বন্ধু: হিমাংশু ভাগৱতী

 

শিৱই দুৰ্গা পূজা বুলি ল’ৰাটোৰ কাৰণে চোলা এটা কিনিলে৷ তাৰ দৰে মানুহৰ কাৰণে ল’ৰা-ছোৱালীক পূজাত কাপোৰ দিয়াটো কিমানযে কঠিন৷ কিনিলে সি তথাপি, এটাই সন্তান৷ ৰাষ্টাত সি বন্ধু মহম্মদক পালে৷ মহম্মদও তাৰ দৰে ৰিস্কাচালক৷ শিৱ আৰু মহম্মদৰ ল’ৰা একে দিনাই জন্মিছিল, একেখন চিকিৎসালয়তে৷ কাইলৈ ঈদ, মহম্মদে ল’ৰাটোৰ কাৰণে কাপোৰ কিনিব নোৱাৰিলে, তাৰ মনত দুখ৷“হ এইটো ল, পূজালৈ দিন আছে৷ “ শিৱই হাতৰ চোলাটো মহম্মদলৈ আগবঢ়াই দিলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!