ভ্ৰাম্যমান থিয়েটাৰ, ’থিয়েটাৰ ভাগ্যদেৱী’ৰ আঁৰৰ মানুহজন আৰু স্মৃতিৰ এখিলা পাত (প্ৰানজ্যোতি নাথ)

এটীয়া সন্তান মাক-দেউতাকৰ বৰ মৰমৰ৷ সতকাই মোহ এৰিব নোৱাৰে৷ ঠিক ’মাটিত থ’লে পৰুৱাই খায়, মূৰত থ’লে ওকণিয়ে খায়’ ধৰণৰ৷ মোকো এৰি দিব নোৱাৰা বিধৰ দোষ এটাই মোৰ মাক চুইছিল আৰু বহু বাক-বিতণ্ডাৰ অন্ততহে মোৰ গুৱাহাটীলৈ পঢ়িবলৈ যোৱা সিদ্ধান্তটো চূড়ান্ত হৈছিল৷ তাৰ অলপদিন আগতে ’জামিয়া-মিলিয়া’ত ’বি.এফ.এ’ত নামভৰ্তিৰ বাবে পূৰোৱা ফৰ্মখন মায়ে চহী নকৰোঁ বুলি ঘূৰাই দিয়াৰ কথাটো মই গুৱাহাটীলৈ যোৱাৰ সপক্ষে এটা ডাঙৰ যুক্তি আছিল৷

বহুতবোৰ চৰ্তৰে সৈতে মাৰ সন্মতি লৈ সন্দিকৈ কলেজৰ স্নাতক শাখাত নাম ভৰ্তি কৰিলোঁ৷ প্ৰধান বিষয় আছিল …অসমীয়া৷ সৰুৰেপৰা মোৰ বন্ধু আছিল আন সমনীয়া ল’ৰা-ছোৱালীৰ তুলনাত বেছি৷ মানুহে মোক ভালপাইছিল নে মই মানুহ ভালপাওঁ নিশ্চিতকৈ ক’ব নোৱাৰি৷ প্ৰতিটো ভাল বন্ধু-বান্ধৱীৰ মাক-দেউতাকৰ পৰাও বহুত মৰম-আদৰ পাইছিলোঁ৷ কেইবাখনো ঘৰ ভাতঘৰ যেনেই হৈ পৰিছিল৷ মোৰ মতি-গতিয়ে মাক বাৰুকৈয়ে চিন্তাত পেলাইছিল বাবে গুৱাহাটীলৈ যোৱাৰ আগমুহূৰ্তত মোক মানিবলৈ সৈমান কৰোৱা প্ৰধান চৰ্তবোৰৰ এটা আছিল ……মই যাতে গুৱাহাটীত গৈ বন্ধু নোগোটাওঁ৷ নতুন ঠাইত, আপোন মানুহৰ পৰা দূৰত থাকোতে বন্ধু নিৰ্বাচনত ভুল কৰি বিপদত নপৰিবৰ বাবেই মায়ে বোধহয় মোৰ ওপৰত ইমান বাধা-নিষেধ আৰোপ কৰিছিল৷ অৱশ্যে যোৰহাট এৰি যোৱাৰ পাছত ফ’ন কৰি, চিঠি দি, হষ্টেলত গৈ খবৰ কৰি পুৰণি বন্ধুবোৰে নিসঙ্গ সময়খিনি ইমান ভৰাই ৰাখিছিল যে নতুন বন্ধুৰ প্ৰয়োজনবোধও হোৱা নাছিল৷

নিয়মীয়াকৈ কলেজৰ ক্লাচবোৰ আৰম্ভ হৈছিল৷ সদায় দেখি দেখি চিনাকী হৈ পৰা মুখবোৰে মিঠা হাঁহিৰে সম্ভাষণ জনাইছিল৷ ময়ো প্ৰত্যুত্তৰত হাঁহিছিলোঁ৷ বিশেষ কথা-বতৰা কাৰোৰে লগত নাছিল৷ তাৰ মাজতে শান্ত, ধীৰ-স্থিৰ, ওখ-পাখ ধুনীয়া ছোৱালী এজনীৰ ব্যক্তিত্বৰ মোহত পৰিছিলোঁ৷ মাজে-মাজে কথা-বতৰাও হৈছিলোঁ৷ প্ৰকাণ্ড হ’লঘৰটোত মনজ্যোৎস্না মহন্ত বাইদেউৰ ক্লাচ কৰিবলৈ গৈ প্ৰথমদিনা মই তাইৰ লগত একেলগে বহিছিলোঁ…৷ সেইয়াই চিনাকী৷ জ্যোতি মজুমদাৰ; মোৰ সন্দিকৈ কলেজৰ বন্ধু৷ নলবাৰীৰ ছোৱালী৷ চুপাৰ-মাৰ্কেটত ককায়েক সুবোধ মজুমদাৰ, বৌয়েক আৰু ভতিজাকৰ সতে থাকি সন্দিকৈত পঢ়িছিল৷ এদিন জোৰ কৰি মোক ভাত খোৱাকৈ লৈ গৈছিল৷ গম পাইছিলোঁ … জ্যোতি, শৰৎ মজুমদাৰৰ ছোৱালী৷ সেই প্ৰথম জ্যোতিৰ জৰিড়তে ইমান দিনে নাম শুনি থকা ’থিয়েটাৰ ভাগ্যদেৱী’ৰ সতে চিনাকী৷ দেউতাক শৰৎ মজুমদাৰ আৰু ককায়েক সুবোধ মজুমদাৰৰ বিষয়ে কৈছিল জ্যোতিয়ে আৰু মই তাইক লগ পোৱাৰ বোধহয় দ্বিতীয় বছৰেই দেউতাক ধুকাইছিল৷ মোৰ হাতত তাই তুলি দিছিল দেউতাকৰ স্মৃতিগ্ৰন্থ৷ জ্যোতিক নোসোধা কিছু কথা কৈছিল স্মৰণিকাখনে ………

মানুহজনৰ ছখ আছিল যাদু দেখুৱাৰ৷ তেতিয়া তেওঁ গঙ্গাপুখুৰী বৰকুৰিহা হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ৷ তাচপাতে নৃত্য কৰা, কাগজ খাই উলিয়াই দিয়া, পাৰৰ কণীৰ পৰা পাৰ চৰাই কৰা, ১ মোন ওজনৰ দগা চুলিৰে দাঙা, ভঙা আইনা বা গজালৰ ওপৰত শোৱা আদি বিভিন্ন যাদু দেখুৱাই তেখেতে মানুহৰ মনোৰঞ্জন কৰিছিল৷ এই খেলত সহায়ক হিচাপে পাইছিল ঁকনক চন্দ্ৰ মহন্ত আৰু মালোপাৰাৰ ঁৰুস্তম আলীক৷ কিন্তু দেউতাকৰ ৰোষত পৰি এদিন যাদুখেল এৰি ঁৰমাকান্ত বৰুৱাৰ লগত কাপোৰ চিলাইৰ কাম শিকিলে৷ জীৱিকাৰ তাড়নাত এদিন গৈ কালজিৰাপাৰা গাৱৰ ৰমেশ দাসৰ লগত বৰকুৰিহা গাৱত বিস্কুট ভাটিও খুলিলে৷ কিন্তু এনে কোনো জীৱিকাই মানুহজনক বান্ধি ৰাখিব নোৱাৰিলে৷ কিশোৰ বয়সতে যাদু খেলৰ মোহত পৰা মানুহজনৰ আছিল এক প্ৰকৃত শিল্পীপ্ৰাণ, তেখেতৰ আছিল এক অজেয় শিল্পীসত্তা৷ বিস্কুট ভাটিত লোকচান ভৰা জীৱনলৈ এক নতুন মোৰ আহিল৷ ঁঅৰুণ বৈশ্যৰ শঙ্কৰ দে নাট্য সমিতিত সম্পাদক হিচাপে কাম কৰাৰ সুবিধা পোৱাৰ পাছতে মানুহজনৰ জীৱনৰ পট সলনি হ’ল৷ শঙ্কৰ দেত কাম কৰাৰ অভিজ্ঞতাৰে তেখেতে পৰৱৰ্তী সময়ত পাটশালাৰ নটৰাজ অপেৰা, নটবাণী অপেৰা, মুগকুছি মিলন নাট্য সমিতি, বাগান যাত্ৰা পাৰ্টি, সৰভোগৰ যাত্ৰা পাৰ্টী আদিত সম্পাদক আৰু আহ্বায়ক হিচাপে কাম কৰাৰ সুবিধা পালে; এই অভিজ্ঞতাৰে সমৃদ্ধ হৈ ঁজল্টিৰাম মজুমদাৰ আৰু ভাগ্যদেৱী মজুমদাৰৰ প্ৰথম পুত্ৰ শৰৎ মজুমদাৰে ১৯৬৮ চনত মাকৰ নামেৰে এটি যাত্ৰা পাৰ্টি খোলে৷ গহীন মুখৰ, প্ৰবল পৰিশ্ৰমী, আকৰ্ষণীয় ব্যক্তিত্বৰে শৰৎ মজুমদাৰ ভাগ্যদেৱী থিয়েটাৰৰ পিতৃপুৰুষেই নহয় তেখেত আছিল শিক্ষানুৰাগী, সংস্কৃতি প্ৰেমী আৰু সমাজ হিতৈষী লোক৷ উচ্চ শিক্ষাৰ অনুষ্ঠানৰ অভাৱ গুচাই তেখেতৰ পৃষ্ঠপোষকতাত আৰিকুছি মিলন হাইস্কুল প্ৰতিষ্ঠা হৈছিল৷ ১৯৬৪ চনত মৰোৱাত প্ৰতিষ্ঠা হোৱা জনতা হাইস্কুলৰ মজুমদাৰ আছিল প্ৰতিষ্ঠাপক সম্পাদক৷ বৰ্তমান মৰোৱা আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱা বিদ্যালয়খনৰ গৃহ নিৰ্মানৰ পৰা শৈক্ষিক পৰিৱেশ উন্নত কৰালৈকে সকলো ক্ষেত্ৰতে মজুমদাৰে গুৰি ধৰিছিল৷ মৰোৱা বালক মজলীয়া বিদ্যালয়ৰো অন্যতম পৃষ্ঠপোষক আছিল তেওঁ৷ শিক্ষাৰ লগতে সমাজৰ অন্যান্য উন্নতিতো শৰৎ মজুমদাৰৰ অৱদান নলবৰীয়া ৰাইজৰ নখদৰ্পনত৷

১৯৬৮’ত আৰম্ভ হোৱা ভাগ্যদেৱী থিয়েটাৰ ১৯৭১ চন মানলৈ ক’লা স্ক্ৰীণ আঁৰি যাত্ৰাস্কোপ পদ্ধতিৰে চলি আছিল৷ ১৯৭২ চনৰ কোনোবা এটা দিনত নাট্যকাৰ ভৱেন বৰুৱাৰ ওপৰত থিয়েটাৰ ভাগ্যদেৱীত অন্তৰ্ভুক্ত ’নকল মানুহ’ নাটকখন পৰিচালনাৰ গুৰুদায়িত্ব পৰিল৷ সফলভাৱে নাটকখন উপস্থাপন হোৱাৰ পাছত সেই বছৰেই ভবেন বৰুৱা আৰু দীপ্তি সম্ৰাট কল্যাণ দেৰ সহযোগত নতুন কায়দা-কৌশলৰ সংযোগ ঘটাই ভাগ্যদেৱী থিয়েটাৰ __ “থিয়েটাৰ ভাগ্যদেৱী “লৈ ৰূপান্তৰ হয়৷ ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এটি প্ৰধান থলুৱা উদ্যোগ৷ থলুৱা শিল্পী, কলা-কুশলীৰে আজি অতবছৰ এই উদ্যোগ চলি আহিছে৷ ব্যৱসায়িক ভিত্তিত সফল, অসমীয়া বোলছবিৰ নায়ক-নায়িকাইও এবাৰলৈ হ’লেও ভ্ৰাম্যমানত অভিনয় কৰাৰ লালস কৰে৷ অসমৰ ভ্ৰাম্যমান শিল্প সমগ্ৰ ভাৰত বিখ্যাত৷ এই শিল্পত যেনেকৈ নাম-যশ জড়িত থাকে ঠিক তেনেদৰে প্ৰচুৰ কষ্ট আৰু অধ্যৱসায়ো থাকে৷ পৰিশ্ৰম অবিহনে ইয়াত সফলতা অসম্ভৱ৷ অভিনেতা-অভিনেত্ৰী, কলা-কুশলীৰ আৰু ইয়াৰ সৈতে জড়িত প্ৰতিজন সৰু-বৰ সদস্যকে ধৰি পৰিচালক-প্ৰযোজকৰ সততা-নিষ্ঠা আৰু অধ্যৱসায়েহে এটা সফল নাট্যদল গঠন কৰে৷ নিষ্ঠা-সততাৰ অবিহনে বহু জনপ্ৰিয় নাট্যদল ভাগি গৈছে আৰু ভাগি যাৱ৷ কিন্তু ইয়াৰ মাজতে সেই ১৯৬৮ চনৰ পৰা আজি প্ৰায় ৪৭ (সাতচল্লিশ) বছৰে কৃতকাৰ্যতাৰে চলি থকা ’থিয়েটাৰ ভাগ্যদেৱী’ৰ সফলতাৰ আঁৰৰ মানুহজন হ’ল ভাগ্যদেৱীৰ জন্মদাতা প্ৰযোজক-পৰিচালক স্বৰ্গীয় শৰৎ মজুমদাৰ৷ সহৃদয় মানুহজনৰ সহৃদয়তাৰ উদাহৰণ দিবলৈ গৈ বিভূ দত্তই লেখিছে; তেওঁ ভাগ্যদেৱীৰ মুখপত্ৰৰ দায়িত্বত থকাৰ বাৰ প্ৰযোজক মজুমদাৰে দত্তক ক’লে যে সকলোৰে নাম দিবা আৰু ৰান্ধনী বা খাদ্য বিভাগত থকাসকলক বেলেগ আখ্যা দিব পাৰি নেকি ভাৱি চাবলৈ ক’লে৷ তেনেকৈয়ে সেইবাৰৰ পৰা ভাগ্যদেৱীৰ মুখপত্ৰত ’ ৰন্ধন শিল্পী’ৰ প্ৰৱেশ ঘটিল৷ এইয়াই সেই পুৰোধা ব্যক্তি জনৰ সকলো প্ৰতি মৰমৰ-স্নেহৰ উদাহৰণ৷ এনে এজন সৰল-সহজ -মৰমিয়াল উদ্যোগী পুৰুষৰ মৃত্যু সমগ্ৰ জাতিৰ বাবে এক বৃহৎ ক্ষতি৷ এনে বৃহৎ অনুষ্ঠান এটিৰ জৰিড়তে তেখেতে সমাজ -সংস্কৃতিলৈ অৱদান আগবঢ়োৱাই নহয় বহুজন অভাৱীক ভোকৰ ভাতসাজো দি গৈছে৷ নাট্যজগতৰ এইজনা কাণ্ডাৰী পুৰুষ অসমীয়াৰ চিৰ নমস্য৷

জ্যোতিয়ে ক’লে এইবাৰ ভাগ্যদেৱীত চম্পক শৰ্মাৰ ’মহাপাপ’ আৰু ’মোৰ ফেচবুকত তুমি ’ নাট দুখন মঞ্চস্থ হৈছে৷ লগতে সিহঁতৰ হাইস্কুলীয়া শিক্ষক শ্ৰদ্ধাৰ তিলক বৈশ্য চাৰে এইবাৰ ভাগ্যদেৱীৰ বাবে নাট লেখিছে৷ ’কলঙ্কিনী’ তেখেতৰ নাট৷ অন্যান্য নিয়মীয়া, অভিজ্ঞ শিল্পীসকলৰ লগতে এইবাৰ ভাগ্যদেৱীত অভিনয় কৰিছে অসীম বৈশ্য আৰু চন্দনা শৰ্মাই৷ থিয়েটাৰ ভাগ্যদেৱীৰ জয়যাত্ৰা অক্ষুণ্ণ থাকক; এইছেগতে জনালোঁ… অফূৰন্ত আন্তৰিক শুভকামনা৷

পুনশ্চ: সাহিত্যৰথী বেজবৰুৱাৰ সমূহ লেখনীৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ গানসমূহলৈকে অগ্ৰণী অসমীয়াৰ অমূল্য সাহিত্যিক-সাংস্কৃতিক কীৰ্তি বা দানসমূহ ভৱিষ্যত প্ৰজন্মলৈ বুলি ইলেকট্ৰনিক মাধ্যমত সংৰক্ষণ কৰি নিজকে এজন ৰুচিশীল, সংস্কৃতিবান, সচেতন অসমীয়া হিচাপে চিনাকী দিয়া ’হিমজ্যোতি তালুকদাৰ’ এতিয়া অসমীয়া উত্তৰসুৰীৰ মুখত এটা চিনাকী নাম৷ তালুকদাৰৰ “তথ্য প্ৰযুক্তিৰ যুগত অসমৰ ভ্ৰাম্যমান থিয়েটাৰ “ লেখাটোৰ আঁত ধৰি কওঁ … ভ্ৰাম্যমান থিয়েটাৰৰ ডিজিটাইজেচন হওক৷ ঘৰে-ঘৰে উপলব্ধ হৈ অসমীয়া সহিতে সমগ্ৰ পৃথিৱীবাসীৰ মনতে সাঁচ বহাওঁক এই অসমীয়া থলুৱা শিল্পটিয়ে৷ ভ্ৰাম্যমান ৰুচিশীল অসমীয়া সংস্কৃতিৰ বাহক হওক৷ এজন অসমীয়া হিচাপে এইয়াই আন্তৰিক কামনা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments