বৰ্ষাৰ পৰশ, কৃষক আৰু অন্যান্য কথা -অম্লানিকা কলিতা

 

গিৰ্ গিৰ্ গিৰ্ গিৰ্ ডাৱৰেনো

মাদল বজাই কত??

কত??এই ..অসম দেশত

বিনন্দীয়া অসমভূমিত প্ৰকৃতিৰ অপৰূপ শোভাৰে উদ্ভাসিত। কেতিয়াবা যদি প্ৰকৃতিয়ে সেউজীয়া আস্বাদনেৰে ৰূপৰ চাদৰত মেলি দিছে সুন্দৰৰ বছা বছা ফুল, কেতিয়াবা হয়তো বৰ্ষাৰ  জাক জাক মৌচুমীয়ে তৃষ্ণাতুৰ তৰু লতা কিম্বা প্ৰাণীকুলত দিছে এক অমিয়া প্ৰশান্তি। কুলু কুলু শব্দত নিজৰা বৈ যায়। বৰলুইতৰ বুকুত বান আহে- জলৰাশি বৈ যায় সমুদ্ৰৰ বক্ষলৈ, নৈৰ পাৰৰ খাগৰি-কঁহুৱা বনে উলাহতে বাউলি হৈ নাঁচে। এইয়াই বৰষা-বৰষাৰ অনামী যাত্ৰা অনুভূত হয় কৃষকৰ সৃষ্টিৰ আঁজলি ভৰোৱা প্ৰাণত, কবিৰ কবিতাৰ ভাষাত অথবা দাৰ্শনিকৰ দৰ্শনতত্বত।

আহাৰ-শাওণ মাহত বৰষা নিগৰে। কেতিয়াবা হয়তো চাৰিমাহলৈও বৰ্ষাৰ বিস্তৃতি। বৰষাৰ সপোন যে সৃষ্টিৰ সপোন। যেন পণ লৈ আহে কৃষকৰ মেটমৰা শস্যৰ ভঁৰাল উপহাৰ দিয়াৰ- লখিমী দাৱনীৰ মুখত হাঁহিৰে উপচাই দিয়াৰ।।

বৰষাৰ প্ৰথম জাক বৰষুণৰ ভিজা মাটিত উৰ্বৰতাৰ নিভাঁজ গোন্ধ থাকে, গোন্ধ থাকে প্ৰাকৃতিক বৈচিত্ৰতাৰ অথবা সৃষ্টিৰ দাপোনত ‘অসমীয়া সংস্কৃতি’ক প্ৰতিফলিত কৰিব পৰা চহা কৃষকৰ ঘৰ্মাক্ত দেহৰ। পথাৰত আহু ধান দাই, গছত থকা লেটেকু পনিয়ল, কঁঠালবোৰ মোক খা, মোক খা কৰি পকে। জিকা, ভোল, তৰৈ বোৰেও পাচলি বাৰী শুৱনী কৰে। বাও ধান বোৰো লহপহীয়া হয়, বিনন্দীয়া প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য দুগুণে চৰে।

বৰষা আৰু সৃজনশীলতাঃ

প্ৰকৃতিয়ে যোগান ধৰে সৃজনশীলতাৰ জীৱনীশক্তি, কবিৰ কবিতাত, গীতিকাৰৰ গীতত স্থান পায় ‘বৰষা’ই। কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গীতত বৰ্ষাই স্থান পাইছে এইদৰে-

বাদল-মেঘে মাদল বাজে গুৰু গুৰু গগণ মাঝে

তাৰি গভীৰ বোলে আপনি ভোলে।।

কোথায় ছিল গহন প্ৰাণে গোপন ব্যথা গোপন গানে-

আজ সজল বায়ে শ্যামল বনেৰ ছাঁয়ে

চড়িয়ে গেল সকল খানে গানে গানে।।

যুগে যুগে বিভিন্ন কবিৰ কবিতাত বৰষা সিঁচৰিত হয় সৃষ্টিৰ মন্দাকিনী কিম্বা আশাৰ ফল্গুধাৰা হিচাপে। গীতিকাৰৰ গীতত যেন বৰষাই সুৰৰ মূৰ্চ্ছনা তুলি আশাৰ প্ৰদীপ জ্বলায়। সৃজনশীলতাৰ ক্ষেত্ৰখনত বৰ্ষা জিলিকিছে অনিন্দ্যসুন্দৰ ঋতু হিচাপে।

কৃষক আৰু বৰষাৰ আজন্ম সম্পৰ্কঃ

যিদিনাই কঁঠীয়াই গঁজালি মেলে, সঁজাল ধৰে সেইদিনা কৃষকৰ প্ৰতি টোপাল লোহিতেই সেই কঁঠীয়াৰ শিপা হয়। আহুলিৰ ঠাঁৰেৰে ৰোৱনীৰ সপোন ছঁটিয়াই বোকা মাটিত। তাত যে পানী যুঁৱলিৰো সেই সপোনক সাঁকাৰ কৰাত কিমান অৱদান থাকে। ইয়াৰ মূলতে থাকে হয়তো বৰষা ঋতুৰ মেঘমেদুৰ আকাশখনে আনি দিয়া জীপালতা-য’ত থাকে সৃষ্টিৰ উকমুকনি।

উপসংহাৰঃ

নদীৰ মোহনা ধুনীয়া। হয়তো ইয়াৰ নৈসৰ্গিক শোভাৰ বাবেই নহয় বক্ষত অবিৰাম গতিত কঢ়িয়াই ফুৰা জলৰাশিৰ বাবেও। নদীখন অক্লান্ত, শান্ত-সমাহিত কিন্তু কেতিয়াবা যে আবেগত মাতাল হয় (বান)!! হয়তো সেইখন এখন ৰুঢ় প্ৰতিচ্ছবি-য’ত সৃষ্টিকামী বৰষাৰো এক আঁচোৰ থাকে। কিন্তু ‘প্ৰকৃতি’ সদায় প্ৰকৃতিয়েই-মানৱ শক্তিৰ ওচৰত সদা উচ্চশিৰে অৱস্থান কৰিবলৈ অথচ সৃষ্টিৰ স্বগুণেৰে মহিমামণ্ডিত হোৱাতোৱেই যেন চিৰসত্য।

শেষত শ্ৰীমদ্ভাগৱত গীতাৰ এই বাীৰে লেখনি মোখনি মাৰিছোঁ-

প্ৰকৃতৈ্যব চ কৰ্ম্মানি ক্ৰিয়মাণানি

যঃ পশ্যতি তথাত্মানমকৰ্ত্তাব্য সপশ্যতি।।

(অৰ্থঃ প্ৰকৃতিয়েই সকলো প্ৰকাৰৰ সমস্ত কাম কৰে আৰু আত্মা অকৰ্ত্তা, এইদৰে যিজনে দৰ্শণ কৰে, তেঁৱেই যথাৰ্থ দৰ্শী)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!