অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ প্ৰয়োগ – খগেশ সেন ডেকা

চন্দ্ৰবিন্দু এক স্বতন্ত্ৰ বৰ্ণ নহ’লেও, অসমীয়া বৰ্ণমালাৰ ই এক অপৰিহাৰ্য অঙ্গ৷ কাৰণ, ইয়াৰ প্ৰয়োগত অৰ্থৰ তাৰতময ঘটে৷ কোনো ব্যক্তিক স্বৰ্গীয় বুজাবলৈ স্বতন্ত্ৰভাৱে ব্যৱহাৰ কৰাৰ বাহিৰে অন্য ক্ষেত্ৰত চন্দ্ৰবিন্দু সদায়ে এটা স্বৰক আধাৰ কৰি বৰ্তি থাকে৷ সেইবাবে চন্দ্ৰবিন্দুটোক উপাহিত বৰ্ণ (Supra segmental feature) আখ্যা দিয়া হয়৷ অসমীয়া সাহিত্যৰ অনুপম সম্পদ মধ্যযুগৰ আহোম ৰজাদিনীয়া বুৰঞ্জীসমূহত স্বৰ্গদেৱ বুজাবলৈ ঁদেৱ লিখা নিয়ম প্ৰচলিত আছিল৷ কাৰণ আহোমসকলৰ পূৰ্ব পুৰুষ স্বৰ্গৰ পৰা সোণৰ জখলাৰে মৰ্তলৈ আহিছিল বুলি প্ৰায় প্ৰতিখন বুৰঞ্জীতে উল্লেখ আছে৷

সি যি কি নহওক, অসমীয়া ভাষাত এই চিহ্নটোৰ ব্যৱহাৰৰ কেতবোৰ নিয়ম বা বিধি আছে৷ তাৰে কিছু তলত উল্লেখ কৰা হ’ল৷

এইখিনিতে এটা কথা মনত ৰখা ভাল যে, আজিকালি ’ও’ দেখিলেই তাৰ ওপৰত চন্দ্ৰবিন্দু বহুওৱাৰ এটা অহেতুক প্ৰৱণতা গা কৰি উঠিছে৷ হ’লেও, কেতিয়াও, তেতিয়াও, কৰিলেও, খালেও, গ’লেও, আহিলেও আদি তেনে কেতবোৰ শব্দ৷ এইবোৰৰ ’ও’-টোৱে জোৰ বুজায়৷ এইবোৰত চন্দ্ৰবিন্দু বহুওৱা অনাৱশ্যক৷ চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ কিছু নিয়ম এনে ধৰণৰ:

(ক) সংস্কৃতৰ পৰা পৰিৱৰ্তনৰ মাজেৰে অসমীয়ালৈ অহা নাসিক্য বৰ্ণযুক্ত শব্দবোৰৰ নাসিক্য বৰ্ণটো (ঙ, ঞ, ণ, ন, ম, ং) লুপ্ত হোৱাৰ ফলত সেই বৰ্ণৰ আগৰ স্বৰটো অনুনাসিক গুণযুক্ত হৈছে৷ এই ক্ষেত্ৰত পূৰ্বৱৰ্তী সেই বিশেষ স্বৰটোত চন্দ্ৰবিন্দু বহুৱাব লাগে; যেনে— অঙ্ক-আঁক, শঙ্খ-শাঁখ, অঞ্চল-আঁচল, কণ্টক-কাঁইট, গ্ৰাম-গাঁও, সিমন্ত-সেওঁতা, অন্ত-আঁত, কম্পন-কঁপনি, হংস-হাঁহ, কাংস-কাঁহ, বংশ-বাঁহ, পুঞ্জি-পুঁজি, গণ্ডাৰ-গঁড়, দন্ত-দাঁত আদি৷

(খ) মূল সংস্কৃত শব্দত নাসিক্য ধ্বনি নাথাকিলেও অসমীয়ালৈ অহা পৰিৱৰ্তিত ৰূপটোত স্বতঃ অনুনাসিকীকৰণ (Spontaneous nasalisation ) প্ৰক্ৰিয়াৰে অপৰিহাৰ্যভাৱে চন্দ্ৰবিন্দু যুক্ত হোৱা দেখা যায়; যেনে— অশ্বত্থ-আঁহত (গছ), অষ্ঠৱৎ-আঁঠু, গৰ্ত-গাঁত, কুহেলিকা-কুঁৱলি, কূপ-কুঁৱা, পেচক-ফেঁচা, সত্য-সঁচা, যুদ্ধ-যুঁজ, ঘোটক-ঘোঁৰা, স্ৰোত-সোঁত, কৰ্কট-কেঁকোৰা, কৰ্পাস-কঁপাহ, জট-জঁট, কাচ-কাঁচ, গৰ্ত-গাঁত আদি৷

(গ) অন্যান্য শব্দ; যেনে— ঠাঁচ (জতুৱা ঠাঁচ), দোঁ (দোঁ খাই পৰা), আঁট, আঁজোৰ, চোঁ, গোঁজ, কঁহুৱা (বন) আদি৷

(ঘ) কিছুমান বিদেশী শব্দও চন্দ্ৰবিন্দু যুক্ত হোৱা দেখা যায়৷ পিয়াঁজ, ৰেষ্টোৰাঁ, ৰেনেচাঁ আদি৷

(ঙ) ’ঞ’-ৰ পৰিৱৰ্তে ’য়’ লিখিলে সেই ’য়’-ৰ ওপৰত/তাৰ আগৰ স্বৰটোত চন্দ্ৰবিন্দু দিব লাগে; যেনে— চিঞাহী-চিয়াঁহী, তিঞহ-তিয়ঁহ, গোহাঞি-গোহাঁই আদি৷

(চ) প্ৰথম পুৰুষৰ ক্ৰিয়া বিভক্তি ’ওঁ’ চন্দ্ৰবিন্দু যুক্ত হয়; যেনে— (মই/আমি) কৰোঁ, খাওঁ যাওঁ, কৰিলোঁ, ধৰিলোঁ, লিখিছোঁ, পঢ়িছোঁ, গৈছিলোঁ, আহিছিলোঁ আদি৷
কিন্তু মূল শব্দটোত নাসিক্য ব্যঞ্জন থাকিলে তাক পুনৰ অনুনাসিক কৰিব নালাগে; যেনে— (মই/আমি) শুনো, নামো, ৰান্ধো, গণো আদি৷

(ছ) নাসিক্য ধ্বনি নথকা ধাতু শব্দত -ওঁতা আৰু -ওঁতে যোগ হ’লে তাত সদায় চন্দ্ৰবিন্দু দিব লাগে; যেনে— কৰোঁতা, খাওঁতা, পঢ়োঁতা, লিখোঁতা, কৰোঁতে, উঠোঁতে, বহোঁতে আদি৷
কিন্তু মূল ধাতু শব্দটোত নাসিক্য ধ্বনি থাকিলে চন্দ্ৰবিন্দু দিব নালাগে; যেনে— শুনোতা, শুনোতে, গণোতা, গণোতে আদি৷

(জ) অপূৰ্ণ ভূত কাল আৰু স্বৰূপ ভূত কাল বুজোৱা প্ৰথম পুৰুষৰ ক্ৰিয়াপদৰ বিভক্তিটো -ওঁ৷ এই বিভক্তি চন্দ্ৰবিন্দু যুক্ত; যেনে— কৰিছিলোঁ, গৈছিলোঁ আদি৷ অতি সম্প্ৰতি এই ক্ষেত্ৰত লেখকসকলে চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কৰিবলৈ এৰিছে৷ প্ৰয়োগ কৰিলে ভাল৷

(ঝ) অনুজ্ঞাবোধক ক্ৰিয়াত চন্দ্ৰবিন্দু দিয়াৰ আৱশ্যক নাই; যেনে— বহা, কৰা, লিখা, কৰক, ধৰক আদি৷

(ঞ) চন্দ্ৰবিন্দুটো শব্দৰ কোন স্থানত দিব লাগে তাৰ স্পষ্ট ধাৰণা নথকাৰ ফলত আমি যধে-মধে য’তে-ত’তে বহুৱাই দিওঁ৷ আগতেই কৈ আহিছোঁ যে চন্দ্ৰবিন্দুৰ আধাৰ স্বৰধ্বনি৷ সংস্কৃতৰ নাসিক্য ধ্বনিৰ অৱলুপ্তিৰ ফলত অসমীয়াত তাৰ পূৰ্বৱৰ্তী স্বৰটো অনুনাসিক গুণযুক্ত হৈছে— গ্ৰাম-গাঁও তাৰ এক উদাহৰণ৷

এইখিনিতে এটা কথা বিশেষৰূপে মন কৰিবলগীয়া৷ অসমীয়া ভাষাত আটাইবোৰ স্বৰৰ কাৰ চিহ্ন নাই৷ বিশেষকৈ ’অ’-টোৰ কোনো চিহ্ন আমাৰ ভাষাত নাই৷ আকৌ যিকেইটা আছে, সেইকেইটাৰো কোনো ৰৈখিক ক্ৰম পাবলৈ নাই৷ দৃষ্টান্ত স্বৰূপে া, ী ব্যঞ্জন বৰ্ণৰ সোঁফালে বহে; ি, ে, ৈ বাঁওফালে লগ লাগে; ু, ূ, ৃ বৰ্ণৰ তলত বহে; ো, ৌ-কাৰ আকৌ দুয়োফালে দিব লাগে৷ এনে ক্ষেত্ৰত স্বৰটো যিটো ব্যঞ্জনৰ সৈতে যুক্ত হৈ থাকে সেই ব্যঞ্জনটোৰ ওপৰতে চন্দ্ৰবিন্দুটো বহুওৱা উচিত৷ (মই যিটো ম’বাইলত এই কথা লিখি আছোঁ, ইয়াৰ লিপিত চন্দ্ৰবিন্দু স্বৰচিহ্নৰ ওপৰতহে বহে৷ কলমেৰে লিখিলে কিন্তু স্বৰযুক্ত ব্যঞ্জনটোৰ ওপৰতে লিখোঁ)৷

(ট) চন্দ্ৰবিন্দু যথাস্থানত নিলিখিলে অৰ্থৰ প্ৰভেদ ঘটে; যথা—
গাঁও— হয়বৰগাঁও
গাওঁ— মই গান গাওঁ৷

(ঠ) ভুল স্থানত চন্দ্ৰবিন্দু দিয়া কেইটামান শব্দ—

দিয়া হয় দিব লাগে
———— —————
ভৰাঁলী/ভড়াঁলী ভঁৰালী/ভঁড়ালী
ককাঁল কঁকাল
বেকাঁ বেঁকা
সেওঁতা সেওঁতা
পিজঁৰা পিঁজৰা
সফুঁৰা সঁফুৰা আদি৷

(ড) চন্দ্ৰবিন্দুৱে অৰ্থৰ প্ৰভেদ ঘটোৱা কেতবোৰ শব্দ এনে ধৰণৰ—

আহত (আঘাত পোৱা) আঁহত (গছ)
আচল (প্ৰকৃত) আঁচল (কাপোৰৰ)
কথা কঁথা
আহ আঁহ
কাচ কাঁচ
খাটি খাঁটি
খুচি খুঁচি
ভাজ ভাঁজ
তেও তেওঁ
জাপ জাঁপ
ধোৱা ধোঁৱা
বাহী বাঁহী
বাহ বাঁহ
সাজ সাঁজ
ভেটি ভেঁটি
বাও বাঁও
শাও শাঁও
বাৰী বাঁৰী ইত্যাদি৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!