ভালপোৱা -(মাধুৰীমা ঘৰফলীয়া)

ভালপোৱা
-মাধুৰীমা ঘৰফলীয়া

( কথাবোৰ অলপ খেলিমেলি লাগি যায়, কোনখিনি আবেগক আচলতে সঁচাই ভালপোৱা আখ্যা দিব পাৰি ! মোৰ মা-দেউতা, বাইদেউ-ভাইটি , মোৰ জীৱন সংগী অথবা মোৰ প্ৰাণৰ সমানেই আপোন মোৰ মেকুৰীটোৰ প্ৰতি থকা ভালপোৱাখিনিৰ সংজ্ঞা ভিন্ন নেকি ! তুলাচনীত জোখ মাখ কৰিব পাৰিম নেকি তেওঁলোকৰ প্ৰতি থকা মোৰ ভালপোৱাৰ ওজন! ক’ব পাৰিম নে এইজনতকৈ মই সিজনক বেছি ভালপাওঁ ! ভালপোৱা, বুকুৰ মাজেৰে অহৰহ বৈ থকা আবেগৰ স্ৰোত। ভালপোৱা , এজনে আনজনক দিয়া বিশ্বাসৰ সৌধ। ভালপোৱা কৃষকৰ আশাৰ বৰষুণজাক, প্ৰিয়জনৰ বুকুৰ স্পন্দন, মা-দেউতাই বড় গছৰ দৰে দিয়া আশ্ৰয় আৰু …আৰু বাইদেউ-ভাইটিৰ সতে কটোৱা শৈশৱৰ প্ৰতিটো পল। )
দৃশ্য এক-
উহহহহহহহহহহ…
সোণে পেটটো খামোচি পায়খানাৰ দুৱাৰখনত হেঁচা মাৰিলেগৈ। দুৱাৰখন ভিতৰৰ পৰা বন্ধ আছিল। মূৰটো গৰম হৈ গ’ল। ধাম ধাম ধাম কৈ দুৱাৰত ঢকিয়াই চিঞৰিলে, ‘কোন আছে অ’…! মোৰ বিৰাট জোৰেৰে লাগিছে।’ পিছে পায়খানাৰ ভিতৰৰ পৰা একো মাত নাহিল। মাকে সেইসময়তে টিউবেলৰ কাষত চাউল ধোৱা পানীখিনি পেলাবলৈ পাকঘৰৰ পৰা ওলাই আহিছিল। -মা পায়খানাত কোন সোমাই আছে অ’ ? -বায়েৰ আছে। মাকে সহজ ভাবেই ক’লে। -সেই জনী সোমালে যেতিয়া সহজে ওলাই নাহে। তাই এতিয়া সপোন দেখিব পাই। অ’ মা তাইক কওঁকচোন ওলাই আহিবলৈ .. -তাই অলপ আগত সোমাইছেহে .. -মই সেইবাবেই দেতাক দুটা পায়খানা সাজিবলৈ কৈছিলোঁ … ঐ বাই তই টোপনি গ’লি নেকি …সোনকালে ওলাচোন। -তই নিজে চাকৰি কৰি সাজিবি। বাপেৰে সেই এটাই সাজিব পাৰিলে। …মাজনী অলপ সোনকাল কৰ অ’…এইটোৰ কাপোৰে কানিয়ে যাব এতিয়া।মা কে কথাষাৰ কৈ পাকঘৰলৈ পোনালে। তেওঁ এনেয়ো এইবোৰ বিষয়ত বৰকৈ মাত নামাতে। পিছে যেতিয়াই কথাবোৰ অলপ কাজিয়াৰ পৰ্য্যায় পাইগৈ তেওঁ লাহেকৈ জুহালৰ চাঙৰ পৰা ফলা খৰি ডাল লৈ ওলাই আহে। নাই…পায়খানাৰ ভিতৰৰ ফালৰ পৰা কোনো শব্দ নাহিল। পেটটো খামোচি সি কাষতে থকা বেঞ্চখনতে বহি পৰিল। পেটত থকা পেলুবোৰে যেন ফুটবলহে খেলিছে। এখন হাতেৰে পেটটো ধৰি আন খন হাতৰে বেঞ্চখনত খামোচি ধৰিবলৈ লওঁতেই হাতত কিবা এটা লাগিল। উৱা ! এইটো চোন বায়েকৰ ম’বাইলটো। টিং কৈ সোণৰ মূৰত বুধি এটা খেলালে। বায়েকৰ এই ম’বাইলটো তাক চুবলৈকে নিদিয়ে। বিশেষকৈ এটা বিশেষ সুৰেৰে ফোনটো বাজি উঠিলে তাই ম’বাইলটো য’তে নাথাকক থপিয়াই নিয়েহি। সোণে বুজি পাই সেয়া তাৰ হ’ব লগা ভিনিয়েকে ফোন কৰিছে। সেইবাবে মাজে মাজে জোকাবলৈ সি ফোনটো ধৰিবলৈ যায় পিছে তাই যেনেকৈহে জেঙেৰা মাৰি দিয়ে তাৰ খঙেই উঠি যায়। আজি একদম গাখীৰতে ম’হৰ খুটি। সোণে ম’বাইলৰ ৰিংটন খিনিৰ পৰা বিচাৰি সেই বিশেষ ৰিংটনটো বজাই বেঞ্চখনৰ পৰা আঁতৰি আহিল। “তুম বিন জীয়া জায়ে কেইছে “ – এইফালে ম’বাইলত গানটো বাজি উঠিল, সিফালে ইমান পৰে নিৰৱ নিতাল হৈ থকা পায়খানাৰ ভিতৰত পানী ঢলাৰ শব্দ ভাহি আহিল। ইমান কষ্টৰ মাজতো সোণৰ হাঁহি উঠিল। বায়েকে দৰজাখন খুলিবলৈ হে পালে সি লগে লগে পায়খানালৈ সোমাই গল। এইবাৰ সি টোপনি যাবলৈ চেষ্টা কৰিলে। বাহিৰত বায়েকৰ গগণ ফলা চিঞৰ !

দৃশ্য দুই–

বাগানত চিনেমা চাবলৈ যাবলৈ তই ইমান ডাঙৰ হোৱা নাই।
-ডাঙৰ হোৱা নাই ! চিনেমা চাবলৈ মই ডাঙৰ হোৱা নাই। কিবা এটা কৰিবলৈহে ইমান ডাঙৰ হ’লি কৰিব নোৱাৰ বুলি কৱ ?
-আৰে ! বাগানৰ চিনেমাকেইখন ঘৰতো চাব পাৰিবচোন। তাত চালেহে হয় নে। ৰাতিটো তাতে থাকিবি ইফালে মাৰ টোপনিয়েই নাহিব।হুহ ! বুলি কৈ সোণ আঁতৰি গ’ল। মাজনীয়ে মাকলৈ চালে। মাকে চকুৰেই ইংগিত দিলে তাক অলপ বুজাগৈ বুলি। পুৱাৰে পৰা সোণে লাগি আছে আজি হেনো সি লগৰ ল’ৰাবোৰৰ সৈতে বাগানত চিনেমা চাবলৈ যাব। বাপেকে এইবোৰত একো মাত নামাতে। তেওঁৰ মতে ল’ৰা ডেকা হৈছে , মন যাবই। পিছে মাজনী আৰু মাকৰ মতে ল’ৰা ডেকা হ’ল বুলিয়েই যেনিয়েই-তেনিয়েই এৰি দিলে নহ’ব। মাজনী লাহে লাহে গৈ পাছফালৰ বাৰাণ্ডাত বহি থকা সোণৰ কাষত বহিল গৈ।
-বাগানত কোনখন চিনেমা দিছেনো ?
-তোক কেলৈ ? সোণে গেঙেৰি মাৰি উত্তৰ দিলে।
-ঐ কলেজৰ তোৰ লগৰ যে সেই ছোৱালীজনীৰ নাম কৈছিলি, কি নাম আছিল তাইৰ ?
সোণে এইবাৰ সন্দেহৰ দৃষ্টিৰে বায়েকলৈ চালে। মাজনীয়ে সেইখিনি আওকাণ কৰি আকৌ সুধিলে. -তাই পতিছে গৈ নে ? এইবাৰ সোণৰ মন কুমলিল। আচলতে তাৰ খঙটোৱে তেনেকুৱা , মুহূৰ্ততে শেষ হয়।
-পল্লবী ! সেইজনী ক’ত পতিব। মই কিবা এটা ক’বলৈ গ’লে তাই সেই কলেজৰ কাষতে থকা গেলামালৰ দোকানখনত সোমাই গৈ। সেইখন তাইৰ দদায়েক নে বৰদেউতাকৰ দোকান বোলে। মই দোকানৰ ফালে গ’লে তাই দোকানৰ আলু বস্তাতে উঠে গৈ। কিমান আলু পেটেকা কৰিলে ঠিক নাই। সোণে অলপ ক্ষোভৰেই ক’লে।-ইয়ে হয় নেকি। তই পতাব জনা নাই আক’ !সোণে এইবাৰ পুৰা উত্সাহৰে বায়েকৰ ফালে চাই সুধিলে
-বা মই বাৰু চিনেমা চাবলৈ নাযাওঁ। তই মোৰ লগত এফালে যাবি নে ? -ক’লৈ? মাজনীয়ে চকু ঘোপা কৰি সুধিলে| -সৰু পেহীৰ ঘৰলৈ। -পেহীৰ ঘৰলৈ আক’ কিয়। সিদিনা গৈ আহিছিলি হে। -হেহ। দেতাৰ মটৰ চাইকেলখন লৈ যাম আৰু আহিম। পেহীহঁতৰ মুনুৱে বোলে সেইজনীক ভালকৈ চিনি পাই। কিজানি পতেই। মাজনী বিমোৰত পৰিল ! ভায়েকৰ কথা নাৰাখিলে সি বেয়া পাব , আকৌ সেই অঘাইটং সোপাৰ লগত চিনেমা চাবলৈ যাবলৈ দিব লাগে বুলি চিঞৰ বাখৰ কৰিব। আৰু গলেও… আজি অংকুৰ অহা কথা আছে ! ক’ত দিনৰ মূৰত তাক লগ পাব। পুৱাই ফোন কৰি কৈছিল –“মাহঁতৰ পৰা অনুমতি লৈ থ’বা আজি অলপ ওলাই যাম।“ ছেহ ! কি কৰা যায়। মাজনী দোমোজাত থাকোঁতেই বিশেষ সুৰটোৰে তাইৰ ম’বাইলটো বাজি উঠিল। তাই ফোনটো ধৰিলে। ফোনৰ সিটো মূৰৰে দোষী দোষী ভাবেৰে অংকুৰে কলে- মানু, আজি তোমালোকৰ ঘৰলৈ নাযাওঁ দিয়া। ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ , মায়ে বাইদেউৰ ঘৰলৈ লগ ধৰিছে। বেয়া পাবা নেকি… কালিলৈ চিয়’ৰ যাম। মাও যাম বুলি কৈছে ।মাজনীৰ মনটো লগে লগে পাতল লাগি গ’ল। -তুমি যোৱা। একদম খোলা মনৰে যোৱা। মোৰ ওচৰলৈ অহাৰ আগতে তুমি বাইদেউৰ ওচৰলৈ যাব খুজিছা ভাল হে কথা। যোৱা যোৱা। অংকুৰে ফোনটো থোৱাৰ পাছত তাই সোণলৈ চাই কলে- শুন, তোৰ লগত বাৰু মই যাম। মুনুৰ লগত কথাও পাতি দিম। পিছে মনত ৰাখিবি, ভালপোৱাটো ডাঙৰ কথা নহয়, এতিয়াই সেইবোৰ লৈ সপোন নেদেখিবি। তোৰ এতিয়াও সিমান বয়স হোৱা নাই। শুনিলিনে ? সোণে কি শুনিলে সিহে জানে।
দৃশ্য তিনি-
বায়েকে ভাত ৰান্ধিছে। সোণে এনেয়ে ইফাল সিফাল কৰি আছে। বায়েকৰ বিয়াৰ পাছত সি কেইবাবাৰো ভিনিয়েকৰ ঘৰলৈ গৈছে যদিও এইটো ঘৰলৈ এই প্ৰথম আহিছে। বিয়াৰ অলপ দিনৰ পাছতে ভিনিয়েকে বায়েকক নিজৰ চাকৰি কৰি থকা ঠাই লৈ গৈছিল। আহিম আহিম বুলিও যোৱা এটা বছৰে সোণ এইটো ঘৰলৈ আহিব পৰা নাছিল। এইবাৰ পৰীক্ষা-চৰীক্ষা দি আজৰি হৈ আহিছে।-ঐ তোৰ ফোন আহিছে। মই ধৰো নে ? মাজনীয়ে এখন হাতৰে হেতা এখন আৰু এখন হাতৰে ম’বাইল এটা লৈ ক’লে। সোণে ম’বাইলৰ স্ক্ৰীণ খনলৈ জুমি চালে। পেহীয়েকৰ ছোৱালী মুনুৰ ফোন। বায়েকৰ পৰা ম’বাইলটো লৈ সিয়েই ফোনটো ধৰিলে।-হেল্ল -খুব খাইছ হবলা ন’ গৰু ? -নাখাই কি চাই থাকিম নেকি? সোণে বায়েকলৈ চাই হাঁহি মাৰি উত্তৰ দিলে।-ঐ কচোন , মানু বায়ে আগতকৈ ভাল ৰান্ধিব পাৰিছেনে ? -ধুৰৰৰ…সেই একেই গোন্ধ বুজিছ। সেই একেই গোন্ধ। বহুদিন সেই গোন্ধ পোৱা নাছিলোঁ যে খাই ভালেই লাগিছে।
-মানে?? -হেহ ! তই পাহৰিলিনি বায়ে যে বন্ধাকবি ৰান্ধিলে যেনেকুৱা গোন্ধায় , মাংস ৰান্ধিলেও একেই গোন্ধায়! সিফালৰ পৰা মুনুৰ হাঁহিৰ হো-হোৱনি ভাঁহি আহিল। আৰু এইফালে হেতাখন লৈ মাজনীয়ে সোণক খেদা মাৰি আহিল- কুককুৰৰৰৰ….

( ভালপোৱাবোৰ চাগৈ এনেকুৱাই, এটাক ভেঁজা দি আনটো গঢ় লৈ উঠে নতুন নতুন নামেৰে। জীৱনৰ প্ৰতিটো ষ্টপেজতে ভিন্ন ৰূপত আহি হিয়াখন চহকী কৰি তোলে ভিন ভিন আবেগেৰে, ভালপোৱা নামৰ একেধৰণৰ সংজ্ঞাৰেই। )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!