ভালপোৱা (১ম খণ্ড ) (কৌস্তুভমণিশইকীয়াদত্ত)

 

ভালপোৱা (১ম খণ্ড ) 

কৌস্তুভমণিশইকীয়াদত্ত

 

 

মোৰ চকুৰ সমুখত দৃশ্যমান হৈ আছে জীৱজগতৰ অলেখ অত্যাচাৰ বুকুত লৈ প্ৰেমময় পৃথিৱীৰ সহনশীলতা, পোহৰেৰে জীৱন আৰু আন্ধাৰেৰে বিশ্ৰাম প্ৰদান কৰা প্ৰেমময় নক্ষত্ৰমণ্ডলী আৰু আকাশ, ফল-ফুল-ছাঁ-ইন্ধন-অম্লজানেৰে জীৱনক সুখদান কৰা প্ৰেমময় উদ্ভিদজগত, প্ৰাণীৰ প্ৰাণস্বৰূপ সুধাময় জলধি ! সকলোতে মাথোঁ প্ৰেমৰ মন্ত্ৰ ! সকলো ব্যস্ত নিজৰ প্ৰাণশক্তিৰে জীৱজগতক সুখী কৰাৰ সাধনাত ! এই প্ৰেমময় বিশ্বব্ৰহ্মাণ্ডৰ এটি ক্ষুদ্ৰ ধূলিকণা হোৱাৰ গৌৰৱৰ সুখানুভূতিত মন ভৰি যায় ।

হৃদয়ৰ শ্ৰেষ্ঠতম অনুভূতি প্ৰেমৰ গভীৰতা আৰু বিশালতা অনুভৱ কৰিব পাৰে সেই ব্যক্তিয়ে যি নিজক সচাঁ অৰ্থত ভালপাব জানে আৰু সন্মান কৰিব জানে । নিজক নিজৰ ওচৰত হেয় নোহোৱাকৈ ৰাখিবলৈ আৰু জীৱনটো উপভোগ কৰিবলৈ মই আজিকালি সদায় মনত ৰাখিবলৈ চেষ্টা কৰোঁ বিচাৰিলেও ঘূৰাই পাব নোৱাৰা কেইটামান সত্য । যি কেইটা কথা এবাৰ ঘটিলে কেতিয়াও আৰু শুধৰোৱাৰ সুযোগ পোৱা নাযায় । ইতিমধ্যে এনে সত্যৰ সমুখ হৈ মই জীৱনত বহু দুখৰ পল কটাইছোঁ । যি মোৰ আত্মপ্ৰেম হানি কৰিছে বহুবাৰ । সেয়ে বাৰম্বাৰ মই এই কথাকেইটা মনত ৰাখিবলৈ যত্ন কৰোঁ ।
১. লক্ষ্যক উদ্দেশ্যে এৰি দিয়া কাঁড়,
২. কৈ দিয়া কথা,
৩. অৱহেলাত উদযাপন নকৰাকৈ থাকি যোৱা কোনো উপলক্ষ্য আৰু জীৱনৰ মধুৰ মুহূৰ্ত্তবোৰ,
৪. পাৰ হৈ যোৱা সময়,
৫. কোনো এজন ব্যক্তি- যি চিৰদিনৰ বাবে হেৰাই গ’ল ।
জীৱনৰ পলবোৰ দুৰন্ত গতিত অন্তৰ ফালে গৈ আছে । গতিকে এতিয়াই মই জীৱনক ৰুদ্ধ কৰি ৰাখিব পৰা মানসিকতাৰ বাহিৰত খোজ দিবলৈ আগ্ৰহী । মই নিজক সুখী কৰি ৰাখিব খোজোঁ চিৰদিন । নিজক সুখী কৰিবলৈ মোৰ আশে-পাশে থকা সকলোকে সঁচা অন্তৰেৰে সঁচা অৰ্থত ভালপাব বিচাৰোঁ । যাৰ প্ৰতি মই নিষ্ঠুৰ আচৰণ কৰিছোঁ, তেওঁলোকৰ ওচৰত আজিয়েই মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আৰু যি সকলে মোৰ অপকাৰ কৰিছে এতিয়াই তেওঁলোকক ক্ষমা কৰি দিছোঁ ।
মই প্ৰাণ খুলি হাঁহিব বিচাৰোঁ আৰু নিজক সুখী কৰিবলৈ গ্ৰহণ কৰা যিকোনো সত্ পদক্ষেপৰ বাবে সংকোচবোধ নকৰোঁ । এইদৰেই এই প্ৰেমময় পৃথিৱীৰ বাসিন্দা হিচাপে প্ৰেমৰ প্ৰথম অধ্যায়ত মই নিজক ভালপাব বিচাৰোঁ । (ক্ৰমশঃ)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!