অসমৰ বিদেশী প্ৰব্ৰজনৰ সমস্যা – সত্য বাস্ত‌ৱ আৰু সম্ভাব্য পদক্ষেপসমূহ (ডা° অৰূপজ্যোতি কলিতা)

মূল ইংৰাজী: ডা° অৰূপজ্যোতি কলিতা
অনুবাদ: অৰুণজ্যোতি দাস আৰু ৰূপাংকৰ চৌধুৰী

Asomor bidekhi proborjon

ঐতিহাসিক বিশ্লেষণ:
সাংবিধানিক সংস্কাৰৰ সময়ত আমাৰ দেশখনে এখন গণতন্ত্ৰৰ দিশে আগবাঢ়িব ধৰিলে, যাৰ সংজ্ঞাই হৈছে নম্বৰৰ খেল৷ যেতিয়া বিভাজনৰ দাবী উত্থাপিত হৈছিল, এনে এটা ধাৰণাৰ উপস্থাপন কৰা হৈছিল যে পশ্চিমে পাকিস্তানত গৰিষ্ঠ সংখ্যক মুছলমান ৰাজ্য আৰু পূ‌ৱে বংগ আৰু অসমক লৈ বেংগ-এ-ইছলাম গঠিত কৰা হ’ব৷ ৰাষ্ট্ৰীয় অভিযান পৰিকল্পনাই অসমক বংগৰ লগত গ্ৰুপ-চি হিচাপে ৰাখিলে৷ কংগ্ৰেছৰ শীৰ্ষবিষয়া আৰু মুছলীম লীগে যদিও এই গোটৰ পৰিকল্পনাটোক গ্ৰহণ কৰিলে যদিও লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে এই প্ৰস্তা‌ৱক অতি তীব্ৰভা‌ৱে নাকচ কৰিলে৷ বৰদলৈদে‌ৱৰ এই স্থিতিক মহাত্মা গান্ধীয়েও সমৰ্থন আগবঢ়াইছিল৷ আৰু এনেদৰেই এই গোট-বিভাজনৰ পৰিকল্পনাটো ব্যৰ্থ হৈছিল আৰু অসমখন পাকিস্তানৰ এটা অংশ হো‌ৱাৰপৰা ৰক্ষা পৰিছিল৷
স্বাধীনতাৰ পাছৰ সময়ছো‌ৱাত অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত প্ৰথম বিসম্বাদ আৰম্ভ হৈছিল শৰণাৰ্থীৰ সমস্যাটোক লৈ৷ ১৯৪৭ৰ পৰা ১৯৫০ চনৰ ভিতৰত প্ৰায় ৩ লাখ শৰণাৰ্থীক আশ্ৰয় দিয়াৰ পাছত অসমে এই বিষয়ত আৰু অতিৰিক্ত শৰণাৰ্থীৰ বোজা কঢ়িয়াবলৈ অনিচ্ছা প্ৰকাশ কৰোতে নেহৰু‌ৱে তেতিয়াৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈলৈ ১৯৪৯ চনৰ মে’ মাহত চিঠি লিখি কয় যে –‘যদি অসমে শৰণাৰ্থীৰ সমস্যাটোৰ প্ৰতি সঁহাৰি নজনাই অসমৰ্থতা প্ৰকাশ কৰে তেন্তে কেন্দ্ৰ চৰকাৰৰ পৰা অসমে বিচৰা যিকোনো প্ৰকাৰৰ অৰ্থনৈতিক অনুদানৰ ক্ষেত্ৰত ই ক্ষতি কৰিব৷ ’
স্বাধীনতা লাভৰ পাছত ভাৰতৰ সংবিধানৰ বিধানমতে, ১৯৪৮ চনৰ ১৯ জুলাই তাৰিখত ভাৰতত বসবাস কৰি থকা নাগৰিকসকলক ভাৰতৰ নাগৰিক বুলি গ্ৰহণ কৰি লো‌ৱা হৈছিল৷ কিন্তু ১৯ জুলাইৰ পাছতো পূ‌ৱ পাকিস্তানৰপৰা অসমলৈ নিৰবিচ্ছিন্নভা‌ৱে আহিবলৈ লো‌ৱা বিদেশী সোঁতৰপ্ৰতি লক্ষ্য ৰাখি আৰু অঞ্চলটোৰ সামাজিক-অৰ্থনৈতিক সংকটৰ প্ৰতি গুৰুত্ব দি ‘বিদেশী প্ৰব্ৰজন(অসমৰপৰা বহিস্কৰণ) নীতি, ১৯৫০’ গৃহিত কৰা হয়৷ আৰু সেইমতেই অসমৰ ভূমিৰপৰা লাখৰো ওপৰত পাকিস্তানী নাগৰিকক বহিষ্কাৰ কৰা হয়৷ কিন্তু সেই সময়ৰ পাকিস্তানী চৰকাৰে ইয়াৰ প্ৰতিবাদ কৰাৰ বাবে তেতিয়াৰ পাকিস্তানী প্ৰধান-মন্ত্ৰী লিয়াকাৎ আলি আৰু ভাৰতৰ প্ৰধান-মন্ত্ৰী জ‌ৱাহৰলাল নেহৰুৰ মাজত ১৯৫০ চনৰ ৬ এপ্ৰিলত এক চুক্তি স্বাক্ষৰিত হয়৷ ফলস্বৰূপে ভাৰতৰপৰা বহিস্কৃত নাগৰিকসকল পুণৰ ভাৰতলৈকে ঘূৰি আহিলে কিন্তু পাকিস্তানৰ কোনো এজনো শৰনাৰ্থী পাকিস্তানলৈ ঘূৰি নগ’ল৷
১৯৬২ চনত চীনা আক্ৰমণৰ সময়ত চীনা সৈন্যই তেজপুৰ পৰ্যন্ত আগুৰি ধৰাত সেই সময়ত তাৰ প্ৰশাসনীয় ব্য‌ৱস্থা প্ৰায় অচলা‌ৱস্থা এটাৰ সমুখীন হৈছিল৷ আৰু এই পৰিস্থিতিৰ সুবিধাটোকে লৈ অসাধু চক্ৰ এটাই পাঞ্চালী আৰু থেলামৰাত পাকিস্তানী পতাকা উৰু‌ৱাইছিল৷ সেই সময়ৰ কেন্দ্ৰীয় অনুসন্ধান এজেন্সীৰ মুখ্য বিষয়া ভোলানাথা মালিকে অসমক পাকিস্তানী প্ৰব্ৰজনৰপৰা বচাবলৈ এখনি পৰিকল্পনা যুগুতাই উলিয়াইছিল৷ এই পৰিকল্পনাখনক ‘পাকিস্তানী বিদেশী দূৰীকৰণ প্ৰকল্প’(Pakistani Infiltration Project) বুলি জনা যায়৷ এই প্ৰকল্পটো ৰূপায়ন কৰিবলৈ প্ৰধান মন্ত্ৰী নেহৰু‌ৱে তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী (স্বৰ্গীয়) বিমলা প্ৰসাদ চলিহাক নিৰ্দেশনা দিছিল৷ কিন্তু চলিহা ডাঙৰীয়াই এই প্ৰকল্পটো ৰূপায়ন কৰিব নো‌ৱাৰিলে বা নকৰিলে মইনুল হক চৌধুৰীৰৰ হস্তক্ষেপৰ বাবেই – যি পাকিস্তানৰ প্ৰতি অত্যন্ত সহানুভূতিশীল কাছাৰৰ এজন নেতা আছিল৷ ক্ৰমাগতভা‌ৱে বৃদ্ধি পো‌ৱা পাকিস্তানী শৰণাৰ্থীৰ বাবেই চৰকাৰে অসমত বিদেশী বহিস্কৰণৰ স্বাৰ্থত ১০খন ট্ৰিবিউনেল স্থাপিত কৰিলে আৰু এইকেইখনেই উচিত অনুসন্ধানৰ ভিত্তিত ১৯৬৯ চনলৈকে ১, ৯২, ৮০০ জন বিদেশী নাগৰিকক পূ‌ৱ পাকিস্থানলৈ বহিষ্কাৰ কৰিলে৷ কিন্তু স্বৰ্গীয় মইনুল হক চৌধাৰী, দে‌ৱকান্ত বৰু‌ৱা আৰু শৰত চন্দ্ৰ সিংহৰ নেতৃত্বত সদনত হো‌ৱা বিৰো‌ধিতাৰ ফলত এই বহিষ্কাৰকৰণৰ প্ৰক্ৰিয়া স্তব্ধ হৈ ৰ’ল৷ আৰু এনেকৈয়ে বিদেশী বহিস্কৰণৰ প্ৰক্ৰিয়াটোৰ যতি পৰিল বুলি ক’ব পাৰ৷
ড্য আচাম এজিটেশ্যন, ড্য আচাম একৰ্ড, আই.এম.(ডি.টি.) এক্ট এণ্ড চিটিজেনশ্বিপ এক্ট, ১৯৫৫(অসম চুক্তি আৰু নাগৰিক আইন)
বিদেশী প্ৰব্ৰজন/শৰণাৰ্থীৰ বো‌ৱঁতী সোঁতে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যৰ থলু‌ৱা লোকসকলৰ মনত যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিলে৷ ছবছৰ জুৰি (১৯৭৯-৮৫) আছুৰ নেতৃত্বত গঢ় লৈ উঠা অসম-আন্দোলনৰ ইয়েই আছিল মূল লক্ষ্য, যাক অসম চুক্তিত আটাইতকৈ গুৰুত্ব দিয়া হৈছিল৷ যদি আমি ১৯৭১ চনলৈ উভতি যাওঁ, তেন্তে কিন্তু এটা অতি আচৰিত ধৰণৰ দ্বৈতমত দেখা পাওঁ৷ ১৯৭১ চনৰ ৩ ন‌ৱেম্বৰ তাৰিখে, যুদ্ধ হো‌ৱাৰ এমাহ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সদনৰ ষষ্ঠ সমিতিৰ ভাৰতৰ প্ৰতিনিধি ড০ নাগেন্দ্ৰ সিঙে মন্তব্য ডাঙি ধৰিলে যে – ‘অধিগ্ৰহণ বিভিন্ন ধৰণৰ হ’ব পাৰে- প্ৰত্যক্ষ বা পৰোক্ষ, সশস্ত্ৰ অথবা নিৰস্ত্ৰ৷ এনেকি নিৰস্ত্ৰভা‌ৱেও প্ৰত্যক্ষ অধিগ্ৰহণ হ’ব পাৰে৷ বাৰ্মা, যুক্তৰাষ্ট্ৰ আদিৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকলে ব্যক্ত কৰা সেই শ্ৰেণীবিভাজিত দৃষ্টিভংগীৰ প্ৰতিয়েই আমি সহমত প্ৰকাশ কৰিম, য’ত কো‌ৱা হৈছে যে অধিগ্ৰহণৰ সংজ্ঞা সম্পূৰ্ণ নহয়, যদিহে তাত পৰোক্ষ পদ্ধতিকো সাঙুৰি লো‌ৱা নহয় আৰু গতিকে ই হ’ব অতি বিপদজনক৷ উদাহৰণস্বৰূপে, কোনো এখন ৰাজ্যলৈ বলপূৰ্বকভা‌ৱে হো‌ৱা বিশাল আৰু অবিৰত জনস্ৰোত ৰক্তহীন এক অনন্য অধিগ্ৰহণৰ প্ৰকাৰ হ’ব পাৰে৷ যদি অনিয়ন্ত্ৰিত অনুপাতত হো‌ৱা নিৰস্ত্ৰ মানুহৰ এনেধৰণৰ আগ্ৰাসনে সেই ৰাজ্যখনৰ সামাজিক আৰু ৰাজনৈতিক অসুস্থতাই নহয়, ইয়াৰ পৰিচিতিকেই যদি সংকটপূৰ্ণ কৰি তোলে, তেন্তে মই শংকা প্ৰকাশ কৰোঁ হে মাননীয় সভাপতি, তেন্তে এনে আগ্ৰাসনক অধিগ্ৰহণ বুলি গণ্য কৰা উচিত৷ এনে এক পৰিস্থিতিত, সীমাৰ ইপাৰে-সিপাৰে নিশ্চয় অস্ত্ৰৰ ব্য‌ৱহাৰ নহ’ব পাৰে, কিয়ণো সসস্ত্ৰ বলৰ প্ৰয়োগ কে‌ৱল নিজৰ নিজৰ সীমাৰ ভিতৰতহে সীমাবদ্ধ৷ কিন্তু ইয়েই যদি এনে ৰূপত ঘটে য’ত প্ৰতিবেশী ৰাজ্য এখনলৈ বিদেশী নাগৰিকৰ সমুদ্ৰহেন সোঁত বয়, তেন্তে সি হৈ পৰিব অধিগ্ৰহণৰে এটা চূড়ান্ত অধ্যায়৷ ” ইয়ে দেখু‌ৱায় যে ভাৰতৰ সীমায়েদি বৃহৎসংখ্যক বহিৰাগত শৰণাৰ্থীৰ প্ৰ‌ৱেশ ঘটাটো অধিগ্ৰহণৰে এটা ঘটনা বুলি আমাৰ দেশে ৰাষ্ট্ৰসংঘৰ সমুখত তাক প্ৰতীয়মান কৰিছিল৷ তথাপি কিন্তু শতাধিক প্ৰাণদান আৰু অসমৰ ৰাইজৰ জীয়াতু ভোগৰ পাছতো, অনিয়ন্ত্ৰিত হাৰত হৈ থকা সীমাৰ সিপাৰৰ পৰা অহা শৰণাৰ্থীৰ প্ৰ‌ৱেশৰ সমস্যাটো‌ৱে অসমৰ মানুহক কিমান জ্বলা-কলা খু‌ৱাইছে সেই কথা কেন্দ্ৰীয় চৰকাৰে বুজি পাবলৈ ছটা দীঘল বছৰৰ প্ৰয়োজন হ’ল৷ অসমত বিদেশী বহিস্কৰণ আন্দোলনে তীব্ৰতা পো‌ৱাৰ সময়তে আই.এম.ডি.টি আইনখন কাৰ্যকৰী কৰা হৈছিল৷ নেলিৰ সংঘৰ্ষকো সামৰি লৈ যিখিনি হিংসাত্মক ঘটনা এই আন্দোলনৰ নামত হ’বলৈ ল’লে, সিয়েই এসময়ত সংখ্যালঘুসকলৰ হাৰাশাস্তিৰ কাৰণ হ’বলৈ পালে৷ সি যিয়েই নহওক, প্ৰকৃত সত্যটো হৈছে যে যি অৰ্থত আইএমডিটি আইনখন কে‌ৱল খাঁটি ভাৰতীয় নাগৰিকক সুৰক্ষা দিবৰ বাবেই গৃহীত কৰা হৈছিল, তাৰ বিপৰীতে বাস্ত‌ৱত পো‌ৱা গৈছিল যে আইনখনে বিদেশী প্ৰব্ৰজকসকলৰ আগ্ৰহ আৰু ইচ্ছাকহে মূলত: সে‌ৱা কৰিছিল৷ গতিকে আইনখনে সেই বিদেশী শৰনাৰ্থীসকলৰ বহিষ্কাৰকৰণৰ হকে মাত মতাতকৈ কাৰ্যত: তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাতহে যেন সহায়ক কৰি পেলালে৷ আৰু ফলশ্ৰুতিত ২০০৫ চনত উচ্চতম ন্যায়ালয়ে এই আইনখন বাতিল কৰি পেলালে৷
১৯৮৫ চনৰ ১৪ আগষ্ট তাৰিখে অসম চুক্তিখন স্বাক্ষৰিত হৈছিল আৰু এই চুক্তিৰ আধাৰত বিদেশী বা বেআইনী শৰণাৰ্থীসকলক তলত দিয়াধৰণে ভাগ কৰা হৈছে-
ক) যিসকলে ১৯৬৬ চনৰ ১ জানু‌ৱাৰীৰ আগেয়েই অসমলৈ আহিল৷
খ) যিসকলে ১জানু‌ৱাৰী, ১৯৬৬ আৰু ২৪ মাৰ্চ, ১৯৭১ৰ মাজৰ সময়ছো‌ৱাত অসমলৈ আহিল৷
গ) যিসকলে ২৫ মাৰ্চ, ১৯৭১ৰ পাছত অসমলৈ আহিল৷
যি কি নহওক, অসম-চুক্তীৰ এই ধাৰা কোনো সাংবিধানিক, ন্যায়িক বা স্পষ্ট ভিত্তি নোহো‌ৱাকৈয়ে ১৯ জুলাই, ১৯৪৮ৰ পৰা ২৫ মাৰ্চ, ১৯৭১ লৈকে সময়সীমাটো বঢ়াই দি বাংলাদেশী শৰণাৰ্থীসকলে ভাৰতীয় নাগৰিকত্ব পো‌ৱাটো অধিক সুচল কৰি পেলালে৷ ইয়াৰ পাছত অসম-চুক্তিৰ ন্যায়িক ৰূপৰেখা প্ৰদানৰ বাবে ৭ ডিচেম্বৰ, ১৯৮৫ তাৰিখে ‘৬ক অনুসুচী’ৰ সংযোজন ঘটো‌ৱা হয়৷ এই অনুসূচীত ১ জানু‌ৱাৰী, ১৯৬৬ তাৰিখতলৈ আগতে অসমলৈ অহা শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ কথা কো‌ৱা হৈছে৷ লগতে কো‌ৱা হৈছে যে সেই ১ জানু‌ৱাৰী, ১৯৬৬ তাৰিখৰপৰা ২ মাৰ্চ, ১৯৭১লৈকে যিসকল বিদেশীয়ে অসমত প্ৰ‌ৱেশ কৰিছে, সেইসকল চিনাক্তকৰণ কৰিব লাগে আৰু যদি তেওঁলোকৰ নাম ভোটাৰ তালিকাত সোমাইছে, তেন্তে তেওঁলোকৰ নাম দহ বছৰৰ বাবে তালিকাৰপৰা কাটি দিয়া হ’ব৷ এইসকল শৰণাৰ্থীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত গৈ বিদেশী বুলি নিজকে পঞ্জীয়নভুক্ত কৰিবলৈ আ‌ৱদন জনো‌ৱা হৈছিল৷ আৰু পঞ্জীয়নৰ তাৰিখৰপৰা অনাগত দহ বছৰলৈকে তেওঁলোকে ভাৰতত ভোটাধিকাৰ হেৰু‌ৱাব৷ এই চিনাক্তকৰণ কাৰ্যসূচী বিদেশিণী(ট্ৰিবিউনেল)হুকুম, ১৯৪৬ৰ অধীনত বিদেশীনী আইন, ১৯৪৬ৰ দ্বাৰা পৰিচালিত হ’ব৷ অন্যহাতে, ১৯৮৬ আৰু ২০০৪ চনত নাগৰিক বিধি, ১৯৪৬ৰ অনুচ্ছেদ ৩(১)ৰ সংশোধন কৰা হয় আৰু বৰ্তমানে ইয়াত লিখা আছে যে-
“৩) জন্মসূত্ৰে নাগৰিকত্ব: (১) উপ-অনুচ্ছেদ(২)ত উল্লেখিত ব্যতিক্তম বাদ দি, যদি এজন ব্যক্তিয়ে ভাৰতত জন্মগ্ৰহণ কৰে-
ক) ২৬ জানু‌ৱাৰী, ১৯৫০ৰ দিনা বা পাছত, কিন্তু ১ জুলাই, ১৯৮৭তকৈ আগত৷
খ) ১ জুলাই, ১৯৮৭ৰ দিনা বা তাৰ পাছত, কিন্তু নাগৰিকত্ব(সংশোধনী) আইন, ২০০৩ কাৰ্যকৰী হো‌ৱাৰ আগেয়ে আৰু যাৰ পিতৃ বা মাতৃ কোনোবা এজন তেওঁৰ জন্মৰ সময়ত ভাৰতৰ নাগৰিক হয়৷
গ) নাগৰিকত্ব(সংশোধনী) আইন, ২০০৩ কাৰ্যকৰী হো‌ৱাৰ পাছত যি ক্ষেত্ৰত, –
১) তেওঁৰ মক আৰু দেউতাক দুয়োজনেই ভাৰতীয় নাগৰিক৷
২) মাক বা দেউতাক কোনোবা এজন ভাৰতীয় নাগৰিক হয়, আৰু আনগৰাকী সন্তান জন্মৰ সময়ত বিদেশী নাগৰিক নহয়৷
তেন্তে তেওঁ জন্মসূত্ৰে ভাৰতীয় নাগৰিক হ’ব৷ ”
গতিকে, পোনপটীয়াকৈ চালে অনুসূচী ৩(১) আৰু ৬ক অনুসূচী দুয়োটাই পৰস্পৰে পৰস্পৰক বিৰোধ কৰা যেন লাগে৷ উচিত ব্যাখ্যা আৰু বাধা-নিষেধৰ বাবে অনুসূচী ৩(১) আৰু নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬ক অনুসূচীৰ মান্যতা এতিয়া সন্মানীয় উচ্চতম ন্যাযালয়ৰ বিচাৰাধীন আৰু এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক কোষৰ অধীনত পৰ্যবেক্ষিত হৈ আছে৷
ভাৰতীয় সংবিধানৰ ৬ নং আৰ্টিকোলত স্পষ্টভা‌ৱে উল্লেখ কৰা হৈছে যে, সেইসময়ত পাকিস্থান বুলি স্বীকৃত কোনো অঞ্চলৰপৰা অহা আৰু যাৰ মাক-দেউতাক বা ককাক-আইতাক অবিভক্ত ভাৰতৰ নাগৰিক হিচাপে থকা যিকোনো লোককে ভাৰতৰ নাগৰিক হিচাপে গ্ৰহণ কৰা হ’ব৷ কিন্তু নাগৰিকত্ব পাবৰ বাবে এনে এজন ব্যক্তিয়ে ১৯/০৭/১৯৪৮ তাৰিখতকৈ আগতেই ভাৰতকৈ অহা হ’ব লাগিব৷ ইয়াৰ লগতে, যদি কোনো মানুহে ভাৰতীয় সংবিধান কাৰ্যকৰী হো‌ৱাৰ ৬ মাহ আগতেই যদি ভাৰতলৈ আহিছে, তেন্তে তেওঁ ভাৰত চৰকাৰে জাৰী কৰা নীতি-নিয়ম মতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত নিজকে ভাৰতীয় নাগৰিক হিচাপে পঞ্জীয়নভুক্ত কৰিব লাগিব৷ গতিকে সংবিধানৰ কাৰ্যকৰী হো‌ৱাকৈ ভাৰতীয় নাগৰিকত্ব পো‌ৱাৰ এতিয়া দুটা শেষ সময়সীমা হ’ল- ক) ১৯.০৭.১৯৪৮ আবেদন নোহো‌ৱাকৈ আৰু খ) ১৯/০১/১৯৪৯ আবেদনৰ সৈতে৷ সংবিধানৰ ‘আৰ্টিকল ৬’ৰ নীতি-নিয়ম সমূহ বৰ্তমান তাৰিখলৈকে অপৰিবৰ্তিত হৈ আছে৷ গতিকে, ‘অনুসূচী ৬ক’ৰ সংযোজন ঘটাই আৰু নতুন এটা সৰ্বোচ্চ সময়-সীমা নিৰ্ধাৰণ কৰি, আপাতত: অসম-চুক্তিক শক্তিশালী কৰি তথা নাগৰিকত্ব আইন, ১৯৫৫ৰ সংশোধনী ঘটো‌ৱাটো নিসন্দেহে এক তৰ্ক কৰিব পৰা বিষয় আৰু এইবোৰৰ মান্যতা উচ্চতম ন্যয়ালয়ে ব্যাখ্যা কৰাৰ প্ৰয়োজনীয়তা আছে৷
বৰ্তমানৰ প্ৰতিকূলতা আৰু সমুখ পদক্ষেপ:
ভাৰতীয় সংবিধানৰ আৰ্টিকল ৩৫৫ত উল্লেখ আছে যে – ‘৩৫৫: – ৰাষ্ট্ৰৰ দায়িত্ব হৈছে কোনো ৰাজ্যৰ বহিৰাগত শৰণাৰ্থীৰ আগ্ৰাসন ৰোধ কৰা আৰু আভ্যন্তৰীণ অশান্তি দূৰ কৰা৷ ইয়াৰ লগতে সংবিধানৰ নীতি অনুযায়ী ৰাজ্যসমূহ চলিছে নে নাই তাৰ বিচাৰ কৰাটোও ৰাষ্ট্ৰৰ এটা দায়িত্ব৷ ’- ইয়াৰ পাছতো, স্বাধীনতাৰ ৬৭ বছৰৰ পাছতো আন্তৰাষ্টীয় সীমান্ত এটা মুক্ত হৈ অবাধে বিদেশীয়ে নিশৰ মাটিত খোজ পেলো‌ৱাটোৰ প্ৰতি প্ৰতিখন চৰকাৰেই গুৰুত্ব দিব লগা হো‌ৱা কথাটো‌ৱেই বিষয়টোৰ জটিলতাক প্ৰতফলিত কৰে৷ অসম চুক্তিৰ ৯.১ আৰু ৯.২ ক্ল’জত উল্লেখ কৰাৰ পাছতো, অসম চৰকাৰে ১২/০৯/২০১১ তাৰিখে অসম-বাংলাদেশ সীমান্তৰ অসুৰক্ষিত নদী-কাষৰীয়া অঞ্চলসমূহত হো‌ৱা বিদেশী প্ৰব্ৰজনৰ পৰীক্ষা কৰা আৰু ৰোধ কৰাৰ উপায় পৰ্যালোচনা কৰিবলৈ গঠিত কৰা সমিতিয়ে (চিঠি নং আই.এ.এ. ৫৬/২০১১/১ মতে) ১৯/০১/২০১৩ তাৰিখে দাকিল কৰা প্ৰতিবেদনত লিখিছে যে –“ধুবুৰীৰ চৰ অঞ্চলত অতি কমেও ২০০০ যান্ত্ৰিকভা‌ৱে চালিত না‌ৱে চলাচল কৰে৷ ইয়াৰে মাত্ৰ ২৯ খন না‌ওঁহে মাৰ্চ, ২০০৭ৰ পৰা মাৰ্চ, ২০১২ৰ ভিতৰত অভ্যন্তৰীণ জল-পৰিবহনৰ অধীনত পঞ্জীয়নভুক্ত৷ না‌ৱঁৰ মালিকসকলে বিভাগট অধীনত না‌ৱঁৰ পঞ্জীয়ন কৰিবলৈ ইচ্ছাৰ অভা‌ৱ পৰিলক্ষিত হ’ল৷ ” যদি ভাৰতৰ অন্য পশ্চিম অংশৰ ৰাজ্যৰ লগত তুলনা কৰা হয়, তেন্তে কেন্দ্ৰীয় চৰকাৰে অসমক মাহীআইড় দৃষ্টিৰে চো‌ৱাটো স্পষ্টভা‌ৱে প্ৰমাণিত হয়৷
বিদেশী বিষয়টোত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ২০১২ চনৰ ২০ অক্টোবৰ তাৰিখে প্ৰকাশ কৰা এখন ৰাজপত্ৰত উল্লেখ আছে যে – “নীতিবহিৰ্ভূত বিদেশীক বহিস্কৰণৰ বাবে ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ মাজত সুনিৰ্দিষ্ট কোনো নীতি বা পদ্ধতি নথকা হেতুকে বহিস্কৰণৰ প্ৰক্ৰিয়াটো বৰ অসুবিধাজনক হৈ পৰিছে৷ ” অসম চুক্তিৰ ২৯ বছৰ পাছতো আজিও বহিস্কৰণৰ খেলখন সদায় পাছৰখন চৰকাৰলৈ পেলাই থৈ যো‌ৱা এই আচৰিত কাণ্ডটো পুনৰ চৰ্চালৈ আহিল, যেতিয়া শেহতীয়াকৈ সন্মানীয় গু‌ৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী প্ৰব্ৰজনকাৰী চিনাক্তকৰণ আৰু বিহিস্কৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় দুয়োখন চৰকাৰকে বাস্ত‌ৱবাদী আৰু ৰূপায়নমুখী পৰিকল্পনা যুগুতাবলৈ নিৰ্দেশ দিলে৷
১৯৯৩ চনত ত্ৰিপুৰা ৰাজ্য চৰকাৰ আৰু ATTF ৰ মাজত স্বাক্ষৰিত চুক্তি (যাক ’আগৰতলা চুক্তি’ বুলিও জনা যায়)ৰ ভিত্তিত অবৈধ অভিবাসীক বিতাড়ন কৰাত দেখ-দেখকৈ ব্যৰ্থ হয়৷ এই চুক্তিখনৰ অধ্যাদেশ নম্বৰ ২.(খ)ত উল্লেখ কৰা আছিল যে- ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা অবৈধ বিদেশী বাংলাদেশী যিসকলৰ লগত ত্ৰিপুৰাত থাকিবৰ জোখাৰে বৈধ নথিপত্ৰ নাই, সেই সকলোকে বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব৷ কিন্তু বাস্তৱক্ষেত্ৰত মজুত থকা তথ্য-পাতিৰ ভিত্তিত, ২০১২ চনৰ জুলাই মাহলৈ ঘোষিত ৪২, ৩৩৮ জন অবৈধ বিদেশীৰ মাজৰ পৰা মাত্ৰ ২৪৪২জনক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে৷
ওপৰত উল্লেখ কৰা শ্বেতপত্ৰ অনুযায়ী, সৰ্বমুঠ ৫৫, ১৮৪জন চিনাক্ত কৰা বিদেশীৰ মাজৰ পৰা যদি ধৰি লোৱা যায় যে ২৪৪২জনক ঘূৰাই পঠিওৱা (বহিষ্কৃত? ) হৈছে তেন্তে ৫২, ৭৪২জন অবৈধ বাংলাদেশী বন্দী কেম্পত থাকিব লাগিছিল৷ কিন্তু উল্লেখিত শ্বেতপত্ৰত অসম চৰকাৰে দিয়া পৰিসংখ্যা অনুযায়ী বন্দী কেম্পত মাত্ৰ ১১৮জন ব্যক্তিহে আছে (১৫ অক্টোবৰ’২০১২ লৈকে)৷ ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণিত হয় যে বিদেশী (অবৈধ অভিবাসী) চিনাক্তকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো সাধাৰণ নাগৰিকৰ কৰ দিয়া ধনৰ অপচয়ৰ বাদে আন একো নহয়৷

সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত, এইটো মানি লোৱা যুক্তিসংগত যে অবৈধ অভিবাসী বুলি ঘোষণা কৰাৰ পিছতো যদিহে সেই বিশেষ দেশে নাগৰিকজনক গ্ৰহণ কৰিবলৈ স্বীকাৰ নকৰে তেন্তে সেই অবৈধ ঘোষিত ব্যক্তিক ঘূৰাই পঠিওৱা সম্ভৱ নহয়৷ এনে ধৰণৰ বিতাড়ন সাধাৰণতে দেশ দুখনৰ মাজত হোৱা ’প্ৰত্যৰ্পণ চুক্তি’ৰ দ্বাৰাহে সম্ভৱ৷ অবৈধ অভিবাসীৰ সমস্যাটো পশ্চিমীয়া দেশবোৰৰ যেনে- আমেৰিকা, কানাডা আৰু ইউৰোপীয়ান ইউনিয়ন আদিৰ বাবে এক অতি উচ্চ স্তৰৰ ৰাজনৈতিক ইছ্যু৷ এনেধৰণৰ চুক্তিৰ প্ৰসংগৰ লগত সংগত ৰাখি ’মেক্সিকো-এল চেলভেড’ৰ প্ৰত্যৰ্পণ চুক্তি, ২০০৫’; মেক্সিকো, এল চেলভেড’ৰ, গুৱাটেমেলা, হ’ণ্ডুৰাছ আৰু নিকাৰাগুৱাৰ মাজত মহীয়ান, সুশৃংখল, ক্ষিপ্ৰগতি আৰু সুৰক্ষিত মধ্য আমেৰিকাবাসীৰ স্থলপথ যোগে দেশান্তৰগামী প্ৰত্যৰ্পণ চুক্তি (২০০৬); আমেৰিকা-ভিয়েটনাম প্ৰত্যৰ্পণ চুক্তি (২০০৮) আদিৰ কথা উল্লেখ কৰিব পাৰি৷ আনকি ১১ বছৰ ধৰি ত্ৰিপুৰাত ছয়টা আশ্ৰয় শিবিৰত থকা ৫০০০০ শৰনাৰ্থীৰ প্ৰত্যৰ্পণৰ স্বাৰ্থত ১৯৯৭চনৰ ৯মাৰ্চত বাংলদেশ আৰু চাকমা শৰনাৰ্থীৰ নেতা সকলে ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিছিল৷

মহামান্য উচ্চতম ন্যায়ালয়ৰ এক বিশেষ আদালতৰ নিৰ্দেশনাৰ ভিত্তিত সদ্যহতে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নতিকৰণৰ প্ৰক্ৰিয়া চলি আছে৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ মুখ্য উদ্দেশ্য হ’ল, অসমত থকা অবৈধ বিদেশী নাগৰিক চিনাক্তকৰণ৷ কিন্তু ইতিমধ্যে চিনাক্তকৰণ হোৱা অবৈধ নাগৰিকক বিতাড়ন প্ৰক্ৰিয়া আৰম্ভ নকৰিলে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নতিকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোৱে বাধাগ্ৰস্ত হ’ব৷ যেতিয়ালৈকে ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰ মাজত ’প্ৰত্যৰ্পণ চুক্তি’ স্বাক্ষৰিত নহয় তেতিয়ালৈকে চৰকাৰীভাৱে অবৈধ বাংলাদেশীক বিতাড়ন কৰা সম্ভৱ নহয়৷ সদ্যহতে ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰ মাজত কয়দীৰ প্ৰত্যৰ্পণ আৰু প্ৰত্যৰ্পণ চুক্তি বাহাল আছে৷ এই দুই চুক্তিত থকা ব্যৱস্থা অনুযায়ী এয়া কোনো অবৈধ অভিবাসীৰ ক্ষেত্ৰত কিন্তু লাগু নহয়৷ সেয়েহে সদ্যহতে ভাৰত চৰকাৰৰ হাতত আন্তঃৰাষ্ট্ৰীয় আইন অনুযায়ী কোনো ধৰণৰ আইনী অস্ত্ৰ নাই যাৰ দ্বাৰা আদালতত অবৈধ বুলি ঘোষিত হোৱা বাংলাদেশী নাগৰিকক বিতাড়ন কৰিব পাৰিব৷

সেয়েহে এতিয়া সময়ৰ আহ্বান হ’ল ভাৰত চৰকাৰে অতি শীঘ্ৰেই বাংলাদেশ চৰকাৰৰ লগত আলোচনাৰ মাধ্যমৰে আমাৰ লগত সম্বলিত স্বাধীন নিৰপেক্ষ সংস্থাৰ দ্বাৰা সংগ্ৰহিত তথ্যৰ ভিত্তিত প্ৰত্যাবসন চুক্তি স্বাক্ষৰ কৰিব লাগে যাৰ দ্বাৰা এই দীৰ্ঘদিনীয়া সমস্যাটো যিয়ে অসমৰ খিলঞ্জীয়াৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰি আহিছে তাৰ এক স্থায়ী সমাধান হয়৷

বিশ্ব বেংকৰ এক শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে যে ভাৰতবৰ্ষত কৰ্মৰত বাংলাদেশী শ্ৰমিকৰ দ্বাৰা ২০১২চনত প্ৰায় ৪০, ০০০ কৌটি টকা বাংলাদেশলৈ পঠিওৱা হৈছে যাৰ দ্বাৰা এয়া দেশান্তৰগামীৰ দ্বাৰা বাংলাদেশলৈ পঠিওৱা সৰ্বাধিক উৎস বুলি ঘোষিত হৈছে৷ কিন্তু ২০১২ চনত ভাৰত চৰকাৰৰ দ্বাৰা ভিছা প্ৰাপ্ত বাংলাদেশী নাগৰিকৰ সংখ্যা হৈছে মাত্ৰ ৫লাখ!

তদুপৰি, ২০১৩ চনত DESA Population Divisionৰ দ্বাৰা প্ৰকাশ পোৱা ’UN Population Fact’ নং ২০১৩/৩ত উল্লেখ আছে যে- ২০১৩চনত বাংলাদেশৰ পৰা আহি ভাৰতত বসবাস কৰা নাগৰিকৰ সংখ্যা আটাইতকৈ বৃহৎ আন্তঃৰাষ্ট্ৰীয় দেশান্তৰগামীৰ ’দ্বিপাক্ষিক ভাণ্ডাৰ’ (৩২লাখ)৷

২০১৪ চনৰ মাৰ্চ মাহত ম্যানমাৰত অনুস্থিত BIMSTEC শীৰ্ষক সন্মিলনত বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে এক অতি গুৰুত্বপূৰ্ণ আৰু ভৱিষ্যতে প্ৰযোজ্য হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থকা এক সতৰ্কবাণী ব্যক্ত কৰিছিল যে গোলকয়ী উষ্ণতাৰ বাবে এক ডিগ্ৰী চেলচিয়াচ তাপমাত্ৰা বৃদ্ধিৰ ফলত বাংলাদেশৰ এক-পঞ্চমাংশ ডুব যোৱাৰ সম্ভাৱনা আছে যাৰ দ্বাৰা তিনি কৌটি বাংলাদেশী নাগৰিক ’জলবায়ু দেশান্তৰগামী’ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

একে সময়তে, যেতিয়ালৈকে দুই দেশৰ মাজত অবৈধ নাগৰিক বিতাড়নৰ বাবে আইনী আৰু কাৰ্যবাহী ’প্ৰত্যৰ্পণ চুক্তি’ স্বাক্ষৰিত নহয় তেতিয়ালৈকে কাৰ্যকৰী হোৱাকৈ এক সময় নিৰ্ধাৰিত কৰ্ম-অনুমতিৰ ব্যৱস্থা থকা ভিছাৰ ব্যৱস্থা কৰাতো অত্যন্ত দৰকাৰী৷

আন এক বিচাৰ্য বিষয় যিয়ে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দল/ ৰাজনৈতিক সংগঠনৰ পৰা বিৰোধিতাৰ সন্মুখীন হৈছে সেয়া হ’ল ভাৰত চৰকাৰৰ প্ৰেছ তথ্য ব্যুৰ’ আৰু ২০১৫ চনৰ ৭ ছেপ্তেম্বৰত প্ৰকাশিত এক ৰাজকীয় জাননী য’ত উল্লেখ আছে যে- ’বিদেশী আদেশ’১৯৪৮’ আৰু ’পাৰপত্ৰ নিয়ম’১৯৫০’ত এক সংশোধনৰ দ্বাৰা “বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু নাগৰিকক তেওঁলোকৰ ভাৰতত প্ৰৱেশ আৰু বসবাসৰ ক্ষেত্ৰত বিশেষ ৰেহাই ব্যৱস্থা“৷ যদিওবা, উল্লেখিত প্ৰেছ বিজ্ঞপ্তিটো আৰু ৰাজকীয় জাননীৰ ক’তো এই কথাৰ বৰ্ণনা নাই যে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰিব নে শৰনাৰ্থীৰ ৰূপে গ্ৰহণ কৰিব৷

ভাৰতীয় নাগিৰকত্ব আইন’১৯৫৫ অনুযায়ী কোনো আন দেশৰ নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ কোনো অধিকাৰ ভাৰত চৰকাৰক দিয়া হোৱা নাই৷ সেয়েহে সাম্প্ৰতিক সময়ত লাগু হৈ থকা ভাৰতীয় নাগৰিকত্ব আইন’১৯৫৫ অনুযায়ী ওপৰত উল্লেখ কৰা বাংলাদেশ আৰু পাকিস্তানৰ নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ প্ৰশ্নই নুঠে যদিহে বৰ্তমানৰ চৰকাৰে এই আইনখনৰ সংশোধনৰ ব্যৱস্থা নকৰে৷ একে সময়তে, এয়া উল্লেখনীয় যে যদিওবা ভাৰতবৰ্ষ বিশ্বৰ অন্যতম বৃহৎ শৰনাৰ্থীক আশ্ৰয় দিয়া দেশ, এতিয়ালৈকে কিন্তু ভাৰতবৰ্ষই কোনো ধৰণৰ শৰনাৰ্থী অভিবৰ্তন (ৰাষ্ট্ৰসংঘৰ ১৯৫১ চনৰ শৰনাৰ্থীৰ স্থিতি সম্পৰ্কীয় অভিবৰ্তন) নাইবা ইয়াৰ ১৯৬৭চনৰ শৰনাৰ্থীৰ স্থিতি সম্পৰ্কীয় প্ৰ’ট’কলত স্বাক্ষৰ কৰা নাই আৰু ভাৰতীয় আইনে শৰনাৰ্থীসকলৰ বাবে কোনো বিশেষ ব্যৱস্থা ধাৰ্য্য কৰা নাই যদিওবা তেওঁলোকৰ বেছিভাগে ভাৰতৰ পৰা সুৰক্ষা বিচাৰি আহিছে৷ ভাৰতবৰ্ষই শৰনাৰ্থীৰ বাবে কোনো নিম্নতম মান-নিৰ্ধাৰিত ব্যৱস্থাৰ বাবে মান্তি হোৱা নাই আৰু শৰনাৰ্থীৰ প্ৰতি ভাৰতবৰ্ষৰ নীতি ৰাষ্ট্ৰসংঘৰ নিয়ন্ত্ৰণৰ বাহিৰত৷ তদুপৰি, ভাৰতে ’শৰনাৰ্থীৰ বাবে ৰাষ্ট্ৰসংঘৰ উচ্চ আয়ুক্ত’ (UNHCR) আৰু আন আন আন্তৰ্জাতিক সংগঠনৰ দ্বাৰা ভাৰৎ থকা শৰনাৰ্থী সকলৰ বাবে আগবঢ়োৱা সাহায্য অস্বীকাৰ কৰি আহিছে৷ ভাৰতবৰ্ষত থকা বিভিন্ন শৰনাৰ্থী সকলৰ মাজত এক সমীক্ষা কৰিলে দেখা যাব যে ভাৰতবৰ্ষই ইয়াত থকা শৰনাৰ্থী সকলক ৰাজনৈতিক ভিত্তিত পৰিচালন কৰে যিটো নিৰ্ধাৰণ কৰে দেশৰ সদা-পৰিবৰ্তিত আভ্যন্তৰীণ নীতি সমূহে৷ ভাৰতবৰ্ষই কোনো বিশেষ দেশৰ লগত সম্পাদিত হোৱা দ্বিপাক্ষিক বা বহুপাক্ষিক ৰাজনৈতক চুক্তি আৰু দেশৰ আভ্যন্তৰীণ ৰাজনৈতিক মতাদেশৰ ভিত্তিত কোনো বিশেষ শৰনাৰ্থী গোটক বিশেষ সা-সুবিধা প্ৰদান কৰা সচৰাচৰ দেখা যায়৷

যি কি নহওক, একে সময়তে নিম্লোল্লেখিত ৰাজপত্ৰিত সূচনাকেইটাই অতি চৰ্চিত ন্যায়িক বিষয়কেইটাত কিছু আলোকপাত কৰিছে –
১) নাগৰিকত্ব আইনৰ অনুচ্ছেদ ২(১)(খ) ত বেআইনী শৰণাৰ্থীৰ সংজ্ঞা স্পষ্টভা‌ৱে দিয়া হৈছে আৰু এই আইনকে ২০০৪ চনত সংশোধিত কৰি পুণৰোজ্জী‌ৱিত কৰা হয়৷ এতিয়া বিদেশীনী ধাৰা, ১৯৪৮(সংশোধিত) আৰু পাৰপত্ৰ নীতি ১৯৫০(সংশোধিত) খনে নাগৰিক আইনৰ বিধিসমূহক উলংঘা কৰিব পাৰিব জানো?
২) নাগৰিকত্ব আইনৰ মান্যতা উচ্চতম ন্যায়ালয়ৰদ্বাৰা গঠিত সমিতি (বেঞ্চ)খনৰ ওচৰত সীমাবদ্ধ হৈ থকা অ‌ৱস্থাত এই আইনৰ নীতিৰ উৰ্ধত চৰকাৰে কোনো নতুন নীতি বা আইন বা ধাৰা সৃষ্টি বা সংশোধিত কৰিব পাৰিব জানো? আৰু কিবা প্ৰকাৰে কৰিলেও সেয়া জানো সাংবিধানিকভা‌ৱে গ্ৰহণযোগ্য তথা ন্যায়িকভা‌ৱে যুক্তিসংগত হ’ব নে?
৩) ইয়াৰোপৰি, যিহেতু বিদেশীনী(সংশোধিত) হুকুম, ২০১৫ত কো‌ৱা হৈছে যে- ‘মান্যতাপ্ৰাপ্ত তথ্য-পাতি বা আন যাত্ৰা সম্পৰ্কীয় তথ্য-পাতি নোহো‌ৱাকৈ’
ক) ব্যক্তিজনৰ প্ৰকৃত ধৰ্ম কি হয় আমি কেনেকৈ নিৰ্ধাৰণ কৰিম?
খ) উদাহৰণস্বৰূপে, হুকুমটোত উল্লেখ কৰাৰদৰে বাংলাদেশ বা পাকিস্তানত সংখ্যালঘু নোহো‌ৱা মুছলমান এজনে নিজকে এজন হিন্দু বা পাৰ্ছী বা অন্য কোনো সংখ্যালঘু জাতিৰ মানুহ বুলি ঘোষণা কৰিব পাৰে আৰু ইয়াৰদ্বাৰা ভাৰতত থাকিবলৈ সক্ষম হ’ব পাৰে –( আৰু পাছত যেতিয়া তেওঁ ভাৰতত থকাৰ ন্যায়িক অধিকাৰ পাই যাব, তেতিয়া তেওঁ পুণৰ সেই নিজৰ ধৰ্মলৈ ৰূপান্তৰিত হৈ ল’ব পাৰে৷ ) কিন্তু ইয়াক আমি কেনেকৈ নিৰীক্ষণ কৰিম? ইয়েই জানো অন্য ধাৰ্মিক গোড়াসকলক তেওঁলোকৰ উচিত পূৰ্বপুৰুষৰ তথ্য নিৰীক্ষণ নকৰাকৈয়ে (মাত্ৰ এটা স্বপ্ৰদেয় নামৰ জৰিয়তে) দেশত সোমাবলৈ ৰঙা দলিছা পাৰি দিয়া নাই নে?
৪) এটা ‘জীয়াতু ভোগা জাতি’ (persecuted Community)ৰ সংজ্ঞা কি আৰু ইয়াক কি দৰে সংজ্ঞা দিয়া হৈছে? – ভাৰতীয় সংবিধানে ইয়াৰ বাবে কোনো আন্ত: ৰাষ্ট্ৰীয়ভা‌ৱে স্বীকৃত অৰ্হতাক মানি চলিছে নেকি? উদাহৰণস্বৰূপে, পাকিস্তানত ছিয়াজ আৰু ম্যানমাৰ তথা বাংলাদেশত ৰহিংগীয়াসকল হৈছে এনে ‘জীয়াতু ভোগা জাতি’৷
৫) বিদেশীজন ভাৰতত কেতিয়া সোমাইছে সেইটো আমি কেনেকৈ নিৰূপণ কৰিম? ধৰি লো‌ৱা হ’ল এজন ব্যক্তি নিৰ্ধাৰিত সময়-সীমা ৩১ ডিচেম্বৰ, ২০১৪ৰ পাছতেই ভাৰতত সোমাইছে৷ যিহেতু বৈধ তথ্য-পাতি হাতত থকাটো এটা অৰ্হতাই নহয়, তেনে ক্ষেত্ৰত তেওঁক বিদেশী বুলি চিনাক্তকৰণ কৰিবলৈ আমাৰ হাতত কোনো সুস্পষ্ট ৰাষ্টা আছে জানো?
৬) তেওঁলোক কোন প্ৰকাৰৰ নাগৰিক হ’ব, যিসকলক ‘ভাৰতত থকাৰ অনুমতি’ দিয়া হৈছে, কিন্তু কি হিচাপে থাকিব তাৰ কোনো সংজ্ঞা দিয়া হো‌ৱা নাই? ভাৰতৰ নাগৰিক অবিহনে আমাৰ সংবিধানে আন একোৰে উল্লেখ কৰা নাই, এনেকি ‘শৰনাৰ্থী’ শব্দটোও ইয়াত পাবলৈ নাই৷ গতিকে এই শ্ৰেণীৰ মানুহে কি কি অধিকাৰ লাভ কৰিব আৰু সংবিধানৰ কোনবোৰ সূচীমতে এনে সুবিধা পাব?
(অসম জাতীয় গণ সংগ্ৰাম পৰিষদে ইতিমধ্যে এই সন্দৰ্ভত অসমৰ নাগৰিকপঞ্জী উন্নিতকৰণৰ প্ৰসংগত সন্মানীয় উচ্চতম ন্যায়ালয়ৰ বিভাগীয় সমিতি/বেঞ্চৰ আগত এখন এফিডেফিটযোগে আবেদন কৰিছে )
গতিকে, অসমৰ প্ৰেক্ষাপটত, এতিয়াৰ শ্লোগান দিয়া আৰু লিখা-মেলাৰ পদ্ধতি বাদ দি যেতিয়ালৈকে আমি বাস্ত‌ৱসন্মত ব্য‌ৱহাৰিক সমাধান এটা বিচাৰিবলৈ নাযাওঁ, সাম্প্ৰতিক সময়ত দক্ষিণ-পূব এছিয়াত গা কৰি উঠা ভৌগোলিক তথা ৰাজনৈতিক প্ৰশ্চাৎপট-পৰিবৰ্তন, ২০১১ বৰ্ষৰ জৰীপৰ তথ্য, জনসংখ্যা-গাঁঠনিৰ পাৰিসাংখ্যিক তথ্য, থলু‌ৱা জাতি, উপজাতি, জনজাতিসমূহৰ বিভাজনসমূহ আৰু সমষ্টিসমূহৰ সম্ভাব্য প্ৰসাৰতালৈ লক্ষ্য কৰি ক’ব পাৰি যে খুব জটিল এটা প্ৰত্যহ্বানে অতি শীঘ্ৰে গা কৰি উঠাৰ সম্ভা‌ৱনা আছে যি হয়তো থলু‌ৱা অসমীয়াই একো ভা‌ৱাৰ্থ নুবুজাকৈয়ে সময়ৰ গতিত কোনো এক সমাধানসূত্ৰ-বিহীন অনিয়ন্ত্ৰিত পৰিস্থিতিলৈ গতি কৰিবলৈ বাধ্য হ’ব পাৰে৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2 years ago

I am retan from assam