ভূমিকম্প (- অঞ্জন কুমাৰ শৰ্মা)

 

দিনৰ বাৰ’ বজিবলৈ কেইমিনিটমান বাকী । অফিচৰ ৰিভলভিং চেয়াৰখনত বহি থকা হাজৰিকাৰ মুৰটো ঘুৰাইছে । নাই বহুদিন চুগাৰ টেষ্ট কৰা নাই । পিয়নজনে আনি দিয়া পানী গিলাচ পি লৈ হাজৰিকা ৰুমৰ পৰা ওলাই আহিল আৰু গাড়ীখন লাহে লাহে চলাই লেবৰটেৰী পালেহি। ৰেষ্ট ৰুমটোত বহি টি ভিটোলৈ চাওঁতেহে আচল চুগাৰ ধৰা পৰিল। ভূমিকম্প । নেপালত বহু মানুহ মৰিল। ‘এহ্ চুগাৰ ঠিকেই আছে’ ম’নটোকে সান্তনা দি, আজি ৰেষ্টকে লওঁ বুলি হাজৰিকা ঘৰ পালেগৈ। ঘৰত তলা । ম’বাইলটো উলিয়াই মিচেচলৈ ফোন কৰাতহে গম পোৱা গ’ল, আবেলি আহিব লগা আলহীৰ বাবে মিঠাই আনিবলৈ মিচেচ হাজৰিকা তেওঁলোকৰ একমাত্ৰ ছোৱালীজনীৰ লগত টাউনৰ ফালে গৈছে । ডুপ্লিকেট চাবিটো উলিয়াই দুৱাৰখন খুলি হাত মুখ ধুই বিচনাতে পৰি লৈ টি ভিটোকে চাওঁ বুলি নিউজ চেনেল এটা লগালে। চাৰিওফালে হুলস্থুল । মানুহ দুনুহ বহুত মৰিল, ঘৰ বাৰীও বহুত ভাঙিল দেখোন।

bhumikompo
ইফালে মিচেচ হাজৰিকাই হোটেল এখনত মিঠাই অলপ কিনি খুচুৰা নথকাত এহেজাৰ টকাৰ নোট এখনকে দোকানীজনলৈ আগবঢ়াই দিলে। সেইসময়ত হোটেলখনটো খুচুৰা নথকাত ‘হব’ বাইদেউ , নালাগে দিব, চাৰৰ খাটাত লিখি থম বুলি দোকানী জনে কোৱাত আচৰিত হ’ল মিচেচ হাজৰিকা ।
মিচেচ হাজৰিকা……আপুনি মোক কেনেকৈ চিনি পালে ?
দোকানী …..নাই মানে, চাৰ চফৰ চফৰ মৰ্নিং ওৱাক কৰিব আহোঁতে ডেইলি আমাৰ হোটেলত চাহ-ৰসগোল্লা খাই । চাৰহঁতৰ একটা টিম আছে। চব লোকেই খাই । মান্থলি হিচাপ হয়।
‘অ’ বিগ্ বজাৰৰ পৰা কিনি অনা বগা হাফ্ পেন্ট, বগা টি চাৰ্ট, বগা টুপী পিন্ধি চুগাৰ কমাবলৈ আমাৰ এওঁলোকে ভাল মৰ্নিং ওৱাৰ্ক কৰিছে। ঘৰলৈ গৈ লওঁ , দিম বাপ্পেকে এসেকা…’। এনেতে মাজনীয়ে দেউতাকলৈ মনে মনে ফোন এটা লগালে…’পাপা তুমি কি কৰি আছা ।’
দেউতাক …মাজনী, বিচনাতে পৰি লৈ টি ভিত ভূমিকম্পৰ নিউজ লৈ আছো ।’
মাজনী…আমি ঘৰলৈ গৈ আছো । তুমি হোটেলত মিঠাই খোৱাৰ কথা মায়ে সকলো গম পালে। একেবাৰে গৰম হৈ আছে কিন্তু ।
হাজৰিকাই ভাবিলে, এহ্ বৰ বেয়া কথা হ’ল । ভূমিকম্প এটা হৈ গৈছেহে, আনটো আহিবৰ হলেই দেখোন। অফিচলৈকে আকৌ ওলাই যোৱাহে ঠিক হব । এইবুলি হাজৰিকাই ওলাই আহি গাড়ীখনত ষ্টাৰ্ট দিলে ।
——————————————————————————————————————————–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!