"এপাক মাজুলীলৈ আহিবচোন" (-নীলিমজ্যোতি কলিতা)

 
সময় পালে এপাক মাজুলীলৈ আহিবচোন,
মোৰ বিশ্বাস,
কৃত্ৰিমতা এৰি প্ৰকৃতিৰ অফুৰন্ত ভাণ্ডাৰটিক
ভাল পাব আপুনি।
নিমাতীত এজাক নৈপৰীয়া শীতল বতাহে
মাজুলীলৈ আদৰণি জনাব আপোনাক।
যদিও আপুনি আজিলৈকে ফেৰীত উঠা নাই,
ভয় নাখাব।
কাৰণ খন্তেক পাছতে বুঢ়া লুইতে
মুহি পেলাব আপোনাৰ মন।
পাৰিলে এপাক ৰেলিঙেৰে মুৰ উলিয়াই
বাহিৰলৈ চাবচোন,
ভাগ্য সুপ্ৰসন্ন হ’লে আপুনি দেখিব পাৰে
দুটি শিহুৰ মনোৰম জলকেলিৰ দৃশ্য।
মন ভৰি যাব আপোনাৰ।
আপুনি উপভোগ কৰিব পাৰিব,
নৈৰ বুকুত পুৱাৰ সুকোমল ৰ’দালি,
অথবা আবেলিৰ হেঙুলীয়া বেলিৰ
বিচ্ছুৰিত বৰ্ণালী।
Majuli_Kobita_NilimJyoti
আপুনি যদি মাজুলীলৈ খৰালি আহে,
আপুনি পাব নৈৰ ঘাটত
মৰুভূমিত খোজকঢ়াৰ বিৰল অভিজ্ঞতা।
আৰু যদি বাৰিষা আহে,
তেন্তে দেখিব চৰকাৰী সাহাৰ্য্যৰে ঢুকি নোপোৱা
আৰ্তজনৰ মনৰ দুৰাৱস্থা।
তথাপি মোৰ বিশ্বাস,
ভাল পাব আপুনি,
মোহিত হব মাজুলীবাসীৰ অতিথিপৰায়ণতাত।
ইয়াত কটোৱা প্ৰতিটো প’লে
বাৰে বাৰে আমনি কৰিব ভৱিষ্যতে আপোনাক।
আপোনাৰ কাণত প্ৰতিমূহুৰ্ততে বাজি থাকিব
ডবা – শংখৰ ধ্বনি।
কাৰণ এয়া হৈছে সত্ৰীয়া ভাবনাৰে ভৰপূৰ
এটকা মহন্তৰ থলী।

পাৰিলে এবাৰ মাজুলীৰ ৰাস চাবহিচোন,
বৃন্দাবনলৈনো কিয় যাব লাগে?
ইয়াতেই আপুনি দেখা পাব
শৰতৰ পূৰ্ণিমাই জোনাকৰ সতে কৰা
অপূৰ্ব লীলা,
যি আপোনাক লৈ যাব সপোনৰ জগতখনলৈ।
সেয়ে পুনৰ কৈছো,
সময় পালে এপাক মাজুলীলৈ আহিবচোন।

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
navajit deka
7 years ago

kobita2 pohi bor bhal lagil dei……….!!!

prnab j
7 years ago

Vl lagil majulit joar mn ata asy

Copying is Prohibited!