ভোক – ৰঞ্জু শৰ্মা
কালি আবেলিৰে পৰা বকুলীহ’তৰ পাচঁজনীয়া পৰিয়ালটো আহি মথাউৰিতে আছেহি, অস্থায়ীভাৱে, আন কেইবাৰৰ নিচিনাকৈ৷ ভুৰখনতনো আৰু কিমান আঁটিব, থাপতে অনা চৰুটোৰ তলিত এমুঠি মাথোঁ চাউল উঠাই বকুলীয়ে পোৱালি তিনিটাৰ মুখলৈ চালে৷ বুকুত হেজাৰখন পাগলাদিয়াৰ গুমগুমনি৷
‘মোলৈ চৰুত চাউল নুঠাবি অ’ বকুলী, ভোকেই নাই, পেটটো চোন কিবা উখহি আছে, অকন বেছিকৈ পানীকে খাম দে।’
গিৰিয়েকৰ কথা শুনি বকুলী চক খাই উঠিল৷ এখন্তেক আগৰে পৰা তাই কম বুলি ভাৱি থকা কথাখিনিকে কেনেকৈনো জানিলে মানুহটোৱে৷ …