আত্মসমীক্ষা -(বিকাশ ভূঞা)
আত্মসমীক্ষা
অনুবাদ : বিকাশ ভূঞা
এজন সৰু লৰাই এটা ৰাজহুৱা টেলিফোন কেন্দ্রলৈ গৈ এটা নম্বৰলৈ ফোন কৰিলে |
লৰা− মহাশয়া, অনুগ্রহ কৰি আপোনাৰ ঘৰত মালী হিচাপে মোক এটা চাকৰি দিব নেকি?
মহিলা− নাই, মোৰ এজন মালী আছেই।
লৰা− মই আধা দৰমহাত এই কামটো কৰিবলৈ প্রস্তত।
মহিলা− মই মোৰ মালীৰ কামত অতিকৈ সুখী।
লৰা− বাইদেউ, মই মালীৰ কাম কৰাৰ লগতে আপোনাৰ ঘৰ−দুৱাৰ বিনামূলীয়াকৈ পৰিস্কাৰ কৰি দিম।
মহিলা− দুখিত যে মই তোমাক কাম দিব নোৱাৰিম।
ইয়াৰ পিছত লৰাজনে হাঁহি মাৰি ফোনটো থৈ যাবলৈ ওলাল | তেতিয়া টেলিফোন কেন্দ্রটোৰ গৰাকী জনে ক’লে তোমাক নিশ্চয় এটা কামৰ বৰ দৰকাৰ হৈছে, তুমি মোৰ ঘৰত কাম কৰিবা নেকি?
তেতিয়া লৰাজনে ইয়াক প্রত্যাখান কৰা দেখি দোকানীজনে ক’লে − কিন্তু চাকৰিটো তোমাৰ বাবে বৰ জৰুৰী যেন লাগিছিল।
তেতিয়া লৰাজনে বিনয়ৰে কলে আচলতে মই সেই মানুহ গৰাকীৰ ঘৰত মালীৰ কাম কৰিয়েই আছো, কিন্তু মোৰ কৰ্ম্মদক্ষতাহে পৰীক্ষা কৰিছিলো য’ত মই সফল হ’লো।