‘বিস্ময়’ – মোৰ প্ৰিয় বন্ধু : মনীষ বড়ো
তাহানিতে মা-দেউতাই পঢ়া বিস্ময়ৰ পৃষ্ঠাবোৰ লুটিয়াই চাইছিলো৷ দীন তামুলী, শান্তনু তামুলী, বিমান বড়া, মাণিক বড়া, অনিল ফুকন, ছাইদুল ইছলাম, সুৰেন্দ্ৰ কুমাৰ শৰ্মা, ৰঞ্জু হাজৰিকা………, নামবোৰ ক্ৰমশঃ চিনাকি হৈ পৰিছিল৷ লাহে লাহে “বিস্ময়” নিজে কিনিও পঢ়িব পৰা হ’লো৷ মাহৰ প্ৰথম তাৰিখটোলৈ অধীৰ অপেক্ষা৷ বিস্ময় আহি কেতিয়া ঘৰ পায়! জীতেন ফুকন, স্যমন্ত ফুকন, বন্দিতা ফুকন, মৃত্যুঞ্জয় মহন্ত, বৈদূৰ্য্য বৰুৱা, জীমণি চৌধুৰী, চন্দনা পাঠক, দীপিকা ডেকা, পৰিণীতা বুজৰবৰুৱা, উৎপল শৰ্মা, ৰঞ্জিৎ চাৰিংগীয়া………নামবোৰ অতি প্ৰিয় হৈ পৰিছিল৷
সম্পৰ্কীয় দাদা এজন শ্বিলঙৰ হেপ্পী ভেলীত থাকে৷ গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী৷ ২০০৫ চনৰ কোনোবা এটা দিনত তেওঁলোকৰ চৰকাৰী আৱাসৰ আলহী হ’লোগৈ কাজিন-মেঘালী, মিতালী, টুকটুকী দাদা বৌৰ অনুৰোধত৷ পাইন কাঠৰ সুন্দৰ বাংলো এটাত থাকে তেওঁলোক৷ মোক থাকিব দিয়া কোঠালীটো ষ্ট’ৰ ৰুম৷ বহুদিন আগতে তাত সুভাষ দেউৰী নামৰ কণিষ্ঠ অভিযন্তা এজন আছিল৷ অৱসৰ পোৱাৰ পিছত গলগৈ হেনো৷ চৰকাৰী আৱাসটোত সৰু সুৰা লাম লাকটু বহু কিবা কিবি এৰি গৈছিল হেনো তেওঁ৷
পাইন কাঠৰ আলমিৰা এটা আছিল ৰূমটোত৷ এনেয়ে খুলি চালো৷ অসঃ গড৷ “বিস্ময়”ত দুচকু বিস্ফাৰিত হৈ গৈছিল মোৰ! ৰাশি ৰাশি বিস্ময়! যেন গুপ্তধনৰহে সন্ধান পালো মই! ইখনৰ পিছত সিখন লুতিয়াই গ’লো……৷ বহুত পুৰণি বিস্ময়; প্ৰথম সংখ্যাটোৰ পৰা… কাজিন কেইটাক মাতি সুধিলো৷ এইবোৰ কাৰ? নাজানো! মা দেউতাই হে জানিব! সমস্বৰে দিয়া উত্তৰত কিতাপবোৰ চালো৷ সুন্দৰ পকোৱা আখৰেৰে লিখা “সুভাষ দেউৰী“ নামটো প্ৰতিখন কিতাপত জাজ্বল্যমান৷ কাজিন কেইটা ইংলিছ মিডিয়ামত পঢ়া৷ অসমীয়া ভাষাৰ সৈতে চিনাকি মাথোঁ ঘৰুৱা কথা-বতৰাতহে, তাকো গাঁৱৰ ঘৰলৈ আহিলেহে৷ হিন্দী ইংৰাজীহে চলে সিহঁতৰ৷ গতিকে বিস্ময় কি নজনাটোৱেই স্বাভাৱিক; আৰু সেইবোৰৰ প্ৰতি কোনো আগ্ৰহো নাই সিহঁতৰ৷
যিমান পাৰো গো-গ্ৰাসে গিলিলো৷ প্ৰথম পঢ়িলো বিস্ময়ৰ প্ৰথম সংখ্যাৰ পুনৰ্মূদ্ৰন সংখ্যাৰ সুৰেন্দ্ৰ কুমাৰ শৰ্মাৰ -“নিয়ঁৰৰ দৰে টোপা টোপে“………৷ সাংঘাতিক পিৰিয়’ড নভেল৷ তাত থকা দিন কেইটা ফুৰা চকা বাদ দি কেৱল পঢ়িলো- অনিল ফুকণৰ- “অন্ধকাৰৰ হত্যাকাণ্ড” (বিস্ময়ৰ ৰহস্য উপন্যাসৰ অদ্বিতীয় সম্ৰাট বুলি ভাৱো) মাণিক বড়াৰ- “বুঢ়া পৰ্ব্বতে যেতিয়া নাঁছে”, দীন তামূলীৰ- “পিতল গঢ়িলো চোৰে চোৰে”, ড° নবীনচন্দ্ৰ নাথ অনূদিত ৰবিন কুকৰ -মেডিকেল থ্ৰিলাৰ “ক’মা”, “দা ফাইনেল ডাইগনছিছ্” ৰঞ্জু হাজৰিকাৰ- “অস্ত প্ৰ’হৰৰ খেলা “, “শংখ বলয়“, বিমান বড়াৰ -“অজান দেশৰ নিৰ্জন উপত্যকা”……………ইত্যাদি৷
দাদা বৌৰ অনুমতি লৈ কিতাপৰ ভড়ালতোৰ আধাখিনি লৈ আনিলো৷ বাকী খিনিও এসপ্তাহ পিছত গৈ আকৌ আনিলো৷ আস কি অমূল্য ৰত্নভাণ্ডাৰ এটা মোৰ হাতত দিলে দাদা, বৌয়ে! যিটো আজিও আাছে(কিছু সংখ্যক আনে পঢ়িব নি ওভোটাই নিদিলে, কিছু বুক চেলফত উঁই পৰুৱা সোমাই খালে)৷
২০১৮ চন৷ বিস্ময়ৰ সোণালী জয়ন্তী বৰ্ষ৷ অৰ্ধশতিকাৰ যি এক অক্লান্ত যাত্ৰা, তাত নিজেও কেতিয়াবা সামান্যতম অৰিহণা দিছিলো! ভাৱি গৌৰৱবোধ কৰো৷ এই বৰ্ণিল যাত্ৰা অবিৰত হওক, দীৰ্ঘায়ু হওক বিস্ময়……
সঁচাকৈ বিস্ময়ৰ প্ৰতি যি এক অবুজ টান – অইন আলোচনীৰ সতে নাই! কিয় নাজানো!
☆★☆