“অসমীয়াত কথা বতৰা”ৰ নিয়মাৱলী

আজিৰ ইণ্টাৰনেটৰ যুগত অসমীয়া ভাষাটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ হ’লে UNICODE মানক পদ্ধতিৰে অসমীয়াত লিখা বিষয়বস্তু বৃদ্ধি হোৱাটো নিতান্ত প্ৰয়োজনীয়। বহুতেই নানা সমস্যাত ভুগি অসমীয়াত লিখাৰ পৰা আঁতৰি থাকে। ফেচবুকৰ এই গ্রুপটোৰ জৰিয়তে উৎসাহী ব্যক্তিসকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰা হৈছে। ইয়াত কেৱল UNICODE মানক পদ্ধতি ব্যৱহাৰ কৰি অসমীয়াত কথা-বতৰা পতা/ লিখা-মেলা কৰা হয়। অসমীয়া লিপিত লিখিবলৈ যিকোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’লে সহায় কৰিবলৈ আমাৰ সমল ব্যক্তিসকল আছে। আহক আমি অসমীয়াত কথা-বতৰা পাতোঁ আৰু গৰ্বেৰে কওঁ — “চিৰ চেনেহী মোৰ ভাষা জননী।। “

**গোটৰ উদ্দেশ্য :
১/ ফেচবুকৰ গৰিষ্ঠ সংখ্যক লোকক ইউনিক’ড মানক পদ্ধতি ব্যৱহাৰ কৰি অসমীয়াত লিখিবৰ বাবে আকৰ্ষিত কৰাটো এই গোটৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য। গতিকে বহু সংখ্যক লোকৰ বাবে এই গোটটো ইউনিক’ড মানক পদ্ধতিৰে অসমীয়া লিখিবৰ বাবে পাঠশালা স্বৰূপ হ’ব।

২/ “সাহিত্য ডট অৰ্গ” নামৰ এক অভিলাষী আঁচনিৰ যোগেদি নতুনকৈ উঠি অহা চামৰ মাজত সাহিত্য প্ৰতিভাৰ সন্ধান কৰা আৰু ইউনিক’ডৰ মাধ্যমেৰে ইয়াক আগুৱাই নিয়া এই গোটৰ আন এক মুখ্য উদ্দেশ্য। গোটত প্ৰকাশিত যিকোনো নিৰ্বাচিত লেখা “সাহিত্য ডট্‌ অৰ্গ” আৰু “অসমীয়াত কথা-বতৰা” ব্লগত প্ৰকাশ কৰা হ’ব।
——————————————–

**গোটত অন্তৰ্ভুক্ত হোৱাৰ পাচত আপোনাৰ কিছু কৰণীয়:
আপুনি নিজে যদি এই গোটৰ সদস্য হৈছে তেন্তে আপুনি নিশ্চয় এই গোটৰ উদ্দেশ্যৰ বিষয়ে ইতিমধ্যে অৱগত আৰু যদি আপুনি কোনো বন্ধুৰ দ্বাৰা এই গোটলৈ আমন্ত্রিত তেন্তে আপোনাক আপোনাৰ যি বন্ধুয়ে আমন্ত্ৰণ জনাইছে তেখেতৰ পৰা এই গোটৰ বিষয়ে থুল-মূল আভাস এটা লওক।
——————————————–

**অসমীয়া লিপিত লিখন কৌশল আয়ত্ব কৰিবলৈ আপোনাৰ কৰণীয়:

অসমীয়া লিপিৰে অসমীয়া ভাষাত লিখাটোৱেই এই গোটৰ মূল নীতি। গোটৰ সদস্য হোৱাৰ লগে লগে গোটত DOC File হিচাপে লিখি ৰখা প্রবন্ধবোৰৰ মাজৰ পৰা— লিখন সঁজুলি নিৰ্বাচন (choosing typing tool), অসমীয়া আখৰ লিখাৰ পদ্ধতি, প্ৰধান সমস্যা সমূহ -( most common problems) আদি পঢ়ি ল’লে অসমীয়া লিপিত লিখাৰ ক্ষেত্রত আপোনাৰ সহায়ক হ’ব। নাইবা, অসমীয়া লিপিত লিখন কৌশল আয়ত্ব কৰা কোনো বন্ধুৰো সহায় আপুনি ল’ব পাৰে। তাৰ পাচতো যদি আপুনি অসমীয়া লিপিৰে লিখাৰ ক্ষেত্রত কিবা অসুবিধাৰ সন্মুখীন হৈছে তেন্তে অনতিপলমে গোটত সহায় বিচাৰি এটা post দিয়ক। (অসমীয়াত লিখাৰ সহায় সূত্ৰ কেইটা মানৰ বাবে এই সংযোগটো অনুসৰণ কৰিব পাৰে।)
——————————————–

**গোটৰ সদস্য হিচাপে আপোনাৰ কৰণীয়:

(ক) অনুগ্ৰহ কৰি অসমীয়া লিপিৰে অসমীয়া ভাষাত লিখক। ইংৰাজী ভাষাৰে লিখা-মেলা কেৱল অসমীয়া লিপিত লিখন কৌশল সম্বন্ধীয় সমস্যাৰ কথাতে সীমাবদ্ধ কৰি ৰাখক।

(খ) ইংৰাজী আখৰ ব্যৱহাৰ কৰি অসমীয়া নিলিখিব, তেনে লিখা যিমানেই প্ৰয়োজনীয় নহওক কিয় আঁতৰাই দিয়া হ’ব। ইউনিকোডত লিখি তাক ছবি হিচাপে পোষ্ট নকৰিব৷ ছবি আকাৰে দিয়া কোনো লিখা xahitya.orgৰ বাবে গ্ৰহণযোগ্য নহয় আৰু তাক ততালিকে গোটৰ পৰা আঁতৰাই দিয়া হ’ব।

(গ ) আপোনাৰ ক’বলগীয়া/সুধিবলগীয়া কথাখিনি যিমান পাৰে চমুকৈ আৰু স্পষ্টকৈ লিখক। আগেয়ে আলোচনা হৈ যোৱা বিষয় পুনঃ পুনঃ উত্থাপন কৰাটো আন সদস্যসকলৰ বাবে বিৰক্তিকৰ হ’ব পাৰে।

(ঘ) অযথা post অথবা মন্তব্য নিদিব। আপোনাৰ post-লৈ অহা প্ৰতিটো মতামতৰ তলত ধন্যবাদ বা অন্য সৌজন্যমূলক উত্তৰবোৰো স্থান সাপেক্ষে কেতিয়াবা অপ্ৰয়োজনীয় হ’ব পাৰে। এনে কৰাৰ ফলত একেটা প’ষ্ট বাৰে বাৰে ওপৰলৈ আহি যায়, যাৰ ফলত অইন বহুতো বিষয় পঢ়ুৱৈৰ অগোচৰে থাকি যায়। অযথা মন্তব্য এটা দিয়াতকৈ আপুনি কাৰোবাৰ post বা মন্তব্য ভাল পালে like কৰিলেই হ’ব।

(ঙ ) কোনো লেখা অথবা আলোচনাৰ লগত দিব বিচৰা মন্তব্যবোৰ সেই লেখা অথবা আলোচনা (discussion thread) সম্বন্ধীয় কৰি ৰাখিব। Thread hijacking (Thread hijacking – আলোচনাৰ মূল কথাৰ পৰা আঁতৰি অন্য আলোচনা কৰা) সম্পূৰ্ণৰূপে অবাঞ্চনীয়। গোটৰ কিছু সীমাবদ্ধতাৰ বাবে ব্যক্তিগত পৰ্য্যায়ৰ কথা, বিতৰ্কিত বিষয়, ৰাজনৈতিক আলোচনা আদি গোটৰ মজিয়াত নৰখাই ভাল।

(চ) কোনোধৰণৰ আপত্তিজনক বা আন কাৰোবাৰ ব্যক্তিত্বত আঘাত হানিব পৰা মতামত প্ৰকাশ কৰাৰ পৰা বিৰত থাকি সৃষ্টিশীল ৰুচিসম্পন্ন বিষয়ৰহে মত বিনিময় হোৱা উচিত। তৰল/ আক্ৰোশমূলক/ ঠাট্টামূলক মন্তব্য দিয়াৰ পৰা বিৰত থাকক। এনে মন্তব্য ততালিকে গোটৰ মজিয়াৰ পৰা আতঁৰাই (delete) দিয়া হ’ব। আমাৰ মাজত অসমীয়া সমাজ জীৱনৰ কেইবাগৰাকীও গণ্য-মান্য সন্মানীয় ব্যক্তি আছে আৰু এই গোটৰ সকলো সদস্যই উচ্চ শিক্ষাৰে শিক্ষিত। গতিকে এগৰাকী দায়িত্বশীল সদস্য হিচাপে গোটৰ সন্মান লাঘৱ হ’ব পৰা Post অথবা মতামত দিয়াৰ পৰা বিৰত থাকক।

(ছ) কোনো এটা post-ত যি বিষয়ত আলোচনা চলি আছে মন্তব্যবোৰ তাতেই দিয়াটো প্ৰয়োজনীয়। একেটা বিষয়ৰ মন্তব্যৰে নতুন এটা আলোচনা আৰম্ভ নকৰিব।

(জ) যদি কাৰোবাৰ কিবা ভুল দেখা পাইছে অনুগ্ৰহ কৰি মাৰ্জিত ভাষাৰে শুধৰাই দিয়ক। বিষয় বা আলোচনাক লৈ মন্তব্য দিব, ব্যক্তিক লৈ নহয়।

(ঝ) গোটত অতিমাত্ৰা ছবিয়ে মূল পৃষ্ঠাখন অতি লেহেমীয়া কৰি তোলে। অপ্ৰয়োজনীয়ভাৱে আলোকচিত্ৰ, বিশেষকৈ কপিৰাইট ভংগ কৰিব পৰা ছবি/ আলোকচিত্র আদি সন্নিবিষ্ট নকৰাই ভাল।

(ঞ) মচি পেলোৱা প’ষ্টৰ ক্ষেত্ৰত পূৰ্বজাননী দিয়া নহ’ব আৰু তাৰ কাৰণ দৰ্শাই থকা নহ’ব।

(ট) অনুৰোধ কৰাৰ পিছতো ব্যক্তিগত আক্ৰমণ কৰি থকা সদস্যক ততালিকে গোটৰ পৰা বহিষ্কাৰ কৰা হ’ব।

(ঠ) কোনো ছবি যদি টোকা অবিহনে গোটত দিয়া হয়, ছবিখন মোহাৰি পেলোৱা হ’ব। গোটত আলোচনাৰ বাবে দিয়া ছবিৰ টোকা থকা বাধ্যতামূলক। টোকাৰ পৰা ছবিখন সন্নিবিষ্ট কৰা সদস্যজনৰ উদ্দেশ্য তথা মতামত বুজি পোৱাত সহায়ক হয়।

(ড) সৰু-সুৰা পোষ্ট যেনে কবিতা, চুটি গল্প বা তেনে আন চুটি পোষ্ট সমূহ DOC ফাইল হিচাপে নিদি সাধাৰণ পোষ্ট হিচাপেই দিব। আন কোনো সদস্যই আৰম্ভ কৰা কোনো DOC ফাইল মূল লিখক বা প্ৰশাসকৰ অনুমতি অবিহনে সম্পাদনা নকৰিব।
——————————————-

এই ফ’ৰামত সকলোৰে প’ষ্ট কৰাৰ অধিকাৰ আছে। গোটটো সুচাৰুৰূপে আৰু শৃখংলাবদ্ধভাৱে পৰিচালনা কৰি থাকিবলৈ আমাক আপোনাৰ সহায়ৰ প্রয়োজন। এনেধৰণৰ সৰু-সুৰা নিয়মসমূহ উলংঘা কৰিলে সদস্যজনক গোটৰ পৰা বহিষ্কাৰ কৰাও হ’ব পাৰে।

আকৌ কওঁ —
ইংৰাজী আখৰ ব্যৱহাৰ কৰি অসমীয়া নিলিখিব ,তেনে লিখা যিমানেই প্ৰয়োজনীয় নহওক কিয় আঁতৰাই দিয়া হ’ব। ইংৰাজী লিখা কেবল অসমীয়া টাইপিং সম্বন্ধীয় সমস্যাৰ কথাতে সীমাবদ্ধ কৰি ৰাখক।

উপৰোক্ত কথাখিনি আমাৰ ফালৰ পৰা আপোনলৈ আদেশ বুলি নল’ব। এয়া আমাৰ ফালৰ পৰা আপোনালৈ অনুৰোধহে। এই নীতিসমূহ সকলোৰে বাবে প্ৰযোজ্য।

আহক আমি সকলোৱে মিলি অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ আগুৱাই লৈ যাওঁ। আপোনাৰ উপদেশ তথা সহায় আমাৰ কাম্য।
“চিৰ চেনেহী মোৰ ভাষা জননী”

জয় আই অসম

ধন্যবাদসহ,
“অসমীয়াত কথা-বতৰা” গোটৰ প্ৰশাসকমণ্ডলী

বি.দ্র. : গোটত সন্দেহজনক প্ৰ’ফাইল দেখা পালে লগে লগে প্ৰশাসকসকললৈ বাৰ্তা পঠিয়াওক।

( এই কথাখিনিৰ সময় সাপেক্ষে কিছু সাল-সলনি হ’ব পাৰে। গোটৰ নিয়মাৱলীৰ ওপৰত কোনো অনৰ্থক বিতৰ্ক নকৰে যেন। গোটৰ সু-শৃংখলিত পৰিচালনাৰ বাবে সদস্যসকলে এই সৰু-সুৰা নিয়ম-নীতিসমূহ মানি চলাটো অতি প্ৰয়োজনীয়। )

Subscribe
Notify of

29 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
8 years ago

Verrrrry goood

Dr. H. DAS
8 years ago

Windows phone’t kanekoi download kore

8 years ago

I like to join

Anonymous
8 years ago

Moi ai e-alosoni khonoloi lekha pothabo bsarisu..xohoj axomiya DTP software t type kori mail korile hobone …air bixoye janiboloi bisarisu

7 years ago

মই অকবৰ সদস্য হ’ব বিচাৰো

অকন
7 years ago

Comment text..কথা বতৰা গোকৰ সদস্য হ’ব পালে নথৈ আনন্দিত হ’ম ৷

7 years ago

এই গ্ৰুপত কৌতুক প্ৰকাশ কৰিব পাৰিমনে ?

anuja
7 years ago

Want to join join

Dilip Sarmah
7 years ago

অ ক বৰ সদস্য কেনেকৈ হয় আৰু ইয়াত লেখা কেনেকৈ পথাব পাৰি ?

প্ৰাণজিৎ বৰা
7 years ago

মোক সদস্য মুক্ত কৰক

জান
7 years ago

সদস্য হবলৈ মন আছে

Anonymous
7 years ago

মোক সদস্যভুক্ত কৰক

6 years ago

মই সদস্য হবলৈ বিচাৰো ।অনুগ্ৰহ কৰি মোক সদস্য ভূক্ত কৰক ।

Kuldhar Rabha
6 years ago

niyoma boli smuh val lagil porhi…

Anonymous
6 years ago

আজিপৰা এজন অকবৰ লেখক হ’ব বিছাৰো..মোক গ্ৰহন কৰে যেন

Anonymous
6 years ago

Val lgl porhi…

JOY AAI AXOM

Krishnarjun Hazarika
6 years ago

মই ও অ,ক,ব ৰ সদস্য হব বিচাৰো।অনুগ্ৰহ কৰি মোক অন্তৰ্ভুক্ত কৰে যেন।ধন্যবাদ।

Puja N Konwar
6 years ago

Comment text..মই অ,ক,ব ৰ সদস্য হ’ব বিচাৰো। অনুগ্ৰহ কৰি মোক অন্তভুক্ত কৰি যেন।

Puja N Konwar
6 years ago

Comment text..মই অ ক ব লৈ জইন ৰিকুৱেষ্ট পঠাইছো কিন্তু গ্ৰহণ কৰা নাই ৷ অনুগ্ৰহ কৰি গ্ৰহণ কৰে যেন৷

Puja N Konwar
6 years ago

অনুগ্ৰহ কৰি মোক অ,ক,ব অন্তভূক্ত কৰে যেন

Anonymous
6 years ago

মই ও বিছাৰো ইয়াৰ সদস্য হবলৈ৷

ৰাজেন
5 years ago

এগৰাকী সদস্য হবলৈ ইচ্ছা আছে

ৰাজু চেতৰী
5 years ago

ভাল প্ৰসংশনীয় কথা।

হেমন্ত ৰাজখোৱা
4 years ago

সুুন্দৰ লাগিল পঢ়ি।

Anonymous
4 years ago

আপোনালোকৰ লিখনিবোৰ পঢ়ি সচাকৈয়ে মোৰ বৰ ভাল লাগে৷

মানসী
3 years ago

সদস্য ভৰ্তি হ’ব বিচাৰিছোঁ।

Munmi sarmah
2 years ago

মই লিখিব বিচাৰোঁ

পাহি
2 years ago

মইয়ো আপোনালোকৰ গোটৰ সদস্য হব বিচাৰো

Anonymous
2 years ago

অকবলৈ লেখা কেনেকৈ পঠিয়াব পাৰি ?

Copying is Prohibited!