ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

শৰ্মাজ স্পেশ্যেল বিলাহীৰ টক্ – মৃদুল কুমাৰ শৰ্মা

“অ’ পকা বিলাহী…” গানটোলৈ মনত পেলাই চাৰিটা ডাঙৰ, ভালদৰে পকা বিলাহী চাৰিফালকৈ কাটি গুটিবোৰ গুচাই ভালদৰে ধুই লওক৷ মধ্যমীয়া আকাৰৰ আদা এটুকুৰা পাতলকৈ শ্লাইচ কৰি কাটি লওক৷ কেঁচা (পকা নহয়) জলকীয়া চাৰিটামান দীঘল দীঘলকৈ মাজেৰে ফালি লওক৷

এতিয়া বিলাহী, আদা আৰু জলকীয়াখিনি এটা মাইক্ৰ’ৱেভপ্ৰুফ পাত্ৰত লৈ মাইক্ৰ’ৱেভ অভেনত মাইক্ৰ’ ম’ডত ৯০০ ডিগ্ৰী ছেলচিয়াছত চাৰি মিনিটমান সিজিবলৈ দিয়ক৷ তাৰ পিছত পাত্ৰটো উলিয়াই গৰম বিলাহীখিনিৰ পৰা সাৱধানে বাকলিখিনি গুচাই পেলাব৷ বিলাহীখিনি ঠাণ্ডা হ’বলৈ নিদিব কিন্তু৷

এতিয়া বিলাহীখিনি সৰু হেতা বা চামুচ এখনেৰে ভালদৰে ফেনেকি লওক৷ একেবাৰে মিহি হৈ গ’লে তাত অলপ গুৰমিঠৈ দি আBilahir Tok_Mridul Kumar Sharmahকৌ অলপ লৰাই দিয়ক৷ তাৰপিছত বিলাহীখিনিৰ ওপৰত চাৰিটা “মানধনীয়া”ৰ পাত ধুই এনেয়ে পাতি দিয়ক৷ পুনৰ আধামিনিটৰ বাবে আগৰদৰে অভেনত দি দিয়ক৷

এতিয়া বিলাহীখিনি উলিয়াই তাত এমুঠি খিচ্‌মিছ্ আৰু চাৰিটামান কাজুবাদাম গুৰি কৰি দি এবাৰ লৰাই পৰিবেশন কৰক৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!