বিৰুবালা (ঘনশ্যাম ডেকা)

Birubala_ghanashyam(বিৰুবালা ৰাভাৰ সংগ্রাম সফল হোৱাৰ কামনাৰে সামান্য প্রয়াস)

বিৰুবালা,
কিমান দিনলৈ যুঁজ দিবি তই
নিৰক্ষৰৰ দাবানলত চাৰ-খাৰ আজি
বাহুবলীৰ ভৰত থৰক বৰক পিৰালি
বিজ্ঞানৰ ধুমুহাত ধুলিস্যাৎ
পৰমেশ্বৰৰ কাঠগড়া ।।
বজৰংবলীৰ ওচৰত বোবাৰ উচুপনি
‘ডিজিটেল ইণ্ডিয়া’ৰ মুধচত
মুণ্ডহীনৰ সমদল
বুদ্ধৰ পৃথিৱীত তন্ত্রৰ জড়তা
মায়াহীন মানৱৰ পদদলিত
মাতৃৰ মমতাৰ চিঞৰ !!
আৰু কিমান দিন বিৰুবালা……
অকলশৰে বোকোচাত সাঁচিবি ভাল দিনৰ কামনা
দালালৰ আঁচনিত বিক্রি
টোকোনাৰ আশা
অপায় অমঙ্গলত মাথোঁ মিথ্যাচাৰীৰ পাশা ।।
মহাকাশত কান্দে কল্পনা
মঙ্গলযান, চন্দ্রযান গতিহীন…
অসুৰনাশিনীও দেখোন কাঠবাজী
পাৰিবিনে অকলে আজি……???
বিৰুবালা, কিমান দিন !!!
কৈছিলোঁ তাহানিতেই
মনৰ কথাবোৰ নক’বি…
নিদিওঁ তোক শান্তিৰ নোবেল ৷
উন্নয়নৰ ভেকোভাওনাত
অর্থহীন কিতাপৰ অর্থনীতি
ভোকৰ তাড়নাত জাৰজৰ নৃত্য
উলংগৰ দেশত পোছাকৰ পয়োভৰ
দৰিদ্রৰ দেশত উন্মাদৰ হাহাকাৰ ।।
কাৰ বাবে বিৰুবালা?
কিহৰ বাবে যুঁজ দিছ তই?
নীলা শিয়ালৰ হুৱা-দুৱা,
চৌদিশে কলৰৱ
মিছাৰ উত্তেজিত কথনত
আক্রান্ত সমাজ
পক্ষাঘাতত শব্দৰ ঝংকাৰ
বলিয়াৰ লেলাউটিত অচিনাকিৰ বীজ
স্বর্গদেউৰ চোতালত হেৰাল
জাতিৰ স্বকীয়তাৰ কামিজ
তথাপি কি সাহে কুলায় তোক
বিৰুবালা, তই অকলেই যুঁজ
কাবৌ কৰিছোঁ ৰণলৈ নামাতিবি মোক।।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

..সুন্দৰ

Copying is Prohibited!