অনগ্ৰসৰ অসমত পৰ্য্যটনৰ সম্ভাৱনা – অঞ্জন কুমাৰ শৰ্ম্মা

আন্তৰ্জাতিক বিমান সেৱা ড্ৰেগন এয়াৰত আমি যেতিয়া হংকঙৰ বিমান বন্দৰ পাইছিলোগৈ তেতিয়া পুৱা ছয় বাজিছিল। জানুৱাৰী মাহৰ সুন্দৰ মনোৰম পৰিৱেশ। অত্যাধুনিক বিমান বন্দৰৰ লগতে সংলগ্ন ফেৰী টাৰ্মিনেললৈ গৈ দিনৰ বাৰমান বজাত কেচিন’ চহৰ মাকাওলৈ ঢাপলি মেলিলো। টাৰ্ব’ জেটৰ বিশাল আকাৰৰ প্ৰায় পাঁচশমান লোক একেলগে বহিব পৰা সুসজ্জিত ফেৰীখনে আমাক মুগ্ধ কৰিছিল। সন্মুখত বিশাল আকাৰৰ কেইটামান টিভিৰ পৰ্দাত টুৰিজিমৰ বিষয়ে ডকুমেন্টৰী দেখুৱালে। ক্ষন্তেকৰ বাবে মনত পৰিল লেতেৰা-পেতেৰা অস্বাস্থ্যকৰ পৰিৱেশত যোৰহাটৰ পৰা নিমাতী ফেৰীঘাটেৰে আৰু কেতিয়াবা ডিব্ৰুগড়ৰ বগীবিল ঘাটেৰে লক্ষীমপুৰৰ চিলাপথাৰলৈ যোৱা বিৰক্তিদায়ক ভ্ৰমণৰ কথা।
‘মাকাও’ হ’ল জলপথেৰে হংকঙৰ পৰা ষাঠি কিল’মিটাৰ নিলগত অৱস্থিত এখন সুসজ্জিত সৰু চহৰ। পূৰ্বতে পৰ্টুগীজ সকলৰ তত্বাৱধানত থকা কেৱল মাত্ৰ ২.৭৮ বৰ্গ কিল’মিটাৰৰ চহৰখন আধুনিক বিজ্ঞানে বৰ্তমানে অত্যাধুনিক কাৰিকৰী কৌশলেৰে পৰিপূৰ্ণ প্ৰায় ৩০.৩ বৰ্গ কিল’মিটাৰ ব্যাসাৰ্দ্ধৰ এখন অত্যাধুনিক চহৰলৈ পৰিৱৰ্তিত কৰিলে। মাজত সময় লাগিল মাথোন কেইটামান বছৰ। পৰ্য্যটকৰ মুখ্য আকৰ্ষণ কেচিন’ অৰ্থাৎ আমাৰ দেশৰ কিছুমান জুৱাখেলৰ দৰে কিছুমান ৰাজকীয় পৰিৱেশত খেলা ধনৰ লেনদেনৰ খেল। আমি যেতিয়া টুৰিষ্ট বাছখনেৰে চহৰখন ভ্ৰমণ কৰিছিলো, আমাৰ গাইডজনে কোৱা মন কৰিছিলো, বহুবছৰ বিশুদ্ধ খোৱাপানীকণৰ বাবে জীজিয়াং নদীখনৰ ওপৰতে নিৰ্ভৰশীল মাকাওৱৰ জনসাধাৰণে  বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত ২০০৬ চনত পিং গং নামৰ প্ৰজেক্ট এটাৰ যোগেদি পোণপ্ৰথমবাৰৰ বাবে ‘টেপ ওৱাটাৰ’ৰ সোৱাদ লভে। মাকাওৰ তিনিদিনীয়া ভ্ৰমণৰ পাছত আমি হংকঙলৈ গ’লো। দুপৰীয়া হোটেল সোমাই জিৰাই মেলি সন্ধিয়া বন্ধুকেইজনৰ লগত খোজ কাঢ়ি হংকঙৰ এক আৱাসিক এলেকালৈ আগবাঢ়িলো। মূলপথৰ কাষতে পদপথ আৰু চাইকেল চলাবলৈ সুন্দৰ ব্যৱস্থা। মাজে মাজে পথৰ কাষতে বৰ্গাকৃতিৰ বালিৰে পৰিপুৰ্ণ কিছুমান ঠাইত কুকুৰৰ ছবি লগোৱা আছে। বুজিবলৈ বাকী নাথাকিল, সেইয়া পোহনীয়া কুকুৰৰ মল-মূত্ৰৰ ব্যৱস্থা। বহুদিনৰে পৰা মনটোত হংকঙৰ বিশেষ আকৰ্ষণ ডিজনীলেণ্ড আৰু অচেন পাৰ্ক চোৱাৰ হেঁপাহ এটা পুহি ৰাখিছিলো। দৈনিক হাজাৰ হাজাৰ বিদেশী পৰ্য্যটকক আকৰ্ষণ কৰা ডিজনীলেণ্ড আৰু অচেন পাৰ্কৰ অত্যাধুনিক কাৰিকৰী কৌশল আৰু প্ৰযুক্তি ব্যৱস্থা প্ৰত্যক্ষ কৰি অভিভূত হৈছিলো আমি। দুবছৰৰ আগতে থাইলেণ্ডলৈ যাওঁতে  বেংকংৰ শ্ৰীৰচা চিৰিয়াখানাটো দেখিছিলো, সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত কিছুমান জীৱ-জন্তুক প্ৰশিক্ষণ দি বিদেশী পৰ্য্যটকক আকৰ্ষিত কৰাৰ অভিনৱ কৌশল প্ৰয়োগ কৰিছে দেশখনে। এটি বাঘক কোলাত তুলি বটলত গাখীৰ খোৱাৰ বিৰল অভিজ্ঞতা লাভ কৰিছিলো সেই চিৰিয়াখানাতে। ট্ৰাইগাৰ মিউজিয়ামত অলপমান ধণৰ বিনিময়ত বন্দুকত গুলী ভৰাই ৰচীৰে ওলোমাই থকা মাংসৰ টুকুৰালৈ গুলী মাৰিব লাগে। সৰি পৰিলে সেই খাদ্য বাঘে ভক্ষণ কৰে। মুঠতে পৰ্য্যটকৰ ধনৰেই পশু খাদ্যৰ সুন্দৰ ব্যৱস্থা। এনেবোৰ সহজ কৌশলো আনকি আমাৰ দেশত দেখা নাযায়। বৰঞ্চ পশুক অসুবিধাত পেলাব নালাগে বুলি কিছুমান নিয়ম নীতি মানি জংঘলত থকা গড় বাঘ হৰিণা কেইটা মাৰি তহিলং কৰোঁ।

এতিয়া আহোঁ আমাৰ অসমৰ কথালৈ। মোৰ বোধেৰে পৰ্য্যটনৰ সম্ভাৱনা আৰু আধাৰৰ কথা ক’বলৈ গ’লে অসম বহু কেইখন আগশাৰীৰ দেশতকৈ আগবঢ়া। যোৰহাট, শিৱসাগৰ, গুৱাহাটী, তেজপুৰ বৰপেটা, মানাহ, কাজিৰঙা ইত্যাদি ঠাইবোৰক মূল আকৰ্ষণৰ কেন্দ্ৰ  হিচাপে ধাৰণা কৰিলে দেখা যায় যে, ভাবাতকৈও বেছি উৎসৰে ভৰপুৰ হৈ আছে আমাৰ এই অঞ্চলসমূহ। অভাৱ মাথো প্ৰয়োজনীয় পৰিকল্পিত কৌশল আৰু অন্তৰায় সীমাহীন দুৰ্নীতি। ভাবিলেই দুখ লাগে যে ১২৫০ বৰ্গ কিল’মিটাৰ ব্যাসাৰ্দ্ধৰ আমাৰ মহাপুৰুষ কেইজনাৰ বৈষ্ণৱ সংস্কৃতিৰ কেন্দ্ৰ ভুমি মাজুলী, যাক লৈ বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ বুলি আমি অসমীয়াই গৰ্ব কৰোঁ , বছৰ বছৰ ধৰি  বানপানী গৰাখহনীয়া গৰকি থকা মাজুলীৰ আজি কেৱল ৪২০ বৰ্গ কিল’মিটাৰমানহে জীয়াই আছেগৈ। কোনো সৃষ্টিশীল ম’ন নথকা আমাৰ চৰকাৰবোৰ, সংশ্লিষ্ট  চৰকাৰী বিভাগবোৰৰ বাবে যেন এতিয়া মাজুলী সোনৰ কণী পৰা হাহঁলৈ পৰিবৰ্তিত হৈছে। হংকংৰ মাকাও চহৰখনত  আধুনিক বিজ্ঞানে যেতিয়া ধুনীয়া ধুনীয়া মকৰাজাল সদৃশ দলঙেৰে বেৰি থোৱা দেখিছিলো, তেতিয়া আমাৰ মাজুলীলৈ ম’নত পৰিছিল। আমাৰ অসমত এখন সাধাৰণ দলং নিৰ্মাণ কৰিবলৈকে দুই তিনিটা দশক লগাতো অত্যন্ত দূৰ্ভাগ্যজনক। মই আগতেও দুটামান লিখনিত উল্লেখ কৰিছিলো যে উদ্যোগৰ দিশত অনগ্ৰসৰ আমাৰ অসমৰ সৰ্বাংগীন বিকাশত টুৰিজিম এক প্ৰধান বিষয়বস্তু হব’ পাৰে। কিন্তু ইয়াৰ বাবে প্ৰথমতেই সমগ্র ব্যৱস্থাটোকে আৱৰি ধৰা দুৰ্নীতি নামৰ মহামাৰীটো আতৰ কৰিব লাগিব। হোমেন বৰগোহাঞিদেৱে কোৱাৰ দৰে সমগ্ৰ বিশ্বতে বিৰল ঢোদৰ আলি বনোৱাৰ মানসিকতাও আমি কমাব লাগিব। কাৰিকৰী কৌশল আৰু প্ৰযুক্তিৰ দিশত চৰকাৰে আগভাগ লব লাগিব। বিদেশী পৰ্য্যটকক আকৰ্ষণ কৰিবলৈ সমানুপাতিকভাৱে আমাৰ সাধাৰণ মানুহৰ মানসিকতাৰো পৰিবৰ্তন হোৱাৰ প্ৰয়োজন আছে।

 

One thought on “অনগ্ৰসৰ অসমত পৰ্য্যটনৰ সম্ভাৱনা – অঞ্জন কুমাৰ শৰ্ম্মা

  • July 20, 2015 at 6:36 pm
    Permalink

    Comment text..সুন্দৰ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!