বনকৰা ছোৱালী (-সঞ্জীৱ কুমাৰ দাস)
এতিয়া তোৰ গাঁওৰ ঘৰৰ বাঁহৰ আগত
সন্ধিয়াৰ শেষকণ গুলপীয়া ৰ’দ
পিৰালিত গধুলি গধুলি গোঁন্ধ
নঙলামুখত থোৰ মেলা ধানৰ প্ৰাচীন শীতলতা
দুচকুত থুপি থুপি ফুলি উঠা এখন আকাশ
সোণ ও; আহ
তোৰ বাবে সুবাসিত
সম্ভাৱনাৰে পূৰ্ণ এই গধুলি
তোৰ ধুনীয়া সপোন এটাৰে বান্ধি থৈছো
সন্ধাৰ এখন নিৰৱধি নদী
আহ; গুণগুণাই আহ
মোৰ কলিজা দুফাল কৰি বৈ যা
আইৰ দৰে পিতাইৰ খেৰৰ ঘৰত
তোৰ মেহনতী দুহাত ৰঙা কৰি
মেহেন্দীৰে বোলাও
মোৰ হিয়াত
কেচাঁ হালধিৰ গোন্ধ
ও বনকৰা ছোৱালী
গোলামী গেবাৰি খাটি
আৰু কিমান নিৰ্যাতিত হ’বি
আহ তোৰ দুখবোৰ ভগাই লওঁ
মোৰ বৰঘৰৰ কোঠালিত
আৰু মোৰ সুখবোৰ ভগাই ল’বি
তোৰ বুকুৰ পিৰালিত
আহ উভতি আহ
তোক লৈ ঘৰ এখন পাতো
বনকৰা ছোৱালী
আহ চাই যা
মোৰ গাওঁৰ ঘৰ
চোতাল
পিৰালি…