ছমহীয়া ৰঙালী বিহুত টকা ঘটাৰ উপায় ( উষামণি কাকতি )

চেনেহৰ ৰঙালী বিহুটি আকৌ আহিল।আহিল মানে বছৰৰ ছমাহ থাকেই। টিভিবোৰতটো গোটেই বছৰ আৰু গাঁৱে-ভূঞে ছমাহ থাকে মাত্ৰ ।আমাৰ ঘৰলৈ ভৱ খুড়া সদায় আবেলি আহে । ক’ব লাগে বাবে কৈছো আৰু আকৌ আহিল বুলি ।ভৱ খুড়া আৰু বিহু আহোঁতে থিকেই আহে । পিছে যাবৰ সময়তহে কিনো গেঠেলা লাগে নেযায় হে নেযায়। আবেলিতে আহি ৰাতিহে ঘৰলৈ মনত পৰে খুড়াৰ । ঠিক একেই অৱস্থা ৰঙালী বিহুৰ । তিনিদিনত গোন্ধোৱা মাছ আৰু তিনিদিনত গোন্ধোৱা আলহীৰ দৰে বছৰৰ ছমাহ ৰঙালী বিহুটি গোন্ধাই থাকে । ইটো চুবুৰীৰ পৰা সিটো চুবুৰী, ইখন জিলাৰ পৰা সিখন জিলাতে ককাল ঘূৰাই ঘূৰাই ।তথাপি ৰঙালী বিহু যোৱাৰ নাম নাই । এই ছমহীয়া বিহুত কাৰ কিমান লাভ হয় আগতে হিচাপ কৰা নাছিলো । আজিকালি পুৰা হিচাপ কৰোঁ। ইটোৰ পিছত সিটো টেট পৰীক্ষা দি দি হোৱাই নোহোৱাই জি কেৰ নামত অংক কৰিবলগা হোৱা বাবে আজিকালি বেয়া পালেও অংকবোৰ কৰোঁ । গতিকে বিহুৰ নামত লাভ-লোকচানৰ হিচাপৰ অংকটো কৰিলোঁ ।

মামী-পাপাক ক’লো এদিন কথাটি। বিহুকে নাচিবা এইবাৰ বুলি পাপাই দিলে বিয়াগোম বুধি। মনটো ৰাইজাই ৰাইজাই কৰিল। আবেলি ভৱ খুড়া আহিল । চাহ একাপ দি দেখোৱালো ককাল ভাঙি নাচি। তেওঁ বোলে এনেকৈ নহয় তেনেকৈ । ককালত থাকিলে হাত ইফালে ভৰি হ’ব লাগে তিনিহাত।খোপাত থাকিলে হাত ভৰি বোলে ছয়হাত ।ককালো নব্বৈ ডিগ্ৰীকোণত ঘূৰিবহে লাগে পায়।বিহু বুলি এপাক নাচিবলে ইমান ধৰাবন্ধা হিচাপ-নিকাচ। এতিয়াহে বুজিলো যে বিহু একাপ নাচিয়ে কিয় ছোৱালীবোৰে মহাৰাণী ভিক্টোৰিয়াৰ দৰে সাম্ৰাজ্ঞী খিতাপ পায় । গাড়ী-ঘোঁৰাও পাই লগত। এনেয়েও অংকত কেঁচা ।নাচি থাকোতেই যদি হাত ভৰি কেই ইঞ্চি আগ পাছ কৰিব লাগিব তাৰো হিচাপ কৰি থাকিব লাগিব,মোৰ দেখোন নচাই নহ’ব ।সাম্ৰাজ্ঞী হৈ বিশমিনিট নাচি বিশ হেজাৰো নহ’ব পোৱা । আলধৰা লিগীৰিৰ পদো নেপাম তেনেকে।গতিকে ছমহীয়া ৰঙালী বিহুত নচাৰ চিন্তা মাৰিলো গুলি।কথা শুনি পাপাই বোলে তেনে গানকে গোৱা । এখনত মাতে দুখনত মাতে মাতিব ফাংচনত ।পেপাৰতে দিওঁ তোমাৰ যোগাযোগৰ ঠিকনা । কথা শুনি মোৰো উঠিল হিয়া । এনেয়ে এবাৰ গলখেকাৰি মাৰি ডিঙিটো জুবিন-জুবিলী কৰি ললোঁ দিয়া । পিছে জুবিনো নহ’লো মই জুবিলীও নহ’লো মই বুলি ডিঙিয়ে বজালে ৰণডংকা । আহিল আকৌ আবেলি চাহৰ জুতি ল’বলে ভৱ খুড়া । গাই শুনালোঁ দুটি কলি । খুড়াই বোলে গান নো কি লোকৰ গোৱা !নিজে লেখি লোৱা । দহটা গান দহদিন দহবাৰ প্ৰেক্টিজ কৰা । কথা শুনি লেখিলো গীত কলিজামণি ফিফটিন। প্ৰেক্টিজ কৰিলো ত্ৰিশদিন । তথাপি নহ’ল মোৰ গীত হেজাৰজনৰ মনোমোহা । মামীয়ে বোলে নহ’লে নাই ।আজিকালি গানৰ সুৰ তাল নেজানিলেও নাই, জাতীয় সাজপাৰহে ঘাই ।দেউতাই বোলে নেলাগে আই । গান গাবলৈ মেখেলা পিন্ধি পৰিব নেলাগে উজুতি খায় । যিহে দিন-কাল, জাতীয় পিন্ধিও গাব জানিও কেতিয়াবা ঔ কিল পায় । সেই আশাতো চেঁচাপানী পৰিল । কিনো কৰোঁ কিনো কৰোঁ । লোকে দেখোন বিহু বুলি এম্বুলেঞ্চৰ আগতো পইচা খুজি দাং পেলায় ।ভৱ খুড়া আকৌ আহিল আবেলি । হিচাপ দিলে তেওঁ কেইখন বিহুৰ বিশিষ্ট অতিথি ।জীয়েকৰ বিয়াৰ মানৰ গামোচাৰ কেলকুলেশ্বন প্লাচ-মাইনাচ । ইউৰেকা ইউৰেকা এইবাৰ বিহু বুলি পাই গ’লো গামোচাৰ বিজিনেচ । গাঁৱে-ভূয়ে শিপীনিৰ পৰা কিনিলো গামোচা । মোৰ দোকানৰ গামোচাত মাখি এটায়েও নমচিলে গা । মাদ্ৰাজী গামোচাই বজাৰত মোক খা মোক খা । মিছা ক’লে কিডাল হ’ব জাতীয় সাজপোচাক পিন্ধিবলে ক’লেই নহ’ব নহয়, অসমীয়া শিপীনিয়ে বোৱা পিন্ধিব লাগিব বুলিনো কেইজনে ক’লে । ধৰিলো এইবাৰ পিঠা-পনা আমাৰ পেটলৈ যায় ।তাতো সেই একেই কেণা ।ঢেকীত খুন্দাৰ নাই আদৰ ।মিলত খুন্দা কম দামত পাই বিচাৰি যায় । ইমান দিঘলীয়া বিহুটোত এটকাও লাভ নোহোৱাকৈ মোৰ এনেয়ে যায় ।তথাপি একো এটা উপাই নাই । বয়স চাই নেপাও বিশিষ্ট অতিথি । কোষাধ্যক্ষ হ’ব পৰা হ’লে কথাই নাই । দিয়ে মোক প্ৰতিযোগিতা বিভাগ চমজায় । একেকেইটা নামকে বাৰে বাৰে আমাৰ শেষ তথা অন্তিম প্ৰতিযোগী বুলি চিঞৰি মুখ বিষায় । তথাপি এই ছমহীয়া বিহুত মোৰ একো লাভ নাই । ভাবিছোঁ এইবাৰৰ পৰা বিহু বুলি টকা ঘটাৰ বিচাৰিম নতুন উপায় । টুইংকল টুইংকল চিঞৰা অসমীয়াক দিম সাতবিহু,এশএটি শাক আৰু ৰঙালী বিহুৰ পৰম্পৰাৰ জি.কে বুক লেখি । দাম ল’ম মাথোন একুৰি ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!