সময়ৰ শৰ (ডা° ভূপেন্দ্ৰ শইকীয়া)

১) আসক্তি – আগতে ডাক্তৰসকলে মদ,ভাং,চিগাৰেটৰ আসক্তি আতৰ কৰাৰ চিকিৎসা কৰিছিল৷ এতিয়া দিন আহি আছে ডাক্তৰসকলে ৱাটচএপ, টুইটাৰ আৰু ফেচবুকৰ আসক্তি দূৰ কৰাৰ কেন্দ্ৰ খুলিব লাগিব!

২) ব্লাউজত নেট – ভদ্ৰমহিলাই ডেকা লেডিজ টেইলাৰক কৈছে- বাহুকেইটাত নেট লগাই দিবা৷
স্মাৰ্ট টেইলাৰে জানিব খুজিলে- ২জি নেট নে ৩জি নেট ?

৩) মহাভাৰত- আগতে বস্ত্ৰহৰণৰ বাবে মহাভাৰত হৈছিল৷
আজিকালি দীঘল বা পূৰ্ণ বস্ত্ৰ পিন্ধিব কলে ঘৰেঘৰে মহাভাৰত হয় !

৪) গান্ধীৰ বচনৰ অৰ্থ – অৰিজিনেল ভাৰ্চন : ঘোচ লোৱাটো ‘অন্যায়’৷
লেটেষ্ট ভাৰ্চন : ঘোচ লোৱাটো ‘অন্য আয়’ !

৫) তেতিয়া আৰু এতিয়া – আগতে ঘৰৰ পৰা ওলাওতে ল’ৰা-ছোৱালীয়ে পিতৃ-মাতৃক
সেৱা কৰি ঘৰৰ বাহিৰ হৈছিল৷
আজিকালি ল’ৰা-ছোৱালীয়ে ম’বাইল ফুল চাৰ্জ কৰি ঘৰৰ বাহিৰ ওলায় !

One thought on “সময়ৰ শৰ (ডা° ভূপেন্দ্ৰ শইকীয়া)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!