এজন সাধাৰণ পাঠকৰ দৃষ্টিতঃ “আৰু এদিন এনেকৈয়ে” – হিমাংশু ভাগৱতী

বিভিন্ন ধৰণৰ আলোচক/সমালোচকৰ লেখাত বৰ্তমানৰ অসমীয়া গল্প জগতখনৰ নিৰাশাজনক দিন বুলি পঢ়ি থকা দিনতে এজন সাধাৰণ পাঠক হিচাবে মই কিন্তু অসমীয়া গল্পৰ জগতখনক লৈ বহুক্ষেত্ৰত সুখী৷ হয়তো সাধাৰণভাবে লিখি উলিওৱা গল্পবোৰতে জীৱনৰ বিভিন্ন ৰূপবোৰ দেখি সন্তুষ্টি লাভ কৰা সাধাৰণ পাঠকৰ দৃষ্টিত সাংঘাতিক নতুনত্ব থকা জটিল গল্পবোৰে বেচি ৰেখাপাত কৰিব নোৱাৰাতো পাঠকৰ মগজুৰে সীমাবদ্ধতা৷ হয়তো সমালোচকে ভাল ভাল বুলি সততে চেলুট দি থকা গল্প সাধাৰণ পাঠকৰ প্ৰিয় নোহোৱাতো পাঠকৰে দোষ৷

অসমীয়া গল্পৰ পৃথিৱীখনত নিজৰ লেখাৰে সাধাৰণ পাঠকৰ প্ৰিয় হৈ উঠিব পৰা নতুন গল্পকাৰ সকলৰ ভিতৰত দিগন্ত কুমাৰ ভট্টাচাৰ্য অন্যতম৷ সাধাৰণতে সমালোচকসকলে স্বীকৃতি দিব নিবিচৰা কিন্তু আটাইতকৈ বেছি পাঠকে অসমীয়া সাহিত্যৰ পঠন কৰা ‘ফেচবুক’ৰ মজিয়াত দিগন্তৰ গল্প সমূহে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰাৰ লগতে বিভিন্ন কাকত আলোচনীত দিগন্ত কুমাৰ ভট্টাচাৰ্য্যৰ গল্পই সমাদৰ ইতিমধ্যে লাভ কৰিবলৈ সমৰ্থ হৈছে৷ গ্ৰন্থৰ ৰূপত দিগন্তৰ এইখন দ্বিতীয় গ্ৰন্থ আৰু একক ভাবে প্ৰথম৷ প্ৰথমখন গ্ৰন্থ তিনিজন লেখকৰ ভিন্ন লেখাৰে সমৃদ্ধ ‘অনুভৱৰ আলাপ’ সাধাৰণ পাঠকে ভাল সঁহাৰিৰে আদৰি লৈছিল যোৱাটো গ্ৰন্থমেলাৰ বতৰত৷

বৃত্তিগত কাৰণত দিগন্ত বহুবছৰ ধৰি অসমৰ বাহিৰত থাকে৷ বছৰত কেতিয়াবা এবাৰ অসমলৈ অহাৰ সুযোগ লাভ কৰে কেতিয়াবা সেইটোও নহয়গৈ৷ তাৰ পিচতো গল্প সমূহৰ পটভূমি অসম পাৰ হৈ যোৱা নাই, প্ৰায় আটাইবোৰ অংকিত চৰিত্ৰই আমাৰ চাৰিওফালে সততে দেখি থকা মানুহৰ পৰা লোৱা; এই কথাটোৱে গল্পকাৰৰ প্ৰতি ভাল লগা ভাব জন্ম দিয়ে৷ নিজৰ অতীতৰ স্মৃতিৰ পৰা চৰিত্ৰবোৰ টানি আনি গল্পবোৰ গঢ়ি তোলা কাৰণে বোধহয় সেই সময়ৰে গল্পকাৰৰ শৈলীৰ চাপ এটা দিগন্তৰ গল্পত সততে বিদ্যামান৷

দিগন্ত কুমাৰ ভট্টাচাৰ্য্যৰ গল্প সমূহৰ আটাইতকৈ চকুত পৰা কথাটো হ’ল কাহিনীৰ মসৃনতা৷ খুৱ সুন্দৰকৈ গল্প এটা আগবঢ়াই নি পাঠকক মোহাছন্ন কৰি ৰখা ভাষাৰ কৌশল দিগন্তই আয়ত্ত কৰিব পাৰিছে৷ প্ৰতিটো গল্পতে নিজৰ কবলগা কিবা এটা স্পষ্ট ৰূপত পাঠকৰ আগত আঁকি দিব পৰাটো গল্পকাৰৰ সফলতা৷ ‘ইয়াত এখন ঘৰ আছিল’ গল্পত বৰ্তমান সময়ত ‘সফল’ সন্তানৰ মাক-দেউতাকৰ একাকিত্ব অথবা ‘মহেন ঢুলীয়াৰ ঢোল’ত আধুনিক পৰিবেশত পুৰণি সংস্কৃতিৰ অনাদৰ বৰ সুন্দৰ ৰূপত প্ৰকাশ কৰিছে৷ পোন্ধৰটা গল্পৰ আটাইকেইটাতে সৰু সৰু কথাৰ মাজেৰে গল্পকাৰে কিছু কথা পাঠকৰ মন মগজুলৈ কঢ়িয়াই লৈ যোৱাত সফল৷ সদ্য প্ৰয়াত পত্নীৰ সোঁৱৰণি ভৰি থকা ‘ৰত্ন হাজৰিকাৰ মানি বেগটো; কোম্পানীৰ চাকৰিয়ালৰ কণ্ঠেৰে ‘মই কেনে আছো’; বয়সীয়াল লোকে লাহে লাহে কথা পাহৰি যাবলৈ আৰম্ভ কৰা ৰোগৰ বৰ্ণনাৰে ‘সময়ো যে থমকি ৰয়’ পঢ়ি বৰ ভাল লগা গল্প৷

সততে নিজৰ সুখ-দুখতে আবদ্ধ আমাক কিবা এটা ভাবিবলৈ বাধ্য কৰাব ‘একত্ৰিশ ডিচেম্বৰৰ সন্ধিয়া’ গল্পটোৱে৷ প্ৰতিটো গল্প সুখপাঠ্য, সাধাৰণ পাঠকে পঢ়ি ভাল পাব লগা৷

নামঃ আৰু এদিন এনেকৈয়ে
প্ৰকাশকঃ প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন
প্ৰথম প্ৰকাশঃ অক্টোবৰ, ২০১৭
মুঠ গল্প সংখ্যাঃ ১৫
মুঠ পৃষ্ঠাঃ ১২৪
মূল্যঃ ১২০ টকা

■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!