ভাগৱতী বনাম সেন (উদ্দীপ তালুকদাৰ)

source: http://www.google.co.in/url?sa=i&rct=j&q=&esrc=s&source=images&cd=&cad=rja&docid=OvgmBTnaEtA29M&tbnid=3Uxav4fxcHVxdM:&ved=0CAQQjB0&url=http%3A%2F%2Feconomictimes.indiatimes.com%2Fsen-vs-bhagwati-face-off-deepens-over-growth-%26-narendra-modi%2Fliveblog%2F21332061.cms&ei=cJoLUvyOCdGRiQfNlYCgBw&bvm=bv.50723672,d.dGI&psig=AFQjCNFUZAJwjw9O99AHLL4-2O4sb7UUIw&ust=1376578521197053ন’বেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেন আৰু ভাৰতীয় মূলৰ আন এগৰাকী সন্মানীয় অৰ্থনীতিবিদ জগদীশ ভাগৱতীৰ মাজৰ বাদ-বিবাদে সম্প্ৰতি দেশৰ সংবাদ মাধ্যম আৰু বুদ্ধিজীৱী মহলত কিছু লহৰ তোলা দেখা গৈছে।
অৰ্থনীতি এটা বিষয় হিচাপে সম্যক জ্ঞানো মোৰ নাই। এনে কেইটামান বিষয় আছে, যিকেইটা মহাবিদ্যালয়ৰ কিতাপৰ মাজত সোমাই থাকে।  এইবাবে ভাৱ হয় যেন সেইখিনি কেৱল পৰীক্ষা পাতি ছাত্ৰ পাছ-ফেইল কৰাবৰ বাবেই প্ৰণয়ন কৰা হৈছিল। পিছে অৰ্থনীতিক কিতাপৰ পাততে বন্দী কৰি থ’লে দেশ-ৰাজনীতি-আঁচনি আদিৰ কিছুমান কথা বুজিবলৈ ডাঙৰ সমস্যা হয় বুলি ভাগৱতী বনাম সেন তৰ্কলানিৰ বিষয়ে অলপ পঢ়া-শুনা কৰি গম পালোঁ। ভাগৱতী বনাম সেন বিষয়টো দেশীয় কাকতত এইকেইদিন আলোচিত হৈ আছে যদিও আমাৰ অসমৰ কাকতত একো পঢ়িবলৈ পোৱা নাই। বিষয়টোৰ ওপৰত মই যেনেকৈ বুজিছোঁ তাকে অকব-ৰ ৰাইজৰ লগত ভগাই ল’বলৈ বিচাৰিছোঁ। ইয়াত মই কোৱা কথাখিনি বাতৰি-কাকত ৱেবছাইট আদিৰপৰা গোটাই মই নিজে যেনেকৈ বুজিছোঁ, সেইখিনিহে। মোৰ বুজোঁতে ভুলো হ’ব পাৰে। কিন্তু বিষয়টোৰ ওপৰত সামগ্ৰিক আভাস এটা পাব বুলি আশা ৰাখিছোঁ। বহুত ৱেবছাইট খুঁচৰি ফুৰা বাবে ৰেফাৰেন্সসমূহ যুগুতাই থোৱা নহ’ল, সেয়ে সেইখিনি যোগ কৰিব নোৱাৰিলোঁ।

অমৰ্ত্য সেন আৰু জগদীশ ভাগৱতী দুয়োগৰাকী নাম-থকা অৰ্থনীতিবিদ। অমৰ্ত্য সেন হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক, আনহাতে জগদীশ ভাগৱতী কলম্বিয়া বিশ্ববিদ্যালয়ৰ অৰ্থনীতি আৰু আইন বিভাগৰ অধ্যাপক। দুয়োগৰাকী ব্যক্তিয়েই মূলতঃ নব্য-ধ্ৰুপদী অৰ্থনীতিৰ (neo-classical economics) সমৰ্থক, এই শাখাৰ অধীনত দুয়োগৰাকীয়েই গোলকীকৰণ, মুক্ত অৰ্থনীতিৰ সমৰ্থক। দুয়ো গৰাকী ব্যক্তিৰ মাজৰ আদৰ্শগত মূল পাৰ্থক্য হ’ল অমৰ্ত্য সেনে ‘কল্যাণ অৰ্থনীতি’ৰ পোষকতা কৰে।
একেবাৰে সহজকৈ (ইয়াতকৈ টানকৈ ময়ো বুজা নাই) সেন আৰু ভাগৱতীৰ মূল পাৰ্থক্যটো মই এনেদৰে বুজিছোঁ: অৰ্থনৈতিক বিকাশ (growth) দেশ এখনৰ প্ৰগতিৰ বাবে মূল লক্ষ্য। সেয়া আহিব ঘাইকৈ মুক্ত অৰ্থনীতিৰ জৰিয়তে। চৰকাৰে ‘বজাৰ’ (market) সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত ৰাখিলে ‘বিকাশ’ৰ গতি হ’ব চালুকীয়া। আৰু পৰ্যাপ্ত অৰ্থনৈতিক ‘বিকাশ’ অবিহনে দেশ এখনৰ সামগ্ৰিক কল্যাণ সম্ভৱ নহ’ব। ‘বিকাশ’ৰ জৰিয়তেহে আন্তঃগাঁথনি নিৰ্মাণ, চাকৰী বৃদ্ধি আদি সম্ভৱ হ’ব, আৰু ইয়াৰ দ্বাৰা দেশ এখনৰ সমূহ জনসাধাৰণৰে অৰ্থনৈতিক উন্নতি সম্ভৱ হ’ব। এইখিনিলৈকে দুয়োগৰাকী অৰ্থনীতিবিদৰ মতৰ মাজত কোনো পাৰ্থক্য নাই। কিন্তু ইয়াৰ পাছতে অমৰ্ত্য সেনে পোষকতা কৰা ‘কল্যাণ অৰ্থনীতি’ত সমাজৰ দৰিদ্ৰসকলৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ পৰামৰ্শ আছে। চৰকাৰে ‘বিকাশ’ তৰান্বিত কৰাৰ লগতে বিশেষ আঁচনিৰে দৰিদ্ৰসকলক নূন্যতম জীৱন-ধাৰণৰ সুবিধা দিব লাগে। আনহাতে এই আঁচনিসমূহে সাঙুৰি ল’ব ঘাইকৈ দৰিদ্ৰসকলকহে, ইয়াৰ বাহিৰে বজাৰত চৰকাৰৰ নিয়ন্ত্ৰণ নাথাকিব। ‘ছাবছিডী’ (subsidy) আদি উঠাই দিয়া হ’ব। ইয়াৰ বিপৰীতে জগদীশ ভাগৱতীৰ মতে এই বিশেষ আঁচনিৰ ধাৰণাটো বাস্তৱসন্মত নহয়। তেখেতৰ মতে ‘বিশেষ আঁচনি’ আদি প্ৰণয়নেৰে চৰকাৰ মুঠ আয়ৰ এক বৃহৎ অংশ এনে আঁচনিত বিনিয়োগ কৰিব লাগিব, যাৰ বাবে ‘বিকাশ’ৰ হাৰ কমি যাবলৈ বাধ্য। সেয়ে, তেখেতে তেনে আঁচনিৰ পোষকতা নকৰে। ভাগৱতীৰ মতে, ‘বিকাশ’ক যিমান পাৰি বাঢ়িবলৈ দিব লাগে, যাতে ‘বিকাশ’ৰ জৰিয়তে হোৱা আয়ৰ ভাগ ধীৰে ধীৰে দৰিদ্ৰসকলেও পাবলৈ আৰম্ভ কৰে। ভাগৱতীৰ মতে অমৰ্ত্য সেনে তেখেতৰ মতবাদ আগবঢ়াওঁতে যুক্তিতকৈ বেছি আদৰ্শবাদতহে গুৰুত্ব দিছে, কিন্তু সেনৰ পৰামৰ্শই ভাৰতৰ দৰে দেশক অৰ্থনৈতিক ভাৱে আৰু দুৰ্বল কৰিহে তুলিব।
ভাৰতৰ ৰাজনীতিত দুয়োগৰাকী অৰ্থনীতিবিদৰে সমৰ্থক আছে। অৱশ্যে ভালকৈ চালে বুজিব পাৰি, ভাৰতৰ বৰ্তমান অৰ্থনীতিত সেনৰ প্ৰভাৱ বেছি। বৰ্তমান চৰকাৰে প্ৰণয়ন কৰা ‘খাদ্য নিৰাপত্তা বিধেয়ক’ সেনৰ মতাদৰ্শৰে ফচল। প্ৰণিধানযোগ্য যে সেন এই আইনখনৰ প্ৰধান সমৰ্থক। এনে এখন আইন এন.ডি.এ. চৰকাৰে প্ৰণয়ন কৰিবৰ বাবে তেখেতে আগতেও জোৰ দিছিল। অমৰ্ত্য সেনৰ ‘কল্যাণ অৰ্থনীতি’ৰ বাবে দৰিদ্ৰৰ বাবে বিশেষ ব্যৱস্থা কৰাটো প্ৰয়োজনীয় বুলি আগতেই উল্লেখ কৰা হৈছে। ইয়াৰ বাহিৰেও চৰকাৰীভাৱে কেৱল দৰিদ্ৰৰ বাবে প্ৰণয়ন কৰা বিভিন্ন আঁচনিও প্ৰকৃততে সেনৰ কল্যাণ অৰ্থনীতি অনুসৰণৰ চিন।
ভাগৱতী বনাম সেন বিতৰ্কখনৰ মূল আৰম্ভণি আছিল ভাগৱতীয়ে অমৰ্ত্য সেনক ‘বিকাশ’ৰ পৰিপন্থী বুলি উল্লেখ কৰাটো। তেখেতৰ মতে সেনৰ পদ্ধতিয়ে বিকাশ আনিব নোৱৰে। ভাগৱতীৰ ৰচিত কিতাপত সেনৰ মতৰ সমালোচনা কৰা হৈছে। ভাগৱতীয়ে নিজৰ বাক-বিতণ্ডাত সেনৰ প্ৰসংগ নাম সহকাৰে উল্লেখ কৰে। অৱশ্যে ভাগৱতীৰ প্ৰত্যক্ষ উল্লেখৰ বিপৰীতে অমৰ্ত্য সেনে এই বিষয়ৰ মন্তব্যত ভাগৱতীৰ নামোল্লেখ নকৰি নিজৰ মতামতৰ প্ৰতিহে যুক্তি আগবঢ়োৱা দেখা যায়। ‘দ্য ইক’ন’মিষ্ট’ কাকতত প্ৰকাশিত সেনৰ ৰচিত এখন কিতাপৰ পৰ্যালোচনা কৰি লেখকে ভাগৱতীৰ মত সেনতকৈ বেছি শুদ্ধ বুলি মন্তব্য দিছিল। এই কাকততে প্ৰত্যুত্তৰ হিচাপে সেনে দিয়া চিঠিত ভাগৱতীৰ নামোল্লেখৰ বাহিৰে তেখেতে কেতিয়াও ভাগৱতী সম্পৰ্কত কোনো মন্তব্য দিয়া নাই।
সম্প্ৰতি এই বিষয়টোলৈ আমাৰ চকু আকৰ্ষিত হয়, অমৰ্ত্য সেনে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিবিচাৰে বুলি দিয়া মন্তব্যটোৰ পাছতহে। দুই গৰাকী অৰ্থনীতিবিদক সদ্যহতে মিডিয়াই নিৰ্বাচন কেন্দ্ৰিক চাঞ্চল্য সৃষ্টিৰ উদ্দেশ্যে বিজেপি আৰু কংগ্ৰেছ এনে দুটা ভাগত বিভক্ত কৰিব বিচাৰিলেও তেওঁলোকৰ নিজৰ ভাষ্যত তেনে একো নাই। জগদীশ ভাগৱতীৰ এগৰাকী সহকৰ্মী ‘অৰবিন্দ পনাগাৰিয়া’ই তেখেতৰ লিখিত এখন গ্ৰন্থত নৰেন্দ্ৰ মোদীৰ বিকাশৰ ধাৰাক সমৰ্থন কৰিছে। এইটো কাৰণতে জগদীশ ভাগৱতীক মোদী সমৰ্থক বুলি ক’ব খোজা হয়, কিন্তু ব্যক্তিগত পৰ্যায়ত ভাগৱতীয়ে ৰাহুল গান্ধী, ছোনিয়া গান্ধী, মনমোহন সিং, নৰেন্দ্ৰ মোদী কেউজনৰ লগতে সু-সম্পৰ্ক থকা বুলি দাবী কৰিছে। অৱশ্যে তেখেতে নিজস্ব মতামত হিচাপে ‘নৰেন্দ্ৰ মোদী বা ৰাহুল গান্ধী’ এনে ধৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হ’ব লাগে বুলি সিদ্ধান্ত নলওঁ বুলি কৈছে। এইখিনিতে মন কৰিবলগীয়া যে ভাগৱতীৰ বিপৰীতে অমৰ্ত্য সেনে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিবিচাৰে বুলি উল্লেখ কৰিছে। কোন প্ৰধানমন্ত্ৰী হ’ব লাগে সেইটো বিষয়ত অমৰ্ত্য সেনে কোনো মতামত দিয়া নাই। ভাৰতৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰণ ব্যৱস্থাত দুয়োগৰাকী অৰ্থনীতিবিদৰে সমৰ্থকৰ দুটা গোট আছে। অমৰ্ত্য সেনৰো কেউগৰাকী ৰাজনীতিকৰ লগতে ভাল সম্পৰ্ক থকা বুলিয়েই কোৱা হয়।
অমৰ্ত্য সেনৰ মোদী সম্পৰ্কীয় মতামতক লৈয়েই ভাৰতৰ ৰাজনীতিত সদ্যহতে এটা চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু মন কৰিলে দেখা যায় যে অমৰ্ত্য সেনে নৰেন্দ্ৰ মোদীৰ বিপক্ষে অৰ্থনীতিবিদ হিচাপে কোনো মন্তব্য কৰা নাই। বৰং তেখেতে গুজৰাট সংঘৰ্ষৰ বাবেহে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিবিচাৰে বুলি কৈছে। এই মন্তব্যৰ পাছত বিভিন্ন ৰাজনীতিকে দিয়া ‘সেনে ভাৰতৰত্ন ওভতাই দিব লাগে’ আদিবোৰ ৰাজনীতিকৰ চঞ্চলমতি জিভাৰ পৰিচায়ক বুলি জ্ঞান কৰি এই আলোচনাৰ ভিতৰলৈ অনা হোৱা নাই। কেৱল খবৰ এটা দি থওঁ, আমাৰ ৰাজনীতি ইমানেই অপৰিপক্ক যে অমৰ্ত্য সেনৰ বিৰোধীসকলে তেখেতৰ জীয়েক নন্দনা সেনৰ চৰিত্ৰৰ খবৰ দি ইন্‌বক্সলৈ বাৰ্তা প্ৰেৰণ কৰা আৰম্ভ কৰিছে!!
অৰ্থনীতিবিদ নহওঁ, কিন্তু ভাগৱতী বনাম সেন বিতৰ্কৰ এটা ৰূপৰেখা পোৱাৰ পাছত বিজনেছ ষ্টেণ্ডাৰ্ড কাকতত এই বিষয়ে প্ৰকাশিত লেখা এটাৰ কথাখিনি মোৰো পছন্দ হৈছে। সেইটোও ইয়াতে কৈ থওঁ বুলি ভাবিছোঁ: ভাগৱতী আৰু অমৰ্ত্য সেনৰ মূল মতত তেনে পাৰ্থক্য নাই। মাত্ৰ পাৰ্থক্য আছে তাক বলৱৎ কৰাৰ শৈলীত। অমৰ্ত্য সেনৰ মতাদৰ্শমতে চলিলে ‘বিকাশ’ৰ হাৰ কিছু কম হ’ব, কিন্তু একে সময়তে দৰিদ্ৰতাৰ একেবাৰে চৰম অৱস্থা ‘অনশন’ কৰিবলগীয়া নহ’ব। আনহাতে ভাগৱতীৰ মতে চলিলে বিকাশৰ হাৰ দ্ৰুত হ’লেও প্ৰথমে দৰিদ্ৰৰ অৱস্থা সলনি নহয়, কিন্তু পাছলৈ ‘বিকাশে’ই দৰিদ্ৰতাক নাশ কৰিবলৈ সমৰ্থ হ’ব। প্ৰশ্নটো হ’ল কোনটো লোৱা যুগুত?
ৰোগ চিকিৎসাত এনে এটা ধাৰণা মানি লোৱা হয় যে সকলো ৰোগীকেই একেটা নিয়মতে চিকিৎসা কৰিব নোৱাৰি। চিকিৎসা হ’ব ব্যক্তিসাপেক্ষ (individualistic)। হয়তো ভাৰততো অৰ্থনীতিৰ তেনে এটা ব্যৱস্থাই আটাইতকৈ ফলপ্ৰসূ হ’ব। মোৰ বোধেৰে ভাৰতৰ প্ৰদেশ ভেদে সামাজিক, ভৌগোলিক, অৰ্থনৈতিক ইমান তাৰতাম্য আছে যে একেটা সমাধান সূত্ৰ সকলোতে সমানে প্ৰযোজ্য হোৱাৰ সম্ভাৱনা ক্ষীণ। গুজৰাটত যিটো আৰ্হি ফলপ্ৰসূ হ’ব সেই একেটাই বিহাৰত হোৱাৰ সম্ভাৱনা কম। সেয়ে দুয়োটা নীতিৰ মাজতে এটা বাট নিশ্চয় উলিয়াব পৰা যাব। বৰ্তমান তেনে এটা অৱস্থাই চলি আছে।
অৱশ্যে কাগজ-কলম-কিতাপৰ নীতি বাস্তৱত পৰিণত কৰাত বহুতো কথা আছে। এই নীতিসমূহ প্ৰণয়নৰ লগতে ভাৰতৰ দুৰ্নীতি, শিক্ষাৰ তাৰতম্য, জাতি-জনজাতিৰ প্ৰভেদ আদি কেবাটাও দিশলৈ চাব লাগিব। আৰু সেন আৰু ভাগৱতীৰ নীতিসমূহে ঘাইকৈ পুঁজিপতি অৰ্থনীতি ব্যৱস্থাৰে ভিন্ন ৰূপ (অমৰ্ত্য সেনেও মুক্ত বজাৰৰ পোষকতা কৰে, মাত্ৰ দৰিদ্ৰৰ বাবে কিছুমান বিশেষ আঁচনিত চৰকাৰে ব্যয় কৰিব লাগে বুলি তেখেতে কয়)। তেনে ক্ষেত্ৰত পুঁজিপতি অৰ্থনীতি ব্যৱস্থাৰ বাহিৰৰ অন্যান্য আৰ্হিৰ সুবিধা-অসুবিধা আদিও চাবলৈ আছে।
(লেখাটোৰ বাবে বিভিন্ন উৎসৰপৰা তথ্য আৰু মন্তব্য গোটোৱা হৈছে। কিন্তু মই মুঠেই অৰ্থনীতি নাজানো। সেয়ে ভুল ব্যাখ্যা হ’ব পাৰে, সেইটো ৰাইজক আগতেই কৈছোঁ। জনা-বুজাসকলে ভুলবিলাক আঙুলিয়াই দিয়াৰ লগতে সেইখিনি শুদ্ধ কৰি মতামত দিলে কথাখিনি আৰু ভালকৈ বুজিব পাৰিম। বিশেষজ্ঞৰ দ্বাৰা অৰ্থনীতিৰ আলোচনা আমাৰ বাতৰি-কাকত-আলোচনী আদিত ওলোৱা প্ৰয়োজনীয়। আমি পঢ়িবলৈ ৰৈ আছোঁ। কিন্তু খুব কমেইহে পাইছোঁ।)
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!