বাঁহ গাজৰ স’তে ইলিচ মাছ – ভায়লেট মুনমুন দাস
সামগ্ৰী : মিঠাতেল সামান্য পৰিমাণ, সৰিয়হ আধা চামুচমান,বাহঁগাজ এক কাপ,আলু তিনিটা, হালধি আধা চামুচ,নিমখ সোৱাদ অনুসাৰে।
প্ৰকৰণ:
তেলত তেজপাত,দুটামান সৰিয়হ, হালধি আৰু নিমখ সোৱাদ অনুসাৰে দি ভালকৈ ভজা হলে তাত বাঁহগাজ খিনি দি দিব। তাৰ পিছত সিজোৱা আলু পিটিকি লৈ তাত দি দিব। এতিয়া ভালকৈ ভজা হলে কম পৰিমাণে পানী দি দিয়ক। ভালকৈ উতলি আহিলে ভজা ইলিচ মাছ খিনি তাত দি চিমত ৰাখি পাঁচমিনিটমান ৰখাৰ পিছত খাব পৰা হ’ব।
■■■