এ.পি.এচ.ছি.ৰ কেলেংকাৰী আৰু প্ৰতিবাদ (অজয় লাল দত্ত)

সম্পাদকলৈ চিঠি
————————————-
এ.পি.এচ.ছি.ৰ কেলেংকাৰী আৰু প্ৰতিবাদ
————————————–
অসমত কাৰ্যপালিকাৰ নেতৃত্ব বহন কৰা স্বয়ং মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰশাসনিকবিষয়া নিযুক্তিৰ বিষয়টোত কৰা টুলুঙা মন্তব্যৰ আমিও তীব্ৰ প্ৰতিবাদ জনাইছোঁ।আমাৰ অসমৰ “প্ৰথম কলম”ত হোমেন বৰগোহাঞিদেৱে শুভাৰম্ভ কৰা এই মুকলিপ্ৰতিবাদৰ প্ৰতি অসমৰ সচেতন ৰাইজে সৱল ৰূপত গণ-সমৰ্থন আগবঢ়োৱা উচিত। লগতেসামাজিক সংগঠন সমূহে বিষয়টোত সৱল স্থিতি লৈ ন্যায়পালিকাৰ হস্তক্ষেপেৰে এনেনিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নিকা কৰিবলৈ বাধ্য কৰিবই লাগিব। মনত ৰাখিব, ঘূণে খোৱা বাচনি প্ৰক্ৰিয়াৰে কেতিয়াও মেৰুদণ্ড থকা নিকা প্ৰশাসনিক ব্যৱস্থাগঢ়ি উঠিব নোৱাৰে। অসম আৰু অসমীয়াৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থতে অসমলোকসেৱা আয়োগৰ সৰ্বাঙ্গীণ পৰিবৰ্তন হ’বই লাগিব।

apsc

আয়োগৰ প্ৰতি উঠাগুৰুতৰ অভিযোগৰ আঙুলিৰ পৰিপ্ৰেক্ষিতত আন তিনিজন সদস্য ডঃছামেদুৰ ৰহমান, ৰঞ্জিত বৰঠাকুৰৰ লগতে নিকা ভাবমূৰ্তিৰ বুলি নাম থকা ধেমাজি জিলাৰ বিশিষ্টব্যক্তি ডঃ বসন্ত কুমাৰ দলে ডাঙৰীয়াইও নিজৰ স্থিতি স্পষ্ট কৰা উচিত।অভিযোগৰ আঙুলি উঠা অধ্যক্ষৰ ছাঁত তেওঁলোকে এনে খেলিমেলি বাৰণ কৰিবলৈ যদিকিবা অসুবিধাৰ সন্মুখীন হৈছিল, সেয়াও ৰাজহুৱা স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিপ্ৰকাশ কৰা উচিত। এক নিকা প্ৰশাসনীয় ব্যৱস্থা গঠনৰ বাবে দায়িত্ব লোৱা সকলেনিজা দ্বায়িত্ব সঠিককৈ পালন নকৰা আৰু আয়োগত স্বজন-তোষণ, ধনৰ খেলা হোৱাঅভিযোগ উঠাৰ সময়ত সদস্য কেইগৰাকীয়ে নিৰৱ ভূমিকা পালন কৰাটো কোনো পধ্যেইউচিত নহয়।

অসমৰ সকলো স্তৰৰ মেধাৱী শিক্ষাৰ্থী সকলক নিজা প্ৰতিভাপ্ৰতিপন্ন কৰাৰ বাবে এখন নিকা মঞ্চ আয়োগে দিবই লাগিব। ৰাজনৈতিক বৈৰীতাপাহৰিও অসমৰ ভৱিষ্যতৰ সামগ্ৰিক স্বাৰ্থতে বিষয়টোত সকলো দল-সংগঠনে শক্তিশালীভূমিকা গ্ৰহণ কৰক। নহ’লে ঘূণে-খোৱা প্ৰশাসনিক ব্যৱস্থাৰে ক্ৰমাত দুৰ্দশাৰফালেই ধাৱমান হোৱা অসমৰ ৰাইজে কাকোৱেই ক্ষমা নকৰিব, সেয়াও নিশ্চিত।
বিনীত
অজয় লাল দত্ত

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!