বেপাৰী – হিৰন্ময়ী গগৈ কোঁৱৰ

 গাড়ীৰ পৰা নামিয়েই সোঁভৰিটোৰে কোমল কিবা এটা গচকা যেন পাই তেওঁ তললৈ চালে, কেঁচুমতা! ইস্ জোতাযোৰ তেনেই লেতেৰা হ’ল৷ ইমান লেতেৰা এই মানুহবোৰ, সেইকাৰণে তেওঁ আহিবলৈ বৰ টান পায়৷ হওঁতে একেবাৰে নিজৰে মানুহ, হলে কি হব৷ তেওঁলোকৰ লগত মিলিবওটো লাগিব৷ এইঘৰৰ মানুহগৰাকীৰ আজি বহুদিনৰ পৰা অসুখ, খবৰ এটা নললেও নহয়! অৱশ্যে উদ্দেশ্য এটাও আছে, আহিলেই এমোনা ঘৰুৱা শাক পাচলি, ফল মূল আৰু চাউল একেবাৰে বিনামূল্যে পায়৷ বেপাৰী মানুহ, লাভ য’ত, ততেই হাত দিব জানে৷ পত্নীয়েও ইয়ালৈ আহিলে কিয় ভাল পায় তেওঁ জানে! জোতাত লগা কেঁচুমতাখিনি বননিত ঘঁহাই মোহাৰি তেওঁ সোমাই আহিল৷

ঘৰৰ গিৰিহঁতে পুত্ৰৰ সৈতে বাৰীত কাম কৰি আছিল৷ বাৰীখন যথেষ্ট ডাঙৰ, বতৰৰ শাক পাচলিৰ খেতি কৰিছে, খেতিৰ ধান আৰু শাক পাচলি বিক্ৰী কৰি আকালো নাই ভঁৰালো নাই এনেকৈ চলি আছে৷ আলহী দেখি তেওঁ ব্যস্ত হৈ পৰিল, চিঞৰি কাৰোবাক মাতিলে আৰু আথে বেথে বাৰাণ্ডাতে বহিবলৈ দিলে৷ বাৰাণ্ডাৰ এমূৰে গোটাই থোৱা শাক পাচলিখিনি দেখি তেওঁৰ মনটো লকলকাই উঠিল, কচু আৰু সতেজ ঢেকীয়ামুঠা পালে শ্ৰীমতী একেবাৰে কব নোৱাৰা হৈ যাব, বজাৰত এইখিনি এশটকামানৰ হব৷

অসুখীয়া দুৰ্বল মানুহগৰাকীয়ে আলহীক মাত এষাৰ দিলেহি, বাৰীৰ পৰা গিৰিহঁতো ওলাই আহিল৷
অকণো পলম নকৰাকৈ তেওঁ সেইখিনিৰ গুণ বখানিবলৈ লাগিল, তেওঁ যে কিমান ভাল পায় আৰু আজিকালি পাবলৈকে নোহোৱা হ’ল সেয়া কবলৈ নাপাহৰিলে৷ তীৰ গৈ লক্ষ্যত আঘাত হানিলে৷ আশা কৰামতেই ঘৰৰ গিৰিহঁতে সেইখিনি কলপাত এখনেৰে মেৰিয়াই আৰু কেইটামান পাচলিৰে সৈতে টোপোলা এটা কৰি দিলেহি৷ বেপাৰী মানুহ তেওঁ, কিয়নো দিলে বুলি আনন্দেৰে টোপোলাটো গ্ৰহণ কৰিলে৷ উদ্দেশ্য সিদ্ধি হোৱাৰ পাছত দুই এষাৰ কথা পাতি মানুহজন যাবলৈ উঠিল৷

গিৰিহঁতৰ গোঁফ ঠুঁটিওৱা পুত্ৰই বাৰীৰ পৰা হাঁহিমুখে মাত লগালে, “ পইচাটো দিয়ক৷ ঘৰৰ পৰা নিলে অলপ কমায়ে লওঁ বাৰু৷ “

কিছু সময় তভক মাৰি মানুহজনে জেপলৈ হাতখন নিলে, বেপাৰী মানুহ তেওঁ৷
☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!