অসম, অসমীয়া আৰু ভাষিক ভিন্নতা: ধ্ৰুৱজ্যোতি শৰ্মা

অসম বহুৰঙী৷ ইয়াত কিমান ধৰণৰ সংস্কৃতিয়ে সংমিশ্ৰিত ৰূপত অসমীয়াৰ হৃদয় অধিকাৰ কৰি আহিছে, তাক কোৱা টান৷ সেই বাবেই চাগৈ অসমীয়া বুলি কিবা প্ৰশ্ন উদয় হ’লেই আমাৰ বুকুখন পোৰে, কৰবাত আঘাত পোৱা যেন অনুমান হয়৷ অসমীয়া ভাষিক ভিন্নতাও কিমান তাক জোখা টান৷ লাইন বাছত অসম ভ্ৰমণলৈ ওলালেই গম পোৱা যাব আমি কিমান ভিন্ন ভাষিক সংস্কৃতিৰে পৰিপুষ্ট সমাজত বাস কৰি আছোঁ৷ কৰবাত পঢ়িবলৈ পাইছিলোঁ যে অসমৰ প্ৰতি দহ কিলোমিটাৰত ভাষাৰ সলনি হয়৷ অৱশ্যে এয়া লিখিত ৰূপৰ কথা কোৱা হোৱা নাই দেই৷ কথিত ভাষাৰ কথাহে কোৱা হৈছে৷ পিছে মোৰ ধাৰণা, সেয়া দহ নহয়, পাঁচ কিলোমিটাৰ হ’লেহে চাগৈ বেছি খাপ খাব৷ ভালকৈ যদি মন কৰি গম পাব পাঁচ কিলোমিটাৰ আগতে যদি এজন মানুহে কিবা এটা সুৰত (ঢেক) কথা কৈছিল সেয়া পাঁচ কিঃমিঃ আঁতৰত সলনি হৈছে৷ কেতিয়াবা আকৌ শব্দৰূপ-ও সলনি হৈছে৷ আৰম্ভ যদি হৈছিল ’কিঅ, কি খবৰ’ ত সেয়া সলনি হৈছে ’কিআ, কি খবৰ’, ’কিহা, কি খবৰ’, ’কিহে, কি খবৰ’, ’কিইএ, কি খবৰ’, ’কিইএএ, কি খবৰ’ ইত্যাদি ৰূপত৷ এয়াই ভাষিক ভিন্নতা৷ ভাষিক সৌন্দৰ্য্য৷ কেতিয়াবা ভাষিক সৌনদ্দৰ্যই আকৌ আমাক বেচ আমোদো দিয়ে৷ কথা, সুৰ অথবা কথনভংগী আমাৰ বাবে আমোদজনক হৈ পৰে৷

ভাষা আচলতে যোগাযোগৰ এক মাধ্যম৷ একে ঠাইৰে, একে ভাষাৰে, একে সুৰৰে ভাষা ব্যৱহাৰ কৰা দুজন মানুহৰ কথাৰ সুৰ, ভংগী বা শব্দোচ্চাৰণ কেতিয়াও হুবহু একে নহয়গৈ৷ সেয়াই ভিন্নতা৷ মুঠতে ভাষাই যদিও মূলতঃ যোগাযোগৰ কাম কৰে, ই লগত বহন কৰি ফুৰে এক সংস্কৃতি৷ সেই বাবেই আমি ভাষা এটা শুনিলেই, কথন পদ্ধতি শুনিলেও ধৰিব পাৰোঁ সেয়া কোন ঠাইৰ ব্যক্তি৷ এয়াই ভাষাৰ মাদকতা৷

লোকভাষা আমাৰ বাবে বৰ প্ৰয়োজনীয়া বিষয়৷ প্ৰকৃততে লোকভাষা বুলি কলে কি ভাৱ আহিব লাগে নাজানো যদিও মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহা ভাষায়েই লোকভাষা হব লাগে বুলি যদি ধৰি লওঁ, তেন্তে আমাৰ কথিত এই ভাষাসমূহ নিশ্চয় লোকভাষাৰ আওতালৈ আহিব৷ এতিয়া বহু সময়ত আমি লোকভাষাৰ সংকটৰ কথা শুনি আহিছোঁ৷ হয়তো হয়৷ লোকভাষা এতিয়া সংকটৰ গৰাহত৷ কিন্তুু ভাষাৰ ৰূপ সলনি হৈ ই সংকটত পৰা নাই৷ অনা-অসমীহা ভাষাৰ গৰাহত পৰি, অনা-অসমীয়া ভাষাৰ উচ্চাৰণ ধৰণৰ কৱলত পৰিহে লোকভাষা সংকটৰ গৰাহত পৰিছে৷ এতিয়া প্ৰশ্ন আহিব যদি প্ৰতিটো লোকভাষাৰ ৰূপ বেলেগেই হয় তেন্তে আমি ইয়াত অনা-অসমীয়া ভাষাৰ লগত কেনেকৈ ৰিজাম৷ বিভিন্ন সময়ত আমি কথিত ভাষাৰ ৰূপবিলাক যদি বিচাৰ কৰোঁ তেন্তে দেখিম যে ভিন্নতাৰ মাজতো প্ৰতিটো ভাষাৰ মাজত এক মিল, সামঞ্জস্য আছে৷ কৰবাত যদি উচ্চাৰণৰ মিলেৰে ই বান্ধ খাই আছে, কেতিয়াবা আকৌ শব্দৰে৷ কেতিয়াবা আকৌ কথন ভংগীৰে৷ ভিন্নতাৰ মাজেৰে এক হৈ থকাটোৱেই অসমীয়া ভাষাৰ বৈশিষ্ট্য আৰু এই বৈশিষ্ট্যক লৈয়ে আমি সংকটৰ পৰ্য্যায় চালি-জাৰি চাব পাৰোঁ৷ কথাৰ মাজে মাজে অযথা ব্যৱহৃত ইংৰাজী শব্দ, হিন্দী শব্দ বা অন্য শব্দই লোকভাষাক কিছু পৰিমাণে হ’লেও ক্ষতি কৰিছে৷ তাতোকৈ ক্ষতি কৰিছে বিদেশী ধঙত উচ্চাৰিত অসমীয়া শব্দই৷ এইবোৰ সংকৰণে আমাৰ মূল বৈশিষ্ট্যকে নোহোৱা কৰি দিছে৷ ফলত সংকটৰ গৰাহত পৰিছে লোকভাষা৷

অসম আৰু অসমীয়াৰ বাবে বেয়াৰ মাজতো এক ভাল কথা আছে যে যদিও অসমখন বহিৰাগতৰে ভৰি আছে (দেশী-বিদেশী), তথাপি অধিকতম বহিৰাগতই অসমীয়া ভাষা কবলৈ চেষ্টা কৰিছে৷ এই চেষ্টাৰ ফলতেই অন্য এক ভাষাৰ সৃষ্টি হৈছে আৰু হয়তো কেইযুগমান পিছত এই নৱসৃষ্ট ভাষাটোৱেও ৰূপ লবগৈ এক নতুন লোকভাষাৰূপে৷ মাথোঁ তালৈ বকী থাকিব আমাৰ ভাষিক বৈশিষ্ট্যখিনি৷ এই ভাষিক বৈশিষ্ট্যখিনি যোগ কৰাত কিন্তুু আমাৰেই অৱদান হব লাগিব অধিক৷ অনা-অসমীয়া এজনৰ লগত আমি কিয় অসমীয়াত কথা কবলৈ আৰম্ভ নকৰোঁ? (ইয়াতে থাকিবলৈ লোৱা অনা-অসমীয়াখিনিক লৈ কথাখিনি কোৱা হৈছে)৷ এনেদৰে যদি আগবঢ়া নাযায়, তেন্তে নতুনকৈ সৃষ্টি হোৱা এই ভাষাটোৱেই এদিন সংকট নমাই আনিব৷

লোকভাষাৰ কথা কবলৈ যাওতে আমি আমাৰ জাতি-জনগোষ্ঠীসমূহৰ বিভিন্ন ভাষাবোৰৰ কথাবোৰ আঁতৰাই ৰাখিলে নহব৷ সকলো জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণতেই যিহেতু বৃহত্তৰ অসমীয়া ভাষাৰ-সংস্কৃতিৰ সৃষ্টি, জনগোষ্ঠীয় ভাষাসমূহৰ মিশ্ৰিতকৰণো হব পাৰে লোকভাষাৰ অন্য এক গুৰুত্বপূৰ্ণ পথ৷ তাৰ বাবে লাগিব জাতি-জনগোষ্ঠীৰ মানুহৰ একেবাৰে সস্স্পৰ্শত থকা মানুহখিনিৰ সেই ভাষাটো কোৱাৰ ইচ্ছা আৰু অসমীয়া ভাষা শুদ্ধকৈ কবলৈ শিকোৱাৰ এক প্ৰৱণতা৷ ইয়াৰ ফলত দুয়োটা ভাষাই আঞ্চলিক ভাষিক বৈশিষ্ট্য অটুট ৰাখি এক মিশ্ৰিত ৰূপ লৈ সুন্দৰ ৰূপ লব বুলি কব পাৰি আৰু এই ৰূপে অন্ততঃ আহুকলীয়া বিদেশী উচ্চাৰণত কোৱা অসমীয়া ভাষাতকৈ ভাল লগা হব৷ এই পদক্ষেপে আমাৰ পুৰণি অসমীয়া বৈশিষ্ট্যসমূহ ধৰি ৰখাতো সহায় হব, সামাজিক দায়িত্ববোধতো গুৰুত্বপূৰ্ণ ভূমিকা লব আৰু সম্প্ৰীতি ৰক্ষা কৰাতো আগভাগ লব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!