সাক্ষাৎকাৰ : “ভোগালী জলপান”ৰ সৈতে এসন্ধ্যা

নিজ কাৰ্যালয়ত অজিত শৰ্মা
নিজ কাৰ্যালয়ত অজিত শৰ্মা

সাক্ষাৎকাৰ গ্ৰহণ : ধ্ৰুৱজ্যোতি শৰ্মা

সহযোগী : দেৱব্ৰত গগৈ

 

“তিলপিঠা , ঘিলা-পিঠা , আখৈ , বা হুৰুমক  লৈও যে এক লাভজনক  ব্যৱসায় কৰিব পাৰি সেই কথা অসমৰ  যিটো ব্যৱসায়িক প্ৰতিষ্ঠানে প্ৰথমে হাতে-কামে কৰি দেখুৱালে সেইয়া হৈছে “ভোগালী জলপান”। মাঘবিহুৰ বতৰত আমি “ভোগালী জলপানৰ” আঁৰৰ ব্যক্তিজন শ্ৰী অজিত শৰ্মাদেৱৰ  মনৰ বতৰা আপোনালোকলৈ লৈ আহিছো  ——–

ভোগালী জলপান” প্ৰকল্পটো আৰম্ভ কৰাৰ আঁৰৰ কথাখিনি আমাক কওকচোন!

 

অজিত  শৰ্মা :  হয় , সকলোৱে জানিব বিচাৰে মই কেনেকৈ এই কাম আৰম্ভ কৰিলো । প্ৰথম কথা হ’ল অভাবেই আৱিষ্কাৰৰ মূল , আমি সকলোৱে জানো সেই কথা। মইও অভাৱী পৰিয়ালৰ পৰা অহা ল’ৰা। সৰুতে মোৰ লগৰবোৰে যেতিয়া খেলা-ধূলাত ব্যস্ত আছিল সেইসময়ত মই পাণ-তামোলৰ দোকান দিছিলো। স্কুলত পঢ়াৰ সময়তো আজৰিৰ পৰত শিৱসাগৰৰ টেঙাপুখুৰী অঞ্চলত থকা দেউতাৰ দোকানত বহিছিলো। সেয়ে এক ব্যৱসায়ী মনোভাব মই সৰুৰে পৰা পাইছিলোঁ । আনহাতে খেতিতো  মই সৰুৰে পৰা মনোনিবেশ কৰিব পাৰিছিলো।

স্নাতক হোৱাৰ পাছত ১৯৮৯চনত মই চাকৰি কৰিবলৈ গুৱাহাটীলৈ আহো আৰু এসপ্তাহমানৰ ভিতৰতে এটি ব্যক্তিগতখণ্ডৰ চাকৰি যোগাৰ কৰো। সেই চাকৰিটো কৰি থকা কালত দুপৰীয়াৰ আহাৰত মই প্ৰায়ে শিৱসাগৰৰ ঘৰৰ পৰা মাতৃয়ে পঠিয়াই দিয়া সান্দহ , কোমল চাউল আদি অফিচলৈ লৈ যাওঁ। বিশেষকৈ কোমল চাউল যিদিনা নিও সেইদিনা সৰু টিফিন বক্স এটাত কোমল চাউল , গাখীৰ আৰু চেনিৰ  সংমিশ্ৰণ এটা কৰি লৈ যাওঁ ,যিটো মিশ্ৰণ অতিকৈ সোৱাদ লগা হয়। মোৰ সহকৰ্মীসকলকো  সেই জলপানৰ মিশ্ৰণটো খাবলৈ দিছিলো আৰু তেওঁলোকেও খাই ভাল পাইছিল। জলপানৰ সেই মিশ্ৰণটোৰ জনপ্ৰিয়তা দেখি মই আমাৰ অফিচটোৰ কাষতে থকা দোকান এখনত শিৱসাগৰৰ ঘৰৰ পৰা অনা কোমল-চাউল এপোৱা এপোৱা পেকেট কৰি বিক্ৰীৰ বাবে দিওঁ আৰু লগতে অফিচৰ সহকৰ্মীসকলক কথাটো জনোৱাত তেওঁলোকেও দোকানখনৰ পৰা সেই জলপানৰ  পেকেটবোৰ কিনিবলৈ আৰম্ভ কৰিলে আৰু এনেদৰেই মই মোৰ জলপানৰ  ব্যৱসায় আৰম্ভ কৰোঁ।

১৯৯০ চনত মই ‘নতুন দৈনিক্’ নামৰ অসমীয়া বাতৰি কাকত এখনৰ চাৰ্কুলেচনৰ চাকৰিত  যোগদান কৰোঁ। চাৰ্কুলেচনৰ  কামত যিহেতু মই অসমৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিবলগীয়া হৈছিল তাৰফলত  মই সমান্তৰালকৈ অসমৰ থলুৱা জলপানৰ ওপৰত এক ক্ষেত্ৰ-অধ্যয়ন কৰাৰ সুযোগ পালো। যিয়ে মোৰ ব্যৱসায়টো আৰম্ভ কৰাত বহুত সহায় কৰে। এনেকৈ এই চাকৰিটো মই প্ৰায় ছয় বছৰ কৰো আৰু শেষত ১৯৯৭ চনত মই মোৰ দুজন ভাতৃৰ লগত মিলি আনুষ্ঠানিকভাৱে ‘ভোগালী জলপান” আৰম্ভ কৰো।

 

 

খাদ্যসমূহ প্ৰস্তুত কৰোঁতে প্ৰয়োজন হোৱা সামগ্ৰী/উপকৰণসমূহ কৰ কৰ পৰা যোগাৰ কৰা হয়?

অজিত শৰ্মা :  প্ৰথম অৱস্থাত আমি কোমল চাউল , সান্দহ আদি  শিৱসাগৰ , বিশ্বনাথ চাৰিআলি, নাৰায়ণপুৰ , চতিয়া , ডিব্ৰুগড় , মৰিগাওঁ আদি অঞ্চলৰ পৰা সংগ্ৰহ কৰিছিলো যদিও পাছলৈ আমি কেৱল চাউলহে সংগ্ৰহ কৰি   নিজাববীয়াকৈ জলপান আৰু পিঠা-পনাবোৰ তৈয়াৰ কৰো।


ভোগালী জলপান”ত বৰ্তমান কি কি অসমীয়া খাদ্য-সম্ভাৰ অন্তৰ্গত কৰা হৈছে।

 

অজিত শৰ্মা : আমাৰ প্ৰথম প্ৰতিশ্ৰুতি হ’ল যে অসমৰ স্থানীয় যিবোৰ জা-জলপান সেইবোৰ অৰ্ডাৰ অনুযায়ী আমি যোগান ধৰা কিন্ত সময়ৰ অভাৱ বা আন অসুবিধাৰ বাবে আমি সকলোখিনি ব্যৱসায়িক ভিত্তিত কৰিব পৰা নাই। বৰ্তমান আমি কোমল চাউল , সান্দহ , মালভোগ চিৰা, আখৈ , পিঠাগুৰি , বিভিন্ন পিঠা আদি তৈয়াৰ কৰো। ইয়াৰ উপৰিও আমি আমাৰ পৰম্পৰাগত  জলপানবোৰক নতুন ৰূপ দিছো। ইয়াৰ ভিতৰত আছে মিল্কি জলপান, মিল্কি সান্দহ , ৰি-পেষ্ট , স্কুল টিফিন আদি প্ৰধান। এইবোৰ ‘Ready-to-eat” হয়। এইবোৰত গাখীৰ, গুৰু  বা চেনি আগতীয়াকৈ মিহলাই পেকেট কৰি বিক্ৰী কৰা হয়। এনে নতুন ৰূপৰ জলপান মানুহে আদৰি লৈছে।

ভোগালী জলপানৰ বিভিন্ন পিঠা-পনাৰ পেকেট
ভোগালী জলপানৰ বিভিন্ন পিঠা-পনাৰ পেকেট

খাদ্যসমূহ নষ্ট নোহোৱাকৈ কিদৰে সংৰক্ষণ কৰি ৰখা হয়?

অজিত শৰ্মা : আমাৰ  স্থানীয় জলপানবোৰৰ  সাধাৰণতেই বহুদিন নষ্ট নোহোৱাকৈ থাকে । কোমল চাউল, সান্দহ বা চিৰাৰ দৰে জলপান তৈয়াৰ হোৱাৰ ছমাহলৈকে বেয়া নহয়। সেয়ে ভাল পেকেজিং ব্যৱস্থাই সেইবোৰৰ জীৱনকাল আৰু দীঘলীয়া কৰি দিয়ে।   আমি এতিয়ালৈকে খাদ্য সংৰক্ষণত  কোনো ধৰণৰ কৃত্ৰিম ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নাই।

এই ব্যৱসায়িক প্ৰতিষ্ঠানটো চলাই লৈ যোৱাত আপুনি কেনেধৰণৰ অসুবিধা পাই আহিছে ?

অজিত  শৰ্মা :  অসুবিধা বহুতো আছে। বিশেষকৈ আমাৰ কামবোৰ কৰিবলৈ ঠাইৰ অভাব। ব্যৱসায় আৰম্ভ কৰাৰ কিছুদিনৰ পাছতে অসম চৰকাৰৰ পৰা গুৱাহাটীৰ বামুণীমৈদামস্থিত “ঔদ্যোগিক ক্ষেত্ৰত” ৫০০০বৰ্গফুটৰ ঠাইৰ বাবে আবেদন কৰিছিলো যদিও আমাক ১২০০বৰ্গফুটহে আবণ্টন দিয়ে , যিয়ে বহু অসুবিধাৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও আমি পেকেজিংৰ দিশটোত  অসুবিধাৰ সন্মুখীন হৈছিলো যদিও এতিয়া বহুখিনি লাঘব হৈছে।

প্ৰথম অৱস্থাত দ্ৰব্যবোৰৰ মাৰ্কেটিংৰ ক্ষেত্ৰটোও অসুবিধাই দেখা দিছিল। সেইসময়ত  বহুবোৰ দোকানীয়ে মোক অসমীয়া  জলপান বেচাৰ বাবে তাছিল্যও কৰিছিল।

আপোনাৰ কেতিয়াবা এনে পৰিস্থিতি আহিছেনে যেতিয়া আপুনি ভাবিছে “ভোগালীজলপান”  খুলি আপুনি ভুলহে কৰিছে ?

অজিত শৰ্মা : নাই কেতিয়াও অহা নাই ।

চৰকাৰী ক্ষেত্ৰৰ পৰা যেনে বেংক বা আন বিত্তীয় প্ৰতিষ্ঠান আদিৰ পৰা বিত্তীয় সাহাৰ্য্য কিবা পাইছেনে ?

অজিত শৰ্মা :  ব্যৱসায়ৰ প্ৰথম অৱস্থাত  আমি প্ৰধান মন্ত্ৰী ৰোজগাৰ যোজনাৰ অধীন এক লাখ টকাৰ এটা ঋণ লাভ কৰো। বিত্তীয় দিশত বেংকে মোক বৰ্তমানলৈকে যথেষ্ঠ সহায় কৰি আহিছে।

বৰ্তমান “ভোগালী জলপান”ত কিমান সংখ্যক কৰ্ম-কৰ্তা আছে?

অজিত শৰ্মা :  বৰ্তমান আমাৰ ইয়াত ৬৫জন কৰ্ম-কৰ্তা আছে।

কৰ্মচাৰীৰ লগত শ্ৰী শৰ্মা
কৰ্মচাৰীৰ লগত শ্ৰী শৰ্মা


আপুনি বাৰু এই প্ৰকল্পত জড়িত থকা কৰ্ম-কৰ্তাসকল ইয়াক লৈ সুখী নে?

অজিত শৰ্মা :  আমাৰ  কৰ্মচাৰীসকলৰ সৃষ্টিশীলতা , একাগ্ৰতা ,  কৰ্তব্য-নিষ্ঠা আৰু জাতীয়তাবোধেই হৈছে ভোগালী-জলপানৰ সম্পদ , সেয়ে আমি তেওঁলোকক লৈ সুখী।

 

তামিলনাদুৰ ইদলী-দোচা আজি ভাৰতবৰ্ষৰ গাঁৱে-চহৰে জনাজাত। বিদেশতো দক্ষিণ ভাৰতীয় খাদ্যৰ জনপ্ৰিয়তা বাঢ়িছে। পঞ্জাৱৰ “নান” ভাৰতীয় ব্ৰেড বুলি গোটেই বিশ্বতে জনপ্ৰিয় হৈছে। অসমীয়া ভকা পিঠা-খোলাচপৰীয়া পিঠাক অসমৰ ৰাইজেই চিনি নোপোৱা হৈছে। কেৰোণটো ক? কেতিয়াবা ছিংগাপুৰৰ কোনোবা ভোজনালয়ত অসমীয়া ভকা পিঠা পোৱা যাব বুলি আপুনি আশাবাদীনে ? অসমীয়া খাদ্য অসমৰ বাহিৰেও আন প্ৰদেশসমূহত জনপ্ৰিয় কৰিবলৈ কেনেধৰণৰ পদক্ষেপ লোৱা উচিত?

 

 

অজিত শৰ্মা :  এই ক্ষেত্ৰত সংবাদ মাধ্যমে বিশেষ ভূমিকা লোৱাটো প্ৰয়োজন। তাৰ উপৰিও আমাৰ জলপানবোৰ পাহৰি যোৱাৰ অন্যতম কাৰণ সঠিকভাবে উপলব্ধ নোহোৱা। আমাৰ অসমৰ মানুহৰ প্ৰধান খাদ্য ভাত , কিন্ত অসমত ধানৰ  উৎপাদন সঠিক পৰিমাণত নহয়। আমাৰ খাদ্যাভাৱ অলপ সলনি হৈছে সেয়া সঁচা কিন্ত আমাৰ জলপানবোৰ সঠিককৈ উপলব্ধ যে নহয় সেয়াও সঁচা কথা। আমি লাহে লাহে পৰমুখাপেক্ষী হৈ পৰিছো। এইয়া আমাৰ অতীতৰে মানসিকতা। এনে মানসিকতা সলনি কৰিব লাগিব।

ইয়াৰ উপৰিও জলপানবোৰৰ  সোৱাদ সলনি কৰিব লাগিব। লাচিতৰ দিনত অসমীয়া সেনাই  যুদ্ধৰ সময়ত গামোছাত কোমল চাউল বান্ধি ব্ৰহ্মপুত্ৰত তিয়াই থৈছিল আৰু ভীমকলৰ লগত খাইছিল। এতিয়াৰ মানুহে এনেকৈ ভীমকলৰ লগত কোমল চাউল নিশ্চয় নাখাব। গতিকে আজিৰ প্ৰজন্মই জুতি পোৱাকৈ জলপানবোৰ প্ৰস্তত কৰিব লাগিব।  বিশেষকৈ মাতৃসকলে জুতি লগাকৈ থলুৱা জলপানবোৰ সন্তানসকলক পৰিৱেশন কৰিব লাগে।


বৰ্তমানৰ প্ৰযুক্তিবিদ্যাৰ সহায়ত অসমীয়া জলপানসমূহ অনলাইনও কিনিবলৈ পোৱা গৈছে। কিন্তু শুকান খাদ্য সামগ্ৰীসমূহহে যেনে; তিল পিঠা, সান্দহ, চিৰা আদি অনলাইন কিনিবলৈ পোৱা যায়। কিন্তু আমাৰ আইতাহঁতে সাজি দিয়া চুঙা পিঠা, টেকেলীমুখত দিয়া পিঠা, খোলাচাপৰি পিঠা অৰ্থাৎ যিবোৰ পিঠা-পনা গৰমে গৰমে নাখালে সোৱাদ পোৱা নাযায় নাইবা যিবোৰ পিঠা-পনা অতি সোনকালে নষ্ট হোৱাৰ সম্ভাৱনা থাকে সেইবোৰক অসমৰ বাহিৰলৈ উলিয়াই নিবলৈ আপোনালোকে কিবা পদক্ষেপ লৈছে নেকি বা লম বুলি ভাবিছে নেকি?

 

 

অজিত শৰ্মা :  অন-লাইন ব্যৱসায় আমি এতিয়ালৈকে আৰম্ভ কৰা নাই।

সোনকালে নষ্ট হোৱাৰ ক্ষেত্ৰত ইয়াক ৰুধিবলৈ গৱেষণাৰ প্ৰয়োজন আৰু সেয়ে অসমত এটা খাদ্য গৱেষণাগাৰ স্থাপন হোৱাটো বিচাৰো।


অসমলৈ বাহিৰৰ খাদ্য-সম্ভাৰৰ আমদানিৰ কাৰণটো আপুনি কি বুলি ভাবে?

অজিত শৰ্মা : এই ক্ষেত্ৰত আমি নিজে  জগৰীয়া।  কাৰণ আমি পৰমুখাপেক্ষী , কষ্ট কৰিবলৈ নিবিচাৰোঁ।  বাহিৰৰ পেকেট ফুডৰ ওপৰত আমি নিৰ্ভৰশীল হৈ পৰিছোঁ।  মূল কাৰণ সেয়ে ।

 

অসমত “ভোগালী জলপান”ৰ দৰে পৰম্পৰাগত অসমীয়া খাদ্য সামগ্ৰী উপলব্ধ হোৱা আন কোনো অনুষ্ঠান আছে নেকি? কিমান আছে? যদি আছে সেইবোৰৰ ভিতৰত আপোনালোকৰ প্ৰতিযোগী অনুষ্ঠান কোনটো?

অজিত শৰ্মা :  ভোগালী জলপানৰ দৰে  আন অসমীয়া জলপানৰ ব্যৱসায়ী প্ৰতিষ্ঠানবোৰক আমি সদায় সহযোগী বুলিয়েই ভাবো । আশাকৰো তেনে প্ৰতিষ্ঠান অসমৰ চুকে-কোণে ভৰি পৰক।


এনেকুৱা এটা দিন আহিব বুলি আপুনি আশাবাদী নে যে অসমীয়া শিশু এটাই জলপানত মেগী বা নুডলচ নাখাই সান্দহ এবাতি খাইছে?

অজিত শৰ্মা : আহিব , খুব কম সময়তেই আহিব ।

আপোনাৰ পৰিয়াল বৰ্গৰ পৰা ভোগালীজলপানৰ  ক্ষেত্ৰত কেনে সহযোগিতা পাই আহিছে ?

অজিত শৰ্মা : প্ৰথম অৱস্থাত মোক মোৰ মায়ে যথেষ্ট সহায় কৰিলে আৰু বৰ্তমান পৰিবাৰে ব্যৱসায়ত সকলো দিশতে সহায় কৰি আহিছে।

ভোগালী জলপানে লাভ কৰা বিভিন্ন বঁটা-বাহন
ভোগালী জলপানে লাভ কৰা বিভিন্ন বঁটা-বাহন

আপুনি আংশকা কৰে নেকি যে  আমাৰ থলুৱা খাদ্য সম্ভাৰ এদিন নাইকীয়া হৈ মাথো আমদানীকৃত খাদ্যই আমাৰ খাদ্য-অভ্যাসৰ ওপৰত সৰ্ম্পূণ প্ৰভাব বিস্তাৰ কৰিব ?

অজিত শৰ্মা : নাই সেইয়া কেতিয়াও হবই নোৱাৰে। যেতিয়ালৈকে এটা জাতিৰ জাতীয়তাবোধ থাকিব তেতিয়ালৈকে তাৰ সংস্কৃতি বা খাদ্য-অভ্যাস শেষ নহয়।


এই প্ৰকল্পটোক লৈ আপোনাৰ ভবিষ্যত পৰিকল্পনা কি?

অজিত শৰ্মা :  আমাৰ থলুৱা জলপানক  যাতে বিশ্বৰ বজাৰত উন্নত মানদণ্ডৰে আৰু  গ্ৰাহকে বিচৰা ধৰণে পৰিৱেশন কৰিব পাৰো , সেইয়াই আমাৰ মুল লক্ষ্য । আমাৰ ভোগালী জলপানৰ শ্লোগান হৈছে “ Healthy solution”. আৰু আমি তাৰ ওপৰতেই কাম কৰিবলৈ লৈছো।

ছয়গাওঁত আৰম্ভ হোৱা ফুড-প্ৰচেচিং পাৰ্কত আমি এখিনি মাটি  লৈছো আৰু তাত নতুনকৈ জলপান প্ৰস্তত কৰা  কাৰাখানা স্থাপনৰ বাবে যো-জা চলাইছো ।

আপোনাৰ ব্যক্তিগতভাবে কোনবিধ জলপান প্ৰিয় ?

অজিত শৰ্মা : সময়সাপেক্ষে প্ৰতিটো জলপানেই মোৰ প্ৰিয়।

আমাৰ শেষ প্ৰশ্ন , আপোনাৰ পৰিয়ালৰ  বিষয়ে অলপ কব নেকি?

অজিত শৰ্মা :  মোৰ মা,  পৰিবাৰ আৰু দুগৰাকী কন্যা আছে আৰু এজন বৰপুত্ৰ আছে , যাৰ নাম “ভোগালীজলপান” ।

 

One thought on “সাক্ষাৎকাৰ : “ভোগালী জলপান”ৰ সৈতে এসন্ধ্যা

  • February 9, 2014 at 6:46 pm
    Permalink

    Bhaal laagol
    Bhugali jalpan mur bor prio

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!