বনলতা সেন (মূল উৎস-বাংলা কবি জীৱনানন্দ দাসৰ একে নামৰ কবিতা; অনুবাদ-মধুচন্দা চলিহা ভুঞা)

হাজাৰ বছৰ ধৰি মই বাট বুলিছোঁ পৃথিৱীৰ পথত,
সিংহল সমুদ্ৰৰ পৰা ঘন অন্ধকাৰৰ মালয় সাগৰত
অনেক ঘূৰিছোঁ মই; বিম্বাসাৰ, অশোকৰ ধূসৰ জগতত
তাত আছিলোঁ মই ;আৰু দূৰ অন্ধকাৰৰ বিদৰ্ভ নগৰত;
ক্লান্ত মই প্ৰাণী এটি , চাৰিওফালে জীৱনৰ ফেনিল সমুদ্ৰ,
ক্ষন্তেক মোক দিছিল শান্তি নাটোৰৰ বনলতা সেনে।

চুলি তেওঁৰ ঘোৰ অন্ধকাৰৰ বিদিশাৰ নিশা,
মুখ তেওঁৰ শ্ৰাৱস্তীৰ কাৰুকাৰ্য্য:সুদূৰ সমুদ্ৰত
হাল ভাঙি যি নাৱিকে হেৰুৱাইছে দিশ
আৰু সেউজীয়া ঘাঁহৰ দেশ যেতিয়া তেওঁৰ চকুত পৰে দালচেনি দ্বীপৰ ভিতৰত
তেনেদৰেই দেখিছোঁ তেওঁক অন্ধকাৰত, কৈছে তেওঁ, ‘ইমানদিন আছিল ক‘ত?’
পখীৰ সঁজাৰ দৰে চকু তুলি নাটোৰৰ বনলতা সেন।

সমস্ত দিনৰ শেষত নিয়ৰৰ শব্দৰ দৰে সন্ধ্যা আহে;
পাখীৰ তাপৰ গোন্ধ মচি পেলায় চিলাই
পৃথিৱীৰ সকলো ৰং সমানে নিগৰি পাণ্ডুলিপিৰ কৰে আয়োজন
তেতিয়া গল্পৰ বাবে জোনাকীৰ ৰং ঝিলমিল;
চৰাইবোৰ বাঁহলৈ আহে,সকলো নদীয়ে শেষ কৰে এই জীৱনৰ সকলো লেন-দেন;
থাকে মাথোঁ অন্ধকাৰ ,সন্মুখৰ অপেক্ষা বনলতা সেন।

( বাংলাত নপঢ়া সকললৈ ,পৃথিৱীৰ এটা অনন্য সুন্দৰ কবিতাৰ অনুবাদৰ প্ৰয়াস)
Subscribe
Notify of

3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
12 years ago

অপূৰ্ব অনুবাদ আমাৰ অতিকে প্রিয় “বনলতা সেন”ৰ………..

“হাজার বছর ধরে আমি পথ হাঁটিতেছি পৃথিবীর পথে,

সিংহল সমুদ্র থেকে নিশীথের অন্ধকারে মালয় সাগরে.

অনেক ঘুরেছি আমি; বিম্বিসার অশোকের ধুসর জগতে.

সেখানে ছিলাম আমি; আরো দূর অন্ধকারে বিদর্ভ নগরে;.

আমি ক্লান্ত প্রাণ এক, চারিদিকে জীবনের সমুদ্র সফেন,

আমারে দুদণ্ড শান্তি দিয়েছিল নাটোরের বনলতা সেন।.

চুল তার কবেকার অন্ধকার বিদিশার নিশা,

মুখ তার শ্রাবস্তীর কারুকার্য; অতিদূর সমুদ্রের’পর.

হাল ভেঙে যে নাবিক হারায়েছে দিশা.

সবুজ ঘাসের দেশ যখন সে চোখে দেখে দারুচিনি-দ্বীপের ভিতর,

তেমনি দেখেছি তারে অন্ধকারে; বলেছে সে, ‌‌‘এতদিন কোথায় ছিলেন?’.

পাখির নীড়ের মতো চোখ তুলে নাটোরের বনলতা সেন।.

সমস্ত দিনের শেষে শিশিরের শব্দের মতন.

সন্ধা আসে; ডানার রৌদ্রের গন্ধ মুছে ফেলে চিল;.

পৃথিবীর সব রঙ নিভে গেলে পাণ্ডুলিপি করে আয়োজন.

তখন গল্পের তরে জোনাকির রঙে ঝিলমিল;.

সব পাখি ঘরে আসে-সব নদী-ফুরায় এ জীবনের সব লেনদেন;.

থাকে শুধু অন্ধকার, মুখোমুখি বসিবার বনলতা সেন।”

12 years ago

আমার মনের উদ্যানের সাশ্বত যৌবন নাম তার বনলতা সেন!

Lalita D Kalita
12 years ago

মোৰ এই প্ৰিয় কবিতাটোৰ অসমীয়া অনুবাদটো পঢ়ি খুব ভাল লাগিল ৷

Copying is Prohibited!