বোলো ভাই প্ৰজাপতয়ে….শুভ বিবাহ (বিজে ৰঞ্জন)
বহাগ মাহ। বিয়াৰ তাৰিখেৰে মাহ ভৰি পৰিছে। বৰদৈচিলাই অনা চেঁচা বতাহজাকে বিয়াৰ মিঠা অনুভূতি কঢ়িয়াইছে।
দিনচেৰেক আগেয়ে বিয়া এখনলৈ গৈছিলোঁ। দুপৰীয়াৰ পৰা প্ৰাক সন্ধ্যালৈ অভ্যৰ্থনাৰ সময় বান্ধি দিয়া আছিল। গোটেই কাৰবাৰটো দিনতীয়া আছিল। নীতি-নিয়মবোৰ আগবেলাতে সামৰি দুপৰীয়াৰ পৰা মানুহক নমস্কাৰ দি আদৰণি জনোৱা মূল গৃহস্থজনক সন্ধিয়া সাজ লগাৰ পিছত দেখা পোৱা গ’ল ডেইলী-বজাৰত, ঘৰৰ বাবে শাক-পাচলি কিনি থকা অৱস্থাত। যিহেতু আগধৰিয়ে হোম পুৰি (বা অন্য নিয়ম কৰি)বিয়াখন সম্পন্ন কৰি থোৱা আছিল, অভ্যৰ্থনাৰ দিনা গধূলি বেলালৈ গৃহস্থ সম্পূৰ্ণ ভাৰমুক্ত, চাপমুক্ত হৈ পৰিছে। যি দেখা গ’ল এনেকৈ বিয়া পাতিলে বিয়াঘৰীয়া সন্ধিয়ালৈ পূৰা-পূৰিকৈ মুক্ত হৈ ফাৰ্ষ্ট-শ্বো নহ’লেও চেকেণ্ড-শ্বো চিনেমা, থিয়েটাৰ বা বিহু ফাংচন আদি চাব যাব পৰা হৈ উঠেগৈ।
সময়, কষ্ট, ধনৰ অপচয় দূৰ কৰিবলৈ নিসন্দেহে বিয়াবোৰত এনে ধৰণৰ ‘শ্বৰ্টকাট’ প্ৰথাৰ বাহিৰে গত্যন্তৰ নোহোৱা হৈছে।
বিয়াৰ বতৰত মনলৈ আহে সৰু কালি বিয়াবোৰৰ বৰযাত্ৰী হোৱা কথালৈ। বৰযাত্ৰাৰ নিয়মটো বাৰু এতিয়াও বহুল প্ৰচলিত নিয়ম তথাপি চহৰীয়া বিয়াত এই ধাৰণাটো ক্ৰমে অবান্তৰ যেন গণ্য হ’বলৈ ধৰিছে। কিয়নো মানুহে নিশা দুপৰলৈ ৰৈ, বৰযাত্ৰী হৈ, বিয়া খাবলৈ যাব টান পোৱা হৈছে। দৰা সাজি যোৱা বিয়াত আজিকালি প্ৰায়ে শুনিবলৈ পোৱা কথাংশবোৰ এনেধৰণৰ হৈ পৰিছে-‘বাপৰে! বৰযাত্ৰী? পাগল নেকি? অসম্ভৱ কথা। কালি পুৱাই মোৰ অমুকলৈ যাব আছে, অমুকক লগ নধৰিলে….লাখ টকা দিলেও যাব নোৱাৰোঁ ভাই।’
বেলেগৰ কথা কি ক’ম, নিজৰে আজিকালি ৰাতি বিয়ালৈ যাবলগীয়া হলে টেনশ্যন চুৰু হৈ পেটে আৰ-পাক লগায়, সাত-কুৰিমান লেঠা একেলগে আহি দেখা দিয়ে, যিমান পৰা যায় বিবিধ আহুকাল দেখুৱাই ফাঁকি-ফুঁকা মাৰিবলৈ চেষ্টা চলাওঁ।
অথচ–অথচ সৰু থাকোঁতে বৰযাত্ৰী হ’বলৈ কিমান যে হেঁপাহ নাছিল। বেছি সৰু থাকোঁতে যাবলৈ অনুমতি নাপাই ঘৰত অশান্ত আত্মাৰ ৰূপ ধাৰণ কৰিছিলোঁ। অকণমান পাখী গজি যেতিয়া ডাঙৰ হোৱা যেন পালো-বাচ্, আৰু কোনে পায়। সন্ধিয়া লাগি অহাৰে পৰা আগ্ৰহেৰে ৰৈ থাকোঁ দৰা যোৱা বাছখনলৈ। সকলো ৰাইজেই অতি উত্সাহী আছিল। যাত্ৰাৰ দুঘন্টামান আগতেই বাছৰ চিটবোৰ ‘বুক’ হৈ গৈছিল গামোচা, মাফলাৰ, ৰুমাল আদিৰে। শেষ মুহূৰ্ত্তত দৰাই ৰাইজৰ লগত যাবলৈ যেতিয়া বাছত উঠিছিল তেতিয়াই আৰম্ভ হৈছিল আচল উত্তেজনা। কাৰণ বৰযাত্ৰী ‘চেকন’ প্ৰক্ৰিয়া তেতিয়াই আৰম্ভ হৈছিল। সৰু, কম বয়সীয়া ল’ৰাবোৰক বাছৰ পৰা ‘হুদু-খেদন’ দিয়া হৈছিল। ছোৱালী-মহিলা আদিকো বৰযাত্ৰী হ’বলৈ অনুমতি দিয়া নহৈছিল।
এবাৰ দেখিছিলোঁ বিয়াত দৰাৰ লগত যাবলৈ অহা ছোৱালী দুজনীৰ শোকলগা অৱস্থা। ঘটনাটো আছিল এনেকুৱা- মাকজনীয়ে বহু সময় ছোৱালীহঁতক বিয়াঘৰত বিচাৰি চলাথ কৰি ক’তো নাপাই ব্যগ্ৰ চিত্তে বাছলৈ লৱৰি আহি তাতে বহি থকা দেখা পাই বাছৰ বাহিৰৰ পৰাই সিহঁতক হুৰামূৰাকৈ গালি পাৰিবলৈ ধৰিলে-‘বান্দৰীহঁত, নামি আহিছনে গাড়ীৰ পৰা? ব’ল ঘৰলৈ, চেণ্ডেলেৰে কোবাম আজি তহঁতক। ভালে ভালে নামি আহ বুলিছোঁ।’
সুৰসুৰকৈ বাছৰ পৰা নামি সিহঁত ঘৰমুৱা হৈছিল গৈ। বেচেৰীহঁতে এনেকৈয়ে বৰযাত্ৰী হোৱা মনৰ আশা মনতে মাৰ খেদাইছিল।
বাৰ বছৰমান বয়সত নেকি, মামা এজনৰ বিয়াত প্ৰথমবাৰলৈ বৰযাত্ৰী হোৱাৰ সৌভাগ্য লাভ কৰি চাৰ্টৰ ওপৰৰ বুটাম দুটামান একেচাটে খুলি দিছিলোঁ-মনত অপাৰ আনন্দ আৰু ডাঙৰ হোৱা যেন ভাৱ। দাদা, মামাহঁতৰ লগত পাল্লা মিলাব যাওঁতে বয়স কম বুলি লেই-লেই, চেই-চেই কৰাত লজ্জানত হৈ সিহঁতৰ পিছ এৰিলো যদিও দমি নগৈ আন্ধাৰে-মুন্ধাৰে বাছৰ পিছফালৰ দুজনীয়া চিট এটাৰ খিৰিকীৰ কাষৰ চিটটোত ভালকৈ বহি ল’লোঁ যাত্ৰা-লগ্নৰ দুঘণ্টামান আগৰে পৰা। এসময়ত কাষত কেনেকুৱা যে অদ্ভুত মডেলৰ, পচন্দ নলগা মানুহ এজন আহি বহিলহি, চিনি-জানি নাপাওঁ, বহিয়েই বিড়ি টানাত লাগি গ’ল তেওঁ। “আমাৰ যাত্ৰা শুভ হওঁক” বুলি সময়ত গাড়ী এৰিলে। নিশাৰ আন্ধাৰ ফালি বাছ কোনফালে দৌৰিলে তলকিব নোৱাৰিলোঁ। বিপুল হৰ্ষধ্বনিৰ মাজত জীৱনত প্ৰথম বাৰলৈ বৰযাত্ৰী হোৱাৰ গৌৰৱ আৰু উত্তেজনা উপভোগ কৰিলোঁ। এঘণ্টামান অঁকোৱা পকোৱা ৰাষ্টাৰে গৈ কোনোবা গাঁওৰ ভিতৰুৱা ৰাষ্টাৰ কাষত গাড়ী ৰখোৱাত নামি গৈ দেখিছিলো-ইচ্ কি যে আচহুৱা ঠাই এইখন, কি নক্সাৰ বোকা-পানীময় ৰাস্তা-পদূলি। মানুহ, ৰাস্তা, পৰিৱেশ সব আচহুৱা। ভাৱ হৈছিল- ধেই, কি ঠাই এইখন, ইয়াতো মানুহ থাকেনে। কেনে-কেনে যে লাগিছিল সেই অচিনাকি পৰিৱেশ।
পিছলৈ ‘ঘাগু’ হৈ বাছৰ ওপৰৰ ‘বডি’ত উঠিও বৰযাত্ৰী হৈ পাইছিলোঁ।
এতিয়া আকৌ বৰযাত্ৰী হ’বলৈ হ’লে ঘৰৰ বিছনাখন আৰু দাইল-ভাত কেইটালৈহে বেছিকৈ মনক পৰিব ধৰে।
দেৰিকৈ বিয়া পাতা বন্ধু এজনৰ বিয়াত নিশা দৰাৰ সতে যাবলৈ দিগদাৰী বুলি সংসাৰী বন্ধুবোৰে বৰ্ণোৱা অজস্ৰ অজুহাত শুনি অতিষ্ঠ হৈ এটা সময়ত দৰা-বন্ধুজনে খঙতে গৰ্জি উঠিছিল-‘বেটাহঁত, তহঁতৰ চবৰে বিয়াবোৰত ৰাতি থাকি-মেলি, খাতিছিলোঁ, এতিয়া মোৰ বিয়াত যাবলৈ তহঁতৰ অসুবিধা? লাজ পাব লাগে তহঁতে।’
বন্ধুৰ উষ্মাভৰা কথা শুনি আমি চুপ হৈ গ’লো-হয়তো, ই আমাৰ চবৰে বিয়াত ইমান হাঁহি ফূৰ্তি কৰি লাগি ভাগি দিছিল, এতিয়া চোন ইয়াৰ বিয়াত ৰাতি যাবলৈ কোনো এজনেও নিবিচাৰে। বন্ধু এজনে কাণৰ কাষত সৰুকৈ ক’লে-‘ভাই, নিজৰ বিয়াৰ পিছত আৰু ৰাতি দৰাৰ লগত গৈ একো মজা নাই।’
তাহানিৰ বিয়াবোৰত আমি সৰুবোৰে যে ফূৰ্তি কৰিছিলোঁ তেনে নহয়, দেউতাহঁতৰ দৰে বয়সীয়াল লোকসকলেও ইমান দৌৰা-দৌৰি বা তদাৰক কৰিছিল যে নিজৰ ল’ৰা-ছোৱালীবোৰলৈ চকু দিবলৈ তেওঁলোকে মুঠেও আহৰিয়ে পোৱা নাছিল। কেৱল চকুৱে চকুৱে পৰিলে য’তে নাথাকিলেও ডাঙৰকৈ সুধি দিছিল-‘ঐ খালি নে নাই?’
সমবয়সীয়া এজনে কৈছিল-‘জানানে, আমাৰ দেউতাইও এনেকুৱা কৰে, ইম্মান যে খং উঠে, খাব লাগে বুলি নাজানো নেকি কিবা।’
ৰাইজৰ মাজতে দেউতাই খোৱাৰ কথা সোধা বাবে লাজত মৰি যোৱা যেন পাইছিলোঁ।
পিছলৈ এই লাজৰ পৰা সাৰিবলৈ দেউতাক দূৰত দেখিলেই পাক মাৰি লুকাই পৰিছিলোঁ।
এইবাৰ আহক তেতিয়াৰ বিয়াত চলা খোৱা-বোৱালৈ। সৰহভাগ বিয়াতে তেতিয়া খাদ্য বস্তু বিলোৱাৰ এনে নিয়ম আছিল- বিলনিয়ে মাছ, মাংসৰ হেতা এবাৰ যে পাতৰ ওপৰেদি ঘূৰাই দিছিল সেয়াই চূড়ান্ত আছিল, লাগিলে সি মাছৰ বুকুৰ ডোখৰেই হওঁক বা ভগা ফিচাৰ টুকুৰাই হওঁক। সপ্তাহত এদিন বা তাতোকৈ অধিক দিনৰ অন্তৰালতহে মাংস খাবলৈ সুযোগ পাইছিলোঁ বাবে বিয়াত খাবলৈ পাম বুলি আমাৰ জিভাৰে লেলাউতিৰ সোঁত বৈছিল। কোন বিলনীয়াই মাংস বিলাই সেই লৈ বিশেষভাৱে সজাগ দৃষ্টি ৰাখিছিলোঁ। বিলনীয়াবোৰ আছিল কিন্তু মহা চালাক। বিলাই থকা সময়ত সিহঁতে এনে এটা ভাৱ-ভংগী প্ৰকাশ কৰিছিল যেন খাবলৈ বহা কাকো চিনিয়ে নাপায়। কাৰণ এটাই- চিনাকি দেখাবলৈ গ’লে কোৰাচ ঘোঁকা মাৰি বিলাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈ পৰিব। ফলত বস্তুৰ নাটনি হৈ পৰিব, শেষলৈ সিহঁতৰ মূৰতে গৃহস্থৰ গালিবৰ্ষণ হ’ব।
যি নহওক, ভোকত আৰু খঁকত খোৱা সেই তিনি চাৰি ডোখৰ মঙহ অমৃত যেন বোধ হৈছিল আৰু জিভাত তাৰ সোৱাদ চিৰযুগমীয়া হৈ চিল-মোহৰ মাৰি ৰৈ গৈছিল(কোৱা নিষ্প্ৰয়োজন যে এতিয়া হৰেক ৰকমৰ কণ্টিনেন্টেল, চাইনিজ, দেশী-বিদেশী আধুনিক দামী থালীত সেই সোৱাদৰ বিন্দুমাত্ৰও মিল বিচাৰি নাপাওঁ।)
মিঠাইৰ কথা উল্লেখ নকৰিলে ‘পাপ’ লাগিব। সবে জনা কথা, তেতিয়া বিয়াৰ মিঠাই বুলিবলৈ মুখ্য আৰু একমাত্ৰ আকৰ্ষণ ৰসগোল্লা। বহুত বিয়াঘৰত ৰসগোল্লা পগোৱা দেখিছিলোঁ। বিয়াৰ সন্ধিয়া ভাগলৈ আলহীবোৰৰ কথা বতৰাৰ অন্যতম বিষয়-বস্তু আছিল কোনে কিমান ৰসগোল্লা উদৰস্থ কৰিলে। কোনোবাই কয় দহটা, কোনোবাই পোন্ধৰটা, পঁচিশ-ত্ৰিশটা পৰ্যন্তলৈ ৰাইজে ‘হাটি’ দিয়া নাছিল। তিৰোতা মানুহখিনিও এই ক্ষেত্ৰত পিছ পৰি থকা নাছিল। আজিকালিৰ তুলনাত কল্পনা কৰকচোন, অথচ কিমান বছৰ আগৰনো কথা।
কইনাৰ বিয়াত ৰাতি দৰা পক্ষক অভ্যৰ্থনাৰ বাবে খাদ্য বস্তু বিলোৱাৰ বাবে বিশেষ কাৰ্য-পন্থা প্ৰস্তুত কৰা হৈছিল। অভিজ্ঞ দুই-এজনে বিলনিক উপদেশ দিছিল-‘শুনিছনে খগেন, খোজা মাত্ৰকে মাছ, মাংস দিবলৈ দৌৰি নাযাবি। চাৰি-পাঁচবাৰ, দৰকাৰ হ’লে সাত-আঠবাৰলৈ লাব্ৰা, দালি, খাৰ ঘূৰাই থাকিবি। শুনিবলৈ পাইছোঁ দৰাহঁতৰ পৰা হেনো আঠ-দহটামান পালোৱান যেন ডেকেৰা আহিব। ঘন্টাৰ পিছত ঘন্টা বোলে খায়ে থাকিব পাৰে। সাৱধান-চাবি কিন্তু, ডঙুৱাকেইটাই অকলেই সকলো মা-মঙহ সাং কৰি পেলাব।’
কলেজ পোৱা মণিয়ে তাইৰ দেউতাকৰ লগত বিয়া এখনলৈ গৈ বিয়াঘৰত ৰীতাৰ সৈতে চিনাকি হৈ বান্ধৱী হৈ পৰিল। দুপৰীয়া দুয়োজনীয়ে একেলগে ভাত খাব বহিল। খাই থকাৰ মাজতে ৰীতাই মানুহ এজনলৈ ইংগিত কৰি মণিক কাণে কাণে ক’লে-‘মণি, দেখিছানে সন্মুখৰ শাৰীটোৰ প্ৰথমত বহা মানুজন যে, কেনেকৈ বকাসুৰৰ দৰে সোপাসোপে গিলিব ধৰিছে, একদম ৰাক্ষস দেই।’
মণিয়ে মানুহজনলৈ ঘুৰি চাই কপালেদি ঘাম ওলাল, লাজত মাত-বোল বন্ধ কৰি তাই তলমূৰ কৰিলে। তাই ৰীতাক ক’ব নোৱাৰিলে যে মানুহজন তাইৰ দেউতাক হয়।
এনেকৈ ‘বিৰাট’ খাব পৰা মানুহ আজিকালি নেদেখা হ’লো। এটা বহাতে তিনি-চাৰিটা ‘বেটছ’ খাই উঠি যোৱা পৰলৈ চপচপকৈ শব্দ তুলি খাই থকা মানুহৰ দৃশ্য কিন্তু আগতে প্ৰায় প্ৰতিখন বিয়াতে সহজলভ্য দৃশ্য আছিল।
সৰু থাকোঁতে আমাৰ বাবে বিয়াৰ বিশেষ আকৰ্ষণ আছিল-সন্ধিয়াৰ জলপান। দৈ-চিৰা-কোমল চাউলৰ সলনি লুচি-তৰকাৰি-বুটৰ দাইল খুৱালে ফূৰ্তিতে জঁপিয়াই উঠিছিলোঁ। সময়ত লুচি-তৰকাৰী-দাইলক লুচি-মাংসৰ গ্লেমাৰে গ্ৰাস কৰিলে। বহু বছৰ অদ্বিতীয় হৈ থকা লুচি-মাংসক এটা সময়ত পোলাও-চিকেনৰ গ্লেমাৰে তল পেলালেহি। সময়ৰ সৈতে খোৱাৰো ৰুচিবোধ সলনি হৈ গৈ আছে। আজিকালি বিয়াবোৰত এনেকুৱা বস্তু খাবলৈ পাওঁ যাৰ নামেই নাজানোঁ। চিৰন্তন সত্য- যুগে যুগে নতুন গ্লেমাৰ ওলায় আৰু পুৰণিৰ ঠাই দখল কৰে, তৎসত্বেও কিন্তু পুৰণিৰ মাদকতা বা দৰকাৰ শেষ হৈ নাযায়।
বিয়াৰ কথা ক’লে যে ওলায়ে থাকে, শেষ নহয়। স্থান, কাল, ব্যক্তি ভেদে বিয়াক কেন্দ্ৰ কৰি যে কিমান হৰেক ৰকমৰ ঘটনা, অনুঘটনা, পৰিঘটনা আদি আছে…।
বিয়াৰ বতৰত কথাবোৰ মনত পৰিল। মনত পৰি ভাল লাগি অসংলগ্নভাৱে তাকেই কেইশাৰীমান লিখি পেলালোঁ।
নৱবৰ্ষত পাতিবলৈ বিচৰা সকলো ধৰণৰে বিয়াৰ বাবে এই অধমৰ তৰফৰ পৰা আগতীয়া শুভেচ্ছা-বাৰ্তা জনালোঁ। বিয়াৰ যা-যোগাৰ আদি ভালে কুশলে হওঁক- এই বুলিয়ে কলমটো জপালোঁ।