আচামীজ ড’চা (- বন্দনা দত্ত )

মোৰ ল’ৰা-ছোৱালী দুটা খোৱা-বোৱা ক্ষেত্ৰত অতি দুখ লগা। ফাষ্টফুড, ড’চা, পিজ্জা ইত্যাদি বোৰ অতি প্ৰিয়। সন্তানক হেল্ডি ফুড খুওৱাটো হয়তো প্ৰত্যেক মাতৃৰ কাৰণে এক চেলেঞ্জিং টাস্ক। প্ৰায়ে সিহঁতক খুওৱাবলৈ বিভিন্ন মিক্স এন্ড মেটছ্ ৰেচিপি চেষ্টা কৰি থাকোঁ। লগতে এটা নামো দি দিওঁ। আজি তেনে এটা ৰেচিপি জনাবলৈ বিচাৰিছোঁ।

Assamese Dosa

উপকৰণ:-
————–
পিঠা গুড়ি দুকাপ
গাজৰ দুটা (পিহি লোৱা )
পালেং শাক এক কাপ (বেছি মিহিকৈ কুটা)
ধনিয়া কুটা আধা কাপ
নিমখ স্বাদ অনুসৰী

গোটেই উপকৰণ খিনি ভালদৰে মিলাই ঠাণ্ডা পানীত গুলি লব লাগে। চাব লাগে যাতে বৰ বেছি পনীয়া বা ডাঠ নহয়। ফ্ৰাইং পেনত তেল দি হেতাৰে অলপ মিশ্ৰণ লৈ বহলাই দিব লাগে। কম জুইত ইলুটি সিলুটি কৰি দিব লাগে। ৰঙচুৱা বৰণ হ’লেই নমাই দিব লাগে। এনেদৰে এখন এখন কৈ সংমিশ্ৰণ খিনি ভাঁজি পেলাব লাগে। গৰমে গৰমে ধনিয়া চাটনী বা বিলাহী চচ্ ৰ সৈতে পৰিবেশন কৰিব লাগে।

আজি পুৱা এনেদৰে বনাই টেবুলত সজাই
পানীপিঠা বুলি নকৈ সিহঁতক ক’লো ‘আচামীজ ড’চা’। মনটো খুবেই ভাল লাগিল যেতিয়া গাজৰ আৰু পালেং শাক খাব নুখোজা মোৰ ল’ৰাটোৱে মোক ক’লে “মা, তোমাৰ এই আচামীজ ড’চা কিন্তু ‘ড’চা প্লাজাৰ’ ড’চাতকৈও বেছি টেষ্টী, আৰু দিয়া না।”

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!