বেশ্যা (-পাৰ্থ প্ৰতীম)
ৰাতি নহয় ক’লা এন্ধাৰ
ৰাতিবোৰ নীলা
ফৰকাল আকাশৰ দৰে
আহক, আপোনাৰ বিশ্বাসৰ বাবেই এপদ এপদকৈ খুলি থ’ম লাজ ।
মই বেশ্যা
কত ব্যগ্ৰ উজাগৰ ৰাতি
অস্থিৰ অশান্ত সময় ইতঃস্তত সত্বেও বুকু পাতি লওঁ দ্বিধাহীনভাৱে
সহস্ৰজনৰ আদিম মৰম
সুখ বিলাই বিলাই
মই মদিৰাৰ শূন্য পিয়লা ।
এই যে ঘৰটো দেখিছে
খেৰ বাঁহৰ নিশকটীয়া জুপুৰি
ইয়াত দুটা কোঠা
দুয়োটা কোঠাতে এখনকৈ বিচনা
এখন টেবুল, কিছু আচবাব্, কাপোৰ-বাচন
ঘৰটোত মাথো এখনেই দুৱাৰ
দুখবোৰ মাথো সোমাই আৰু ঘুৰি ফুৰে ভিতৰত ।
মই সপোন দেখিছিলো অতীতত
পখিলা খেদা সৰু দুহাতেৰে চুব বিচাৰিছিলো আকাশ
মোৰ মায়ে চকুপানীৰেই চিলাইছিল মাৰ যৌৱন
অথচ প্ৰতিজাক বৰষুণত ফালি চিৰাচিৰ হৈছিল দেহ
সেয়ে মই সপোন দেখিছিলো ৰ’দ-বৰষুণত
সুৰুযৰ উত্তপ্তক প্ৰত্যাহ্বান জনোৱাৰ সাহস কৰিছিলো
মোৰ তাতেই ভুল হ’ল
প্ৰতিটো সপোনে আঘাত কৰিলে নিষ্ঠুৰভাৱে
ধুমুহাত আহত মই, নিহত মোৰ প্ৰতিটো সপোন
আৰু এতিয়া মাথো সপোন জীয়াই থকাৰ
অপৰিসীম বেদনাত জন্ম বেশ্যাৰ ।
বেশ্যা .. অ’ই বেশ্যা ..
চাৰিআলিৰ দোকানৰ পৰা ভাহিঁ আহে শব্দ
বেশ্যাৰ জীয়েক বেশ্যা/ যিবোৰে মোৰ সান্নিধ্য বিচাৰি মোৰ পদুলিত তাঁতবাতি কৰে
মোৰ বুকুৰ খলাবমাত যিবোৰ পিচলি পৰে
বৰ্তমানৰ পৰা ৰূপান্তৰিত হয় আদিম মানৱলৈ..
তেওঁলোকে.. অ’ তেওঁলোকেই
ছিগাৰেটৰ প্ৰতিটো ধোঁৱাত উৰুৱাই দিয়ে মোৰ দেহৰ ভাঁজ
যাৰ সাপৰ দৰে ফোঁপনিত সাৰে থাকো মই
তেওঁলোকে দিনত পোছাক সলাই হয় অন্য মানুহ
আস্ পোছাকৰো কি বিড়ম্বনা
পোছাক সলনি হ’লেই সলনি হয় মানুহ, মন আৰু পৰিচয়
পোছাক সলনি হ’লেই সলনি হয় চিন্তা, আদৰ্শ আৰু সময় ।
এন্ধাৰ ৰাতিবোৰৰ মাজে মাজে
বুৰঞ্জীতকৈও প্ৰাচীন সেঁতুৱেদি মোৰ দীঘল খোজ
দুখ-বিষাদৰ প্ৰতিজাক বৰষুণত তিতিছে মোৰ বুকু
উঁৱলি যোৱা ফোঁপোলা জীৱন
বৰষুণ – ধুমুহা – শীত – কুঁৱলী
নিসংগ নিৰ্বাক নৈশব্দৰ ……