‘বডীলাইন’ নে ‘ফাষ্ট লেগ থিয়ৰী’?? – অমিতাভ মহন্ত

: : ‘বডীলাইন’ নে ‘ফাষ্ট লেগ থিয়ৰী’?? : :

আগকথা:

এচেজ্!!
ক্ৰিকেটৰ আটাইতকৈ ৰোমাঞ্চকৰ সন্মুখ সমৰ৷ এচেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আছে ইতিহাস, আভিজাত্য, শক্তি, দেশপ্ৰেম, ঘৃণা আৰু বহু কিবাকিবি৷ এই চিৰিজ কেৱল ক্ৰিকেট খেলেই নহয়, ই হ’ল বৈৰীতাৰ প্ৰতীক৷ এই চিৰিজে যদি কাৰোবাৰ স্বপ্ন ভাঙিছে, কাৰোবাৰ আকৌ সপোন দিঠকলৈ পৰিণত কৰিছে৷ সেউজীয়া পথাৰৰ পৰা অমৰ ৰুপকথাৰ নায়কলৈ উত্তৰণ ঘটিছে কোনোবাৰ৷

খেলিবলৈ সুযোগ পোৱা সকলৰ বাবে এচেজ ক্ৰিকেট জীৱনৰ এক অংশ নহয়, বৰঞ্চ জীৱনেই ইয়াত হৈ পৰে ক্ৰিকেট৷ সেই ভস্মখিনিত নিজৰ আধিপত্য জাহিৰ কৰিবলৈ খেলুৱৈৰ আবেগ কিমান তীব্ৰ হ’ব পাৰে সেয়া প্ৰথম অনুভূত হয় ১৯২৮-২৯ চনত, ইংলেণ্ডৰ অষ্ট্ৰেলিয়া ভ্ৰমণত৷ এই ভ্ৰমণতেই প্ৰতিভাৰ অংকুৰণ ঘটে ক্ৰিকেটৰ লিজেণ্ড কেইজনমানৰ৷ একেসময়তে ক্ৰিকেট হৈ পৰে কুখ্যাত৷ কাৰণ? বডীলাইন চিৰিজ৷

লেখাটোৰ বাকী অংশত এই বডীলাইন চিৰিজৰেই কিছু স্মৃতি ৰোমন্থন কৰাৰ চেষ্টা কৰা হৈছে৷ bodyline-2

১. বোম্বেৰ পৰা স্কটলেণ্ডলৈ:

মালাবাৰ হিলচ্৷ আজিৰ দিনত মুম্বাইত বসবাস কৰা বেছিভাগ বিজনেজ টাইকুন আৰু চিনেমাৰ তাৰকাসকল প্ৰথম পচন্দ৷

তাৰকা আৰু মালাবাৰ হিলচৰ সম্পৰ্ক হয়তো সেই তাহানিৰেই৷ ন’হলেনো জন্ম হ’বলৈ সেই তাহানিতেই ডগলাচে এই মালাবাৰ হিলচেই বাচি লয়নে?

১৯০০ চনৰ ২৩ অক্টোবৰত এই মালাবাৰ হিলচতেই জন্ম ডগলাচৰ, ডগলাচ ৰবাৰ্ট জাৰ্দিনৰ৷ আজিৰ প্ৰজন্মৰ বাবে হয়তো এক অচিনাকি নাম৷ কিন্তু ক্ৰিকেটৰ বিষয়ে ভূ ৰখা সকলে জানে, কিদৰে পৰৱৰ্তী সময়ত ডগলাচ হৈ পৰিল ক্ৰিকেটৰ এক নন্দিত আৰু নিন্দিত চৰিত্ৰ৷

ডগলাচৰ বেৰিষ্টাৰ পিতৃয়ে আধুনিক শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ন বছৰ বয়সত ডগলাচক স্কটলেণ্ডলৈ পঠিয়াই দিয়ে৷ অত্যন্ত ধনী পেহীয়েকৰ তত্ত্বাৱধানত থাকি ডগলাচৰ পৰৱৰ্তী জীৱন আৰম্ভ হয়৷ আভিজাত্য, সচ্ছলতা আৰু কাকো পৰোৱা নকৰা মানসিকতা তেতিয়াৰ পৰাই ডগলাচৰ মাজত গঢ় লৈ উঠে৷ পঢ়া শুনাত ডগলাচ্ যথেষ্ট ভালেই আছিল৷ কিন্তু সকলোৱে স্কুলত ডগলাচক ক্ৰীড়া নৈপুণ্যৰ বাবেহে জানিছিল৷ নেতৃত্ব দিয়াৰ গুণ সেই সময়তেই ডগলাচৰ চৰিত্ৰত ফুটি উঠিছিল৷

২. অলৰাউণ্ডাৰ ডগলাচ:

প্ৰথম অৱস্থাত সোঁহতীয়া লেগ স্পিনাৰ হিচাপে ডগলাচে স্কুলীয়া দলত নিজৰ স্থান নিগাজী কৰি তোলে৷ লেগ স্পিন ডগলাচৰ বিশেষত্ব হ’লেও সদায়েই এজন অলৰাউণ্ডাৰ হোৱাৰ চেষ্টাত ডগলাচ্ ব্ৰতী আছিল৷ স্কুলৰ প্ৰশিক্ষকে ডগলাচৰ লেহেমীয়া গতিৰ বেটিং টেকনিক পচন্দ কৰা নাছিল৷ কিন্তু ডগলাচে নিজৰ টেকনিকৰ পৰিবৰ্তন নকৰিলে৷ উইকেটত টিকি থকাৰ মানসিকতা আৰু জিকাৰ অদম্য হেঁপাহে অৱশেষত প্ৰশিক্ষকক বাধ্য কৰালে ডগলাচক অন্য দৃষ্টিৰে চাবলৈ৷ ডগলাচৰ নেতৃত্ব দিব পৰা গুণ সেই সৰুকালতে প্ৰস্ফুটিত হৈ উঠিছিল যাৰ ফলস্বৰুপে স্কুলীয়া দিনত ডগলাচৰ দল আছিল অপ্ৰতিৰোধ্য৷

ৱিনচেষ্টাৰ কলেজলৈ অহাৰ পিছত ডগলাচৰ বেটিং প্ৰতিভা জিলিকি উঠে৷ এক অস্থিৰ সময়, চাৰিওফালে বিশ্বযুদ্ধৰ বাৰুদৰ গোন্ধ৷ এই সময়চোৱাত কলেজ কৰ্তৃপক্ষই পঢ়ুৱৈ সকলক কঠোৰ শৃংখলাৰ মাজত শিক্ষাদান কৰিছিল৷ যিকোনো কঠিন পৰিস্থিতিৰ মাজত টিকি থকাৰ মন্ত্ৰ ডগলাচে হয়তো এই কঠোৰ নীতি নিয়মৰ মাজেৰেই আহৰণ কৰিছিল৷

কলেজীয়া দিনত ডগলাচ আছিল একেধাৰে শ্ৰেষ্ঠ এথলীট, ফুটবল টিমৰ গোলকীপাৰ, টেনিছৰ ৰেকেট হাতত লৈ অপ্ৰতিৰোধ্য, বেট হাতত ল’লে অদমনীয়৷ কলেজৰ শেষৰ বছৰত ডগলাচৰ বেটিং গঢ় আছিল ৬০ৰ ওপৰত, ৰাণ কৰিছিল ৯৯৭৷ লেগস্পীনাৰ, সাধাৰণ টেকনিকৰ ডগলাচ্ হৈ পৰিছিল এজন পৈণত বেটছমেন৷

ডগলাচৰ নেতৃত্বৰ ওপৰত তেতিয়াওঁ আছিল বিৰাট এক প্ৰশ্নবোধক চিহ্ন৷ প্ৰশিক্ষকৰ মতে ডগলাচৰ দ্বাৰা দলক উজ্জীৱিত কৰা সম্ভৱ নহয়৷ সেই সময়তে ডগলাচৰ অধিনায়কত্বত ৱিনচেষ্টাৰ কলেজে ইটন কলেজক হৰুৱাই তাৰ যোগ্য প্ৰত্যুত্তৰ দিলে৷ উল্লেখযোগ্য যে ১২ বছৰত সেয়া আছিল ইটনৰ বিপক্ষে ৱিনচেষ্টাৰৰ প্ৰথম জয়৷

৩. অষ্ট্ৰেলিয়া আৰু ঘৃণা….

ৱিনচেষ্টাৰত কৰা প্ৰদৰ্শনৰ পিছত ডগলাচ্ হৈ পৰে এক চৰ্চিত নাম৷ সেই সময়ৰ বাতৰি কাকত আদিত ডগলাচৰ প্ৰদৰ্শনে ব্যাপক চৰ্চা লাভ কৰে৷ ফলস্বৰুপে পৰৱৰ্তী সময়ত অক্সফৰ্ডত পঢ়িবলৈ অহা ডগলাচে প্ৰথম দিনাৰ পৰাই অক্সফৰ্ড ক্ৰিকেট টিমত নিজৰ স্থান নিগাজী কৰি লয়৷ তেতিয়াই আৰম্ভ হয় অষ্ট্ৰেলিয়াৰ প্ৰতি ডগলাচৰ ঘৃণাৰ৷

কাৰণ? ?

১৯২১ চনৰ এচেজ্ চিৰিজ৷ সেইবছৰ ৱাৰৱিক আৰ্মষ্ট্ৰঙৰ নেতৃত্বত ইংলেণ্ড ভ্ৰমণ কৰা অষ্ট্ৰেলিয়ান দল আছিল প্ৰায় অপ্ৰতিৰোধ্য৷ গোটেই ভ্ৰমণত মুঠ ৩৮খন খেলত অংশ লোৱা অষ্ট্ৰেলিয়া দলে ২২ খনত জয় সাব্যাস্ত কৰে৷ ১৪ খন ড্ৰ আৰু দুখনত পৰাজয়৷ ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম তিনিখন টেষ্টত অনায়াসে জয়, শেষৰ দুখন ড্ৰ৷ এয়াই আছিল সেইবাৰৰ এচেজৰ ফলাফল৷

সেই সময়ত টেষ্ট খেলৰ বাহিৰেও কাউণ্টি আৰু ইউনিভাৰ্চিটি দলবোৰৰ সৈতে প্ৰচুৰ পৰিমাণে খেল হৈছিল৷ তেনেকুৱা এখন খেলতেই অষ্ট্ৰেলিয়াৰ সৈতে মুখামুখি হৈছিল ডগলাচ্৷

তিনিদিনীয়া খেলখনত খেলৰ দ্বিতীয় দিনাৰ অন্তত অক্সফৰ্ডৰ হৈ বেটিং কৰি ৯৬ ৰাণত অপৰাজিত হৈ ৰয় ডগলাচ্৷ পিছদিনা ৰাতিপুৱা চাৰি ৰাণ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ সপোন বুকুত বান্ধি পেভেলিয়নলৈ উভতি যায় ডগলাচ্৷

পিচে ভবা মতে কথাবোৰ নহ’ল৷ অষ্ট্ৰেলিয়ান দলে বিশ্ৰাম লোৱাৰ অজুহাত দেখুৱাই খেলখন দুদিনতে সমাপ্ত কৰাৰ অনুৰোধ কৰে৷ আজিৰ দিনত সেয়া অসম্ভৱ যেন লাগিলেওঁ তেতিয়া তেনেকুৱা ঘটনা খুবেই সাধাৰণ আছিল৷

পিচদিনা ব্ৰিটিছ প্ৰেছে এই কাণ্ডৰ বাবে অষ্ট্ৰেলিয়ান দলক কঠোৰ সমালোচনা কৰে৷ আনকি ডগলাচক শতকৰ পৰা বঞ্চিত কৰিবলৈ এই নিকৃষ্ট কাম কৰা হ’ল বুলি অভিযোগ উঠিল৷ নিজমুখে স্বীকাৰ নকৰিলেওঁ হয়তো এয়াই ডগলাচৰ মনত অষ্ট্ৰেলিয়াৰ প্ৰতি ঘৃণাৰ জন্ম দিছিল, যাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল পৰৱৰ্তী সময়ত৷ বডীলাইন চিৰিজত………

৪) আকৌ অষ্ট্ৰেলিয়া

যুৱৰাজ সিং, বিৰাট কোহলী আৰু বহুতো ক্ৰিকেটাৰে জুনিয়ৰ পৰ্য্যায়ত কৰা প্ৰদৰ্শনৰ সুবাদত জাতীয় দললৈ অহাৰ বাট মুকলি হৈ পৰিছিল৷ দেশৰ সংবাদ মাধ্যম, প্ৰাক্তন খেলুৱৈৰ মুখত এই নামবোৰে জাতীয় দললৈ অহাৰ আগতেই চৰ্চা লাভ কৰিছিল৷ সেই তাহানিতেই ডগলাচো তাৰ ব্যতিক্ৰম নাছিল৷ ব্ৰিটিছ প্ৰেছ, মিডলচেক্সৰ অধিনায়ক প্লুম ৱাৰ্নাৰ আদিয়ে ডগলাচক জাতীয় দলত অন্তৰ্ভুক্ত কৰিবলৈ জোৰদাৰ দাবী কৰিলে৷ কিন্তু নিৰ্বাচকে বাৰম্বাৰ উপেক্ষা কৰিলে ডগলাচক৷ হয়তো তেওঁলোকে ডগলাচক আৰু পৰিপক্ক হোৱাটো বিচাৰিছিল৷

ফলস্বৰূপে আৰু ৭ বছৰৰ ধাৰাবাহিক প্ৰদৰ্শনৰ পিছত ১৯২৮ চনত ডগলাচৰ টেষ্ট অভিষেক ঘটে৷ উল্লেখযোগ্য যে ৱেষ্ট ইণ্ডিজ দলেও এইখন টেষ্টৰ জৰিয়তে নিজৰ অভিষেক ঘটাইছিল৷ ইনিংচ ব্যৱধানত ৱেষ্ট ইণ্ডিজে পৰাজয় বৰণ কৰা এইখন খেলত ২২ ৰাণ কৰি ডগলাচে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে৷

তাৰ পিছতেই ১৯২৮-২৯ চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণকাৰী ইংলেণ্ড দলৰ এজন সদস্যৰূপে যাত্ৰা কৰে ডগলাচে৷ এই চিৰিজটো ক্ৰিকেটপ্ৰেমীৰ বাবে চিৰযুগমীয়া হৈ ৰ’ব ৱাল্টাৰ হেমণ্ডৰ কীৰ্তিৰ বাবে৷ সেইবাৰ ১১৩.১২ গঢ় ৰাণেৰে হেমণ্ডে মুঠ ৯০৫ ৰাণ কৰে যি এচেজৰ ইতিহাসত আছিল সৰ্বোচ্চ৷ ভ্ৰমণৰ সকলো খেল আওতালৈ আনিলে হেমণ্ডে কৰিছিল মুঠ ১৫৫৩ ৰাণ৷ উল্লেখযোগ্য যে সেই সময়ৰ খেলপথাৰ আছিল আজিকালিৰ পথাৰতকৈ বহুত ডাঙৰ, বেটবোৰ আছিল সৰু৷ তাতোকৈয়ো গুৰুত্বপূৰ্ণ আছিল যে সেই সময়ত খেলৰ শেষত উইকেট ঢাকি ৰখাৰ কোনো ব্যৱস্থা নাছিল৷ গতিকে হেমণ্ডৰ এই সফলতা আজিৰ যুগৰ খেলুৱৈৰ সৈতে তুলনা কৰা উচিত নহ’ব যেনেই বোধ হয়৷

এই চিৰিজৰেই প্ৰথমখন খেলত এজন ক্ষীণকায় খেলুৱৈ খেলপথাৰত নামে৷ প্ৰথম ইনিংচত সাত নম্বৰত বেটিং কৰিবলৈ আহি ১৮ ৰাণত তেওঁ আউট৷   দ্বিতীয় ইনিংচত অৱস্থা আৰু বেয়া৷ মাত্ৰ এক ৰাণতেই আউট৷ ৬৭৫ ৰাণৰ বিশাল ব্যৱধানত হাৰি অষ্ট্ৰেলিয়াই পৰৱৰ্তী খেলখনত সেইজন খেলুৱৈক দলৰ পৰা বাদ দিয়ে৷

“Morning Shows the Day“, বাক্যশাৰী যে সদায় সঁচা নহবও পাৰে তাৰেই প্ৰমাণ এই খেলুৱৈজন৷ জীৱনত সেই এবাৰেই দলৰ পৰা বাদ পৰিছিল সেই খেলুৱৈজন৷ পৰৱৰ্তী সময়ত নিজৰ প্ৰতিভাৰে সকলোকে বিমুগ্ধ কৰি ৰখা সেই খেলুৱৈজনেই আছিল ডন৷ ডন ব্ৰেডমেন!!

ডগলাচে এই ভ্ৰমণ আৰম্ভ কৰিলে তিনিটা ক্ৰমাগত শতকেৰে৷ অৱশ্যে গোটেইকেইটাই আছিল প্ৰথম শ্ৰেণীৰ খেলত৷ সকলোৱে ধাৰণা কৰি লৈছিল যে এই ডগলাচেই হ’ব অষ্ট্ৰেলিয়াৰ বাবে আটাইতকৈ ডাঙৰ আতঙ্ক৷ বেটিং কৰিবলৈ নামিলেই গেলেৰীৰ পৰা চিৎকাৰ, ভেঙুচালি আদিয়ে ডগলাচক ব্যতিব্যস্ত কৰি তোলে৷ তেওঁৰ ধীৰগতিৰ বেটিঙক লৈ বিদ্ৰুপ কৰা হ’ল৷ ডগলাচক বিচলিত কৰিবলৈ সকলো চেষ্টা কৰাৰ পিছতো তেওঁ নিজৰ খেল খেলি গ’ল৷

অষ্ট্ৰেলিয়ানসকলে ডগলাচক অপচন্দ কৰাৰ আৰু এটা কাৰণ হ’ল তেওঁ পিন্ধা ৰঙীন হাৰ্লেকুইন টুপীটো৷ সেই সময়ত অক্সফৰ্ডৰ শ্ৰেষ্ঠ খেলুৱৈজনক এই টুপী দিয়া হৈছিল৷ তেওঁলোকৰ বাবে হাৰ্লেকুইন আছিল গৰ্বৰ প্ৰতীক৷ ডগলাচে সেই টুপীটো পিন্ধিয়েই খেলপথাৰত নামিছিল৷ এক অজ্ঞাত কাৰণত অষ্ট্ৰেলিয়ান সকলে ডগলাচৰ এই কাৰ্য্য সহজভাৱে ল’ব পৰা নাছিল৷ হয়তো সেই অক্সফৰ্ডৰ দিনত ডগলাচে কৰা ৯৬ ৰাণৰ বাবে হোৱা সেই বিতৰ্ক পাহৰিব পৰা নাছিল অষ্ট্ৰেলিয়ান সকলে৷

আকৌ ঘূৰি আহিছো এচেজৰ কথালৈ৷ সেইবাৰ হেমণ্ডৰ বেটিং বিক্ৰমত ইংলেণ্ডে খুব সহজেই ৪-১ত শৃংখলা দখল কৰি লয়৷

সেই চিৰিজৰ পিছতেই হেমণ্ডৰ উত্তৰণ ঘটে আৰু চুপাৰষ্টাৰৰ পৰা তেওঁ হৈ পৰে ’গ্ৰেইট’৷ এইফালে তৃতীয় টেষ্টত আকৌ সুযোগ পায় ৭৯ আৰু শতকেৰে ব্ৰেডমেনে দিয়ে এক নতুন তাৰকা উদয় হোৱাৰ আগজাননী৷ লগতে ক্ৰিকেটপ্ৰেমীয়ে দেখে ইংলিছ পেচাৰ হেৰল্ড লাৰউডৰ উত্থান৷ এই লাৰউডেই এদিন কি তাণ্ডৱ দেখুৱাব সেয়া সকলোৰে বাবে সপোনৰো আগোচৰ আছিল৷

আৰু ডগলাচ? প্ৰথম শ্ৰেণীৰ খেলবোৰত শতক কৰিলেও এচেজত বিশেষ সফলতা অৰ্জন কৰিব পৰা নাছিল ডগলাছে৷ দুই এটা ভাল ইনিংছ খেলিলেও হেমণ্ডৰ তাণ্ডৱত সেয়া হৈ পৰিছিল নগন্য৷ অপেনাৰ চাটক্লিফৰ আঘাতৰ বাবে অন্তিম টেষ্টত ডগলাচ হৈ পৰে অপেনাৰ৷ সেইখন টেষ্টত ডগলাচৰ প্ৰদৰ্শন আছিল জঘন্য৷ দ্বিতীয় ইনিংচত ’গোল্ডেন ডাক’ মাৰি ডগলাচে খেল শেষ হোৱালৈ ন’ৰলেই৷ চিধাই জাহাজ বন্দৰ, তাৰ পৰা ভাৰতলৈ যাত্ৰা৷

৫. উডফুল’চ কিণ্ডাৰগাৰ্টেন৷

পৰৱৰ্তী চিৰিজ খেলিবলৈ অষ্ট্ৰেলিয়া দল ইংলেণ্ডলৈ যাত্ৰা কৰে৷ সমগ্ৰ দলৰ ওপৰত প্ৰচণ্ড চাপ৷ মাত্ৰ এবছৰ আগতে নিজৰ দেশত এচেজ চিৰিজ হৰাৰ গ্লানি৷ তাতে এইবাৰৰ দল একেবাৰেই অনভিজ্ঞ৷ আগতে ইংলেণ্ড ভ্ৰমণ কৰা মাত্ৰ চাৰিজন খেলুৱৈহে অষ্ট্ৰেলিয়ান দলত আছিল৷ এই দলে চিৰিজ জয় কৰাৰ কোনো সম্ভাৱনা নাই বুলি ক্ৰিকেট বিশেষজ্ঞ সকলে ইতিমধ্যেই মত পোষণ কৰি উঠিছিল৷ অত্যুৎসাহী ইংলিছ গণমাধ্যমে এই দলৰ নাম দিছিল ’উডফুল’চ কিণ্ডাৰগাৰ্টেন’৷ বিল উডফুল আছিল এই দলৰ অধিনায়ক৷ তেত্ৰিছ বছৰ বয়সত অধিনায়কত্ব পোৱা বিলৰ সেয়াই আছিল প্ৰথম চিৰিজ৷

ইংলিছ মিডিয়াৰ উপহাস আৰু ক্ৰিকেট অনুৰাগীৰ সমালোচনাৰ উত্তৰ দিবলৈ এটা পথেই খোলা আছিল৷ সেয়া হৈছে চিৰিজ জয়৷ তাকেই কৰি দেখুৱালে উডফুলে৷ এক কমবয়সীয়া অনভিজ্ঞ দল লৈ উডফুলে পুনৰুদ্ধাৰ কৰিলে এচেজ্৷

সন্মুখৰ পৰা নেতৃত্ব দিয়া গুণ পূৰামাত্ৰাই আছিল উডফুলৰ৷ ’ৰক অফ জিব্ৰাল্টাৰ’ নাম পোৱা উডফুল আছিল এক বিশেষ পেকেজ৷ প্ৰয়োজনৰ সময়ত বেট হাতত লৈ পৰ্বতৰ দৰে থিয় দিয়াত তেওঁ আছিল সিদ্ধহস্ত৷ ফিল্ডিং প্লেচমেণ্ট আছিল নিখুঁত৷ নিজৰ সীমিত বলিং বিকল্পবোৰ কেনেকৈ ব্যৱহাৰ কৰি বিপক্ষ শিবিৰ তচনচ্ কৰিব লাগে সেয়া উডফুলতকৈ ভালকৈ চাগে কোনোৱেই নাজানিছিল৷

উডফুলৰ অধিনায়কত্বতেই বিকশিত হয় কালজয়ী বলাৰ ক্লাৰি ভিক্টৰ গ্ৰিমেট৷ মায়াবা লেগ স্পীনেৰে ইংলেণ্ডৰ বেটিঙ লাইন আপত ত্ৰাসৰ সৃষ্টি কৰে গ্ৰিমেটে৷ প্ৰথম টেষ্টতে গ্ৰিমেটে পালে দহটা উইকেট৷ গ্ৰিমেটৰ প্ৰধান অস্ত্ৰ আছিল নিখুঁত লেংথ৷ মাজে মাজে গুগলি আৰু টপস্পীন৷ ইংৰাজ খেলুৱৈ সকল গ্ৰিমেটৰ তাণ্ডৱত দিশহাৰা হৈ পৰিল৷ এচেজ্ পুনৰুদ্ধাৰত গ্ৰিমেটে ল’লে এক মুখ্য ভূমিকা৷

তৰুণ কিন্তু উজ্জীৱিত অষ্ট্ৰেলিয়াৰ বেটিং লাইন আপো সেইবাৰ আছিল দুৰ্দান্ত৷ অপেনিঙত আছিল উডফুল আৰু পঞ্চফোৰ্ডৰ অভিজ্ঞ যুটি৷ মিডল অৰ্ডাৰত ব্ৰেডমেন, কীপাক্স আৰু ৰিচাৰ্ডচনৰ দৃঢ়তা, লোৱাৰ অৰ্ডাৰত কীপাৰ ওল্ডফিল্ডৰ লিকটীয়া বেটিং৷ সকলো মিলি অষ্ট্ৰেলিয়াৰ বেটিং আছিল কমপেক্ট৷ কিন্তু তাৰ পিছতো প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত এই দল মাত্ৰ ১৪৪ ৰাণত অলআউট হৈ যায়৷

দ্বিতীয় ইনিংচত ব্ৰেডমেনৰ অনবদ্য ১৩১ ৰাণৰ সুবাদত ইংলেণ্ডে দিয়া ৪২৯ ৰাণৰ লক্ষ্য অতিক্ৰম কৰাৰ চেষ্টা দিয়ে অষ্ট্ৰেলিয়াই৷ কিন্তু সেইখন খেলত শেষ হাঁহি ইংলেণ্ডেই মাৰে৷ ৩৩৫ ৰাণত অষ্ট্ৰেলিয়াৰ ৰথ স্তব্ধ হৈ পৰে৷

দ্বিতীয় টেষ্ট, স্থান লৰ্ডচ্৷ টচ্ জিকি ইংলিছ অধিনায়ক চেপমেনে বেটিং কৰাৰ সিদ্ধান্ত লয়৷ দুলীপসিংজীৰ ১৭৩ ৰাণৰ সহায়ত ইংলেণ্ডে সংগ্ৰহ কৰে ৪২৫ ৰাণ৷ সকলোৱে ধৰি ল’লে, এইবাৰো হাৰিব অষ্ট্ৰেলিয়া৷ কিন্তু উডফুলহঁতে এইবাৰ বেলেগ ৰূপত পথাৰত নামিছিল৷ ব্ৰেডমেনৰ ২৫৪, উডফুলৰ ১৫৫ আৰু কীপাক্সৰ ৮৩ ৰাণৰ সহায়ত স্ক’ৰবোৰ্ডত দেখা গ’ল ৭২৯-৬৷

উডফুলে ইনিংছ ঘোষণা নকৰিলে সেইদিনা এই ৰথ ক’ত গৈ স্তব্ধ হ’লহেতেন কোৱা টান৷ ইনিংছ পৰাজয়ৰ পৰা বাচিবলৈ ইংলেণ্ডক দৰকাৰ আছিল ৩০৪ ৰাণৰ৷ কোনোমতে এই লজ্জাৰ পৰা বাচিলেও তেওঁলোকে মাত্ৰ ৭২ ৰাণৰ লক্ষ্যহে দিবহে সক্ষম হয়৷ সাত উইকেটত জয়ী হয় অষ্ট্ৰেলিয়া৷

৬. দ্যা ব্ৰেডমেন শ্বো-

হেডিংলেৰ তৃতীয় টেষ্ট আছিল সম্পূৰ্ণ ব্ৰেডমেন শ্বো৷ টচত জিকি উডফুলে বেটিং কৰাৰ সিদ্ধান্ত ল’লে৷ মাত্ৰ আঠ মিনিটত প্ৰথম উইকেটৰ পতন ঘটিল৷ বেটিং কৰিবলৈ নামিল ব্ৰেডমেন৷ তাৰ পিছৰখিনি ইতিহাস৷ লাঞ্চৰ আগতে শতক, চাহ বিৰতিৰ আগত দ্বিশতক আৰু সেইদিনাৰ খেল সমাপ্তিৰ অন্তত ব্ৰেডমেন অপৰাজিত থাকিল ৩০৯ ৰাণত৷

ইয়াৰ আগতে লাঞ্চৰ পূৰ্বে শতক অৰ্জন মাত্ৰ দুজন খেলুৱৈয়েহে কৰিব পাৰিছিল৷ ক্ৰিকেট ইতিহাসত এই কীৰ্তি আজিলৈ কেৱল চাৰিজনৰ নামতহে আছে৷ কিন্তু প্ৰথম দিনাই ত্ৰিশতক অৰ্জন কৰাৰ কীৰ্তি আৰু কাৰোৰেই নাই৷ গেইল, ডি ভিলিয়াৰ্চৰ সংহাৰী ৰূপ দেখা আজিৰ খেলপ্ৰেমীক হয়তো ব্ৰেডমেনৰ এই ৰূপ নেদেখাৰ দুখে সদায় আমনি কৰিব৷

দ্বিতীয় দিনা অৱশেষত ব্ৰেডমেন আউট হ’ল ৩৩৪ ৰাণত৷ লগে লগে এণ্ডি চেণ্ডহামৰ ৩২৫ ৰাণৰ ৰেকৰ্ড ব্ৰেডমেনে ভংগ কৰে৷ স্পৰ্শ কৰে মাকাৰ্টিনিৰ ক্ৰমাগত তিনিটা শতকৰ ৰেকৰ্ড৷

দুৰ্ভাগ্যবশতঃ প্ৰৱল বৰষুণৰ বাবে অষ্ট্ৰেলিয়াই সেই খেলখন জিকিব নোৱাৰিলে৷ ফলো অনৰ পিছতো বৰষুণে ইংলেণ্ডৰ শেষ ৰক্ষা কৰে৷ পৰৱৰ্তী অ’ল্ড ট্ৰেফৰ্ডৰ খেলখনতো একেই বৰষুণৰ বিধি পথালি৷ ফলত অভেলত হ’ব লগা শেষ টেষ্টখনেই হৈ পৰে চিৰিজৰ নিৰ্ণায়ক খেল৷

চাটক্লিফৰ ১৬১ ৰাণৰ সহায়ত ইংলেণ্ডে প্ৰথম ইনিংছত ৪০৫ ৰাণ কৰাৰ সময়ত কোনেও চাগে কল্পনাওঁ কৰা নাছিল যে ইংলেণ্ড এইখন খেল ইনিংছ ব্যৱধানত হাৰিব৷ হিৰো আকৌ ব্ৰেডমেন৷ ব্ৰেডমেনৰ ২৩২ আৰু পঞ্চফোৰ্ডৰ ১১০ ৰানৰ জৰিয়তে অষ্ট্ৰেলিয়ান দলে ৬৯৫ ৰান কৰে৷ ২য় ইনিংছত ইংলেণ্ডে খোপনি পুতিবই নোৱাৰিলে৷ ফলত এক ইনিংছ আৰু ৩৯ ৰানৰ ব্যৱধানত অষ্ট্ৰেলিয়াই এই টেষ্টখন জিকি হৃত গৌৰৱ আৰু এচেজ্ পুনৰুদ্ধাৰ কৰে৷ বিল উডফুলৰ নেতৃত্বত ’উডফুল’চ্ কিণ্ডাৰগাৰ্টেন’ৰ সদস্যসকলে ডাঙি ধৰে এচেজৰ ট্ৰফী৷

এই চিৰিজ সম্পূৰ্ণভাৱে আছিল ব্ৰেডমেনৰ চিৰিজ৷ এই চিৰিজেই ব্ৰেডমেনক দিছিল অমৰত্ব৷ ব্ৰেডমেনৰ প্ৰতিটো ইনিংছেই যেন আছিল একো একোটা গল্প, এক ইতিহাস৷ ব্ৰেডমেনৰ বেট আৰু বলৰ সংস্পৰ্শত হোৱা শব্দবোৰে যেন ৰচিছিল একো একোটা কালজয়ী কবিতা৷ দুৰ্ভাগ্যজনকভাবে এই খেলবোৰৰ কোনো ভিডিঅ’ ফুটেজ নাই৷ গতিকেই আজিৰ চামৰ বাবে এয়া হৈ ৰ’ল কেৱল এক পৰিসংখ্যা৷ আমাৰেই দুৰ্ভাগ্য যে নিজ চকুৰে এই বেটিং প্ৰত্যক্ষ কৰাৰ সৌভাগ্য আমাৰ নহ’ল৷

ব্ৰেডমেনৰ সাৰ্থকতা কেৱল এজন সৰ্বকালৰ শ্ৰেষ্ঠ বেটচমেনেই নহয়, ব্ৰেডমেনেই আছিল ক্ৰিকেটৰ প্ৰথম ’আইকনিক ফিগাৰ’৷ কেৱল ব্ৰেডমেনৰ বেটিং চাবলৈ খেলপথাৰলৈ ঢাপলি মেলিছিল জনতা৷ তেওঁ আউট হ’লে আকৌ কামে কাজে গুছি গৈছিল জনতা৷ হয়তো অভিজাত শ্ৰেণীৰ পৰা সাধাৰণ জনতাৰ মাজলৈ ক্ৰিকেট জনপ্ৰিয় হোৱাৰ এই পৰ্য্যায়টোৰ কাৰণ কৰবাত ব্ৰেডমেনেই আছিল৷ পৰ্য্যায়ক্ৰমে অন্য বহু দেশত ক্ৰিকেট জনপ্ৰিয় হৈ উঠে৷ ক্ৰিকেটৰ বিশ্বায়নৰ পথিকৃৎ হিচাপে কোনোবাৰ নাম ল’বলৈ হ’লে সেয়া চাগে ব্ৰেডমেনেই হ’ব৷ এইবাবেই তেওঁ “ডন“, ক্ৰিকেটৰ সন্দেহাতীত সম্ৰাট!!

৭৷ এইবাৰ জাৰ্ডিন-

পঢ়ুৱৈয়ে জাৰ্ডিনক মনত ৰাখিছে চাগে, সেই যে ৰবাৰ্ট ডগলাচ্ জাৰ্ডিন৷ আমাৰ চিনাকী সেই ডগলাচ্৷ ইতিমধ্যে ক্ৰিকেট বিশ্বই ডগলাচক “জাৰ্ডিন” বুলিহে বেছিকৈ জনা হ’ল৷ ১৯৩০ চনৰ এচেজৰ প্ৰথম চাৰিখন টেষ্টত জাৰ্ডিনে অতিৰিক্ত খেলুৱৈ হিচাপে ৰিজাৰ্ভ বেঞ্চত সময় কটাওঁতেই গৈছিল৷ পঞ্চম টেষ্টত জাৰ্ডিন আকৌ মূল একাদশলৈ উভতি আহিল৷ আশ্বৰ্য্যজনকভাৱে উভতি আহিয়েই দায়িত্ব পালে অধিনায়কত্বৰ৷ পঞ্চম টেষ্টত কি হ’ল সেয়া ইতিমধ্যে পঢ়ুৱৈৰ অৱগত৷ ব্ৰেডমেনে জাৰ্ডিনৰ এই অধিনায়কত্বৰ অনুভৱ স্মৰণীয় হ’বলৈ নিদিলে৷

এচেজৰ পিছত জাৰ্ডিনক কাউণ্টী ক্ৰিকেটত চাচেক্স দলৰ অধিনায়ক হোৱাৰ প্ৰস্তাৱ দিয়া হয়৷ কিন্তু নিজৰ ব্যৱসায়ত সময় দিবলগা হোৱাত জাৰ্ডিনে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে৷ সেই সময়ত খেলুৱৈসকলে ক্ৰিকেট খেলিছিল চখ আৰু সন্মানৰ বাবে৷ ক্ৰিকেটেই পেশা হোৱাৰ পৰিবেশ আছিল অকল্পনীয়৷ চাচেক্সৰ অধিনায়ক নহলেও পিছৰ বছৰ নিউজিলেণ্ডৰ বিপক্ষে হোৱা টেষ্ট চিৰিজৰ বাবে জাৰ্ডিনকেই অধিনায়কত্বৰ বাব দিয়া হয়৷ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ প্ৰকৃত লক্ষ্য আছিল এজন দক্ষ অধিনায়কৰ, যি পিছৰ বছৰ হ’ব লগা এচেছত অষ্ট্ৰেলিয়াক এক উচিত শিক্ষা দিব পাৰে৷ জাৰ্ডিনৰ মাজত তেওঁলোকে প্ৰতিভা দেখিছিল৷ দৰকাৰ আছিল সেই প্ৰতিভা পৰীক্ষণ কৰাৰ৷

পৰৱৰ্তী সময়ত জাৰ্ডিনে চাচেক্সৰ অধিনায়কত্বৰ পদ গ্ৰহণ কৰে৷ তেতিয়াই জাৰ্ডিন হৈ পৰে এজন আগ্ৰাসী অধিনায়ক৷ তেওঁৰ নেতৃত্বতেই চাচেক্সে শেহতীয়া ৬ বছৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ডাঙি ধৰে৷

সেই বছৰেই ভাৰতীয় ক্ৰিকেট দলে নিজৰ প্ৰথম টেষ্ট খেলিবলৈ ইংলেণ্ড ভ্ৰমণ কৰে৷ প্ৰথম খেলতেই ভাৰতীয় উজ্জীৱিত বলিঙে ইংলেণ্ডক বাৰুকৈয়ে শলঠেকত পেলায়৷ তথাপি জাৰ্ডিনৰ ৭৯ আৰু ৮৫ ৰানৰ দুটা ইনিংছে ইংলেণ্ড দলৰ শেষ ৰক্ষা কৰে৷ জাৰ্ডিনৰ প্ৰখৰ ক্ৰিকেটবোধ আৰু যুঁজাৰু মানসিকতাৰ বাবেই ইংলেণ্ড দলে সেই টেষ্ট হাৰিব লগা নহ’ল৷

সন্মুখত এচেজ্! নিৰ্বাচকসকল তেতিয়াও নিশ্চিত হ’ব পৰা নাছিল জাৰ্ডিনৰ অধিনায়কত্বক লৈ৷ অৱশেষত বহু চিন্তা ভাৱনাৰ অন্তত জাৰ্ডিনকেই দিয়া হয় অধিনায়কত্বৰ গুৰু ভাৰ৷

নিৰ্বাচকৰ এই সিদ্ধান্তই যে ক্ৰিকেট বিশ্ব তোলপাৰ লগাব সেয়া কোনেওঁ কল্পনাই কৰিব পৰা নাছিল৷ কল্পনা কৰা সম্ভৱো নাছিল৷

৮৷ ব্ৰ্ৰেডমেনৰ দুৰ্বলতা!!!

দুৰ্বলতা? ব্ৰেডমেনৰ? যাৰ কেৰিয়াৰৰ সমাপ্তিত বেটিং গড় মাত্ৰ চাৰি ৰানৰ বাবে তিনি অংকৰ নহ’ল, সেই ব্ৰেডমেনৰ আকৌ কি দুৰ্বলতা থাকিব পাৰে৷ তাতে দুৰ্বলতাবোৰ পৰ্য্যবেক্ষণ কৰিবলৈ আজিকালিৰ দৰে ভিডিঅ’ ফুটেজ আদিৰ সহজলভ্য নাছিল৷ কম্পিউটাৰৰ দ্বাৰা ব্ৰেডমেনৰ প্ৰতিটো শ্বট পৰ্য্যালোচনা কৰা সম্ভৱ নাছিল৷

কিন্তু জাৰ্ডিন বাবে সেই সীমাবদ্ধতাবোৰ আছিল কেৱল এক অজুহাত৷ পূৰ্বৰ ইংলেণ্ড অধিনায়ক পান্সী ফেণ্ডাৰৰ সৈতে আলোচনা কৰি দুয়ো একমত হ’ল যে লেগ ষ্টাম্পৰ ওপৰেৰে কৰা চিধা পেচ বলিঙৰ সন্মুখীন হোৱাত ব্ৰেডমেন এতিয়াও সিদ্ধহস্ত হোৱা নাই৷ সেই সূত্ৰৰ আঁত ধৰি জাৰ্ডিনৰ প্লেন সাঁজু হ’বলৈ ধৰিলে৷ অষ্ট্ৰেলিয়াৰ পৰা অহা কিছুমান চিঠি আৰু সংগ্ৰহ কৰা বাতৰি কাকতৰ টুকুৰাৰ পৰা জৰ্ডান নিশ্চিত হ’ল যে ব্ৰেডমেনে শেহতীয়াকৈ বেছিভাগেই চিকাৰ হৈছে ফাষ্ট বলাৰৰ৷ লেগ চাইডত কৰা পেচ বলিঙতেই তেওঁ বেছিভাগ আউট হৈছে৷ জৰ্ডানৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ খবৰ আছিল৷ আৰম্ভ হৈ গ’ল এক নতুন পৰিকল্পনাৰ৷

৯৷ ৰণপ্ৰস্তুতি!!

আগষ্টৰ এক আবেলি৷ লণ্ডনৰ পিকাডেলী হোটেলৰ এটা কোঠাত জাৰ্ডিন৷ লগত আছিল নাটিংহামশ্বায়ৰৰ অধিনায়ক আৰ্থাৰ৷ আৰ্থাৰে লগত লৈ আহিছিল আৰু দুজনক, হেৰাল্ড লাৰউড্ আৰু বিল ভোক৷ হেমণ্ডৰ অমানৱীয় কীৰ্তিত প্ৰচাৰ নোপোৱা সেই লাৰউড্৷ আশাকৰো পঢ়ুৱৈয়ে লাৰউডক পাহৰা নাই৷
জাৰ্ডিনৰ পৰিকল্পনা আছিল সাধাৰণ৷ লেগষ্টাম্পৰ ওপৰৰ দ্ৰুতগতিৰ বল খেলাত যিহেতু ব্ৰেডমেন দুৰ্বল, গতিকে ব্ৰেডমেনক একেৰাহে এই লাইন, লেংথতেই বলিং কৰা হ’ব৷ লেগত ব’ল কৰিলে অফচাইডত খেলা সম্ভৱ নহ’ব৷ ষ্টপ কৰিলে চৰ্টত কেচ উঠাৰ সম্ভাৱনা প্ৰৱল আৰু আক্ৰমণাত্মক হুক বা পুল কৰিলে বাউণ্ডেৰীত কেচ উঠাৰ আশা কৰিব পাৰি৷ অফ চাইডত শ্বট খেলিব পৰা সম্ভাৱনা কমি যাব বাবে জৰ্ডানে লেগত ফিল্ডাৰেৰে ভৰাই পেলোৱাৰ সিদ্ধান্ত ল’লে৷ পৰিকল্পনা মতে চৰ্ট লেগত ফিল্ডাৰেৰে আগুৰি পেলোৱা হ’ব৷ ডীপ লেগ আৰু থাৰ্ডমেন পজিচনত দুজন থাকিব যাতে বেটছমেনে হুক বা পুল কৰিলে সুঁযোগ ল’ব পৰা যায়৷ লেগ শ্লিপ পজিচনো জৰ্ডানৰেই চিন্তাৰ ফচল৷ লাৰউড্ আৰু বিলক এই নতুন ৰণকৌশলৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিয়া হ’ল৷

পিকাডেলীৰ সেই আলোচনাতেই ৰচনা হ’ল ক্ৰিকেট ইতিহাসৰ এক কুখ্যাত অধ্যায়ৰ৷ ওপৰে ওপৰে চালে কোনো বিশেষ অস্বাভাৱিকতা নাথাকিলেও সময়ত গৈ এই পৰিকল্পনায়েই তোলপাৰ লগাইছিল ক্ৰিকেট বিশ্ব৷ দুই দেশৰ সংবাদ মাধ্যমৰ মাজত সূচনা হৈছিল যুদ্ধৰ৷

১০৷ পিকাডেলীৰ পৰা পিটচলৈ!!

১৯৩২ চনত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰা ইংলেণ্ড দলত আছিল পাঁচজন পেচাৰ৷ লাৰউড্, বিল ভো আৰু মৰিছ টেটে প্ৰচণ্ড গতিত বলিং কৰিব পাৰিছিল৷ লগতে গেবী এলেন আৰু হেমণ্ডৰ মিডিয়াম পেচ বলিং৷ সকলো মিলি এয়া আছিল এক শক্তিশালী বলিং আক্ৰমণ৷
ভ্ৰমণৰ আৰম্ভণিৰ প্ৰথম শ্ৰেণীৰ খেলবোৰত জাৰ্ডিনে এই কৌশল প্ৰয়োগ কৰা নাছিল৷ লেগষ্টাম্পত ওপৰেৰে বাউন্সাৰ দিয়া হৈছিল, কিন্তু মাজে মাজে৷ তদুপৰি পৰিকল্পনা কৰাৰ দৰে ক্ষেত্ৰৰক্ষণত কোনো অস্বাভাবিকতা নাছিল৷ গতিকেই জাৰ্ডিনৰ এই পৰিকল্পনাৰ বিষয়ে কোনেও আভাস পোৱা নাছিল৷

প্ৰথম টেষ্টৰ আগে আগে বিল উডফুলৰ নেতৃত্বত প্ৰায় প্ৰথম টেষ্টৰ দলটোৱেই খেলপথাৰত নামে৷ জাৰ্ডিনে সেইখন খেল খেলা নাছিল৷ সেইখন খেলত ইংলেণ্ডৰ অধিনায়ক হোৱা বব হোৱাইটেই সেইখন খেলত পোন প্ৰথমবাৰৰ বাবে জৰ্ডানৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়ে৷ ক্ৰমাগত লেগ ষ্টাম্পৰ ওৰৰেৰে অহা বাউঞ্চাৰ, এইফালে লেগত আগুৰি ধৰা ফিল্ডাৰৰ প্ৰকোপত অষ্ট্ৰেলিয়ান সকলে ত্ৰাহি মধুসুধন দেখিলে৷ ৰান কৰা দূৰৰ কথা, নিজৰ শৰীৰটো বচোৱাটোৱেই হৈ পৰিছিল লক্ষ্য৷

সেই যুগত হেলমেট, আৰ্ম গাৰ্ড, চেষ্ট গাৰ্ড আছিল বিৰল৷ বহুতে আকৌ গ্ল’ভছো নিপিন্ধিছিল৷ ফলত খেলৰ শেষত অষ্ট্ৰেলিয়ান সকলৰ বুকু, পেট আদি দেখিবলৈ পোৱা যায় ক’লা দাগ৷ ইংলেণ্ডৰ মূল লক্ষ্য ব্ৰেডমেনে টেনিচৰ দৰে অদ্ভুত শ্বট কিছুমান খেলি প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰিলেও ব্যৰ্থ হয়৷ ব্ৰেডমেনৰ ব্যৰ্থতাত উজ্জীৱিত হৈ পৰে ইংলিছ কেম্প৷ আগ্ৰহেৰে আপেক্ষা কৰে প্ৰথম টেষ্টলৈ৷

১১৷ ‘বডীলাইন’ নে ’ফাৰ্ষ্ট লেগ থিয়ৰী’?

লাৰউডে ইতিমধ্যে এচেজত ভাল প্ৰদৰ্শন কৰি উঠিছিল৷ পিছে সেইবাৰ হেমণ্ডৰ প্ৰদৰ্শনৰ ফলত লাৰউড লাইমলাইটলৈ নাহিল৷ হয়তো এইবোৰ কাৰণত লাৰউডে নিজকে উপেক্ষিত অনুভৱ কৰিছিল৷ আৰু এই উপেক্ষাৰ উত্তৰ দিবলৈ লাৰউডে বাচি লৈছিল চিডনীৰ প্ৰথম টেষ্ট মেচখনক৷ ক্ৰমাগতভাৱে জাৰ্ডিনৰ পৰিকল্পনামতে বলিং কৰি গ’ল লাৰউডে৷ অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত মেককেৰ অপৰাজিত ১৮৭ ৰানৰ ওপৰত ভেজা দি ৩৬০ ৰান সংগ্ৰহ কৰিলে৷ কিন্তু দ্বিতীয় ইনিংছত লাৰউডৰ ধুমুহাত চেদেলি ভেদেলি হৈ পৰিল অষ্ট্ৰেলিয়া৷ মাত্ৰ ১৬৪ ৰানত অল আউট হৈ যায় অষ্ট্ৰেলিয়া৷ দ্বিতীয় ইনিংছত মাত্ৰ আঠ ৰান খৰচ কৰি পাঁচটা উইকেট বুটলি লয় লাৰউডে৷ উল্লেখযোগ্য যে প্ৰথম ইনিংছটো লাৰউডে লৈছিল পাঁচটা উইকেট৷ এইফালে প্ৰথম ইনিংছত চাটক্লিফ, হেমণ্ড  আৰু নবাব পাটাউডীৰ শতকেৰে ৫২৪ ৰান কৰা ইংলেণ্ডে দ্বিতীয় ইনিংছত লক্ষ্য হিচাপে পায় মাত্ৰ ১ ৰান৷ ফলাফল? দহ উইকেটত জয়ী ইংলেণ্ড৷

এইখন খেলৰ পিছত অষ্ট্ৰেলিয়ান সংবাদ মাধ্যম লাৰউডৰ বিৰুদ্ধে উঠি পৰি লাগে৷ চাৰিওফালে লাৰউডৰ সমালোচনা৷ নেতিবাচকভাৱে ’বিখ্যাত’ হৈ পৰে লাৰউড৷ প্ৰস্তুতি খেলত আঘাত পোৱা খেলুৱৈৰ ঘটনাবোৰে আগতেই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ প্ৰথম টেষ্টৰ পিছত প্ৰতিক্ৰিয়া তীব্ৰ হ’বলৈ ধৰিলে৷ পৰিস্থিতি ইমানেই বেয়া হ’ল যে ইংলেণ্ডৰ প্ৰশিক্ষকে খেলুৱৈসকলক অকলে বাহিৰলৈ নাযাবলৈ নিৰ্দেশ দিব লগা হ’ল৷

শৰীৰলৈ লক্ষ্য কৰি দিয়া এই বাউঞ্চাৰবোৰক অষ্ট্ৰেলিয়ান সকলে নাম দিলে ’বডীলাইন’৷ এইফালে ইংলেণ্ড দলৰ সৈতে ভ্ৰমণৰত ইংৰাজ সাংবাদিকে ভুয়সী প্ৰশংসা কৰি লণ্ডনলৈ তাৰবাৰ্তা পঠিয়ালে লাৰউড-জাৰ্ডিনৰ এই সাফল্যৰ৷ এই নতুন টেকনিকৰ নাম দিলে ’ফাৰ্ষ্ট লেগ থিয়ৰী’৷ লাহে লাহে অষ্ট্ৰেলিয়ানসকলৰ বিষোদগাৰ ইংলেণ্ডলৈ বিয়পি পৰিল৷ কিন্তু ইংলিছ সংবাদ মাধ্যমৰ প্ৰশংসাই সেয়া তল পেলাই ৰাখিছিল৷ ইংলিছ সংবাদ মাধ্যমে অষ্ট্ৰেলিয়ান সকলৰ এই প্ৰতিবাদৰ নাম দিয়ে ’ক্ৰাই বেবী’৷ দহ উইকেটত হোৱা পৰাজয় সহ্য কৰিব নোৱাৰি এইবোৰ কৰা বুলি খবৰ চপা হয় ’লণ্ডন টাইমচ’ত৷ তাৰবাৰ্তাৰ জড়িয়তে এই খবৰবোৰ অষ্ট্ৰেলিয়ান সকলে পায়, ফলত বাঢ়ি যায় জনৰোষৰ মাত্ৰা৷ ইংলেণ্ডৰ বাবে এয়া আছিল “কৌশলী পৰিকল্পনা” আৰু অষ্ট্ৰেলিয়াৰ বাবে আছিল “নেতিবাচক ক্ৰিকেটৰ নিকৃষ্ট প্ৰজ্ঞাপন”৷ দুয়ো দেশত সংবাদ মাধ্যম নামি পৰিল সন্মুখ সমৰত৷

ক্ৰিকেট আচলতে এনেকুৱাই, ইয়াত আবেগেই সদায় গুৰুত্ব পায়৷ সমৰ্থকৰ আবেগে এই ’ভদ্ৰলোকৰ খেল’ক মাজে মাজে এনেদৰেই ভদ্ৰতাৰ সীমা পাৰ হ’বলৈ বাধ্য কৰে৷ সেই তাহানিতেই এচেজ চিৰিজত সীমা পাৰ কৰাইছিল, আজিও হৈ আহিছে, হয়তো ভৱিষ্যতেও হ’ব৷

প্ৰথম টেষ্টৰ পিছত হোৱা এই তোলপাৰৰ পিছতো জাৰ্ডিন আছিল নিৰ্বিকাৰ৷ জাৰ্ডিনৰ মতে বডীলাইন তেতিয়াও ভালদৰে আৰম্ভ হোৱাই নাছিল৷ প্ৰথম টেষ্ট আছিল মাত্ৰ এক সৰু পদক্ষেপ৷ অসুস্থতাৰ বাবে ব্ৰেডমেনে প্ৰথম টেষ্ট খেলা নাছিল৷ যাৰ বাবে এই সমগ্ৰ পৰিকল্পনা, সেই ব্ৰেডমেনৰ অনুপস্থিতিত জাৰ্ডিনৰ এই সাফল্য হজম হোৱা নাছিল৷ জাৰ্ডিনৰ পাতি থোৱা ফান্দত ব্ৰেডমেন নপৰালৈ যেন জাৰ্ডিনৰ শান্তি নাই৷

১২. “উডফুলৰ বিৰোধ“

দলে যেতিয়া ভাল খেলে তেতিয়া সমগ্ৰ দেশবাসীৰ বাবে খেলুৱৈসকল হৈ পৰে নায়ক৷ বাতৰি কাকত, আলোচনী, টিভি আদি উপচি পৰে প্ৰশংসাৰে৷ সেই দল বা খেলুৱৈয়েই অসফল হ’লে চাৰিওফালে আৰম্ভ হয় গালি গালাজ, অপমান৷ মুহূৰ্ততে ’হঠাৎ বিশেষজ্ঞ’ সকলে আৰম্ভ কৰি দিয়ে প্ৰতিটো ভুলৰ পষ্টমৰ্টেম৷ প্ৰথম টেষ্টৰ পিছত অষ্ট্ৰেলিয়ান দলক সমালোচনা কৰিলেও সেয়া এটা সীমাৰ ভিতৰত আছিল৷ কিন্তু দ্বিতীয় টেষ্টৰ ঠিক আগে আগে এই উমি উমি জ্বলি থকা জুইকুৰাই নিজৰ প্ৰকৃত ৰূপ ধাৰণ কৰিলে৷ অধিনায়ক বিল উডফুল প্ৰধানকৈ এই সমালোচনাৰ চিকাৰ হৈছিল৷ বোৰ্ড কৰ্মকৰ্তা, সাংবাদিক সকলো আছিল উডফুলৰ ওপৰত খৰ্গহস্ত৷ কাৰণ? বডীলাইনৰ উত্তৰ বডীলাইনেৰে দিবলৈ উডফুল সাঁজু নাছিল৷

যেতিয়া অষ্ট্ৰেলিয়ান বোৰ্ড নিশ্চিত হ’ল যে উডফুলে এই বডীলাইন কৌশল অনুসৰণ নকৰে তেতিয়া অষ্ট্ৰেলিয়ান বোৰ্ডে দ্বিতীয় টেষ্টৰ বাবে নতুন অধিনায়ক বাচনি কৰাৰ বাবে চিন্তাচৰ্চা পৰ্য্যন্ত আৰম্ভ কৰে৷ আনকি অধিনায়ক কোন হ’ব সেয়া ঠিক নোহোৱাৰ বাবে দ্বিতীয় টেষ্টৰ টচ সময়মতে হোৱা নাছিল৷ দলৰ সহ অধিনায়ক ভিক্টৰ ৰিচাৰ্ডচনে অনেক অনুৰোধ কৰাৰ পিছতো উডফুলে এই কৌশল গ্ৰহণ নকৰিলে৷
উডফুলৰ যুক্তি আছিল অকাট্য-

‘ক্ৰিকেটক কলঙ্কিত কৰা কোনো কৌশল মই ব্যৱহাৰ নকৰো৷ মই ভালদৰেই জানো যে টিম ৱালে আমাৰ হৈ এই বডীলাইন খুব ভালকৈ কাৰ্য্যকৰী কৰিব পাৰিব, কিন্তু মই এনে কোনো কাম নকৰো যি খেলুৱৈসুলভ মানসিকতাৰ বিৰোধী’৷

প্ৰথম টেষ্টৰ পিছৰ পৰাই চাৰিওফালে দাবী উঠে বডীলাইন বলিং কৰিব পৰা ধৰণৰ বলাৰক দলভুক্ত কৰাৰ বাবে৷ লগত যোগ হয় অষ্ট্ৰেলিয়ান ব’ৰ্ডৰ হেঁচা৷ কিন্তু উডফুল নিজৰ মতত অটল থাকে আৰু ফলস্বৰুপে উডফুলে দ্বিতীয় টেষ্টৰ বাবে দল অপৰিবৰ্তিত ৰাখে৷ বোৰ্ডেও অৱশেষত বাধ্য হৈ উডফুলকেই অধিনায়কৰ পদত বাহাল ৰাখে৷

১৩. জাৰ্ডিনৰ নৃত্য আৰু অ’ৰাইলীৰ তাণ্ডৱ!

৬৭ ৰানত ২ উইকেট৷ ৰানৰ গতি অত্যন্ত লেহেমীয়া৷ লাৰউডহঁতৰ তীব্ৰবেগী বলবোৰ কোনোমতে ডাক কৰি অষ্ট্ৰেলিয়ান বেটচমেন উইকেটত টিকি আছে৷ এইবাৰ অষ্ট্ৰেলিয়ান সকল সামান্য আশাবাদী৷ উইকেট হাতত আছে৷ তাতোকৈ ডাঙৰ কথা, ব্ৰেডমেন এতিয়াও ক্ৰিজলৈ অহা নাই৷ তেনে অৱস্থাতেই, জেক ফিঙ্গেলটনৰ সৈতে ভুল বুজাবুজি হৈ অ’ৰাইলী ৰান আউট৷ দৰ্শকে নিজৰ আসনত ভালদৰে বহি ল’লে৷ ক্ৰিজত নামিছে ডন ব্ৰেডমেন৷

ডন ব্ৰেডমেনে ষ্ট্ৰাইক ল’বলৈ অহাৰ লগে লগে জাৰ্ডিনে লেগ চাইডত ফিল্ডাৰ বঢ়াই দিলে৷ চিকাৰী কুকুৰৰ দৰে সকলোৱে আগুৰি ধৰিলে ব্ৰেডমেনক৷ যাৰ বাবে এই ৰণকৌশল, যাৰ বাবে ইমান দিনৰ পৰিকল্পনা, সেই ব্ৰেডমেন আজি সন্মুখ সমৰত৷ ব্ৰেডমেনৰ প্ৰত্যুত্তৰ চাবলৈ দৰ্শক উৎসুক, বল হাতত লৈ সেয়া বিল বাৱেছ৷ এটা নিখুঁত গুড লেংথ৷ তেতিয়াই ব্ৰেডমেনে কৰি পেলালে এক মাৰাত্মক ভুল৷ বডীলাইন আশা কৰি থকা ব্ৰেডমেনৰ এক ’প্ৰিমেণ্ডেটাৰী হুক’৷ উফৰি পৰা ষ্টাম্পবোৰে যেন উপহাস কৰি আছিল ব্ৰেডমেনক, সমগ্ৰ অষ্ট্ৰেলিয়ান দৰ্শকক৷ সাধাৰণতে গহীন গম্ভীৰ হৈ থকা জাৰ্ডিনে আনন্দতে আৰম্ভ কৰিলে উদ্দাম নৃত্য৷ শোকাহত দৰ্শক হৈ পৰিল বাকৰূদ্ধ৷ জাৰ্ডিনৰ এই ৰূপ দেখি ক্ষোভত ফাটি পৰিল দৰ্শক৷

প্ৰথমদিনাৰ অন্তত স্ক’ৰবোৰ্ডৰ অৱস্থা দেখি সকলোৱে আকৌ এবাৰ উডফুলক টানি অনুৰোধ কৰিলে, বডীলাইন ব্যৱহাৰ কৰিবলৈ৷ উডফুল নিৰ্বিকাৰ৷ ফলত সকলোফালে আৰম্ভ হ’ল উডফুলৰ প্ৰতি গালি গালাজ৷ উডফুলৰ এই বিপৰ্য্যয়ৰ সময়ত ত্ৰাণকৰ্তা হৈ দেখা দিলে অ’ৰাইলী৷ ৩৪ অভাৰ, ১৭টা মেইডেন, মাত

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!