সিখন ৰৈ দিলে আৰু সন্মুখৰ ছিটত বহি থকা যাত্ৰী গৰাকীয়েই মোক ’ডু এম?’ বুলি সুধিলে | মই ’অ’ অ’ ’ বুলি কৈ মূৰ জোকাৰিলো | কিমান টকা লাগিব সুধিলো, ড্ৰাইভাৰ জনে প্ৰথমতে গাড়ীত বহি লবলৈ কলে, মইয়ো বহি ললো | ড্ৰাইভাৰ জনে মই ক’ত যাম বুলি সুধিলে, মই চাল্টলাং বুলি কলো আৰু কিমান টকা লাগিব সুধিলো | ড্ৰাইভাৰ জনে সন্মুখৰ ছিটত বহি থকা যাত্ৰীগৰাকীৰ লগত কথা পাতিবলৈ কলে, যাত্ৰী গৰাকী এইবাৰ মোৰ পিনে ঘূৰি লৈ মোক আকৌ সুধিলে চাল্টলাঙৰ ক’ত যাম বুলি | প্ৰায় ৩০-৩৫ বছৰীয়া ওঠত ৰঙা লিপষ্টিক সানি স্মাৰ্ট ড্ৰেছ কৰা এইগৰাকী মহিলা যাত্ৰীয়ে মোক সুধিলে- ’ৰাতিটোৰ কাৰণে লাগিব নে কেইঘন্টা মানৰ বাবে লাগিব | মই বুজি নাপালো | তাৰ পিছত কিবা ২৫০০ টকাৰ কথা কোৱা যেন পালো, ভঙা ভঙা হিন্দী, মিজো আৰু ইংৰাজী কৈছে | মই বুজি পালো মই ভুল টেক্সিত উঠিলো | মই টেক্সি ড্ৰাইভাৰজনক কলো, ড্ৰাইভাৰজনে মোক কলে ‘কিয় তেতিয়াহলে ডু-এম বুলি সোধোতে অ’ বুলি কৈছিলে’ | মই কলো মই টেক্সিহে বিছাৰিছিলো আৰু মিজো ভালদৰে বুজি নাপাওঁ বুলি কলো | ড্ৰাইভাৰ জনে মোৰ অৱস্থা বুজি পালে আৰু ছোৱালীজনীক মিজো ভাষাতে কিবা কলে | ছোৱালীজনীয়ে মোৰ পিনে খঙত ঘূৰি চালে, যেন মই তাইৰ কিডনি দুটাহে বিচাৰিছোঁ আৰু মিজো ভাষাতে কিবা ভোৰভোৰালে | যিয়েই নহওঁক মিলেনিয়াম চেন্টাৰ পাৰ হৈ টেক্সিখন ৰখালে, মই টেক্সিৰ পৰা নামি দিলো |
৬) হাঁহৰ মাংস বিচাৰি : হাঁহৰ মাংস মোৰ বৰ প্ৰিয় | কিন্তু আইজললৈ অহাৰ পিছত বহুদিন হ’ল হাঁহৰ মাংস খাবলৈ পোৱা নাই, ব্ৰইলাৰ মূৰ্গীৰ মাংস আৰু চালানী মাছ খাই আমনি লগাত মই লগৰ এজনক লৈ হাঁহ বিচাৰি বংকন বজাৰ ওলালোগৈ | শনিবাৰৰ বজাৰত বিক্ৰী কৰি থকা হাঁহ নেদেখি মূৰ্গী বিক্ৰী কৰি থকা মানুহজনকে সুধিলো হাঁহ ক’ত পাম বুলি | মই কি সুধিছো প্ৰথমতে বুজি নাপালে, মই বুজাবলৈ চেষ্টা কৰিছো | হাঁহক মিজো ভাষাত কি বুলি কয় নাজানো, প্ৰথমতে হিন্দীতে সুধিলো, নাই বুজাব পৰা নাই | তাৰপিছত ইংৰাজীতে কলো ডাক (DUCK) লাগে বুলি | ’ডাক-মো’ বুলি কৈ মানুহ জনে সন্তুষ্টিৰ হাহি মাৰিলে, আমাৰো বুজাব পাৰি ভাল লাগিল | মূৰ্গীৰ মাংস কিনি থকা এজন গ্ৰাহকে তেতিয়া আমাক ভঙা ভঙা হিন্দীতে তেওঁৰ লগত আহিবলৈ কলে, দোকানীজনেওঁ যাওঁক বুলি কলে | আমাৰো হাঁহ খোৱাৰ সপোন বাস্তৱ হোৱাৰ দিশে আগবাঢ়িল | মানুহজনৰ পিছে পিছে গৈ থাকিলো, বংকন এৰি ৰামহ্লুন পালো, কিছুদূৰ খোজ কঢ়াৰ পিছত তেওঁ আমি এটা ঘৰৰ সন্মুখত ৰৈ দিলো, মানুহজনে ঘৰটোৰ পিনে আগবাঢ়ি গৈ আকৌ উভতি আহিল | আমাক ভঙা ভঙা হিন্দীতে কলে আজি ’ডাক’ বন্ধ হৈ গ’ল| আমি কি কলে ঠিক বুজিব নোৱাৰি আকৌ সুধিলো | তেতিয়া মানুহজনে আমাক ঘৰটোৰ সন্মুখত সৰুকৈ ওলমি থকা চাইনবোৰ্ড এখনলৈ আঙুলিয়াই দিলে | চাইনবোৰ্ড খনত ডাঙৰ ডাঙৰকৈ লিখা আছিলে ‘ৰামহ্লুন পোষ্ট অ’ফিছ’ আৰু মিজো ভাষাত ‘ৰামহ্লুন ডাক-ইন’, মানে ৰামহ্লুন ডাকঘৰ | আমি কেনেকৈ বুজাওঁ যে ‘ডাকঘৰ’ নহয় DUCK মানে হাঁহ বিচাৰি আহিছোঁ | নিজৰ ওপৰতে খঙ উঠিল; আমি মানুহজনক থেংক-ইউ বুলি কৈ ঠোঁট-মুখ চেলেকি ঘৰমুৱা হলো |
৭) মিজোৰামৰ বিয়াৰ অভ্যৰ্থনা : মিজোৰমত চাকৰি কৰিবলৈ অহাৰ পিছত প্ৰথমতো বিয়াৰ নিমন্ত্ৰণ | আমাৰ বিশ্ববিদ্যালয়ৰ উপ-উপাচাৰ্য্য তথা মিজোৰামৰ চৰকাৰৰ প্ৰাক্তন মুখ্য সচিবৰ পুতেকৰ বিয়া | হোষ্টেলৰ খানা খাই খাই আমনিও লাগিছে, গতিকে বিয়ালৈ নোযোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে | সময় মতে বিয়া ঘৰত উপস্থিত হলো, টাই-কোট পিন্ধা অভ্যাগতেৰে বিয়াৰ থলী ভৰি পৰিছে | জাক-জাক ধুনীয়া ছোৱালী আৰু বিয়াঘৰৰ সন্মুখত ৰঙা লাইট লগোৱা কেবাখনো গাড়ী, আড়ম্বৰপূৰ্ণ বিয়াযেনেই অনুভৱ হল | গীৰ্জাত আনুষ্ঠানিক বিয়া সম্পন্ন হোৱাৰ পিছত ডাইনিং হললৈ সকলোকে নিমন্ত্ৰণ জনালে | মই আমাৰ বাকী সহকৰ্মী সকলৰ সতে ডাইনিং হললৈ বুলি আগবাঢ়িলো | মনত ফুৰ্ত্তি লাগিছে, বহুত দিনৰ মূৰত আজি বিয়া ঘৰত উদৰ পূৰাই খাম, ইমান ধনী আৰু নামজ্বলা মানুহৰ বিয়া; খানাত কি কি আইটেম থাকিব ভাৱিয়ে জিভাৰ পানী পৰিব ধৰিছে | ডাইনিং হলত উপস্থিত হোৱাৰ পিছতে সকলকে প্লাষ্টিকৰ ডিছপোজেবল গিলাচত সেউজীয়া ৰঙৰ চুপ দি গল | মোৰ লগত যোৱা সমূহ সহকৰ্মীয়ে গিলাচ ভৰাই চুপ ললে | আমাৰ লগৰ বোৰে চুপৰ গিলাচত ইতিমধ্যে সোহা মাৰিছিল। চুপ মোৰ প্ৰিয় হোৱা হেতুকে, মইয়ো চুপৰ গিলাচত তৃপ্তিৰ হাহি মাৰি চুমুক দিলো | মোৰ ডিঙি আৰু জিভা জিকাৰ খাই উঠিল | মই কিহৰ চুপ ধৰিব নোৱাৰিলো, ইমান তিতা | মই মুখখন বিকটাই দি, ঠান্ডা পানী অলপ মুখত দিলো | কিহৰ চুপ বুলি সুধিলত, লগৰ মিজো সহকৰ্মী জনে কলে- তিতা-কেৰেলা আৰু মহানিম পাতৰ চুপ | মোৰ মূৰ নষ্ট হৈ গল | বেমাৰ হলেওঁ তিতা খাবলৈ টান পোৱা মোক বিয়া ঘৰত তিতাকেৰেলাৰ চুপ খুৱালে, সেইখন কিবা বিয়াঘৰৰ পাৰ্টী নে হস্পিটালৰ কেন্টিন | মিজো সহকৰ্মী জনে বাৰে বাৰে কলে -স্বাস্থ্যৰ কাৰনে হেনো ভাল এই চুপ | বিয়াৰ নিমন্ত্ৰ্ণী খানা সিমানতে সামৰি বিয়া ঘৰৰ পৰা ওলাই আহিলো |
৮) আইজলৰ চিনেমা হ’লত চিনেমা চালো : ২০০৮ চনত মই যেতিয়া আইজললৈ আহিছিলো, তেতিয়া আছাম ৰাইফলছৰ কেম্পাছত এটা চিনেমা হ’ল আছিল | প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে সাধাৰণ ৰাইজৰ বাবে চিনেমা হল মুকলি কৰি দিয়ে | এ. আৰ. গ্ৰাউন্ডৰ কাষতে লাগি থকা এটা টিঙৰ চালি থকা দীঘল ঘৰ, তাতেই চিনেমা প্ৰদৰ্শনী হয় | আছাম ৰাইফলছৰ গেটৰ সন্মুখতে চিনেমাৰ পোষ্টাৰ লাগি থাকে | মই এদিন দেওবাৰে চিনেমা চাম বুলি উপস্থিত হলো | বাহিৰত পোষ্টাৰত দেখিছো চানী ডেউল অভিনীত এখন চিনেমা লাগি আছে | দুপৰীয়া তিনি বজাৰ পৰা প্ৰদৰ্শনী আৰম্ভ হব | টিকটৰ হাৰ ১০ টকা আৰু ১২ টকা, ১০ টকাত সন্মুখৰ আসন আৰু ১২ টকাত পিছপিনে থকা ওখ ওখ আসন কেইখন মান | টিকট কাটিবলৈ শাৰী পাতিবলগীয়া হৈছে; বেছিখিনি দৰ্শকেই শিলচৰ, কৰিমগঞ্জৰ শ্ৰমিক | যথাসময়ত চিনেমা হলত প্ৰৱেশ কৰিলো, চিনেমা আৰম্ভ হল | পৰ্দাৰ অৱস্থা তথৈবচ আৰু চাউন্ড সিমান ভাল নহয় | যিয়ে নহওঁক আইজলত যে চিনেমা চাবলৈ পাইছো সেয়াই যথেষ্ট | চানী-ডেউলৰ প্ৰতিটো ডাইলগৰ লগে লগে দৰ্শকৰ হাত চাপৰি আৰু চিঞৰ | প্ৰায় এক ঘন্টা মান চিনেমা চলাৰ পিছত, চিনেমা খন আৰু আগনবঢ়া হল | চিনেমাৰ ৰোল ফচিলে হেনো, প্ৰায় ১৫ মিনিটমান সময় ৰৈ দিবলগীয়া হল, নাই তথাপিও চিনেমাখন আৰম্ভ কৰিব পৰা নাই | দৰ্শকৰ হুলস্থুল বাঢ়ি গ’ল, লাইটৰ ব্যৱস্থাওঁ ভাল নহয় | যিয়ে নহওঁক চিনেমা আকৌ আৰম্ভ হল, কিন্তু আগৰ চলি থকা চিনেমা খন নহয়, এইবাৰ এখন নতুন চিনেমা | বঙালী ভাষাৰ এই চিনেমাখন কিন্তু প্ৰথমৰ পৰা আৰম্ভ নকৰিলে, প্ৰায় এক ঘন্টা সময় ফৰৱাৰ্ড কৰি নতুন চিনেমা আৰম্ভ হ’ল | দৰ্শকৰ মাজত উল্লাসৰ চিঞৰ শুনিবলৈ পোৱা গ’ল | কাহিনী ধৰিব পৰা নাই, কেৱল গান আৰু ডাইলগ চাই মানুহে চিঞৰি আছে | মোৰ আৰু ভাল নালগিল, মই হলঘৰৰ পৰা ওলাই আহিলো, গেটত থকা হলৰ কৰ্মচাৰীজনক কলো, এখন চিনেমা চাব আহি আধা দেখালে আৰু আধা বেলেগ দেখালেছোন | কৰ্মচাৰী জনে মোৰ পিনে খঙতে চাই উত্তৰ দিলে- ’দহ টকাত এঘন্টা চাইছে, দুখন দুখন চিনেমা চাব পাইছে; ইয়াতকৈ বেছি আৰু কি লাগে’ | সেয়াই আইজলৰ চিনেমা হলত চোৱা প্ৰথম আৰু শেষ চিনেমা |
৯) এটা ক্লাছৰ কথা: মই চাকৰিত জইন কৰা এমাহ মান হৈছেহে মাত্ৰ | মোৰ এম. এছ. ছি. পাছ কৰা বেছি দিন হোৱা নাই, গতিকে নতুন মন আৰু শক্তি লৈ কাম মানে শিক্ষকতাৰ কাম আৰম্ভ কৰিছোঁ | আমাৰ ডিপাৰ্টমেন্টৰ হেডে ক্লাছত বেছি খং নকৰিবলৈ কৈছে আৰু ছাত্ৰ-ছাত্ৰী সকলক প্ৰথমতে বুজি লৈ বন্ধুত্বপুৰ্ণভাৱে শিকোৱাৰ উপদেশ দিছে | ছিক্স ছেমিষ্টাৰৰ ক্লাছ আছিল সিদিনা, মই ছফটৱেৰ ইঞ্জিনীয়াৰিঙৰ সূত্ৰ বুজাই আছো; হেডৰ কথা মতে বেছি কঠোৰ হোৱা নাই, সাধাৰণ ভাৱেই ক্লাছ কৰি আছো | প্ৰায়খিনি ছাত্ৰ-ছাত্ৰীয়ে মন দি বুজক বা নুবুজক শুনি আছে, মাত্ৰ এজনী ছোৱালীয়ে সন্মুখৰ ছিটত বহি হাতৰ নখত আপোনমনা হৈ নেইল-পলিছ লগাই আছে | মোৰ লেকচাৰৰ প্ৰতি কোনো আগ্ৰহেই নাই | হঠাত মোৰ খঙ উঠি গ’ল আৰু হাতত থকা মাৰ্কাৰডাল ছোৱালীজনীলৈ বুলি মাৰি পঠিয়ালো | ছোৱালীজনী এইবাৰ নেইল-পলিছৰ ব্ৰাছ থকা মুখখন বটলত লগাই মোৰ পিনে চালে, ক্লাছৰুমত অলপ সময়ৰ বাবে নিস্তব্ধতা বিৰাজ কৰিলে | এইবাৰ ছোৱালীজনীয়ে মোৰ পিনে চাই মোক সুধিলে ” ছাৰ আৰ ইউ আছামীজ?’’ (মানে আপুনি অসমীয়া নেকি)| মোৰ খঙ বেছি হৈ গল, মোৰ ভাৱ হ’ল মোক অনা-মিজো বুলি ভাৱি খাতিৰ কৰিব খোজা নাই | মই ’ইয়েছ’ বুলি কলো | ছোৱালীজনীয়ে এইবাৰ মোৰ চকুত চকু থৈ ক’লে – ‘আই লাইক আছামীজ বয় এণ্ড আই লাভ ইউ’ (অৰ্থাৎ- মোৰ অসমীয়া ল’ৰা ভাল লাগে আৰু মই আপোনাক ভাল পাওঁ) | মই খঙ কৰিম নে হাঁহিম কি কৰিম ধৰিব নোৱাৰিলো, মই উত্তৰবিহীন হৈ পৰিলো | ক্লাছৰ বাকীবোৰেওঁ ফুৰ্তি পালে | মই ৰঙা-চিঙা পৰিলো; ক্লাছৰ সময় শেষ হবলৈ তেতিয়াও প্ৰায় পোন্ধৰ মিনিট সময় বাকী | মই মাত্ৰ ক’লো- ‘ক্লাছত সিবিলাক কথা নহয় আৰু আজি নতুনকৈ একো নপঢ়াওঁ, কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে’ | এইবাৰ আন এজনী ছাত্ৰী থিয় হ’ল আৰু সুধিলে ’ছাৰ, আৰ ইউ ষ্টিল বেচ্চেলৰ ?’, আকৌ ফাল্টু প্ৰশ্ন | মই মাত্ৰ অ’ বুলি কৈ বেছি প্ৰশ্ন সোধাৰ সুবিধা নিদি সেইদিনাৰ বাবে ক্লাছ সামৰিলো | মই পোনে পোনে আমাৰ হেডৰ ওচৰলৈ গলো আৰু কথাখিনি কলো | আমাৰ ডিপাৰ্টমেন্টৰ হেডজন মিজো, তেওঁ মোৰ কথাত বৰ ৰস পালে আৰু তেওঁ ছাত্ৰীজনীৰ ওপৰত কিবা ব্যৱ্স্থা লোৱাৰ কথা নভাৱি মোক মাত্ৰ কলে ‘এনজয় মাই বয়, ইউ আৰ লাকী’ আৰু আমাৰ ডিপাৰ্টমেন্টৰ সকলোৰে আগত মোৰ কথা কৈ জোকাব ধৰিলে |
১০) কণী কিনাৰ অংক: চাল্টলাঙৰ বজাৰত এদিন লোকেল কণী কিনিবলৈ গলো | এটা কণীৰ দাম ১০ টকা আৰু এযোৰ কিনিলে ১৫ টকা | মোক লাগে তিনিটা কণী, মই সুধিলো কেইটকা দিব লাগিব | দোকানীজনীয়ে কলে ৩০ টকা, মই সুধিলো কেনেকৈ | মোক বুজালে এটা কণীত ১০ টকা গতিকে তিনিটা কণীত ৩০ টকা | মই কলো যোৰা যদি ১৫ টকা তেন্তে মোক তিনিটা কণী ২০ টকাত দিয়ক, দোকানীজনী ৰাজি নহ’ল; তেতিয়া মই কলো এযোৰৰ দাম ১৫ টকা আৰু এটাৰ দাম ১০ টকা যোগ কৰি ২৫ টকা ৰাখক | দোকানীজনীয়ে তথাপিও মান্তি নহল, তিনিটা কিনিলে ৩০ টকাই লাগিব | মই ক’লো মোক দুযোৰ কণী দিয়ক, মোক এযোৰ এযোৰকৈ চাৰিটা কণী দিলে আৰু দুযোৰৰ দাম হল ৩০ টকা, সেইমতে মই ত্ৰিছ টকা দিলো | মই এইবাৰ এটা কণী ওভোটাই দি কলো মোক এটা কণীৰ দাম অৰ্থাত ১০ টকা ঘূৰাই দিয়ক | এইবাৰ দোকানীজনীয়ে একো নিচিন্তি মোক ১০ টকা ঘূৰাই দিলে; মই ২০ টকাত তিনিটা কণী কিনিলো | অলপ পিছত দোকানীজনীয়ে কিবা বুজি পাই মোক পিছ পিনৰ পৰা মাত দিলে আৰু ক’লে কণী তিনিটা কিনিলে ৩০ টকাই লাগিব | অংকৰ কণী মূৰত লৈ মূৰ্গীৰ কণী বিক্ৰী কৰা দোকানীজনৰ ওপৰত মোৰ খঙ উঠি গ’ল আৰু চিঞৰি চিঞৰি গালি দিব নোৱাৰিলেও মুখৰ ভিতৰতে ভোৰভোৰালো | যিয়েই নহওঁক মই কণীকেইটা ওভোতাই দি পইচা ঘূৰাই ল’লো আৰু সেইদিনা কণী খোৱা নহ’ল |